ফটাঢোল

মুম্বাই ডায়েৰী – মাধুৰ্য্য গগৈ

(১)

এওঁক ৰেডি হ’বলৈ ক’বলৈহে পালো, দৰ্জা মাৰি বেডৰুমত যি সোমাল সোমালেই৷ সম্পূৰ্ণ দুঘণ্টা মই কেন্দিক্ৰাছ খেলি, কেইবাটাও লেভেল পাৰ কৰিলো৷ তাৰ মাজতে দৰ্জাখন অলপমান মেল খালে৷ মূৰ তুলি চাওঁ মানে মোৰ এটা জিনছ্ আৰু এটা টি-ছাৰ্ট মোলৈ বুলি উৰি আহিল৷ আকৌ দৰ্জা বন্ধ হ’ল৷

এনেকুৱা সময়ত মই এওঁক দিষ্টাৰ্ব নকৰো। মইও নিজাকৈ অলপ সময় পাওঁ৷ মানে এই সময়ৰ লেখ-জোখটো নিৰ্ভৰ কৰে, দৰ্জাখন কিমান সময় বন্ধ হৈ থাকে তাৰ ওপৰত৷ এই ধৰক যদি সান্ধ্য ভ্ৰমণ হয়-আধাঘণ্টা, সৰু-সুৰা বজাৰ কৰিবলৈ-এঘণ্টা, চিনেমা চাবলৈ গ’লেতো একেবাৰে কম-দুঘণ্টা৷ বিয়াৰ নিমন্ত্ৰণ হ’লেতো ৰক্ষাই নাই৷ মইও ইয়াৰ সুবিধা নোলোৱা নহয়৷ ধৰক, বন্ধুহঁতৰ লগত কিবা পাৰ্টীৰ প্লান কৰিবলৈ হ’লে, কাৰোবালৈ ইম্পৰটেণ্ট ফোন কৰিবলগীয়া থাকিলে এওঁক ৰেডি হ’বলৈ কৈ দিওঁ৷ এনেকুৱা নহয় যে, মই বেলেগ সময়ত ফোন নকৰো। কিন্তু এওঁক যদি ভুলতে ফোনটো এবাৰ দি দিওঁ, তেনেহ’লে আকৌ মোৰ কাণলৈ সোনকালে ঘূৰি নহাটো খাটাং হৈ পৰে৷ মাজে মাজে আকৌ এনেকুৱা দৰ্জা বন্ধৰ সময়ছোৱা মই ভালকৈয়ে ব্যৱহাৰ কৰো। মানে লুকুৱাই থোৱা বটলটোৰ পৰা অকণমান ডিঙিটো তিয়াই লবলৈও সম্পূৰ্ণ সুযোগ আৰু সময় দুয়োটাই পাওঁ৷ গতিকে এনে সময়ত কিয় দিষ্টাৰ্ব কৰোঁ বাৰু?

মাৰাঠী বিয়া এখনৰ নিমন্ত্ৰণ৷ তাকেই ৰক্ষা কৰিবলৈ গৈ আছোঁ৷ ইয়াৰ আকৌ বিয়াবোৰত ৰিছিপছনৰ সময়ৰ পিছত গ’লে খাবলৈ নাপায়৷ আমি আজি যে খাবলৈ পামগৈ তাৰ আশা দেখা নাই৷ মনতে সময়ৰ হিচাপ এটা কৰি চালো৷ এতিয়া সন্ধিয়াৰ সাত বাজিলেই৷ এওঁক লৈ ওলাই যাওঁমানে চাৰে সাত, গিফ্ট লওঁতে মোৰ লাগে খুব বেছি বিশ মিনিট, এওঁৰ লাগিব এক ঘণ্টা৷ মানে চাৰে আঠ৷ হে হৰি! আজি পামগৈ নে? আকৌ, ঘূৰি আহি ভাত ৰান্ধি খাওঁ মানে হৈছে আৰু৷ এওঁক বাহিৰৰ বন্ধ দৰ্জাৰ এইটো পাৰৰ পৰাই চিঞৰিলো,

-“হেৰা শুনিছানে?”

মোৰ ভাগ্য ভাল আছিল৷ দৰ্জাখন অলপমান খোল খালে৷ মই ক’লো,

-“আজি বাহিৰতে ডিনাৰ কৰিম দিয়া৷”

অ’কে বুলিহে শুনা পালো, দৰ্জাখন আকৌ বন্ধ হ’ল৷

প্ৰায় আধাঘণ্টাৰ মূৰত দৰ্জাখন খোল খালে৷

মই বোলো আজি অলপ বেছি টান ধৰণৰ সাজ-সজ্জা আছিল নেকি যে অলপ বেছি সময় লাগিল৷ এওঁৰ উত্তৰ,

-“মইতো ৰেডি হৈছিলোৱেই, তুমিহে দেৰি কৰাই দিলা৷”

মই ভাৱি পাৰ নাপালো যে কেনেকৈ মোৰ কাৰণে দেৰি হ’ল৷ মোৰ ভেবালগা মুখখনলৈ চাই এওঁ ক’লে,

-“মানে মই ৰেডি হৈছিলোৱেই৷ তুমিহে বাহিৰত খোৱাৰ কথা ক’লা৷ আমাৰটো এনেকুৱা কোনো প্লান নাছিল৷”
এওঁক অলপ ডাঙৰকৈয়ে ক’লো

-“তাতে কি হ’ল আৰু ইয়াৰ লগত বেছি সময় লগাৰ কি সম্পৰ্ক?”

এওঁৰ চিধাচিধি উত্তৰ,

-“মানে মই প্ৰথমতে লগোৱা লিপষ্টিকটো কিবা খালে গুছি যায়৷ গতিকে মই লিপষ্টিক চেঞ্জ কৰিব লগা হ’ল৷ এতিয়া ৱাটাৰপ্ৰুফ লিপষ্টিক লগাইছোঁ৷”

মূৰটো ৱালত মাৰি দিওঁ যেন লাগিল৷ পিছে ৱাটাৰপ্ৰুফ লিপষ্টিকটো কেনেকুৱা, এবাৰ ঘূৰি আহি চাব লাগিব৷

(২)

সেই নিৰ্দিষ্ট দিনটো আহি পালে৷ মানে মোৰ মা-দেউতা, প্ৰথমবাৰৰ বাবে মুম্বাইলৈ আহিছে৷ এয়াৰপ’ৰ্টৰ পৰা কেব লৈ মোৰ ভাৰা ফ্লেটলৈ বুলি মই আনি আছোঁ৷

পৰিবাৰে ৰাতিপুৱাৰে পৰা প্লেনিং কৰি কৰি তৎ পোৱা নাই৷ ক’ত যাব, কি কি কৰিব আৰু মেইন কথা হ’ল কি কি পিন্ধিব৷ এবাৰত মোলৈ বুলি প্ৰশ্ন,

-“তুমি কি পিন্ধিবা, নিজে নিজে উলিয়াই লোৱা৷ মোক পিছত আমনি কৰি নাথাকিবা৷”

মই মনতে ভাৱিলো, মাক-দেউতাকৰ আগত পিন্ধা বেলেগ কাপোৰো থাকে নেকি? মই বোলো,

-“হেৰা শুনিছানে, মা-দেউতাৰ আগত পিন্ধা কাপোৰবোৰ কেনেকুৱানো?”

সদাপৰিচিত পোন্দোৱা চাৱনিটো আকৌ দেখিলো৷ আমাৰ এওঁৰ আকৌ এটা স্বভাৱ মোৰ বৰ ভাল লাগে৷ যেতিয়াই মই ওলোটা প্ৰশ্ন কৰো, এওঁ ইংগিততহে কথা কয়৷ মুখৰ কথা খৰচ নকৰে৷ বৰ হিচাপি৷

এই নিৰ্দিষ্ট দিনটোৰ আৰু মোৰ মা-দেউতা মুম্বাইত থাকিবলগীয়া দিনকেইটাৰ প্লেনিং প্ৰায় এমাহমানৰ আগৰে পৰাই হৈ আছিল৷ প্ৰত্যেক দেওবাৰে মকৰাকেইটাৰ সুখৰ ঘৰখন ভঙাৰ দায়িত্ব আছিল মোৰ ওপৰত৷ এবাৰ ধোৱা কাপোৰ পুনৰ ধোৱা হৈছিল আৰু পুনৰ ধোৱা কাপোৰ আকৌ ধোৱা হৈছিল৷ মোৰ বোধেৰে মজিয়াৰ টাইলছবোৰে মচনৰ কোবত ওজন অলপ হ’লেও হেৰুৱাইছিল৷ টয়লেটৰ বেছিনকেইটাৰ বগা ৰঙৰ তলত বেলেগ কিবা ৰং আছে বুলি এওঁৰ বিশ্বাস হয় ছাগে৷ ঘঁহি-পিহি এই ৰং বাহিৰ কৰিবলৈকে যেন মোক নিয়োগ কৰিছে৷ এইবোৰ কামত মই একো বাধা নিদিওঁ৷ আচলতে এই দু:সাহস মোৰ নাইও৷ মিছাতে মোৰ খানদানটোক মাজত আনিবলৈ মই সদ্যহতে নিবিচাৰো। নতুন পৰ্দা লগোৱা হ’ল, ছোফাত নতুন ক’ভাৰো লাগিল৷ আকৌ নতুন কাঁহী-বাতিয়ে কিচ্চেনটোৰ শোভা বৰ্ধন কৰিলেহি৷ ইমানলৈকে ঠিকেই আছিল৷ পিছে এটা দেওবাৰে যেতিয়া এওঁ মোৰ প্ৰতি এটা মৰমলগা চাৱনি দিলে, মোৰ অন্তৰাত্মা কঁপি উঠিল৷ বুজিলো আজি মোৰ নিস্তাৰ নাই৷

-“এইটো ইয়াত নহয়, সৌ তাতহে ভাল হ’ব৷ তুমিও যে আৰু, ইয়াত ডাইনিং টেবুল থ’লে ভাত বাঢ়ি দিয়াত মোৰ অসুবিধা হ’ব৷”

মই একান্ত বাধ্যৰ দৰে নিৰ্দেশ মানি ঘৰৰ আচ-বাববোৰৰ স্থান সলনি কৰি গ’লো৷ এবাৰ ইফালে থওঁ আৰু এওঁক সোধো, হৈছেনে? এওঁৰ আৰু এটা ভাল গুণ আছে৷ চব ছালি-জাৰি চাইহে যিকোনো কথাত মত দিয়ে৷ আজিও ইয়াৰ ব্যতিক্ৰম নহ’ল৷ গাৰ সমস্ত শক্তি লগাই প্ৰকাণ্ড ছোফাটো যেনে-তেনে ঠেলি চোচৰাই মেলি নিৰ্দ্দিষ্ট ঠাইত থৈ আজৰি হৈছিলোহে, পছন্দ নহ’ল৷ এওঁৰ মুখখনলৈ চায়েই মোৰ জীৱটো কঁপি গ’ল৷ যিহেতু মই শান্তিপ্ৰিয় নিমাখিত জীৱ, গতিকে আকৌ ছোফাটো ঠেলিবলৈ দেহত বল গোটালো৷ লুকুৱাই থোৱা বটলটোলৈ মাজতে মনত পৰিল৷ ভাৱিলো, বেটা বটল! তোৰ আজি নিস্তাৰ নাই৷ তই আজি মৰিবিয়েই মৰিবি৷ মাজতে এওঁলৈ চাই পঠিয়ালো৷ মিচিকিয়া হাঁহি এটা উপহাৰ দিলে৷ এওঁ বিশেষ সময়ত কেইটামান নিৰ্দ্দিষ্ট হাঁহি মাৰে৷ পিছলৈ এই হাঁহিবোৰ মই বুজি পোৱা হৈ গলোগৈ৷ মানে ধৰক আগতে মোৰফালে চাই মিচিকিয়াই হাঁহিলে বাইকেৰে এওঁক ঘৰত থৈ আহিছিলো নতুবা আন ক’ৰবালৈ লৈ গৈছিলো আৰু বেলেগফালে চাই মিচিকিয়ালে, মই সেই ঠাইৰ পৰা আঁতৰি যাওঁ৷ যদি জোৰকৈ দাঁত উলিয়াই হাঁহে, মোৰ পকেটটো অলপ ঢিলা হয় আৰু যদি মুখ টিপি মোলৈ চাই হাঁহে, আগতে মই এওঁক মনাবলৈ মোৰ বন্ধুসকলৰ ওপৰত সমষ্ট দোষ জাপি দিছিলো, কিন্তু এতিয়া এনে হাঁহিৰ দিনাখন মই বাহিৰত ভাত খাওঁ৷

সময় নষ্ট নকৰি মই কামবোৰ এওঁৰ নিৰ্দ্দেশমতে কৰি গ’লো৷ আকৌ সন্ধিয়া শ্বপিং আছেই৷ আকৌ কলিজাটো জোৰকৈ ধপধপাবলৈ ধৰিলে৷ হে প্রভু, কি তাৰমানে সেই প্ৰকাণ্ড ডাঙৰ মোনাকেইটা আকৌ কঢ়িয়াব লাগিব? মোৰ মনটো সেমেকি আহিল৷

যথাসমযত কলিং বেলটো বজালোহি৷ দৰ্জা খুলি এওঁ আমাক আদৰিলে৷ মই এওঁক দেখি অবাক৷ চিনিবই নোৱাৰি চোন৷ মনতে ভাবিলো, বেডৰুমৰ দৰ্জাখন ছাগে কিমান সময় বন্ধ আছিল ঠিক নাই৷ মোৰ ভেবালগা মুখখনলৈ কেৰেপ নকৰি এওঁ শাহু-শহুৰক আলপৈছান ধৰাত লাগিল৷ মই আৰু দেউতাই লাগি তেওঁলোকৰ লাগেজকেইটা থান-থিত লগালো৷ মায়ে মোৰ দুকোঠলীয়া ভাৰা ফ্লেটটো এফালৰ পৰা পৰ্য্যবেক্ষণ কৰি গ’ল৷ ইয়াৰ মাজে মাজে বহুত ধৰণৰ উপদেশো মোৰ কাণলৈ উৰি উৰি আহি থাকিল৷ দেউতাই মনে মনে হাঁহি থকা দেখি সুধিলো,

-“কি হ’ল?”

দেউতাই ক’লে,

-“তোৰ যেনে মোৰো তেনেই৷ বংশৰ পৰম্পৰা৷”

হয়তো, মাক মই ভালকৈয়ে জানো৷ কিন্তু দেউতাৰ চকুৰে কেতিয়াও চোৱা নাছিলো৷ মনতে ভাৱিলো, এগৰাকীয়েই পাই গৈছিল৷ এইবাৰ একেলগে দুগৰাকী৷ দীঘল হুমুনিয়াহ এটা আপোনা-আপুনি ওলাই আহিল৷

(৩)

সুযোগ কেতিয়াবা ময়ো লওঁ৷ সময়ৰ সদব্যৱহাৰ কৰিবলৈ বা সুবৰ্ণ সুযোগৰ সন্ধানত মই আগৰেপৰাই ব্ৰতী আছিলো৷ মোৰ কিছুমান নিৰ্দিষ্ট লজিক আছে৷ মানে ধৰক, মোৰ পুৰী-ভাজি খাবলৈ মন গ’ল৷ এওঁক অফিছৰ পৰাই ফোন কৰি কওঁ যে আজি অফিছৰে সহকৰ্মী কেইজনমানে লগ ধৰিছে পুৰী-ভাজি খাবলৈ৷ ঘৰত সেইদিনা পুৰী-ভাজি বনিবই বনিব৷ এইটোক কয় সুযোগ, আৰু একান্ত সময় লাগিলে ৰেডি হৈ থাকিবলৈ কৈ দিলেই হ’ল৷ আৰামত এক-দুই ঘণ্টা হাতত পাই যাওঁ৷ আজিৰ কথাটো অলপ সুকীয়া৷

মহিলাসকলৰ মুড, এটা বৰ জটিল অংক৷ কেতিয়া কেনেকৈ ক’ত ছ্যুইং হয় একো পাত্তাই নাপায়৷ অফিছৰ পৰা আহি দেখিলো, এওঁৰ বেটাৰী ডাউন৷ মই ভাৱিলো, প্ৰজ্ঞা আকৌ মৰা নাইতো? নাই নহয়, অফিচলৈ ফোন অহা নাছিল৷ তেনেহ’লে! নতুন কিবা চিনেমা ৰিলিজ হৈছেনেকি? নতুন কিবা ড্ৰেছটো লোৱাও মনত নাই আৰু পুৰণি ড্ৰেছ পিন্ধি, তাকো চিনেমা চাবলৈ? ওঁহো হবই নোৱাৰে৷ আকৌ ভাৱিলো, লগৰ কোনোবাই ফুৰিবলৈ যোৱা ফটো দেখিলে নেকি আকৌ? হৰি বিষ্ণু, এইটো হ’লেহে নিগমে মৰিলো আৰু৷ এইকেইদিনত অফিছটো এৰিবই নোৱাৰো, তাতে আকৌ মাহৰ শেষ৷

মই চিন্তাত পৰা দেখি এওঁ নিজেই মাত দিলে, ”আজি দাদাই ফোন কৰিছিল৷ শ্বিলং গৈছে৷” মোৰ বুকুখনে কিয় জানো এনেকুৱা সময়ত ঢপঢপাই এটা মস্ত চিগনেল দি দিয়ে! আজিও দিলে৷ সিফালে আজি বাহিৰত একো এটা খাই অহাও নহ’ল৷ এতিয়া কিবা খাবলৈ পামনে নাপাম একো ঠিক নাই৷ এওঁৰ এনেকুৱা টপিকবোৰত সাধাৰণতে মই মাত নমতাকৈ থাকিয়েই ভাল পাওঁ৷ এওঁক মই বহুত সন্মান কৰো, তাৰেই উদাহৰণস্বৰূপে মই মনে মনে থাকো৷ কিন্তু আমাৰ এওঁৰো আকৌ কিছুমান ভাল গুণ আছে৷ তাৰেই এটা হ’ল, কেতিয়াও সহজে হাৰ নামানে৷ অগত্যা সেপ এটা গিলি উত্তৰ দিলো, ”আজি বতৰটো বৰ ডাৱৰীয়া হে৷ চিকেন ড্ৰাই ফ্ৰাই খাবলৈ খুব মন গৈ আছে৷” এনেকুৱা সুবৰ্ণ সুযোগ আকৌ মই কেতিয়াও এৰি নিদিওঁ৷ এইবাৰ মুড আকৌ ছ্যুইং হৈ কিচ্চেন পালেগৈ৷ বেটাৰী চাৰ্জ হ’ল৷ মই মুৰ্গীৰ দোকানলৈ বুলি আহিলো৷

মনতে হিচাপ এটা কৰি চালো৷ গাড়ীৰ পেট্ৰল, হোটেলৰ ভাৰা, এওঁৰ শ্বপিং, গোটেইবোৰ মিলাই মই মুঠ দুমাহ হাইৱেৰ পৰা পাঁচশ মিটাৰ দূৰত থকা দোকানখনলৈ নোযোৱাকৈ থাকিব লাগিব৷ অফিছত যথেষ্ট কাম যদিও, মোৰ বছে এনেকুৱা ক্ষেত্ৰত ছুটীৰ কাৰণে মানা নকৰে৷ এওঁলোকৰ মুড ছ্যুইংৰ পৰিস্থিতিটোৰ লগত বছৰ চিনা-পৰিচয় বহু পুৰণি হেনো৷ ছুটী পাই গ’লো৷ খবৰটো এওঁক দিওঁতে যেনেকুৱাহে ৰিয়েকচন দিলে, মুম্বাইৰ পৰা দীঘলীয়া ছুটীত লখিমপুৰলৈ যোৱাৰ সমান সুখ পালো হে৷ মই কলো, ”বস্তু পেক কৰা৷” হে প্ৰভু, মই কি কৈ পালো? কিয় ক’লো? আন কথা কোৱাৰ আগেয়ে দহবাৰ ভাৱি কওঁ৷ এইটো কোৱাৰ আগতে মই এবাৰো ভাৱি চাব নাপায়নে? এবাৰ মুখৰ পৰা ওলাই যোৱা কথা, মোৰ নিচিনা সুপুৰুষে কেতিয়াও ঘূৰাই নলয়৷ অৱশ্যে এওঁৰ পৰা কথা ঘূৰাই লোৱাৰ নিচিনা চিন্তা মই নালাগে স্বয়ং অদৃষ্টজনেও কৰিব নোৱাৰে৷ অগত্যা এওঁৰ ”পেকিং” নামৰ চিনেমাখন উপভোগ কৰো বুলি অপেক্ষা কৰি ৰ’লো৷

বেডৰুমত যে গডৰেজ নামৰ আলমিৰা এটা আছে, মই পাহৰিছিলোৱেই৷ ”বিদেশী বৰ্জন” আন্দোলন মোৰ কাপোৰবোৰৰ ওপৰতো চলিছিল৷ মোৰ কাপোৰবোৰক কেতিয়াবাই তাৰপৰা খেদি পঠিওৱা হ’ল৷ সিহঁতেও ৰিফিউজিৰ নিচিনাকৈ কেতিয়াবা চকীৰ হেন্দেলত, কেতিয়াবা ৰচীত আৰু বেছিভাগ সময় মোৰ বাহিৰৰ বিচনাখনৰ এচুকত আশ্ৰয় ললেহি৷ অৱশ্যে বিয়াৰ আগলৈকে সেই আলমিৰাটো মোৰেই আছিল৷ আজি আকৌ আলমিৰাটোৰ ওপৰত চকু গ’ল৷ আলমিৰাটোৰ দোৱাৰখন খুলিলো৷ ভিতৰতনো কি আছে মই চাবলৈ অতি উৎসুক হৈ পৰিলো৷ আহল-বহল বিচনাখনৰ একাষে মই দীঘল দি আলমিৰাৰ ৰহস্য ফাদিল হোৱালৈ বাট চাই ৰ’লো৷ ”পেকিং” চিনেমাখন যে বেচ উপভোগ্য হ’ব, সেইটো আলমিৰাৰ দুৱাৰ খুলোতেই বুজিলো৷ এইবাৰো সুযোগ আৰু সময় দুয়োটাকেই এৰি দিবৰ মন নগ’ল৷

শ্ৰীমতীৰ মতে পেকিঙৰ কিছুমান নিয়ম আছে৷ কেইদিনমান আগত পেকিঙৰ বাবে লাগতিয়াল বেগকেইটা মই ধুই শুকুৱাই তেওঁক দেখাব লাগিব৷ এওঁৰ মতে চব ঠিকে-ঠাকে থাকিলেহে বেগকেইটা গ্ৰহণ কৰে৷ নহ’লে মই এওঁক শ্ৰদ্ধা কৰো কাৰণে আকৌ এই বেগ ধোৱা কামটো কৰি দিওঁ৷ কিন্তু আজি কথাটো সুকীয়া৷ গোটেই প্লেনিংটো তৎক্ষণাত হৈ যোৱাৰ বাবে এই কাৰ্য্যটোৰ অবিহনেই পেকিং কৰিবলগীয়া হৈছে৷ এওঁৰ মুডটো আকৌ অলপ ছ্যুইং হোৱা যেন লাগিল৷ যি হয় হওক বুলি মইও বিচনাখনৰ একাষে পৰি দৃশ্যটো উপভোগ কৰি ৰ’লো৷ ইতিমধ্যে এটা এটাকৈ বিভিন্ন ধৰণৰ কাপোৰবোৰ সেই ৰহস্যময় আলমিৰাটোৰ পৰা ওলাই আহি মই শুই থকা বিচনাখনত সৰুসুৰা এটা পাহাৰৰ সৃষ্টি কৰিলেহি৷ এওঁৰ মুখলৈ চালো, নট্ ছেটিছফাইডলৈ মুড ছ্যুইং হৈছে৷ মই সুবিধা বুজি কলো, ”ইমানেই নেকি?” এওঁৰ মোলৈ চাই মৰা মিচিকিয়া হাঁহিয়ে মোক বুজাই দিলে, ”ই বেটাই মোক কি বুলি ভাৱিছে, হুঁহ৷” এইবাৰ কপোৰৰ দ’মটোৱে এখন পৰ্বতৰ ৰূপ ললে৷ কিন্তু ই কি? মাজতে মোৰ পুৰণি কাপোৰ দুটামান ওলাল৷ এওঁৰ পোন্দোৱা চাৱনি মোৰ ওপৰত এইবাৰ৷ কাপোৰকেইটাও উৰি আহি মোৰ গাৰ ওপৰত পৰিলহি৷ মই মনতে ভাৱিলো, ”আহ আহ, তহঁতেনো তাত কি কৰি আছিলি ইমান দিনে? তহঁতৰ স্থান তাত নহয়৷”

সাজবোৰৰ ওপৰত এইবাৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলিবলৈ ধৰিলে৷ পৰ্বতখন ভাঙি এইবাৰ বিচনাখনৰ চুকে-কোণে কাপোৰবোৰে ঠাই অধিগ্ৰহণ কৰিবলৈ ললে৷ কেইযোৰমানে ঠাই অধিগ্ৰহণৰ যুঁজত পৰাজিত হৈ মজিয়াত পৰি ৰ’ল৷ এওঁ মোলৈ চাই মিচিকিয়াই হাঁহিলে৷ মই বুজিলো, বিচনাখনত এতিয়া মোৰ অস্তিত্ব চৰম সংকটত৷ মই এওঁৰ হাঁহিৰ অৰ্থ বুজি মোৰ শৰীৰটোক বাহিৰলৈ টানি আনিলো৷ এওঁক সুধিলো, ”কিমান সময়?” এওঁৰ উত্তৰ ”জাষ্ট এ ফিউ মিনিটছ৷” বেডৰুমৰ দোৱাৰখন বন্ধ হ’ল৷ এওঁৰ মুডত এইবাৰ বিশ্বযুদ্ধ জয়ৰ চিন দেখা পালো৷ এই ”ফিউ মিনিটছ”ৰ লগত মোৰ পৰিচয় এতিয়া পুৰণি৷ গতিকে মোৰ লুকুৱাই থোৱা বটলটোৰ অৱশিষ্টখিনি ব্যৱহাৰ কৰাৰ ইয়াতকৈ ভাল সময় আৰু সুবিধা হয়তো মই কেতিয়াও নাপাওঁ৷

এইবাৰ মোৰ মুডটো ছ্যুইং হ’ল, হাঁহি এটা ক’ব নোৱাৰাকৈয়ে ভাহি আহিল৷

 (৪)
 কিছুমান চিন্তাই মোক কেতিয়াবা বহুত আমনি কৰে৷ বিশেষকৈ যেতিয়া এওঁৰ ছেফটিৰ কথা আহি পৰে৷ এজন দায়িত্বশীল পতি হিচাপে মোৰ এনে চিন্তা অহাটো স্বাভাৱিক৷ কিন্তু এইবাৰ কথাটো অলপ বেলেগ ধৰণৰ৷

অফিছলৈ শ্ৰীমতীৰ ফোন আহিল৷ মোৰ বুকুখনে চিগনেল দিলে, কিবা এটা হ’ল৷ বিশেষ কথা নাথাকিলে অফিছৰ সময়ত মোলৈ এওঁৰ ফোন নাহে৷ আগতে এবাৰ লিপিষ্টকৰ কালাৰ কোনটো ভাল হ’ব বুলি অফিছৰ দিন এটা বৰবাদ কৰি থৈছে৷ গতিকে, অফিছলৈ যাহা-তাহাঁ কথাত ফোন নকৰিবলৈ মোৰ নামত শপত খোৱাই থৈছো৷ এই শপতটো আকৌ তামাম দৰৱ৷ পৃথিৱীৰ যিকোনো কাম এই শপতটোৰ দ্বাৰা এওঁৰ পৰা আদায় কৰিব পাৰি৷ কিন্তু অলপমান কেনা এটা আছে৷ এই শপতটো খোৱাব পৰাকৈ আগতীয়া আঁচনি এখন বনাবলগীয়া হয়৷ নহ’লে আকৌ ওলোটাই শপত খাবলগীয়াও হয়৷ ফোনটো ৰিচিভ কৰি সুধিলো,

-“এইবাৰ কি হ’ল?”

-“মই গাড়ী শিকিম৷”

মই শিলপৰা কপৌৰ দৰে হ’লো৷ শৰীৰত তেজ চলাচল বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল৷ ইয়াৰ পাছত প্ৰায় দহ মিনিট এওঁ কি কি ক’লে, মোৰ কাণত একো নোসোমাল৷ মই মাত্ৰ এটাই প্ৰশ্ন কৰিলো,

-“তুমি এই ইন্সপাইৰেচন ক’ৰ পৰা পালা?”

ফোনত এওঁ কোৱা কথাখিনিৰ সাৰাংশ ঠিক এনেধৰণৰ৷ এওঁ ইউটিউবত এখন হ’লিউডৰ চিনেমা চালে৷ চিনেমাখনত পত্নীগৰাকীয়ে গাড়ী চলাই পতিক বিপদৰ পৰা ৰক্ষা কৰে৷ এই দৃশ্যটোৱে এওঁক বহুত ইন্সপাইৰেচন দিলে৷ সেইবাবে শ্ৰীমতীয়েও হেনো গাড়ী চলাবলৈ শিকিব আৰু মোৰ কেতিয়াবা বিপদ হ’লে উদ্ধাৰ কৰিব হেনো৷ মানে কি, শ্ৰীমতীৰ মতে তেওঁ গাড়ী শিকিবলৈকে মোৰ বিপদ হোৱাটো জৰুৰী? মূৰটো এনেকুৱা সময়তে নষ্ট হয়৷

মই মনে মনে নিজকে ক’লো, কথা সাংঘাটিক৷ আজি আৰু তোৰ অফিছ কৰা নহ’ব৷ বেটা এতিয়াই ঘৰলৈ যা৷ অগত্যা বছৰ কেবিনৰ দুৱাৰত টুকুৰিয়ালোগৈ৷ মোৰ মুখখন দেখিয়েই বছে বুজি পালে হ’বলা, ছুটী পাই গ’লো৷

“মই গাড়ী শিকিম”, এই কথাষাৰ মোৰ কাণত বাজি থাকিল৷ মই চিন্তা কৰিলো, ইয়াৰ পৰা কি কি হ’ব পাৰে৷ এইবাৰ এওঁৰ ছেফটিতকৈ বাকী মানুহবোৰৰ ছেফটিক লৈহে চিন্তাত পৰিলো৷ অন্তৰাত্মাই চিঞৰি উঠিল, “এই পৃথিৱীখনক তোৰ মানুহজনীৰ পৰা বচোৱা দায়িত্ব তোৰ৷” পাৰ্কিঙত থকা মোৰ নতুন গাড়ীখনলৈ চাই পুতৌ উপজিল৷ বিজুলী গতিত গাড়ী দৌৰাই ঘৰ পালোহি৷

-“তুমি ইমান ডাঙৰ সুস্থ চিন্তা এটা কৰিছা, মই ঘৰলৈ নহাকৈ কেনেকৈ থাকোঁ?”

এওঁৰ আগত মোৰ অফিছ আধাতে এৰি ঘৰলৈ অহাৰ কৈফিয়ৎ৷

-“মই খবৰ কৰিলোৱেই৷ ওচৰতে ড্ৰাইভিং স্কুল এখন আছে৷ কথা পাটি ফাইনেলেই হ’ল৷ তোমাক ফোন কৰি জনাবলৈ লওঁতেই তুমি আহি পালা৷ জানা, আই এম ছ’ হেপ্পী টুডে৷”

গোটেই বাটটো শ্ৰীমতীক মানা কেনেকৈ কৰিব লাগিব বুলি ভাবি আহিছিলো৷ কিন্তু এনেকুৱা সময়ত যে মোৰ কি হৈ যায়? মুখ খুলি একো ক’ব নোৱাৰো। মোৰ বন্ধুসকলে মোৰ এই অৱস্থাটোক “পত্নীব্ৰত” বুলি নামাকৰণ কৰি থৈছে৷ পিছে মইহে বুজো যে, এনে অৱস্থাত স্বয়ং ওপৰৱালাৰো সাধ্য নাথাকে বিৰুদ্ধে কিবা কোৱাৰ৷ অৱশ্যে এনে নহয় যে শ্ৰীমতীয়ে গাড়ী চলাবলৈ শিকাটো মই নিবিচাৰো। মইটো ভালেই পাওঁ এওঁ শিকিলে৷ অন্ততঃ কেতিয়াবা ৰাতি পাৰ্টীৰ পৰা আহি থাকোঁতে ড্ৰিংক এণ্ড ড্ৰাইভ কেছত পুলিচৰ পৰা বাচিব পাৰিম৷ কিন্তু এওঁ গাড়ী চলাবলৈ শিকা আৰম্ভ কৰা, শিকি থকা কালছোৱা আৰু ভালকৈ চলাব পৰালৈকে সময়ছোৱাৰ কথা ভাৱিহে হাঁহিম নে কান্দিম লাগিল৷ মাজতে আকৌ ড্ৰাইভিং স্কুলৰ হ’বলগীয়া শিক্ষকজনলৈহে পুতৌ উপজিল৷ বেচেৰাইনো জীৱনত কি পাপ কৰিছিল?

ব্ৰহ্মপুৱাতেই খুটুক-খাটাক শব্দবোৰত চকুমেলি যি দেখিলো, মোৰ মুখখন মেলাতেই ৰৈ গ’ল৷ ভৱামতেই কাম৷ এওঁ সাজি-কাচি ৰেডী৷ ভাৱিলো, মইও লগত গৈ দিওঁ৷ যি কি নহওক দেৰিলৈকে শুই থকা মহিলা এগৰাকীয়ে এই ৰাতিপুৱাই শুই উঠাটোক মই শ্ৰদ্ধা জনোৱাটো জৰুৰী বুলি মোৰ মনে কয়৷

এইখিনিলৈকে সৱ ঠিকেই আছিল৷ কিন্তু ড্ৰাইভিং শিকিবলৈ বুলি শ্ৰীমতীয়ে লগত নিবলৈ লোৱা বস্তুকেইপদ দেখিহে মোৰ চকু কপালত উঠিল৷ এটা পানীৰ ফ্লাস্কত গৰম চাহ, বিস্কুটৰ পেকেট এটা, এটা আধাখোৱা কেকৰ পেকেট, দুপেকেট চিপছ, এটা পানীবটল৷ এয়া হেনো টাইম পাছৰ যতন৷ মনতে ভাৱিলো, হয়তো আকৌ, প্ৰথমবাৰৰ কাৰণে গাড়ী শিকিবলৈ ওলাইছে, ভোকে-পিয়াহেনো কেনেকৈ পাৰি? দ্বিতীয়বাৰ শিকিবলৈ যাওঁতে বাৰু বেলেগ কথা৷ শ্ৰীমতীক যে আকৌ এবাৰ গাড়ী শিকাব লাগিব সেয়া ধুৰূপ৷ সৰু আইনা এখন, ফণী এখন আৰু কেইবাটাও ৰেগুলাৰ আইটেম এওঁৰ সৰু বেগটোত থাকেই৷ ইয়াৰ মাজতে মোৰ বডিস্প্ৰেটো আৰু ৰুমস্প্ৰেটো বেগত ভৰোৱাত মই সুধিলো,

-“এইকেইটা কিয় হে?”

এওঁৰ উত্তৰ,

-“ড্ৰাইভাৰজনৰ গা গোন্ধালে মই নোৱাৰো দেই, আৰু গাড়ীৰ ভিতৰত স্প্ৰে নামাৰিলে যে জানা, মোৰ একেবাৰেই সহ্য নহয়৷”

মোৰ মাতিবলৈ আৰু একো নাথাকিল৷ অগত্যা মৰ্ণিং ৱাকো হৈ যাব বুলিয়েই এওঁৰ লগত খোজকাঢ়ি নতুন শ্ব’টো চাবলৈ আহিলো৷

প্ৰায় সদায়েই এনে ড্ৰাইভিং স্কুলৰ গাড়ীবোৰ বাটত পাওঁ আৰু পাৰ্য্যমানে ইহঁতৰ পৰা অলপ আঁতৰে আঁতৰেই গাড়ী চলাওঁ৷ নহ’লে কোন সময়ত ব্ৰেক মাৰিব, কেতিয়া বাওঁহাতে ছিগনেল দি সোঁফালে টাৰ্ণ ল’ব একো ঠিকনা নাথাকে৷ গতিকে এই গাড়ীবোৰক বৰ বিশেষ গুৰুত্ব দিয়া নাছিলো৷ আজিহে ভালকৈ লক্ষ্য কৰিলো৷ বিভিন্ন ধৰণৰ উপদেশ লিখা আছে৷ ইয়াৰে এটাই মোৰ ধাৰণাত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে৷

-“কিপ চেফ ডিচটেনচ্”

এইশাৰী লিখা আছে গাড়ীখনৰ পিছফালে৷ আগফালে একো নাই৷ তাৰমানে কি, এইখনত শিকি থকাজনে সাৱধান দূৰত্ব অৱলম্বন নকৰিলেও চলি যায়? এইবাৰ শ্ৰীমতীলৈ মনত পৰি ভয় লাগিল৷ এওঁলৈ নহয়, এওঁৰ আগফালে গৈ থাকিবলগীয়া গাড়ীকেইখনৰ কথা ভাবিহে৷

গাড়ীৰ বিষয়ে সৰু-সুৰা জ্ঞান কিছুমান শিক্ষক ড্ৰাইভাৰজনে এওঁক দি আছিল৷ মই ৰেহ-ৰূপ চাওঁ বুলিয়েই অলপ নিলগে আহিলো৷ এনেই ৰাতিপুৱাই ওলাই আহিছো,

-“এক চিগৰেট তৌ বনতা হে” বুলি দূৰৈৰ পৰাই সমগ্ৰ দৃশ্যটো চাই ৰ’লো৷ এনেতে দেখিলো শ্ৰীমতী এইবাৰ গাড়ীৰ ড্ৰাইভিং ছিটত বহি লৈ ৰুমস্প্ৰে মাৰিলে৷ ভাৱিলো, শিক্ষকজনৰ গাটো গোন্ধোৱা নাই ছাগে৷ ৰক্ষা দেই, মোৰ বডিস্প্ৰেটো কোনোৰকমে বাচিল৷ এইবুলি স্বস্তিৰে মূৰটো ওপৰলৈ তুলি এক সুখানুভৱৰ ধুম্ৰকুণ্ডলী বতাহত এৰি দিলো৷

“ধুৰুম”৷ এয়া কি? প্ৰথমদিনাই গাড়ীয়ে গৈ দিভাইদাৰ উফৰাই দিলে৷ দৌৰি গৈ পাওঁ মানে শিক্ষকজনৰ অৱস্থা চাবলগীয়া৷ শিক্ষকজনক এওঁ গাড়ী চলোৱাৰ জ্ঞান দি আছে আৰু তেখেতেও মূৰ জোকাৰি শুনি আছে৷ মানে সমস্ত দোষ এই শিক্ষকজনৰ ওপৰতে জাপি দিলে মোৰ শ্ৰীমতীয়ে৷ এইবাৰ সঁচাকৈয়ে অনুভৱ হ’ল যে মোৰ শ্ৰীমতীৰ লগত স্বয়ং ওপৰৱালাইও কথাত জিকিব নোৱাৰে৷ বুজিলো গাড়ী শিকা অধ্যায়টো এইবাৰলে ইমানতে সমাপ্ত৷ অলপমান মিট-মাট কৰি বেচেৰাটোক ভঙা গাড়ীখনৰ সৈতে তাতে এৰি এওঁক লৈ ঘৰলৈ বুলি উভতি আহিলো৷ দূৰৈৰ পৰাই চালো, বেচেৰাটোৱে এবাৰ গাড়ীখনলৈ চাইছে আৰু এবাৰ আমি ঘূৰি অহালৈ৷ এওঁৰ মুখলৈ চালো, অলপ চিন্তাত আছে৷ মই সুধিলো,

-“কি হ’ল? মুড অফ যে?”

এওঁৰ উত্তৰ,

-“সেই মূৰ্খটোৰ বাবে মই এনেই চাহ-বিস্কুট লৈ আহিছিলো৷ সি একোডাল নাজানে যি নাজানেই, মোৰো ৰুমস্প্ৰেখিনি মিছিমিছিকৈ বৰবাদ হ’ল৷ হুঁহ৷”

মই এইবাৰ ভাৱিলো, এওঁ সঁচাই লখিমী৷ মোৰ বহু ধন বচায় কেতিয়াবা৷ হে ভগৱান, তোমাক অশেষ ধন্যবাদ৷ যি কি নহওক বহু লোকৰ জীৱন ৰক্ষা পৰিল৷

নিজকে কিবা ছুপাৰ হিৰ’ৰ নিচিনা লাগি গ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *