ছাৰৰ চিন্তা –মণিষা কাকতি
আমাৰ ছাৰ চিন্তাত পৰিছে। ছাৰৰ চিন্তা দেখি তেমেকাবাবু আকৌ মহা চিন্তাত পৰিছে। ছাৰৰ মুখৰে ওলোৱা মহান বাণীসমূহ বঢ়াই কওঁতে কওঁতে আজিকালি তেমেকাবাবুৰ চিন্তাধাৰা, কাৰ্যকলাপ সকলোতে হাইব্ৰীড ছাপ এটা পৰিছে। কি ক’লে? বুজি পোৱা নাই? ৰব বুজাই দিছোঁ। মানে ধৰক, ছাৰ যদি কোনোবা দিনা আনন্দ মনেৰে থাকে; তেমেকাবাবুৰ ভাষাত, “ছাৰৰ আজি মহা আনন্দ।” আকৌ কোনো মহান কামৰ ক্ষেত্ৰত অংক নিমিলা দেখিলে ছাৰে যদি ‘দুই’ত কামটো কৰা মস্কিল হ’ব বুলি মানা কৰি দিয়ে; তেমেকাবাবুৰ ভাষাত কথাখিনি হ’ব, “নহ’বহে ডাঙৰীয়া! ‘চাৰি’ত কামটো কৰা মহা মস্কিল হ’ব।” গতিকে ছাৰৰ ‘চিন্তা’ মানে তেওঁৰ ভাষাত ‘মহা চিন্তা’ দেখি, তেওঁৰো একেই মানে ‘মহা চিন্তা’ হৈছে। দৰাচলতে ‘মহা চিন্তা’ হোৱাৰ মহা অভিনয়হে কৰিছে।
তেমেকাবাবুক পায়চাৰি কৰিবলৈ লগাই দি আমাৰ ছাৰে মহা আৰামত মহা পেগ এটা বনাই ছোফাত মহা শৰীৰটো এৰি দি মহা চিন্তা কৰিবলৈ বহি পৰিল। লগতে মাল্টিটাস্কিংত মহা বিশ্বাসী ছাৰে তেমেকাবাবুক অনুকৰণ কৰি চকু আৰু ডিঙিৰ এক্সাৰচাইজো কৰি থাকিল। কিছুদেৰিৰ মূৰকত মাত লগালে,
-“ঐ তেমেকা, বুজিছানে? যোৱা চাৰিবছৰে কৰা মানৱসেৱাৰ প্ৰমাণ মোৰ এই প্ৰকাণ্ড ঢোলটোৱেই।”
-“হয় ছাৰ। চন্দ্ৰৰপৰা দেখা পোৱা মানৱসৃষ্ট আজৱ বস্তুৰ ভিতৰত দ্বিতীয়টো হৈছে আপোনাৰ এই মহা ঢোলটো। ই আপোনাৰ মানৱসেৱাৰ মহা সাক্ষৰ বহন কৰিছে।”
-“হেঃ! হেঃ! হেঃ! একমাত্ৰ তুমিয়েই মোক ভালদৰে বুজি পোৱা! যেনেদৰে ইলেকচনৰ সময়ত সমষ্টিৰ মানুহৰ প্ৰতিটো দুখ, বেদনা মই বুজি পাইছিলো, ঠিক তেনেদৰে।”
-“হয় ছাৰ। ইমান দিনে আপোনাৰ লগত থাকি থাকি সেইখিনি মহা জ্ঞানী ময়ো হৈ উঠিছোঁ দিয়ক।”
-“(কাজু বাদাম চোবাই চোবাই) হমম! ভাল! ভাল! তোমাৰ মহা উন্নতি হওঁক। এটা কথা! তুমিতো জানাই, এই ঢোলটো মোৰ বৰ মৰমৰ। কিমান কষ্টৰ বিনিময়ত এই ঢোলটো সাজিব পাৰিছো, মইহে জানো। এতিয়া নিমিষতে কোন সতেৰে ইয়াক বিসৰ্জন দিওঁ বাৰু?”
-“হয় ছাৰ। মই বুজিব পাৰিছো দিয়ক। এইটো আপোনাৰ কাৰণে মহা কষ্টকৰ কাম হ’ব।”
-“পিছে এই মানুহমখাই নুবুজে নহয়। খালি এটাই কথা, মই সমষ্টিলৈ যাব লাগে। ইলেকচনত জিকাৰ পিছৰপৰা হেনো মই সমষ্টিৰ মুখেই দেখা নাই। আৰে! যাক যেতিয়া যাৰ দৰ্কাৰ সিহে তাৰ ওচৰত যায় – মোৰ সমষ্টিৰ মানুহ হৈ এই সাধাৰণ ফান্দা টোকে বুজি নাপালে মই বহুত লাজ পাওঁ, দুখ পাওঁ…জানানে তুমি? ঐ তেমেকা? নামাতা কিয় মুখেৰে?”
-“হয় ছাৰ। বুজিছোঁ! দস্তুৰমত আপুনি মহা লাজ আৰু মহা দুখ পাব।”
-“(পেগটোৰ অৱশিষ্টখিনি শেষ কৰি) হমম! পিছে এই মানুহমখাই নুবুজে নহয়। মই ভাবো সিহঁতৰ ভালটো, সিহঁতে ভাবে ওলোটা যেন দিছপুৰত বহি বহি অতবছৰে মই কেৱল মোৰ ঢোলটোহে বঢ়াইছো। আৰে! কাৰ কাৰণে ইমান কষ্ট কৰি এই প্ৰকাণ্ড ঢোলটো সাজিছো? একমাত্ৰ সিহঁতৰ স্বাস্থ্যৰ খাতিৰত! যাতে এইটোৰ ভৰত মই লৰচৰ কৰিব নোৱাৰা হৈ দিছপুৰতে বহি থাকোঁ আৰু সিহঁতে মোক লগ কৰিবলৈ অলপ দৈহিক পৰিশ্ৰম কৰি বাটকুৰি বাই ৰাজধানীলৈ আহি সু-স্বাস্থ্যৰ অধিকাৰী হয় লগতে ৰাজধানীৰ ৰেহৰূপ চাই জকাইচুকীয়া মনবোৰো অলপ বহল হয়। ৰাইজৰ মংগল হওক বুলিয়েই মন্দিৰ, নামঘৰ, সত্ৰ সকলোতে দান-দক্ষিণা, পূজা-পাতল কৰিছো, ৰাইজকে ভগৱান গণ্য কৰি অফিছকে মন্দিৰ বনাই দিছো। দহটা আঙুলিত বাৰটা আঙুঠি ধাৰণ কাৰ কাৰণে কৰিছো? একমাত্ৰ ৰাইজৰ মংগলাৰ্থেই! দূৰ্গা গোসাঁনীৰ দৰে দহখন হাত থকা হ’লে আজি সমগ্ৰ ৰাজ্যৰে অপায়-অমংগল নাশ কৰি দিলোহেতেন আঙুঠি-মাদলিৰ জোৰত। তেমেকা, তুমিয়ে কোৱাচোন! আজিৰ দিনত ইমান চেক্ৰিফাইচ কোনে কৰিব, কোনে কাৰ কথা ইমান ভাবিব?”
-“হয় ছাৰ। আপুনি মহা ত্যাগী, সাক্ষাৎ দধিচীৰ অৱতাৰ।”
-“(নতুন পেগ এটা বনাই) তাকেই! পিছে এই মানুহমখাই ত্যাগখিনি নেদেখে নহয়, দেখে মোৰ বাঢ়ি অহা ঢোলটোহে। কোনোবা পীৰ-ফকীৰ বাবাৰ পৰা জৰা-ফুকা পানী অলপ যোগাৰ কৰিবাহে। নজৰ লাগি ঢোলটো সৰিব লাগিলে মই বৰ্বাদ হৈ যাম।”
-“হ’ব ছাৰ। মই থাকোঁতে কিহৰ নজৰ লগাৰ মহা চিন্তা? কাইলৈয়ে আপোনাৰ যোগাৰৰ মহা বন্দবস্ত কৰি দিম।”
-“হমম! ঠিক আছে বাৰু! সেইবোৰ চিন্তা বাদ দিলো। এতিয়া সোনকালে ঢোলটো পূৰ কৰাৰ কিবা বন্দবস্ত কৰা, অলপ খালি খালি অনুভৱ কৰিছো।”
-“ছাৰ, ইয়াৰ ব্যৱস্থাও মই অলৰেডী কৰি থৈছোৱেই। সেই যে পাৰ্মিট খনৰ নিমিলা কমিছনৰ মহা অংকটো, আপুনি কোৱা ধৰণেই আজি মিলি গ’ল নহয়। এতিয়া পঞ্জিকা চাই মেলি ভাল দিন এটা ঠিক কৰিলে ডেলিভাৰী ল’ব পাৰো। এইটোৱে কিন্তু বেচ কিছুদিনলৈ আপোনাৰ ঢোলটো পূৰ কৰি ৰাখিব।”
-“(দোৰোল খোৱা জিভাৰে) হেঃ! হেঃ! হেঃ! বৰ ভাল কথা! বৰ ভাল কথা! দেখা যাওক বাৰু এই যোগাৰটোৱে কিমান দিনলৈ ঢোলটো পূৰ কৰি ৰাখে! আজিকালি ই বৰ ডিমাণ্ডিং হৈ উঠিছেহে, এটাৰ পিছত এটা ভৰাই থাকিবই বিচাৰে। ৰবৰ চিনি পোৱা নহয়, ৰবৰ! ৰবৰ যেনেকৈ যিমানে টানো সিমানে বহল হৈ গৈ থাকে, ইও দেখোন যিমানে ভৰাও সিমানে বহল হৈ গৈয়ে থাকে; পূৰ হোৱাৰ নামেই নলয়।”
-“হয় ছাৰ। বুজিছো দিয়ক! ইমান বছৰে ইটোৰ পিছত সিটো ভৰাওঁতে ভৰাওঁতে অলপ খালি হ’লেই আপোনাৰ ঢোলটোৱে হাহাকাৰ কৰি উঠে। মানে সহজ অৰ্থত ই মহা লুভীয়া হৈ পৰিল।”
-“ছাৰ!”
-“(গাত হেঁচুকি) ছাৰ?”
-“(টেবুলৰপৰা বটলটো হাতত লৈ) ভৰাই লওঁক ছাৰ যিমান ভৰাই, এইকেইদিনতে। এনেয়ো আপোনাৰ এই মহা ঢোলটোৰ মহা বিস্ফোৰণ ঘটিবলৈ বেছিদিন নাই, কাৰণ ইলেকচন সমাগত।”
-“ঘ্ৰৰৰৰৰৰৰৰ! ঘ্ৰৰৰৰৰৰৰ!”
★★★★