মন হীৰা দৈ চাইকেল নহয় টিলিঙা…… – প্ৰসেনজিৎ গোস্বামী
ৰেডিঅৰ কল্পতৰু অনুষ্ঠানত প্ৰায়েই দিছিল এই গানতো। গানটো শুনাৰ লাগে লগে সকলোৰে চাগে মনত আহে বিজু ফুকনে ডিঙিত টেকেলি দুটা ওলোমাই লৈ টিলিঙা বজাই বজাই চাইকেল চলাই গৈ থকাটো। কিন্ত এই গানটো শুনিলে মোৰ মনত পৰে কেৱল চেকনিৰ কোব আৰু কাণত ধৰা কথাটোহে ।
চাইকেল চলাবলৈ শিকিছিলো লুকাই চুৰকৈ, তৃতীয় নহ’লে চতুৰ্থ মানত পঢ়িছিলো চাগে মই তেতিয়া। মোৰ দেউতা স্কুলৰ শিক্ষক আছিল আৰু সদায় আবেলি ৪মান বজাত আহি ভাত পানী খাই অলপ জিৰণি লৈছিল। চাইকেলখন দেউতাই বাটঘৰৰ বেৰত আউজাই তলা লগাই থয় কাৰণ দেউতাৰ পূৰ্ণ বিশ্বাস মোৰ ওপৰত যে তলা নলগালে সেইখন মই চলাব নোৱাৰিলেও ঠেলি ফুৰিম। মইও শান্ত শিষ্ট ল’ৰা, ভাত ঘুমটি যোৱা ভাওঁ ধৰোঁ। এইফালে বৰদেউতাৰ লৰাই ইঙ্গিত দিয়ে আৰু মই মনে মনে গৈ চাবি পাত আনি দুইজনে চাইকেল লৈ শিকিবৰ বাবে ৰাস্তাত উঠো। দাদা মোতকৈ ওখ গতিকে সি আগতেই শিকিছিল ওপৰত মানে ছিটত বহি চলাবলৈ। মই তেতিয়ালৈ তলতেই চলাওঁ মানে ত্ৰিভুজাকৃতিৰ ফ্ৰেমটোৰ ভিতৰেদি সোঁভৰি সুমুৱাই এপাত পেডেল আৰু আনপাত বাওঁ ভৰিৰে, বাওঁ হাতেৰে হেণ্ডেলৰ এটা মুঠিত আৰু সোঁ হাতেৰে ছিটটোত ধৰি। মুঠতে তলত চাইকেল চলোৱা পদ্ধতিতো নিজে নেদেখিলে বুজোৱা অলপ টান। ছিটত বহিলে যে ঢুকি নেপাওঁ খাটাং সেই বাবে বহুদিনলৈ সাহস গোটাবই পৰা নাছিলো, গতিকে চাইকেলখন তলতেই চলাই থাকোঁ। দাদাৰ সাহসত এদিন উঠিলো ছিটত, ৰাস্তা খালি যদিওবা পেডেল ঢুকি নাপালেও হাফ পেডেল মাৰি অলপ দূৰ গৈ এই ৰাস্তা এৰি কাষৰ নলালৈ পোনাই দিলো। মই তলত চাইকেল ওপৰত আৰু চাইকেলৰ চকা দুটা বতাহত ঘূৰা চকৰিৰ দৰে ঘূৰি আছে। মুঠতে এটা বিহংগম দৃশ্য। মই পৰা দেখি দাদাই চাইকেল আৰু মোক নলাৰ পৰা তুলি দি ভয় খাই পলাল। গৈ থাকোতে মাত্ৰ কৈ গল যে আজিলৈ হ’ব আৰু চাইকেলখন থৈ আহ। ভাগ্য ভাল একো জখম নহল চাইকেলখনৰ, নহ’লেতো চাইকেল শিকা বন্ধ। ভয়ে ভয়ে গৈ দেউতাই য’ত ৰাখিছিল তাতে চাইকেল ৰাখি তলা লগাই চাবি আগৰ ঠাইত থৈ ভৰি হাত ধুই মইও পলালো। গধূলি উমান লৈ থাকিলো কিবা গম পালেই নেকি দেউতাই? নাই একো গম নোপোৱা বুলি ভাব হোৱাত দুখন বিস্কুট লৈ দাদাক দি আহিলো গুৰু দক্ষিণা হিচাপে আৰু ক’লোগৈ পাছদিনা যাতে সি মোক ফুল পেডেল মাৰিবলৈ শিকাই দিয়ে।
পিছদিনা দুপৰীয়া পুনৰ আৰম্ভ হ’ল চাইকেলৰ ফুল পেডেল মৰাৰ প্ৰশিক্ষণ। অলপ সময় চেষ্টা কৰাৰ পিছত আহি গ’ল ফুল পেডেল কিন্তু পেডেল ঢুকি নাপাওঁ। একপ্ৰকাৰে লঠিয়াই পেডেল মৰাৰ দৰেই। দুবাৰ মান তেনেকৈ এই অহা যোৱা কৰাৰ পিছত আৰু গুৰুদেৱ দাদাৰ উৎসাহত মোৰ সাহস বাঢ়ি গল, ফূৰ্তিতে বেলটো বজাই গানটোও গাই দিলো-“মন হীৰা দৈ চাইকেল নহয় টিলিঙা…..”। কিন্তু, গানৰ কলি শেষ নহওঁতেই সন্মুখত অলপ দূৰৈত দেখো ঘৰৰ কাষৰ জেঠা এজন ধুতি-পাঞ্জাবী পিন্ধি লাঠি এডাল লৈ ৰাস্তাৰ সোঁ মাজত। মই বেল বজালো চিঞৰিলোঁ আঁতৰা বুলি, কিন্তু নাই তেওঁ ওলোটাই মোক হে ৰখিব কয়। মই পেডেলেই ঢুকি নাপাওঁ, মাটি লগ পোৱা দূৰৈৰ কথা, এতিয়া ৰাখোঁ কেনেকৈ? ব্ৰেক মাৰিলো কামত নাহিল। নাই নোৱাৰিলোগৈ ৰখাব, আগচকা জেঠাৰ দুইভৰিৰ মাজৰে ধুতিৰ ব্ৰেকত ফচিল গৈ। দৃশ্যপটত এতিয়া মই, জেঠা আৰু মন হীৰা দৈ চাইকেল একে লগে ভূলুণ্ঠিত। জেঠাই লগে লগে চিঞৰ বাখৰ আৰম্ভ কৰি দিলে। পৰাৰ পৰা উঠি চাওঁ গুৰুদেৱ দাদা নাই, মই কি কাৰো বেছি নাভাবি পিছফালে ঘূৰি নাচাই দৌৰ লগাই দিলো। মন হীৰা দৈ চাইকেল আৰু জেঠা ভূলুণ্ঠিত অৱস্থাতেই পৰি ৰল।
এতিয়া আহিল গধূলি ঘৰ সোমোৱা আৰু দুপৰীয়াৰ ঘটনাৰ অভ্যৰ্থনা পৰ্ব। মই পূৰ্বানুমান কৰাৰ দৰেই দেউতা ৰৈয়ে আছিল আদৰিবলৈ, ১০-১৫ কোব মান চেকনিৰ মৰম আৰু ওপৰঞ্চি কাণত ধৰাই চোতালতে থিয় হৈ থাকিবলৈ দিলে। কাণত ধৰি থাকোতে ঘৰৰ গোটেই মখাই হাঁহি আছিল আৰু গুৰুদেৱ দাদাই মাজে মাজে আহি গাই আছিল-” মন হীৰা দৈ চাইকেল নহয়………”।
☆★☆★☆