মোৰ সংগীত চৰ্চা – পল্লৱী গোস্বামী
মই তেতিয়া দ্বিতীয় বা তৃতীয়মানত! গাঁৱৰ সংঘ এটাৰ অনুষ্ঠান এটাত লগৰবোৰক দেখাক দেখি মইও গান গাবলৈ মঞ্চত উঠিলোঁ! গানটো আছিল “সেউজী সেউজী”! হাৰমনিয়াম আৰু তবলা সংগত কৰা দাদা দুজনক গানটোৰ বিষয়ে কৈ একদম চকু মুদি গাবলৈ লাগি গ’লো! সম্পূৰ্ণকৈ গানটো গাই উঠি চকু মেলি দেখোঁ ইতিমধ্যে হাৰমনিয়াম আৰু তবলা বজোৱা ল’ৰা দুজন গুচি গৈছে আৰু মঞ্চৰ সন্মুখৰ সকলোৱে মোলৈ চাই হাঁহি আছে! নামি অহাৰ পিছত লগত যোৱা খুৰাই ৰঙা পৰা মুখেৰে মোক ক’লে.. “মুনু, তই যদি আকৌ গান গাবলৈ ইচ্ছা কৰ তেন্তে গানৰ স্কুল এখনত নাম লগাই ল’! নহ’লে এনেকৈ আমাৰ মান ইজ্জত নেখেদাবি!”
তাৰপিছতো আকৌ এবাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনৰ ঘটনা! মঞ্চলৈ উঠি ধুনীয়াকৈ নমস্কাৰ জনাই ক’লো মই এটা জ্যোতি সংগীত পৰিবেশন কৰিম। হাৰমনিয়াম ধৰা আচাৰ্যগৰাকীয়ে ক’লে, “ঠিক আছে আৰম্ভ কৰা!”
মই গাবলৈ ল’লোঁ ৰূপহ কোঁৱৰৰ চুমা পৰশতে.. আধামান গোৱা হৈছে কি নাই, তবলা হাৰমনিয়াম সব বন্ধ হৈ গ’ল। আচাৰ্যই মোৰ কাণৰ কাষত ফুচফুচাই ক’লে; “পল্লৱী, হব যোৱা তুমি নামি যোৱা।” মোৰ সুৰ, তাল, লয়ে মানে ইতিমধ্যে দিকবিদিক হেৰুৱাইছিল! অৱশেষত লাজ মান কাতি কৰি মঞ্চৰ পৰা নামি আহিলোঁ।
মইও সহজে এৰা ভকতনী নহওঁ! মই পঢ়া স্কুলখনতে থকা সংগীত স্কুলখনত যাবলৈ ল’লোঁ! এদিন ৰাতিপুৱা….. সা ৰে গা মা..ৰেৱাজ আৰম্ভ কৰি দিলোঁ! হঠাতে দেউতাই টোপনিৰ পৰা ধহমহকৈ চকু মোহাৰি মোহাৰি উঠি আহি চিঞৰ ধৰিলে , “ও ৰীণা (মা)… আমাৰ ঘৰৰ সমুখতে ব্ৰয়লাৰ বস্তিৰ শিয়ালে হোৱা দিব ধৰিছে! খেদা খেদা!” কৃষ্ণ কৃষ্ণ! সেই দিনাৰ পৰাই মই সংগীতক সাতোটি সেৱা হে জনালোঁ!
☆★☆★☆