ফটাঢোল

গচক – বিশ্বজ্যোতি দেৱ মহন্ত

“উ–ফ!!”

-গচকটো খাই মুখেৰে স্বতঃস্ফুৰ্ত ভাবে ওলাই আহিল। কলেজ গৈ পাওঁতে কিছু পলমেই হৈছিল। আজি স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তিকৰণ আছে। প্ৰক্ৰিয়া দহ বজাৰ পৰা আৰম্ভ হ’বই। আৰম্ভনিতে অধ্যক্ষ মহোদয়ে উপস্থিত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ ৰাখিব। তাৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ নাম সমূহ মেধাৰ ভিত্তিত একাদিক্ৰমে মাতি থাকিব লাগিব। এইটো দায়িত্ব মোৰ ওপৰত পৰিছে। নামভৰ্তি সমিতিৰ আহ্বায়কে টানি মাতিছে- ‘চাৰে ন বজাত কলেজ পাবই লাগিব।’ ঘৰৰ পৰা হাতত কিছু সময় লৈয়েই ওলাইছিলো। ট্ৰেফিক জামত পৰিলো। গুৱাহাটীৰ কোনটো ৰাস্তাত কেতিয়াযে ট্ৰেফিক জাম লাগে, ‘গুগলে’ও ক’ব নোৱাৰে। কলেজ পাই ‘বায়োমেট্ৰিক্স’ত মুখ দেখুৱাই নামভৰ্তি হ’বলগীয়া কোঠাটোলৈ কোবাকুবিকৈ আগবাঢ়োতেই অকস্মাত মহিলা গৰাকীৰ ‘হাই হিল’ৰ গচক লাগিল। এতিয়া এইধৰণৰ বিষৰ কথা ভবাৰ অৱকাশ নাই। ততাতৈয়াকৈ নিজৰ আসন আৰু সামগ্ৰী সমূহ গোটাই ললোঁ।

আজি গৰম বঢ়িছে। নামভৰ্তিকৰণ হৈ থকা কোঠাৰ ভিতৰত বিজুলী বিচনি আছে যদিও গৰম কমাব পৰা নাই। সহকৰ্মী শিক্ষক সকলে ভাগে ভাগে দায়িত্ব পালন কৰি আছে। কোনোবাই মূল নথিৰ সৈতে প্ৰতিলিপি পৰীক্ষা কৰিছে, কোনোবাই বিষয় দিছে, আনকোনোবাই আকৌ ৰেজিষ্টাৰত তথ্য সমূহ লিখি আছে। মোৰ কাষত বহিছে সহকৰ্মী জ্যেষ্ঠ সহকৰ্মী জ্যোতিস্মান ছাৰ। ঘোষক হিচাপে নামভৰ্তিকৰণ প্ৰক্ৰিয়াটো যাতে বেছি খৰহৈ গৈ কোঠাৰ ভিতৰত ঠেলা-হেঁচা নহয় অথবা বেছি লেহেমীয়া হৈ পলম হৈ নযায় সেইটো নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব মোৰ। সকলো ঠিকে থাকিলে অসুবিধা নহয়, কেৱল কেতিয়াবা কোনো কোনো অত্যুৎসাহী ছাত্ৰ-ছাত্ৰী অথবা অভিভাৱকে বিভিন্ন কাৰণত ঘোষণা কৰি থকা স্থানত ভিৰ কৰেহি, তেতিয়াহে আমনি লাগে।

: ছাৰ মই আহোতে অলপ পলম হ’ল। নামটো আপুনি মাতিছিলে।

হাতত থকা মেৰিট লিষ্টখনৰ পৰা নতুন নাম মাতিবলৈ গৈ ৰৈ গ’লো। একেটা মুঠ নম্বৰতে বহুত ছাত্ৰ-ছাত্ৰী থাকে। এবাৰ সেই নম্বৰটো ঘোষণা কৰিলে, সেই নম্বৰ লাভ কৰা সকলোৰে নাম নমতাকৈ মাজতে ৰৈ দিবলগীয়া হ’লে অশান্তি লাগে।

: টোটেল মাৰ্ক্সৰ পাৰ্চেন্টেজ কিমান?

ওপৰলৈ সম্পূৰ্ণকৈ মূৰ নোতোলাকৈয়ে সুধিলো।

: ৮২.৭%

: মতা হৈ গৈছে। ক’ৰ পৰা আহিছা?

: ছাৰ, গড়চুকৰ পৰা।

এইবাৰ অলপ খং উঠিল। বঙাইগাঁও, বৰপেটাৰ পৰা মানুহ আহি ৰাতিপুৱাৰে পৰা ৰৈ আছে আৰু আমাৰ গুৱাহাটীৰ মানুহৰে ইমান পলম! মনে বিচৰা কলেজ খনত নাম লগোৱা, পঢ়িব বিচৰা বিষয়টোত মেজৰ লোৱা, কিমান গুৰুত্বপূৰ্ণ! আজিকালিৰ ল’ৰা-ছোৱালী কেনেকৈ ইমান কেজুৱেল হৈ থাকিব পাৰে?… জীৱনটোযে কিমান জটিল! এবাৰ সুবিধা হেৰালে বাৰে বাৰে আহে জানো?…. সাজ পাৰত পিছে পৰিপাটি দেখোন।

: গড়চুকৰ পৰা?? ইমান দেৰি কিয়? তুমি জানিছিলানে যে আজি এডমিছনৰ লগতেই ‘মেজৰ’ দিব? যদি নিজৰ চইচৰ ছাবজেক্টটো নোপোৱা? কিমান কষ্টৰে তোমালোকৰ মা-দেউতাই তোমালোকক পঢ়ুৱাইছে,… আৰু তোমালোক কিমান কেজুৱেল!… ভাবাচোন এবাৰ। কিমান সপোন দেখে তেওঁলোকে তোমালোকৰ বাবে …!

এনেয়ে গচক খোৱা ভৰিখনে মাজে মাজে চিকুটি আছে, তাতেই গৰম বাঢ়িছে। খঙৰ ভমকত দিলো আৰু….

: ছৰী ছাৰ। বেয়া নাপাব। আচলতে মই মোৰ এডমিছনৰ বাবে অহা নাই।

: তেনেহ’লে কাৰ বাবে আহিছা? এডমিছনত কেণ্ডিডেট বা গাৰ্জেন থাকিবই লাগিব। চাবজেক্ট কম্বিনেশনৰ কথা আছে।

: ছাৰ, মই মোৰ ছোৱালীজনীৰ এডমিছনৰ বাবেহে….

সহকৰ্মী জ্যোতিস্মান ছাৰে গোটেই কথাটো লক্ষ্য কৰি আছিল। তেওঁ লাহেকৈ মোৰ ভৰিখনত হেঁচুকি দিলে। সেই একেখন ভৰিতেই। মোৰ মুখৰ পৰা স্বতঃস্ফুৰ্ত ভাবে ওলাই আহিল –

: উ–ফ!!!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *