ফটাঢোল

330 বালাকোট-দ্যা ৰিভেঞ্জ – ৰামানুজ গোস্বামী

পথৰুঘাট পুলিচ থানা।
অ.চিৰ পিছফালে টিকটিকাই থকা ‘এয়াৰচেল’কোম্পানীৰ ঘড়ীটোৱে সকলোকে জনাইছে
সময়: নিশা ১০ বাজি ৪০ মিনিট
হেলনীয়া চকীত দেহা এৰি দি ভাৰপ্ৰাপ্ত অ.চি.বাঘেশ্বৰ হালৈয়ে সন্মুখৰ আচামী দুয়োটাক তাচ্ছিল্যৰেই গোজৰণি মাৰি সুধিলে-
: কি নাম দুইটাৰে?
: ছাৰ পৱিত্র বৰা৷
: মোৰ নাম ছাৰ সৎৰাম দাস৷
: হুঁ…..হ্..হ্…! নাম পৱিত্ৰ! সৎৰাম! আৰু ছাগলীচোৰৰ নিচিনা অপৱিত্র অসৎকাম? ইন্সপেক্টৰ বাঘেশ্বৰ হালৈৰ নাম শুনা নাই?
: শুনিছোঁ ছাৰ৷
: আৰু নাম শুনিও মোৰ এলেকাত চুৰি? ইমান সাহস? ইমান স্পৰ্ধা?
: নহয় ছাৰ; নামটো আপুনি এতিয়া কওঁতেহে শুনিলোঁঁ, নহ’লে ছাৰ…
: ঐ তামছা কৰ্ছা? টিকা ফাটাই গাছোত আলাই শুকুৱাম বাছাহঁত চিনি পাৱা নাই?
নলবেইৰা খং উতলি অহাত হালৈ নৰ’লেই। বেত এডাল লৈ দুইটাকে এপিটন দিলেই। সেইটো হেনো তেওঁৰ হিৰ’গিৰি ঠাণ্ডা কৰাৰ ষ্টাইল।
: ক’ত থাক? ৰাতি বাৰু ছাগলী চুৰ কৰ; দিনত কি কৰ?ডিমাপুৰলৈ ভেড়া ছাগলী সৰবৰাহ কৰা কৰিম মিয়াঁক চিনি পাৱনে? নে তাৰেই মানুহ?
: ছাৰ বাংগালোৰত থাকোঁঁ, চিকিউৰিটি এজেঞ্চীৰ চাকৰি৷
: চাওঁ দুইটাৰে আই.ডি. কাৰ্ড দেখুৱা আৰু দাদা আপুনি যাওকগৈ, মই দুইটাৰে তেল ফাটাই দিম, ৰাতিও হ’ল।
হালৈৰ সন্মানসূচক মাত পাই, ইমানপৰে গোঁ-গোঁৱাই বহি থকা ভোলা কলিতা উঠিল, দুয়োটা চোৰকে বিতৃষ্ণাৰে চালে, আৰু লগত লৈ অহা বন্দুকটো লৈ নিজৰ মাৰুটি ৮০০ ৰ ফালে আগুৱালে।
তাৰ ঠিক ২ ঘণ্টা আগত-
বানেইকুছি গাঁঁৱৰ প্ৰখ্যাত ভোলা কলিতাৰ ঘৰৰ পিছফালে ছাগলী গঁৰালৰ ওচৰত দুটা চোৰৰ আবিৰ্ভাৱ হ’ল। কিছু ক্ষণ পিছতে কলিতাৰ সুন্দৰী গাভৰু কন্যা কল্পনাক গঁড়ালৰ ফালে সন্তৰ্পণে আগুৱাই যোৱা দেখা গ’ল। কল্পনাৰ চকুত ভয় আৰু উৎকণ্ঠা। তেনেতেই ঘৰৰ কুকুৰটোৱে ভৌ-ভৌৱাই চিঞৰি উঠিল৷ কলিতা পোনছাটেই বাহিৰ ওলাল।
: চোৰ…চোৰ…চোৰ…ঔমা…চোৰ..
কল্পনাৰ চিঞৰত হাঁহাকাৰ লাগিল। ডেকা চোৰ দুয়োটাকে মহামান্য কলিতা আৰু স্তাৱক বৃন্দই কৰায়ত্ত কৰিলে। ভোলা কলিতা স্বয়ম্ভু সন্মানীয় লোক। যোৱা তিনিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি পদত হাৰিছে৷ ইফালে সিফালে ওলাই গ’লেও ৩-৪জন সহকাৰী অবিহনে নোলায়। তেনেহেন ভোলা কলিতাৰ ঘৰত চোৰৰ সাহস! কলিতাই পোনছাটেই থানাত খবৰ দি চোৰক আনি ইন্সপেক্টৰ হালৈক চমজালে।
কলিতা যোৱাৰ পিছত পৱিত্র আৰু সৎৰামে অ’.চি.ৰ লগত মিটমাট কৰাৰ কথা উনুকিয়ালে। হালৈও যেন বাঘেশ্বৰৰ পৰা প্ৰেমেশ্বৰ হ’ল৷ অৰ্থাৎ কিছু গলিল। ১০ হাজাৰ মান টকাৰ লেন-দেনৰ ‘কথা’ হৈ যোৱাত, হালৈয়ে পৱিত্রক ইমানপৰে জব্দ কৰি থোৱা মোবাইলটো দি দিলে। বন্ধু এজনক ফোন কৰি পইচা লৈ থানালৈ আহিবলৈ কবৰ বাবে ফোনটোৰ চুইটছ্ অন কৰিলে পৱিত্রই।
ট্ৰিট..ট্ৰিট..ট্ৰিট..ট্ৰিট.. ইমানপৰে পুলিচে অফ কৰি থোৱা মোবাইলটো অন হওঁতেই SMS দুটামানে আত্মপ্ৰকাশ কৰে। চকুৰ পচাৰতে এটা মেছেজৰ অৰ্ধাংশ চকুত পৰিল।…very urgent…reach Tezpur army base..
: হেল্ল’…হেল্ল’…হেল্ল’…উস্! নেটেই নাপাইচোন..হেল্ল’…ধেই…
নেট নোপোৱাৰ অজুহাতত পৱিত্রই থানাৰ বাৰাণ্ডাৰ-চোতালত ইফাল-সিফাল কৰি, হালৈ আৰু অনুচৰবৃন্দৰ কোনো এক অসতৰ্ক মুহূৰ্ত্তত সৎৰামলৈ এক ইঙ্গিত দিলে। সৎৰামেও প্ৰেস্ৰাৱ কৰাৰ অনুৰোধেৰে বাহিৰলৈ ওলাল আৰু দুয়ো গোপন ইঙ্গিত বিনিময় কৰি, কাল বিলম্ব নকৰি উৰ্দ্ধ শ্বাসে থানা চৌহদৰ বাহিৰলৈ তীব্ৰ দৌৰ ল’লে।
ভোলা কলিতাৰ ঘৰত অপাৰেশ্যন কৰাৰ আগতেই দুয়োৱে উপৰোক্ত সমগ্ৰ অঞ্চলৰ নক্সা বনাই লৈছিল। সেয়ে তীব্ৰ বেগে পুলিচৰ চকুত ধূলি দি পলাই সাৰি, পূৰ্বতে লৈ অহা ভাড়াগাড়ীখন বিচাৰোঁতে সময় নালাগিল। ভাড়াৰ গাড়ীচালকক পিছলৈ থেলি সৎৰাম বহিল চালকৰ আসনত আৰু গাড়ী উধাও হ’ল নিশাৰ আন্ধাৰ ফালি কোঁ-কোঁৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে।
পিছে পিছে বাঘেশ্বৰ হালৈৰ গাড়ী৷ তীব্ৰ খেদা-খেদি৷ সৎৰামৰ গাড়ী ৰাষ্ট্ৰীয় ঘাইপথত৷ বিপৰীত দিশৰ ট্ৰাকৰ হেড লাইটৰ লুকাভাকু। পিছে পিছে হালৈৰ উদভ্ৰান্ত গা‌ড়ী। এনে শিশুপাল খেদাৰ মাজতেই স্ক্ৰীণত জিলিকল…
“কাঠমাণ্ডু টাইগাৰ্ছ” প্ৰডাকচনৰ ৪ৰ্থ নিবেদন”
330 বালাকোট : দ্যা ৰিভেঞ্জ
(উৎসৰ্গা : পুলৱামাত নিহত ভাৰতীয় সেনাৰ প্ৰতিজন শ্বহীদলৈ)
অভিনয়ত : বিবেক উবেৰা, চেইফ লিখান, অক্ষয় খান-আও..
চেনি লাউনি : As কল্পনা কলিতা
ছৌক-টি.কাপুৰ : As ভোলা কলিতা
কষ্টিউম : ভাস্কো মহাজন
কৰিঅ’গ্ৰাফী : ৰিণ্টুমনি দত্ত
সহকাৰী পৰিচালক : নীলাক্ষি ডেকা
পৰিচালক : ৰামানুজ গোস্বামী
এটা সময়ত পথৰুঘাট পুলিচৰ খেদা-খেদিৰ ৰেঞ্জৰ পৰা বাহিৰলৈ ওলাল পৱিত্র ওৰফে প্ৰকাশ আৰু সৎৰাম ওৰফে মিৰ্জা।
: এয়াই তোৰ প্ৰেমিকা হাঁ? ছাল্লা পলুৱাই নিবলৈ প্লেন কৰি আহোঁতেও বাপেকক মাতি ছাগলী চোৰ সজালে!ধুৰ ছাল্লা…পুলিচৰো মাৰ খাব লগা হ’ল তোৰ বন্ধুত্বৰ খাতিৰত৷
মিৰ্জাৰ কথাত ওলোটাই প্ৰকাশে ক’লে,
: আৰে ভাই! মই এতিয়াও একো পাত্তাই পোৱা নাই কল্পনাই কিয় এনে কৰিলে! বাই দা ৱে এই মেছেজটো চা দিগন্তৰ৷
“very urgent…reach Tezpur army base..dont waste even a second…meet squadron leader Satyam Sinha… code : Twice plus 1..”
গাড়ীৰ হেডলাইটত চাৰিআলি এটাৰ সন্মুখৰ দোকান এখনৰ চাইনব’ৰ্ড এখনৰ তলত জিলিকিল –
‘ৰৌতা’
প্ৰকাশে গাড়ী সোঁফালে ঘূৰালে। গাড়ীৰ পোহৰত ৰাস্তাৰ কাষৰ কিলোমিটাৰ পোষ্টত উজলিল –
তেজপুৰ
৮০ কি.মি.
তেজপুৰ এয়াৰবেচ। দিগন্তৰ জৰুৰী মেছেজ মতেই চেকেণ্ড গেটত উপস্থিত হ’ল প্ৰকাশ আৰু মিৰ্জা।চিকিউৰিটিৰে দুখন জীপচিসহ, নিজৰ বাহনৰ পৰা নামিল স্কোৱাড্ৰন লিডাৰ সত্যম সিনহা।
: থ্ৰি থ্ৰি জিৰ’
: চিক্স ফিফ্টি নাইন
মিৰ্জাই তপৰাই দিয়া উত্তৰত সিনহাই দুয়োকে সম্ভ্ৰম দেখুৱালে। প্ৰকাশ-মিৰ্জা গুপ্তচৰী ক’ডত প্লাছ ৱান মানে ১ বিয়োগহে কৰিব লাগে৷ কাৰণ নতুন প্ৰতিপক্ষক twice minus 1 বুলিহে ক’ড জনোৱা হয়৷ সেয়ে শত্রুৱে কেতিয়াও ক’ড সহজে ভাঙিব নোৱাৰে।
: ৱান হেলিকপ্তাৰ ফৰ্ আৰ্মি মেটেৰিয়েলছ ইজ্ চাপজৌড্ টু ফ্লাই আৰ্লি মৰ্ণিং টু ডেৰাডুন৷ আপোনালোক দুয়োকে তাতে পঠিওৱাৰ নিৰ্দেশ আছে।
পুৱতি নিশা ৪ বজাত হেলিকপ্তাৰ উৰিল শালনি ডিফেন্স এয়াৰপ’ৰ্টৰ পৰা। পাইলটৰ লগত ভাৰতীয় অতিগুপ্ত ‘স্পেছিয়েল ইণ্টেলিজেন্স’ৰ দুই দুধৰ্ষ এজেণ্ট-
006 আৰু 008;
ওৰফে, প্ৰকাশ দাস আৰু মিৰ্জা আলম শইকীয়া।
                    *******
৫ দিন আগত..
ভেলেণ্টাইন ডে!
সময় : কাহিলি পুৱা ৩:৩০ বজা।
স্থান : ৰাষ্ট্ৰীয় ঘাইপথ,পুলৱামা, জম্মু-কাশ্মীৰ
পথেৰে চলি আছে ইখনৰ পিছত সিখনকৈ ভাৰতীয় সেনাৰ গাড়ী। ৪ৰ্থ গাড়ীখনৰ আধাজোৱান টোপনিত৷ জাগ্ৰত প্ৰায়কেইজেনৰ হোৱাটছআপ্‌ অনলাইন, ভিন্নজন ব্যস্ত ভিন ভিন ‘ৰিচিভড্ মেছেজ’ পঢ়াত৷
“য়ু আৰ্ মাই চুইট ভেলেণ্টাইন”
“বাবাৰ শৰীৰ খাৰাপ৷ তুমি চিন্তা কৰিও না। বুবাই আসছেন…”
“চাদী চে পেহলে ভেলেণ্টাইন গিফট্ আয়া থা৷ অভি বন্দ্ হো গিয়া!”
“মুন্নী কি পি.টি.এম.থি৷ টিচাৰ অচ্চা বোলা..”
“বৰদেউতা ঢুকাল৷ হস্পিটেল পোৱাহেঁতেন কিজানি…কিন্তু কোনে দিছিল নাজানো, অসম বন্ধ আছিল বাবে এম্বুলেন্স যাবলৈ মান্তি নহ’ল!”
জোৱানসকলেও ৰিপ্লাই লিখি আছিল৷
চলন্ত গাড়ীৰ বাওঁহাতেৰে এখন অন্য গাড়ী পাৰ হ’বলৈ চেষ্টা কৰিছে। কথাটো পিছে পিছে গৈ থকা ৫ম গাড়ীখনৰ চালকৰ চকুত ধৰা পৰিল। কিছুক্ষণ আগতে এই গাড়ীখনে, তেওঁৰ গাড়ীখনকো ভুল নিয়মেৰেই অতিক্ৰমিছে। গাড়ীখন এইবাৰ সমান্তৰালকৈ চলি থকা ৪ৰ্থ গাড়ীখনৰ কাষলৈহে আগুৱালে। আৰে! কি মূৰ্খ চালক! গাড়ী চলাবলৈ শিকিছেহে নেকি? খঙৰ ভমকতে ৫ম গাড়ীৰ চালকে হৰ্ণ বজালে জোৰ জোৰকৈ কিন্তু সন্মুখৰ গাড়ীখনৰ বাওঁহাতেৰে পাৰ হ’ব খোজা গাড়ীখনৰ উদ্ধতালি যেন নিমিষতে আৰুহে বাঢ়িলহে… ৪ৰ্থ গাড়ীত যেন ইচ্ছাকৃতভাৱে খুন্দাহে মাৰিব…
তত্ ধৰিবলৈ নৌপাওঁতেই, ইমানপৰে সকলোৱে খঙেৰে মন কৰি থকা ৫ম গাড়ীৰ চালকে এক মৰণকাতৰ বিকট চিঞৰ মাৰি সজোৰে ব্ৰেক মাৰি ধৰিলে। কি হৈ গ’ল সন্মুখতে এয়া! আত্মঘাতী বিস্ফোৰকজাত সামগ্ৰীৰে গাড়ীখনে ৪ৰ্থ গাড়ীত ঠিক খুন্দা মৰাৰ আগেয়েই এক অতি বিস্ফোৰণৰে জ্বলন্ত পিণ্ড কৰি পেলালে ৪ৰ্থ গাড়ীখন..
…দেশৰ অন্য কোনোবা এটা চুকত অনলাইন হৈ থাকি “sweet valentine” লিখা মৰম আকলুৱা গাভৰু জনীৰ অনলাইন মবাইলত মাথো কঁপি থাকিল তিনিটা বিন্দু…
সদায়েই পুৱা পুত্রৰ পৰা প্ৰায় ৮ বজাত ফোন পোৱা মাকজনীয়ে মোবাইলটো বাওঁহাতে লৈ প্ৰাণায়াম কৰি থকা অৱস্থাতেই টি.ভি.টো অন কৰিলে৷ ৮ বজাৰ নিউজত তীক্ষ্ণ কণ্ঠস্বৰে ভাঁহি উঠিল,
“পুলৱামা মে আতংকীয়ো নে….”
১০ বজাত অধীৰ কাতৰেৰে ইউনিট অফিচৰ ফোনৰ বাবে অপেক্ষা কৰি থকা ককায়েকৰ ফোনটো বাজি উঠিল –
“… জী ছাৰ.. ভেৰি চৰি টু টেল য়ু..আপকা ছোটা ভাই ভী থা উচী গাড়ী মে…”
ভাৰতৰ বহুকেইখন ঘৰত যেতিয়া কান্দোনৰ ৰোল উঠিছিল, “হমনে কৰ কে দিখায়া” বুলি পুৱাৰ চাহ-পৰ্বত ফূৰ্তিৰ আড্ডা জমিছিল জৈছ-এ-মহম্মদৰ কেম্পত…
সীমান্তৰ সিপাৰে; পাকিস্তানত।
                 *********
পুলৱামা কাণ্ডৰ  ৭২ ঘণ্টা উকলি গ’ল। বহুবাৰৰ দৰেই একেই পৰিস্থিতি৷ ৰাজ্য চৰকাৰবোৰৰ ঘৰিয়ালৰ চকুপানীৰে শ্বহীদ পৰিয়ালসমূহক প্ৰবোধ,
“এয়া বৰ দুৰ্ভাগ্যজনক…আমি আপোনাৰ কাষত…”
বিৰোধীৰ বহুৰঙী গাম্ভীৰ্যহীন ভাষ্য –
“ইণ্টেলিজেন্স ফেইলৰ, চৰকাৰ বিফল…”
“চৰকাৰে কঠোৰ কদম ল’ব লাগে..”
“এইখন চৰকাৰে সেনাকো সুৰক্ষা দিব নোৱাৰে…আমাৰ চৰকাৰ থকা হ’লে আজি পাকিস্তানক…”
“চৰকাৰৰ নেতাই পাকিস্তান গৈ চাহ খালেতো এনেকুৱা হ’বই…”
পাকিস্তানৰো পূৰ্ব প্ৰতিলিপি ভাষ্য৷ এনে ঘটনাত বৰ দুখ পাইছে, সন্ত্রাসবাদক গৰিহণা  দিছে এনে নাৰকীয় কাণ্ডক৷ সন্ত্রাসবাদ নিৰ্মূল কৰিবলৈ সদায় ভাৰতৰ লগত থাকিব পাকিস্তান আৰু পাকিস্তান জড়িত নহয়৷ এয়া মনেসজা অভিযোগ ভাৰতৰ৷ কিবা প্ৰমাণ যদি ভাৰত চৰকাৰে দিব পাৰে, দোষী সাৰি যাব নোৱাৰিব৷ ইত্যাদি!
কিন্তু এই ৭২ ঘণ্টাৰ পিছতেই এটা অন্য ঘটনা ঘটিল। এটা গুপ্তকোঠাত ৰাতি প্ৰায় ১১.৩০ টাত চাৰিজন লোক বহি থকা দেখা গ’ল। দুগৰাকী পুৰুষ, দুগৰাকী মহিলা। তেওঁলোক অপেক্ষাৰত আছিল ৫ম জন ব্যক্তিলৈ, যিয়ে তেওঁলোকক সংগোপনে লগ হ’বলৈ মাতিছে।
৫ম জন ব্যক্তি অৰ্থাৎ পি.এম.সোমাই আহিল৷ বিধিগত আলোচনাৰ নিয়ম এৰি, তেওঁ প্ৰত্যেকৰে প্ৰতিক্ৰিয়া জানিব খুজিলে চাৰিওৰে পৰা। প্ৰতিৰক্ষামন্ত্রীয়ে তপৰাই ক’লে-
: এইটো কাণ্ডৰ উত্তৰ মোৰ সেনায়েই দিব মহাশয়৷ বেছি ফৰ্মেলিটিজলৈ নগৈ মোৰ সেনাক দুদিনমানৰ বাবে তেওঁলোকৰ মতে কৰিব পৰা ক্ষমতা দি দিব খোজোঁঁ৷
উদ্দাত্তভাৱে দাক্ষিণাত্যৰ মহিলাগৰাকীয়ে কোৱা কথাখিনি শুনি পি.এম.-এ গৃহমন্ত্রীলৈ চালে।
গৃহমন্ত্রী : উত্তৰ দিবই লাগিব। নট্ এ চিংগল ডাইলগ এক্সচেঞ্জ ৱিথ পাকিস্তান গৱৰ্ণমেণ্ট৷ এনচাৰ ৱিল বি ফ্ৰম গান্ এণ্ড টেংক৷ প্লীজ গিভ ফুল পাৱাৰ টু আৰ্মি৷ লেটছ পলিটিক্স চিটছ্ বেক ফৰ ফিউ ডেইজ৷
বৈদেশিক মন্ত্রী (মহিলা): কথাবোৰ ইমান সহজ নহয়৷ আন্তঃৰাষ্ট্ৰীয় সমুদায় বুলি কথা আছে৷ এনেকুৱা একো কৰিব নোৱাৰি যিটোৱে ইণ্টাৰনেচনেল লেভেলত ভাৰতক ভুল বুলি প্ৰতিবিম্বিত কৰে। যি কাৰণে বহু সময়ত আমি পাকিস্তানক উত্তৰ দিয়া নাই সামৰিক শক্তিৰে৷
পি.এম. : তেন্তে আপুনি কি ক’ব খুজিছে মহাশয়া।
বৈদেশিক মন্ত্রী : এইবাৰ মই কিছু ভিন্ন বিশেষ কায়দাৰে এই আন্তঃৰাষ্ট্ৰীয় ইছ্যুটো চম্ভালি ল’ম৷ (মিচিকিয়াই হাঁহি) মোৰ মতো আগৰ দুজনৰ দৰেই! আপুনি সেনাক সৰ্ব্বোচ্চ ক্ষমতা দিয়ক যাতে উগ্ৰপন্থীৰ সমগ্ৰ ঘাটি বিনাশ কৰিব পাৰে, সিহঁতৰ অৱস্থিতি আমাৰ দেশৰ সীমান্তৰ বাহিৰত বা য’তেই নহওক কিয়৷ ঠিক আমেৰিকাই লাডেনক বিচাৰি আফগানিস্তানত যেনেকৈ অপাৰেশ্যন চলাইছিল তেনেকৈয়ে৷
পি.এম. : আপোনাৰ বক্তব্য?
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা : অতি সাৱধানেৰে এটা মাত্র ২০-৩০ মিনিটমানৰ অপাৰেশ্যন৷ এই চিত্রখন চাওক৷ জৈছৰ মূল ঘাটি ইছলাবাদৰ পৰা বেছি দূৰত নহয়৷ এয়া বালাকোট, এই পাহাৰখিনিৰ ঠিক সিপাৰেই প্ৰায় ৫০০ জৈছৰ আতংকবাদী বৰ্তমানে আছে৷ কেম্প লোকেশ্যন ইফাল-সিফাল হয় মাজে মাজে৷ কিন্তু আমাৰ গুপ্তচৰে তাৰ সঠিক ঠিকনা দিব পাৰিব আৰু সেইমতেই আমি এটা এয়াৰষ্ট্ৰাইকেৰে ব্লাষ্ট্ কৰি নিঃশেষ কৰিব পাৰোঁঁ এই ঘাটিটোক৷
আলোচনা চলি থাকিল৷ সময় গৈ থাকিল…
পি.এম. : সময় প্ৰায় ৩.৩০ হ’লেই, তিনিদিন আগত এইটো সময়তেই আমাৰ সেনাক নপুংসকৰ দৰে আক্ৰমণ কৰি হত্যা কৰা হ’ল। পাৰে যদি সময় পুৱা ৩.৩০ ই কৰিব। হনুমানজীৰ নাম লৈ ওলাওক লংকালৈ যোৱাৰ দৰে আমাৰ ভাৰতীয় সেনা৷ ইয়াৰ সফল ৰূপ দিয়ক আপুনি উপদেষ্টা মহোদয়। কোনো ৰাজনৈতিক হেঁচা নাপায়৷ আপুনি আৰ্মি, এয়াৰ আৰু নেভিৰ চীফক লৈ নিপুণতাৰে মন্ত্রণা কৰক৷ মাত্র মনত ৰাখিব –
থ্ৰি থাৰ্টি … বালাকোট… আৱাৰ ৰাইটফুল ৰিভেঞ্জ..
               ************
এয়াৰ বেচ গেষ্ট হাউচ্। ডেৰাডুন। গোল টেবুলখন ঘেৰি ৩ জন লোক।
দিগন্ত ভট্ট : ৱিং কামাণ্ডাৰ, IAF
প্ৰকাশ দাস : এজেণ্ট 006, চিক্ৰেট ইণ্টেলিজেন্স, ইণ্ডিয়া।
মিৰ্জা আলম শইকীয়া : এজেণ্ট 008, চিক্ৰেট ইণ্টেলিজেন্স, ইণ্ডিয়া।
তিনিওৰে চিনাকি আজিৰ নহয়, পুৰণি। খুবেই জৰুৰী ধৰণে এইদৰে তিনিওৰে লগা-লগি হোৱাৰ আঁত ধৰি দিগন্তই কৈ গ’ল,
: পি.এম. আৰু ডিফেন্স মিনিষ্টাৰৰ প্ৰত্যক্ষ অৱজাৰ্ভেশ্যনত এটা মিশ্যন হ’বলৈ গৈ আছে। সমগ্ৰ মিশ্যনটোৰ সম্পৰ্কে জনা ব্যক্তিকেইজন এই দুজনৰ উপৰিও, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা গৰাকী, তিনি আৰ্মি-নৌসেনা-বায়ুসেনা প্ৰধান আৰু ৫জন বায়ুসেনাৰ উচ্চ পদস্থ বিষয়া৷ এই ১১ জনৰ পিছত দুজন ৱিং কামাণ্ডাৰ যাৰে এজন মই আৰু আনজন ৱিং কামাণ্ডাৰ শিৱকান্ত। মই প্লেনিঙত আৰু শিৱকান্ত  এক্‌জিকিউছনত…
মিৰ্জা : কি ইনফৰ্মেশ্যন লাগে ক৷
প্ৰকাশ : আমাৰ কৰিব লগা ক৷
দিগন্ত : লাষ্ট টাইম জৈছ-এ-মহম্মদৰ ঘাটিৰ খবৰ তই আনিছিলি হেনো প্ৰকাশ৷ মোক এতিয়া তাৰ এক্জেক্ট ক’-অৰ্ডিনেট, মানে লংগিটিউড্-লেটিটিউড্ লাগে।এৰিয়াটো কিমান ডাঙৰ?
প্ৰকাশ : প্ৰায় ৫০ বিঘা৷
দিগন্ত : তেন্তে ৰেঞ্জ ক’-অৰ্ডিনেট লাগিব৷
মিৰ্জা : বাট হোৱাট্ কাইণ্ড্ অৱ দ্যা অপাৰেছন উড্ বি?
ৱিং কামাণ্ডাৰ দিগন্ত : (ফুচফুচাই) এ চাৰ্জিকেল এয়াৰ ষ্ট্ৰাইক ইন দেয়াৰ কেম্পছ্!
মিৰ্জা – কি কৱ বে? বাই আৱাৰ এয়াৰফ’ৰ্চ….? আব্বে মোৰ কাম ক দোস্ত!
দিগন্ত : তই ISI ৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবি৷ সিহঁতো কম স্মাৰ্ট নহয়। লগতে পাকিস্তান এয়াৰ ফোৰ্চৰ ওপৰতো। তোৰ গ্ৰীণ চিগনেলতেই আমাৰ ফাইনেল অপাৰেছন চলিব।
তিনিও বন্ধুৰ আলোচনা চলি থাকিল। আলোচনাৰ শেষৰফালে, হঠাৎ-
 দিগন্ত : ঐ তোৰ কল্পনাৰ কথা ক বে প্ৰকাশ৷
মিৰ্জা : আব্বে, মক্কেলে গৰুপিটন খাইছে কল্পনাৰ বাপেকৰ পাল্লাত পৰি৷ লগতে ময়ো বেইজ্জত৷
প্ৰকাশ : ভাই মই তোক জৈছ কেম্পৰ ক’-অৰ্ডিনেট এক্জেক্টলি আনি দিম৷ তই মোক মাত্র অপাৰেশ্যন শেষ হ’লেই এয়াৰৱেইজেৰে ছিপাঝাৰ যোৱাৰ ব্যৱস্থা কৰিবি৷ ছাল্লা কল্পনাৰ লগত মোৰ প্ৰেমৰ ক’-অৰ্ডিনেট মোৰ কিবা ভুল হৈ গ’ল৷ ৰি-চ্চেক কৰিব লাগিব৷
আলোচনা সামৰি-
দিগন্ত : তহঁত কোনফালেৰে সোমাম বুলি ভাবিছ?
মিৰ্জা : বাহিদ হৈ ৰাজস্থান। শুকান জলকীয়া বেপাৰী মিৰ্চি শেঠৰ লগত ইয়াৰ ফিটিং ভাল৷ বুঢ়াৰ বিধবা জীয়েকৰ লগতো ইয়াৰ মিহি-মিহি লিলিমাই চলি আছে৷ আমি সৰকি যাম।
দিগন্ত : ব’ল, ব’ল মই তহঁত দুইটাৰে বাবে ৰাজস্থানলৈ এয়াৰৱেইজ মেনেজ কৰোঁ!
মিৰ্জা : ৰহ্! কলেজীয়া দিনৰ দৰেই চিগাৰেট এটা তিনিওটাই হুপি লওঁ৷
                ************
ফ্লেচবেক :
কলকাতাৰ প্ৰেছিডেন্সি কলেজ। ডিগ্ৰী পঢ়িবলৈ যোৱা এমুঠিমান ছাত্রৰ ভিতৰত তিনিজন ল’ৰাৰ বন্ধুত্ব গঢ়ি উঠিছিল৷
মিৰ্জা আলম শইকীয়া : সাপেখাতী, শিৱসাগৰ। কেমেষ্ট্ৰি মেজৰ।
প্ৰকাশ দাস : পুৰণিগুদাম, নগাঁও। মেথেমেটিক্স মেজৰ।
দিগন্ত ভট্ট : বিদ্যাপুৰ, নলবাৰী। ফিজিক্স মেজৰ।
তিনিওৰে বন্ধুত্বৰ মিলাপ্ৰীতিৰ অন্তৰালত আছিল এটা গোপন সাদৃশ্য৷ তিনিওজনে বিচাৰিছিল ভাৰতীয় প্ৰতিৰক্ষা বিভাগত চাকৰি কৰিবলৈ৷ আটাইতকৈ সৌভাগ্যবান আছিল দিগন্ত। পাছ কৰিয়েই দিয়া কেবাটাও ইণ্টাৰভিউৰ মাজতে এয়াৰ ফ’ৰ্চত চাকৰি পাইছিল। মিৰ্জা আৰু প্ৰকাশে বাৰে বাৰে চেষ্টা কৰিও বিফল হৈছিল কিন্তু সিহঁত দুয়োৰে একলগে ভাল খবৰ এটা আহিছিল। আৰু ঘৰৰ বা পৰিয়ালৰ কাকো জনাব নোৱৰা খবৰটো একমাত্র জনাইছিল অভিন্ন হৃদয়ৰ বন্ধু দিগন্তক৷ ‘স্পেচিয়েল ইণ্টেলিজেন্স’ত দুয়োৰে চাকৰিৰ খবৰটো।
                 ********
ইছমাইল শেখৰ কণীৰ বৃহৎ দোকানৰ পিছফালে,
ইছমাইল : আকৌ ওলালিহি যে? নাঃ! তোক আৰু কাম নিদিও৷ মন গ’লেই আহিবি যাবি, দুখীয়া বুলি মৰম কৰোঁতে বহুত চল পাইছ৷
ওচমান (ওৰফে প্ৰকাশ ওৰফে এজেণ্ট 006) : নাই মালিক৷ এইবাৰ আৰু নাযাওঁ৷ আচলতে মোৰ ৯ নং বাচ্চাটো জনম পালে৷ মাইকীৰ খবৰ ল’বলৈ গৈ দুদিনমান থাকিলোঁ৷ নতুন বাচ্চাটোও মৰম কৰিলোঁঁ৷ এতিয়া ৬ মাহ নাযাওঁ৷ মানে ১০ নংটো গাত অহা ৩ মাহ হৈছেহে৷
ইছমাইল শেঠে কি ক’ব ভাবি নাপালে। উপায় নাই!এইবোৰ মানুহেৰেই বিজনেছ চলাব লাগে।
ইছমাইল : ধৰ ধৰ… তোৰ কাৰ্ড ল। জৈচৰ কেম্পত মাল দিবি৷ আগৰ ৬০০০ কণীৰো পইচা পোৱা নাই।বিলালক কবিচোন, তোৰ লগত ভালেইচোন৷
এজেণ্ট 006 ওৰফে ওচমানে ওৰফে প্ৰকাশে ৫০০ মান কণীৰ প্লেটবোৰ চাইকেলত বান্ধিলে৷ স্মাৰ্ট মোবাইলৰ long-lat অপচন খোলা ৰাখিলে আৰু আগবাঢ়িল জৈছৰ কেম্পত কণী চাপ্লাই। এই কামটোৰ জৰিয়তেই আগতে দুবাৰো এজেণ্ট 006 এ ইণ্ডিয়ান ইণ্টেলিজেন্সক খবৰ জনাইছিল জৈছৰ ঘাটি। এতিয়া লাগে মাথো কেম্পৰ পজিছনবোৰ৷ তাৰ ক’-অৰ্ডিনেট ৰেঞ্জবোৰ৷
ডিগ্লেভাছ নামৰ এটি App ৰ জৰিয়তে থ্ৰিৱে কনফাৰেঞ্চ মেছেজৰে সংযোগ হৈ থাকিল এজেণ্ট 006, 008 আৰু ৱিং কমাণ্ডাৰ দিগন্ত ভট্ট।
               ***********
২২ ফেব্ৰুৱাৰী..
গোপন গ্ৰুপ চ্চেটিং।
এজেণ্ট 006 : মিশ্যন কমপ্লিট। 34°27′48″N… 73°19′08″E. ডাইনিং হল ক’-অৰ্ডিনেট ষ্টেটাছ।expand seconds in equal manner in all direction…
ৱিং কামাণ্ডাৰ : অ’হ! গ্ৰেট য়াৰ..008 প্লিজ ৰেচপ’ণ্ড..
এজেণ্ট 008 : আই.এছ.আই. ৰিলেক্সড্…. হাওৱেভাৰ এয়াৰ ফ’ৰ্চ চিমছ্ টু বি কনচিয়াছ ফৰ্ চাম ফ্লাইট মোভমেণ্ট ইন ইণ্ডিয়ান টেৰিট’ৰি। msg deleted.
ৱিং কমাণ্ডাৰ : থেংকছ.. over and out..
এজেণ্ট 006 : মেছেজ ডিলিটেড..over and out.
                **********
সীমান্তত ৱাৰ এয়াৰ বেচত যোৱা ৩-৪ দিন ধৰি কিছুমান ফ্লাইট পৰে৷ আকৌ গুচি যায়৷ দুখন-এখন যেন বেছি সময় থাকে৷ আকৌ যায়গৈ। তাৰ মাজতেই কৌশলতাৰে এখন-দুখনকৈ ১২ খন যুদ্ধবিমান গোপনে থাকি গ’ল দুই ৱিং কামাণ্ডাৰ দিগন্ত আৰু শিৱকান্তৰ তৎপৰতাত। পাইলটসকলক তাতেই ৰখা গ’ল।সীমান্তৰ পৰা বহু দূৰৰ অন্য এটা এয়াৰ বেচত এখন-দুখনকৈ ১৪ খন মিৰাজ ৰেডি কৰা হ’ল। এয়াৰ ফ’ৰ্চত মিৰাজৰ বৈমানিক হিচাপে খ্যাতি থকা কুৰিজনমান বৈমানিকক প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা, চকু পৰীক্ষা কৰোৱা হ’ল। তেওঁলোকক জনোৱা হ’ল যে মিৰাজৰ কিছু পৰীক্ষণৰ বাবে আটাইকে একেলগে ৰখা হৈছে।
২৪ ফেব্ৰুৱাৰীৰ দিনা এয়াৰ ফ’ৰ্চৰ ৫ জন বিষয়াৰ নেতৃত্বত পিছদিনা পুৱা, অৰ্থাৎ ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৩.৩০ বজাত জৈছৰ কেম্পত আঘাত সনাৰ পৰিকল্পনা তথা প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।
২৪ ফেব্ৰুৱাৰী, আবেলি ৩.৩০ বজাত পুনৰ গ্ৰুপ চ্চেটিং৷
এজেণ্ট 008 : মাত্র ১২ ঘণ্টা
ৱিং কামাণ্ডাৰ : এট্ 310 ডিলিট দ্যা মেছেজ
এজেণ্ট 008 : ৰেচপণ্ড্ কৰ 006..
এজেণ্ট 006 :  very much urgent update…not 12.. after 36 hours…
ৱিং কামাণ্ডাৰ : হোৱাট? নিড্ আৰ্জেণ্ট এক্সপ্লেইন….ডিলিট য়’ৰ মেছেজ..
এজেণ্ট 008 : তই ভাং খালি নেকি বে কুত্তা?
এজেণ্ট 006 : আৰু ২০০ কণীৰ অৰ্ডাৰ আহিছে….৫ খন গাড়ী ওলাইছে..৩০ টাকৈ ধৰিলেও ১৫০টা কাইলৈ পুৱা কেম্পত সোমাব৷
ৱিং কমাণ্ডাৰ : ডিলিট মেছেজ৷ হাউ ষ্ট্ৰেঞ্জ! আৰ য়ু চিওৰ? হয়তো এই ১৫০ টাতে সোমাই থাকিব পাৰে মেইন কালপ্ৰিট ‘দ্যা মাষ্টাৰমাইণ্ড অফ্ পুলৱামা..’
এজেণ্ট 008 : ঐ ছাগলীচোৰ, তোৰ কাৰণে ছাল্লা কেনে বেইজ্জত…
দিগন্ত : ২০০ টা কণীৰ অৰ্ডাৰত ১৫০ টা সন্ত্রাসবাদী কি হিচাপত ধৰিলি?
এজেণ্ট 006 : ২০০টাৰ অৰ্ডাৰত ৫০ টামান বেয়া ওলাবই, সিহঁতেও জানে৷
ৱিং কামাণ্ডাৰ দিগন্ত : অকে, মিশ্যন এদিন পিছুৱাম… 008 ..ISI ষ্টেটাছ…
এজেণ্ট 008 – ISI ৰিলেক্সড্…
                   *******
২৫ ফেব্ৰুৱাৰীৰ দুপৰীয়া। ১২ খন মিৰাজ বিমানে সীমান্তত বেচ এয়াৰ ষ্টেছনত উৰি গৈ পৰিলগৈ। একে সময়তে দেখা গ’ল পাকিস্তান এয়াৰ ফ’ৰ্চৰ তৎপৰতাও। দুখনমান যুদ্ধবিমান পাকিস্তানৰ আকাশতো উৰিল। সন্ধ্যা ৭.৩০ মান বজাৰ মিৰাজৰ সলনি ইতিপূৰ্ব্বেই লুকুৱাই থোৱা ১২খন বিমানে লাইট জ্বলাই সীমান্তত অলপ ঘূৰি-পকি সীমান্ত এৰি উভতি আহিল। ইমানপৰে ১২খন বিমান নজৰত ৰখা পাকিস্তানী বায়ুসেনাই, লাইট জ্বলাই উভতি যোৱা বিমান ১২খন উভতি যোৱা দেখি মুখত হাঁহি ফুটিল…
: সৱ চালা দিখাৱা হেই৷ ভাগা অভী…
সময় আগবাঢ়িছে
এজেণ্ট 008 লৈ মেছেজ দিগন্তৰ-
: হোৱাট এবাউট ISI ?
: ৰিলেক্সড্..
: হোৱাট এবাউট দেয়াৰ এয়াৰ ফ’ৰ্চ?
: ৰিলেক্সড্.. আফটাৰ আৱাৰ ফ্লাইট ৰিটাৰ্ণচ…
: thanks… over and out
              ********
ইতিমধ্যে ২৪ জন পাইলটক ঠিয় কৰাইছে দিগন্তই৷
: ফ্ৰেণ্ডছ্…ৰামায়ণৰ মতে লংকা কোন সেনাই ধ্বংস কৰিছিল?
: বানৰ সেনাই
: ভেৰি গুড
: দেয়াৰ ইজ ন’ এনি টেষ্ট ফ্লাইং ৱিথ্ মিৰেজ৷ বাট লাইক দা মাংকি আৰ্মি য়ু আৰ্ গয়িং টু এনগেজ ইন্ ‘অপাৰেশ্যন বন্দৰ’ ইন নেক্সট্ ফিউ আৱাৰ্ছ৷
এনেতে এয়াৰ মাৰ্শ্বেল আহি উপস্থিত হ’ল। পাইলটসকলৰ বাবে সেয়া আছিল অতি স্তম্ভিত হোৱাৰ কথা। তেওঁলোকে বুজি উঠিল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্ব পাবলগীয়া অপাৰেছন বন্দৰ নামৰ এয়াৰ ষ্ট্ৰাইকটোৰ কথা। মাৰ্শ্বেলে কম কথাৰ মাজতে সৱকে সোঁৱৰাই দিলে –
: মনত ৰাখিব, ১৯৭১ চনৰ পিছত এইটোৱেই বায়ুসেনাৰ অন্যতম অপাৰেছন শত্রুৰাষ্ট্ৰ পাকিস্তানৰ বিপক্ষে।
পুৱতি নিশা ৩ বজাত-
২৪ জনীয়া পাইলট আৰু সহ-পাইলটৰ টিমটোৰ সন্মুখত দিগন্ত ভট্ট, শিৱকান্ত্ আৰু ৩জন বায়ুসেনাৰ বিষয়া।
ৱিং কামাণ্ডাৰ দিগন্ত,
: সকলোখিনি ইতিমধ্যেই সুন্দৰকৈ বুজোৱা হৈ গৈছে৷ এনি ম’ৰ ডাউট?
: ন’ ছাৰ!
: কই ছক্?
: ন’ ছাৰ!
সমস্বৰে সকলোৱে ক’লে।
: অ’কে! হাউজ দা জৌচ?
: হেই ছাৰ!
: হাউজ দা জৌচ?
 : হেই ছাৰ!
দুগুণ উৎসাহী সমস্বৰ।
৩ বাজি ৯ মিনিট…
ভাৰতভূমিৰ বুকু কঁপি উঠিল ১২ খন মিৰাজৰ মৃদু গোঁজৰণিত। পৰিকল্পনা মতেই উত্তৰ-পূব দিশেৰে ধাৱমান হ’বলৈ চিগনেল পালে প্ৰতিখন মিৰাজে৷ দিগন্তই আগতেই টাইপ কৰা মেছেজ এটাত send বাট্টন্ টিপিলে৷
৩ বাজি ১০ মিনিট : পি.এম., প্ৰতিৰক্ষা মন্ত্রী, মুখ্য উপদেষ্টা, তিনিও সেনাপ্ৰধানৰ মবাইলত জিলিকিল ৱিং কামাণ্ডাৰ দিগন্ত ভট্টৰ SMS –
“Operation Bandar Started…”
চকুহাল মুদি প্ৰধানমন্ত্রীয়ে মাথো মুখৰ ভিতৰতে আওৰালে..
“জয় বজৰঙ্গবলী”
৩ বাজি ৩০ মিনিট। বালাকোটৰ নিৰ্দিষ্ট অক্ষাংশ-দ্ৰাঘিমাংশৰ ওপৰত ৰম্বছ বা কাজু বৰফিৰ দৰে পজিছন ল’লে ১২ খন মিৰাজে৷ পৰিকল্পনা মতেই বিস্ফোৰণৰ বাবে নিজা নিজা কৌণিক স্থানাংক মিলালে প্ৰতিখন মিৰাজে আৰু মুহূৰ্ত্ততেই বালাকোটৰ উগ্ৰপন্থীৰ ঘাটিত গুজি দিয়া হ’ল মিৰাজৰ আগ্নেয়াস্ত্রৰ অকল্পনীয় বিস্ফোৰণ। পুলৱামাত ভাৰতীয় সেনাক নপুংসকৰ দৰে পিছফালৰ পৰা আক্ৰমণ কৰা মৃত্যুদূতৰ দালালক সিহঁতৰ ভাষাৰেই বুজাই দিয়া হ’ল ভাৰতৰ স্বাভিমান৷ পৰৱৰ্ত্তী সময়ত আৰু ১০০ টা মান পুলৱামা কাণ্ড ঘটাব পৰা প্ৰায় ৬৫০ জনমান আতংকবাদী বনজুইৰ লগত বিলীন হৈ গ’ল এটাও কেজুৱেলিটি নঘটাকৈ…
 জয় হিন্দ!
              *************
ভোলা কলিতাৰ ছাগলীৰ গড়ালৰ কাষত সংগোপনে প্ৰকাশ আৰু মিৰ্জা। প্ৰকাশৰ জেদ, ছাগলী চোৰৰ অপবাদ পাইছেই যেতিয়া, কলিতাৰ ছাগলী এটা খাইহে এৰিব সি। মনৰ পৰা ইতিমধ্যে উলিয়াই দিছে প্ৰেয়সী কল্পনাক। কিন্তু ছাগলী উঠাবলৈ লওঁতেই কল্পনাই মাত দিলে,
: ছাগলী নহয় মোকহে লৈ যা ঐ?
: কি? কিয়? কিয় কৰিলি সিদিনা এনেকুৱা তই?
: ৰচোন, শুনিতো ল! দেউতাই সন্ধ্যাৰ পৰা বন্দুকটো চাফা কৰি আছিল। মই কথা দিয়ামতেই তোৰ লগত পলাই যাবলৈ ওলাই আহোঁতেই, কুকুৰৰ ভুক-ভুকনিত দেউতা ওলাই আহিল। তোক মোৰ স’তে দেখিলে বা মোক পলুৱাই নিবলৈ অহা বুলি জানি গ’লে, তোক গুলীয়াই মাৰিলে হয়৷ তোৰ শাস্তি লাঘৱ কৰিবলৈকে ছাগলী চোৰ সজালোঁঁ৷
: ইমান ভাল পাৱ নে তই মোক কল্পনা? প্ৰকাশৰ মাত কঁপি উঠিল।
মিৰ্জাই দুয়োকে সেই মুহূৰ্ত্তত বেছি আবেগিক নহ’বলৈ সঁকিয়াই দিলে।
               **********
: হেল্ল’ দাদা.. মই বাঘেশ্বৰ! মোৰ  গুপ্তচৰে খবৰ দিছে বোলে সেই ছাগলী চোৰ দুটা আকৌ আপোনাৰ ঘৰত চোপ লৈছেহি৷ ৰব মই আহি আছোঁ
: গুপ্তচৰে খবৰ দিছিলেই যদি দেৰী কিয় কৰিলি কুকুৰেশ্বৰ?(দুগুণ খঙৰ ভমকেৰে) ছাগলী নহয়, পাষণ্ডই মোৰ ছোৱালীজনীকে উঠাই লৈ গ’ল বুজিছ?
☆★☆★☆

29 Comments

  • ডলী তালুকদাৰ

    চুপাৰ ডুপাৰ হিট।শেষৰ খিনি মজ্জা।

    Reply
    • ৰামানুজ

      ৰিভিউ তোমাৰ…

      তেতিয়াহে গম পাম কি হৈছে এইখন 🙂

      Reply
  • ৰাজশ্ৰী শৰ্মা

    দাদা,।কি ক’ম আপোনাক। সঁচাকৈয়ে ধন্যবাদ ইমান ধুনীয়া চিনেমা এখন পঢ়িবলৈ দিয়া বাবে

    Reply
    • ৰামানুজ

      বহুত ধন্যবাদ ৰাজশ্ৰী …

      Reply
  • কমল তালুকদাৰ

    জয় হিন্দ
    এ বিগ চেল্যুট টু ইন্দিয়ান এয়াৰ ফ’ৰ্চ ••

    হা হা মজা , চাৰ্জিকেল ষ্ট্ৰাইক কৰি শত্ৰু ৰাষ্ট্ৰৰ সীমাৰ পৰা ওলাই আহিব পাৰি কিন্তু প্ৰেমৰ বাবে •• ছাগলী চোৰ । তামাম চিনেমা •••

    Reply
  • কাবেৰী মহন্ত

    তামাম ৷ তোমাৰ লেখাৰ বিশেষত্ব ইয়াতো কনটিনিউ কৰিছা .. তথ্য আৰু অপূৰ্ব বৰ্ণনাশৈলী !
    জয় হিন্দ

    Reply
  • ৰাস্না বৰা

    পুলৱামাৰ কাহিনীত চকু সেমেকিলেও ছাগলী চোৰৰ লটিঘটি য়ে হাঁহিৰ খোৰাক দিলে। তোমাৰ লিখা সাংঘাতিক কিন্তু।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বাহ! মজা।

    Reply
  • purabi

    সাংঘাতিক দাদা….

    Reply
  • তৃষ্ণা সো

    বেক টু বেক হীট চিনেমা, ৰোমাঞ্চ, ইমচন,লটিঘটি, দেশভক্তিৰ মছলাৰে ভৰপূৰ ।

    Reply
  • SankarJyoti Bora

    তামাম দিলে হৰিভকত৷বঢ়িয়া৷

    Reply
  • গীতিমল্লিকা গগৈ

    ৱা, ইমান দীঘল ঔ। তেও পঢ়ি শেষ কৰিহে এৰিলো।
    ভাল যে সজাব পাৰে ঘটনাবোৰ। বহুত ভাল লাগিল।

    Reply
  • ৰিণ্টু

    ফটাঢোলৰ বাবে তুমি জেপি দত্তা, কৰণ জোহৰ, অনুৰাগ কাশ্যপ আৰু ৰাজু হিৰানিৰ ককটেইল। বেক টু বেক ব্লকবাষ্টাৰ দি আছা। বিদ্যা কৈছো, এনেকুৱা স্ক্ৰীপ্ট পালে মই চিনেমা এখনেই বনাই দিম, ডকুমেণ্টেৰী।

    চুপাৰ্ব ব্ৰাডাৰ

    Reply
  • Bumoni

    Bah mamu da…..borhia lagil….borhia bonaiso…all d best

    Reply
  • Anonymous

    দাদা কি কম আৰু…….কেনেকৈ যে সজাব পাৰে

    Reply
  • আপোনাৰ লিখনীত মন্তব্য দিবলৈ সদায় শব্দৰ অভাৱ অনুভৱ কৰো ৰামানুজ দা ।ইমান পৈনত শব্দৰ মায়াজাল ।ৱাহ।।

    Reply
  • Anjan

    হেৰা কবলৈ ভাষাই নাই হে৷ ৰঞ্জুু হাজৰিকাৰ কিতাপ আগতে এনেকৈ পঢ়িছিলো৷
    মাৰ্ভেলাচ বুলি কলো৷

    Reply
  • Bornali sarmah

    বৰ ভাল লাগিল দেই ৰামানুজ

    Reply
  • Auravinda Goswami

    শ্বাসৰুদ্ধকৰ।সুন্দৰ সমাপ্তি।ব্যঙ্গও খুবেই আকৰ্ষক।

    Reply
  • আপোনাৰ লেখাত কমেন্ট কৰিবলৈ ভাষা নোলাই, চেল্যুট দাদা।

    Reply
  • অবিনাশ

    মজা দাদা৷ এনেকুৱা চিনেমা হ’লে বক্স অফিছ ফটাফাটি হিটাব৷

    Reply
  • জাহ্নৱী

    ক্যা ফিলিম হেই ৰামাভাই

    Reply
  • Bikash

    দাদা.. কবলে ভাষাই বিছাৰি পোৱা নাই

    Reply
  • সাংঘাটিক লিখিলা। বাস্তৱ সত্যবোৰো সুন্দৰকৈ দাঙি ধৰিছা। সদায়ৰ দৰেই মাৰভেলাছ???

    Reply
  • জয়নুল হক।

    ৰামনুজ গোস্বামীৰ অনুপম সৃষ্টি। মোৰ আটাইতকৈ ভাল লাগিছে যে পথৰুঘাটকে আদি কৰি প্ৰায়বোৰ ঐতিহাসিক ঠাই বোৰে আপোনাৰ লিখনিত স্থান পাইছে।আশা কৰো পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰিব।

    Reply
  • Purnamayee

    You are just amazing.জোৱানলৈ পঠোৱা মেচেজ পঢ়ি চকু সেমেকিল, ছোৱালী চোৰৰ পৰা ছাগলী চোৰ হ’ল হাঁহি উঠিল,মিছনৰ প্লেন সফল হোৱাত জৌচ আহিল, আৰু সফলতাৰে সম্পূৰ্ণ হোৱাত আনন্দ লাগিল।A complete super hit film.

    Reply
  • পূৰ্ণময়ী

    You are just amazing.জোৱানলৈ পঠোৱা মেচেজ পঢ়ি চকু সেমেকিল, ছোৱালী চোৰৰ পৰা ছাগলী চোৰ হ’ল হাঁহি উঠিল,মিছনৰ প্লেন সফল হোৱাত জৌচ আহিল, আৰু সফলতাৰে সম্পূৰ্ণ হোৱাত আনন্দ লাগিল।A complete super hit film.

    Reply
  • দাদা বুৰঞ্জী আপুনাৰ নখদৰ্পনত ৷ সচাঁই আচৰিত লাগে ইমান সবলীল ভাবে বৰ্ণনা কৰে ৷ কবলৈ ভাষাই বিচাৰি পোৱা নাই মুঠতে সুন্দৰ হৈছে ৷

    Reply
  • Anonymous

    ৰামামুজ দা অলৱেজ গ্ৰেট ৷আপোনাৰ লিখনিত বিছৰা সকলো খিনি পাওঁ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *