ফটাঢোল

নিৰুত্তৰ — মৌচুমী গগৈ

পলাশে আনদিনাৰ দৰেই অফিচৰ পৰা আহি হাত-ভৰিকেইটা ধুই পোনে পোনে দ্ৰয়িং ৰূমৰ আৰামী চকীখনত গাটো এৰি দিলে। এইটো তেওঁৰ নিত্য নৈমিত্তিক অভ্যাস৷ ৰুবীয়ে পাকঘৰৰ পৰাই ভূমুকি মাৰি দেখিলে যে, মহাশয়ে ইতিমধ্যেই কিবা এখন কিতাপ মেলি লৈ পঢ়াত ব্যস্ত হ’লেই। ৰাতি ভাত খোৱাৰ পৰলৈকে তেওঁ এই চকীখনৰ পৰা আৰু লৰচৰ নকৰে। চাহ কাপ খাই ল’বলৈও আহৰি নাই। কেৱল কিতাপ, কিতাপ আৰু কিতাপ৷ সেইবুলি স্কুল বা কলেজৰ পাঠ্যক্ৰমৰ প্ৰতি ইমান ৰাপ নাছিল, কেৱল বাহিৰা আলোচনী, উপন্যাস, কাহিনী সংকলন এইবোৰৰ প্ৰতিহে আৰ্কষণ বেছি। শুবলৈ যোৱাৰ আগতেও এটা বা দুটা কাহিনী পঢ়ি নল’লে পলাশৰ টোপনি নাহে।এইবোৰ দেখি শুনি ৰুবীৰ কেতিয়াবা নিজৰ ওপৰতে বৰ খঙ উঠে। কি দৰকাৰ আছিল এই কিতাপৰ পোকটোলৈ বিয়া হৈ অহাৰ৷ কথা এষাৰ পাতিবলৈও সময় নাই। অকল কিতাপৰ মাজতে মূৰ গুজি থাকে। দহটা কথা সুধিলে এটা কথাৰ উত্তৰ দিয়ে। কৰবালৈ ফুৰিবলৈ গ’লেও কেনেকৈ সোনকালে ঘূৰি আহি আকৌ কিতাপত মূৰ গুজিব পাৰে তাৰেই ধান্দাত থাকে৷
বিয়া হোৱাৰ দুবছৰ হৈ গ’ল যদিও পলাশৰ এই অভ্যাসটো তাই এৰুৱাব পৰা নাই৷ বিয়া পতাৰ আগতে ৰাতি কিতাপ পঢ়ি থাকোঁতে কিমান দেৰি হয় পলাশে গমেই নাপাইছিল বুলি ৰুবীক কৈছিল যদিও তাই ইমান গুৰুত্বসহকাৰে কথাটো লোৱা নাছিল৷ এতিয়াহে তাই অনুতাপ কৰিছে৷ পলাশৰ এই অভ্যাসৰ বাবে অফিচৰ সহকৰ্মীসকলেও তাক কটাক্ষ কৰি কৈছিল যে,
: নিউটন ছাৰ, আপুনি যদি অফিচৰ পৰীক্ষাবোৰত ইমান মনোযোগ দি পঢ়িলেহেঁতেন, ইমানদিনে কেৰাণীৰ পৰা অফিচাৰ হ’ব পাৰিলেহেঁতেন৷
সকলোৱে তাক নিউটন ছাৰ বুলি ইতিকিং কৰিছিল৷ পলাশে তেওঁলোকৰ কথাবোৰ হাঁহি হাঁহি উৰুৱাই দিছিল৷ এদিনাখন দুপৰীয়া সময়ত ৰুবীয়ে ভাত বনাই আছিল৷ হঠাতে উতলি থকা দাইলখিনি হাতৰ পৰা পিছলি পকাত পৰি থাকিল আৰু ৰুবীৰ ভৰিতো পৰিল৷ “আইঔ মৰিলোঁ ঔ” বুলি ৰুবীয়ে চিৎকাৰ কৰি উঠিল৷ সেই সময়ত পলাশে নিজৰ আৰামী চকীখনত বহি উপন্যাস এখন পঢ়ি আছিল৷ ৰুবীৰ চিঞৰ শুনি কিতাপৰ পৰা মূৰ নোতোলাকৈয়ে সুধিলে,
: কি হ’ল ৰুবী?
ৰুবীয়ে কোনো উত্তৰ নিদিয়া দেখি পলাশ পুনৰ কিতাপত মগ্ন হ’ল। ৰুবীয়ে লেঙেৰাই লেঙেৰাই আহি পলাশক একান্তমনে কিতাপ পঢ়ি থকা দেখি নিজকে আৰু ৰখাব নোৱাৰিলে৷ খঙৰ ভমকত পলাশৰ হাতৰ পৰা কিতাপখন টানি আনি দলিয়াই দিলে আৰু চিঞৰি ক’বলৈ ধৰিলে,
: কি মানুহহে আপুনি! কোনোবা মৰি গ’লেও আপোনাৰ কিতাপৰ পৰা আঁতৰি আহিবলৈ সময় নাই৷ কিতাপৰ বাহিৰে যদি একো চিনিয়েই নাপায় তেন্তে বিয়া কিয় পাতিছিলে?
পলাশে একো উত্তৰ নিদি চকীখনতে চকু দুটা মুদি দিলে৷ ৰুবীয়ে দ্ৰয়াৰৰ পৰা বাৰ্নলটো উলিয়াই সিটো ৰূমলৈ গুচি গ’ল৷ পলাশে মনে মনে ভাবিবলৈ ধৰিলে, এই মানুহজনীৰ আজি হ’ল কি? ইমান খঙ কৰিবলগীয়া কি কথা আছে। কিতাপখনো ইমান জোৰেৰে দলিয়াই দিলে, ফাটি যোৱা হ’লে আকৌ নতুন এখন কিনি লাইব্ৰেৰীত দিব লগা হ’লহেঁতেন৷ কিমান ভাল লাগি গৈ আছিল কাহিনীটো৷ এতিয়ালৈকে আৰু পাঁচ পৃষ্ঠামান পঢ়ি শেষ হ’লহেঁতেন৷ পাকঘৰত কাম কৰিলে সৰু সুৰা অঘটন হ’বই পাৰে৷ তাৰবাবে ইমান হুলস্থুল কৰাৰ যুক্তি ক’ত! এইবাৰ পলাশে চকীৰ পৰা উঠি পত্নীয়ে দলিয়াই দিয়া কিতাপখন তুলি আনি আকৌ পঢ়িবলৈ আৰম্ভ কৰিলে৷ গধূলি হোৱাৰ আগতেই এইখন শেষ কৰি নতুন দুখন কিতাপ লাইব্ৰেৰীৰ পৰা লৈ অহাৰ কথাও মনতে ভাবি থ’লে। খন্তেক পিছতে ৰুবীয়ে মাত লগালে,
: মই যাওঁ৷
: যোৱা৷
কিতাপৰ পৰা মূৰ নদঙাকৈয়ে পলাশে ক’লে৷
: ক’লৈ যাম, সেইটোও নুসোধে নেকি?
-ৰুবীয়ে ক’লে৷
ৰুবীৰ কথাত পলাশে ডিঙিটো দাঙি পত্নীৰ ফালে চাই আচৰিত হৈ ক’লে,
: আৰে, ইমান ডাঙৰ বেগটো লৈ ক’ত যোৱা তুমি! মই আকৌ তুমি বজাৰ…
: মই বজাৰ নাযাওঁ, মাৰ ঘৰলৈ যাওঁ৷
ৰুবীয়ে পলাশৰ কথাৰ মাজতে উত্তৰ দিলে। পলাশে চকীৰ পৰা জাঁপ মাৰি থিয় হৈ ৰুবীলৈ চালে। ৰুবীয়ে কোনো কথাৰ অৱতাৰণা নকৰি ৰূমৰ পৰা ওলাই গেটৰ ফালে খোজ ল’লে৷

ৰুবী ঘৰলৈ যোৱা পোন্ধৰ দিন পাৰ হৈ গ’ল৷ এইকেইদিন কেনেকৈ পাৰ হৈছে, সেয়া কেৱল পলাশেহে অনুভৱ কৰিছে। সকলো সময়তে কিবা চিন্তাত ডুব গৈ থাকে৷ কিতাপৰ পৰা সাত যোজন আঁতৰত আছে। পত্নীৰ অনুপস্থিতি তেওঁৰ বাবে অসহনীয় হৈ পৰিছে। নিজৰ ভূল স্বীকাৰ কৰি পত্নীক ঘূৰাই অনাৰ সাহসো কৰিব পৰা নাই। অফিচলৈও নিয়মীয়াকৈ যাবলৈ বাদ দিছে। খোৱা বোৱাৰ খেলিমেলিৰ বাবে কেইদিনমান পিছতে বেমাৰেও পলাশক লগ ল’লে। এদিন সন্ধিয়া পৰত ডাক্তৰক দেখুৱাই দৰব-পাতি লৈ ঘৰলৈ আহি দেখে যে পত্নী আহি ৰৈ আছে৷ পলাশৰ মনটো আনন্দত নাচি উঠিল।
: গা ভাল পাইছেনে? জ্বৰ কেনেকৈ উঠিল! মোক কালি মিছেছ শৰ্মানীয়ে ফোন কৰি আপোনাৰ গা বেয়া হোৱাৰ খবৰটো দিলে। কথাটো শুনিয়েই মই গুচি আহিলোঁ।
পলাশে সোধাৰ আগতেই ৰুবীয়ে গোটেই কথাখিনি আদ্যোপান্ত ক’লে৷ দুয়োজনে ঘৰত আহি বিভিন্ন ধৰণৰ কথা পাতিবলৈ ধৰিলে। ৰুবীয়ে ঘৰত এখনো আলোচনী আৰু কিতাপ নেদেখি আচৰিত হ’ল৷ কৌতুহল দমাব নোৱাৰি পলাশক সেই বিষয়ে সুধিয়েই পেলালে৷ পলাশে উত্তৰত ক’লে যে,
: তুমি মোৰ ওপৰত খঙ কৰি গুচি যোৱাৰ দিনাৰ পৰাই মই কিতাপ পঢ়া বাদ দিলোঁঁ৷ আনকি লাইব্ৰেৰী কাৰ্ডখনো কেঞ্চেল কৰিলোঁ৷
: কি? সচাঁ?
-ৰুবীয়ে চিঞৰি উঠিল৷
: তোমাৰ শপত!
পলাশে ক’লে৷
ৰুবীৰ মনত উলাহে নধৰা হ’ল৷ তাই নিজকে গালিও দিলে এনেদৰে পলাশৰ ওপৰত খঙ দেখুৱাই গুচি যোৱাৰ বাবে৷ যিজন মানুহে তাইৰ বাবেই এইকেইদিন কিতাপ এখনো হাতেৰে চোৱা নাই, সেইজন মানুহক কষ্ট দিয়াৰ বাবে ৰুবীয়ে নিজকে ধিক্কাৰ দিলে। ৰাতিলৈ পলাশে ভালপোৱা বিভিন্ন ব্যঞ্জন ৰান্ধিলে৷ পলাশেও হেঁপাহ পলুৱাই মন পচন্দৰ খাদ্য খাবলৈ পাই সুখী হ’ল৷ ভাত খোৱাৰ পিছত শুৱাৰ আগমুহূৰ্তত হঠাতে পলাশে বিছনাৰ তুলিখনৰ তলত কিবা এটা বিছাৰিবলৈ ধৰিলে৷ কিছু সময়ৰ পিছত আলোচনী এখন তাৰ পৰা উলিয়াই আনিলে৷ ৰুবীয়ে সেইখন দেখি আচৰিত হৈ ডাঙৰকৈ ক’লে,
: আকৌ আলোচনী! আপুনিতো কিতাপ নপঢ়োঁ বুলি মোক কথা দিছিল,তেন্তে এইখন কি?
: প্লিজ, আজি তুমি অহাৰ আনন্দতে এইখন পঢ়িবলৈ লৈছোঁ৷ কাইলৈৰ পৰা আৰু নপঢ়োঁ৷
-কথাষাৰ কৈয়েই পলাশে আলোচনীখনত মগ্ন হৈ পৰিল৷ ৰুবীয়ে নিৰুত্তৰভাবে বাহিৰলৈ চাই পঠিয়ালে৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *