ফটাঢোল

মিছা কথাৰ ঠেং চুটি — অভিজিত মেধি

এক : আৰম্ভণি
মধ্যাহ্ন বিৰতিলৈ তেতিয়াও এটা ক্লাছৰ ব্যৱধান। পাচে ৰৈ থাকিবলৈ মোৰ সময় নাই। ফিজিক্সৰ ক্লাছটোৰ পাছত ইংৰাজীৰ ক্লাছটো বাংক মাৰি চিধাই হোষ্টেল পাইছিলোঁ। ইংৰাজীৰ ক্লাছটো দেৱেন দত্ত ছাৰৰ আছিল। হাতত অদৃশ্য তৰোৱাল এখন লৈ ক্লাছটোত পায়চাৰি কৰি তেওঁ মেকবেথ জাতীয় কিবা এটা পঢ়ুৱালেহেঁতেন। কিন্তু মোৰ হাতত তেতিয়া মেকবেথৰ জীৱন বৃত্তান্ত শুনাতকৈ বেছি জৰুৰী কাম। প্ৰায় লৰ মাৰি হোষ্টেল পাইছিলোঁহি। হাতত গোলপীয়া ৰঙৰ এখন মেমোবুক। আঃ কবিতা কবিতা গোন্ধোৱা এখন মেমোবুক, গুড় খাই মৰি যাব পৰাকৈ মতলীয়া কৰি তুলিব পাৰে এই সুগন্ধই। জেল পেনটো তুলি লৈ সেইখনত কি লিখিম কি নিলিখিমকৈ পঢ়া টেবুলত বহি চিন্তাত ডুবি গ’লোঁ। হাতত ময়ুৰ পাখি লৈ তুলসীদাসো এনেকৈয়ে চিন্তাত বিভোৰ হোৱাত ৰামচৰিতৰ জন্ম হৈছিল কিজানি!

এইখিনি কটন কলেজত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা দিনৰ কথা। দ্বিতীয় বৰ্ষৰ সমাপ্তিৰ কাষ চাপি অহাৰ লগে লগে তেতিয়া মেমোবুক লিখোৱাৰ উজান উঠিছিল, বিশেষকৈ ছোৱালীখিনিৰ মাজত। এৰা-এৰি হোৱাৰ পৰত প্রিয় বন্ধুৰ স্মৃতি চিয়াঁহীৰে তুলাপাতত ধৰি ৰখাৰ এইয়া এক সজ আয়োজন। ভিন্নজনৰ মেমোবুকত কবিতা কবিতা যেন লগা ভাষাৰ পয়োভৰ ঘটাই ইতিমধ্যে মই এজন ভাল মেমোবুক ৰাইটাৰ হিচাপে বন্ধু মহলত প্ৰতিষ্ঠা লাভ কৰিছিলোঁ। সেই গতিকে এই গোলপীয়া মেমোবুকখন মোৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিব নালাগিছিল, কিন্তু উঠিল। কাৰণ মিচিকিয়া হাঁহিৰে এইখন মোৰ হাতত তুলি দিছিল কাব্যশ্ৰী বৰদলৈয়ে, যাৰ বাবে মোৰ বুকুৰ অনুভৱ বহু চিটিবাছৰ আসনত এ প্লাছ কে লিখি জাহিৰ কৰিছিলোঁ। আঁহত পাতৰ ভিতৰত এ প্লাছ কে। উফ্, হাতী মাৰি ভুৰুকাত ভৰোৱাৰ সমান আনন্দ! মেমোবুকখন লোৱাৰ পৰত তাইৰ মুখলৈ ৰ লাগি চাইছিলোঁ, সকলো পাহৰি হঠাতে মনমোহন সিঙৰ দৰে নিমাত হৈ পৰিছিলোঁ। তাইৰ ওঁঠৰ কোণত লাগি থকা লাজুকী হাঁহিটোত সেইয়া কিহৰ আবেদন? নিজকে নিজে সুধিছিলোঁ। তেনেতে নিউটনৰ বংশধৰ, অহ্ ছৰী, মানে আমাৰ ফিজিক্সৰ ছাৰ হুৰহুৰাই সোমাই আহিল। ফিজিক্সৰ মানুহবোৰৰ কেমেষ্ট্ৰী বৰ বেয়া বুলি লগে লগে পতিয়ন গ’লোঁ।
আচ্ছা, এইবোৰ বাদ দি হোষ্টেলৰ কোঠালৈ ঘূৰি আহোঁ। মেমোবুকখনৰ প্ৰথমটো খালী পৃষ্ঠাত চকু ফুৰালোঁ। মোৰ বিষয়ে কাব্যশ্ৰীয়ে জানিবলৈ উদ্বাউল হৈ থকা কেইটামান প্ৰশ্ন মেমোবুকৰ প্ৰকাশনে ইতিমধ্যে তাতে প্ৰিণ্ট কৰি থৈছে।
“তুমি কি কৰি ভালপোৱা?”
আকুলতাৰে পৰিপূৰ্ণ এটা প্ৰশ্ন! উত্তৰ বিচাৰি মোৰ ষোল্ল-সোতৰ বছৰীয়া জীৱনটোৰ ইতিহাস পাত পাত কৰাত লাগি গ’লোঁ।
“মই কি কৰি ভালপাওঁ?”
ধুৰ, একোৱেই নাই দেখোন! বহু পৰ যুঁজিও “মই কি ভালপাওঁ?” প্ৰশ্নটোৰ এটা ইমপ্ৰেছ কৰিব পৰা বিধৰ উত্তৰ যোগাৰ নোহোৱাত অৱশেষত গোকাট মিছা কথা এটাকে লিখি দিলোঁ- “মই গীটাৰ বজাই ভাল পাওঁ”। তেতিয়ালৈ গীটাৰ মূলতঃ মই টিভিতহে দেখিছিলোঁ। বহু সৰুতে মিউজিচিয়ান দাদা এজনৰ গীটাৰত এবাৰ তবলা বজাই চাইছিলোঁ, পাছত দাদাজনে মোক বজাইছিল। বচ, সিমানেই। পিচে কাব্যশ্ৰীক ইমপ্ৰেছ কৰিবলৈকে মিছা মাতি দিলোঁ। আমিৰ খান হেন ল’ৰা এটাক গীটাৰৰ সৈতে কল্পনা কৰি কাব্যশ্ৰীয়ে যে হামখুৰি খায় মোৰ প্ৰেমত পৰি যাব পাৰে সেইয়া কল্পনা কৰিও ভাল লাগিছিল। মিথ্যাবাদৰ আশ্ৰয় লৈ এটা অত্যন্ত স্মাৰ্ট কাম কৰা বুলি হোৱা মোৰ ধাৰণাটো কিন্তু বেছি দিন নিটিকিল।

দুই : পৰিণতি
মিছা কথাৰ ঠেং হেনো চুটি। কথাষাৰ একেবাৰেই মিছা। সঁচা হোৱাহেঁতেন এতিয়ালৈকে মোৰ তপিনা দুখনেই ভৰি হিচাপে পৰিগণিত হ’লহেঁতেন। অৱশ্যে এটা কথা সঁচা, জীৱনত সঁচা আৰু মিছাৰ মাজত যিকোনো এটা পন্থা বাছি ল’বলগীয়া হ’লে মিছা কথাৰ বাটটোৱেই বেছি মোহময়ী যেন লাগে, একদম যেন কেটৰিণা কাইফ। পিচে নভবা-নিচিন্তাকৈ সেই বাটেদি গ’লে ঘটনাৰ পাকচক্ৰত কেতিয়া “কমলি কমলি” নাচিবলগীয়া হ’ব পাৰে সেইয়া কোনেও নাজানে। আপুনি নাচি থাকিব, ইপিনে পৰিস্থিতিয়ে এখন এখনকৈ আপোনাৰ মুখা খুলি থাকিব। ভাবি-চিন্তি, দূৰদৰ্শিতাৰ টুপী পিন্ধি মিছা মতাজনহে প্ৰকৃত অৰ্থত স্মাৰ্ট মানুহ। অ’ভাৰ স্মাৰ্ট মানুহে ঠিক এইখিনিতে উজুটি খায়।

এটা সময়ত মই থিতাতে মিছা মাতিব পাৰিছিলোঁ। সেই সময়ত ইয়াক এক ঈশ্বৰ প্ৰদত্ত টেলেণ্ট হিচাপেই গ্ৰহণ কৰি লৈছিলোঁ। ফলত ভৱিষ্যতে মই বাবা নহ’লে নেতা হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছিল। পিচে নহ’লোঁ, সেয়াও অন্য এক অধ্যায়, এতিয়া থাকক। আচলতে সঁচা-মিছা কথাৰ প্ৰসংগটো ওলাল চিলাৰ দৰে আহি বৰদৈচিলাৰ দৰে গুচি যোৱা কাব্যশ্ৰী বৰদলৈ নামৰ মোৰ জীৱন ইতিহাসৰ বাবেহে। হায়াৰ ছেকেণ্ডাৰী পঢ়ি শেষ হ’বলৈ লোৱা সময়ত এই যে তাইৰ মেমোবুকত “মই গীটাৰ বজাই ভালপাওঁ” বুলি গোকাট মিছা এটা লিখিছিলোঁ, সেইটোৱে ‘ৰহ বেটা, চান্স পালে তোক বজাম’ বুলি মোলৈ বাট চাই আছিল। অকল সেয়াই নহয়, গীটাৰ মোৰ প্ৰথম প্ৰেম, মিউজিক ইনষ্ট্ৰুমেণ্ট মোৰ নিচা, এতিয়া সংগীতেই মোৰ জীৱন-যৌৱন ইত্যাদি ভিন্ন আকাৰৰ মিছা লেভেলৰ কথাও লিখিছিলোঁ।
কটন কলেজ এৰাৰ দুবছৰমানৰ পাছৰ কথা। মই চান্দমাৰীলৈ বুলি ভৰলুৰপৰা চিটিবাছত উঠিছিলোঁ। খালী ছিট এটা চকুত পৰাত দৌৰ মাৰি গৈ সেইটো দখল কৰি বহি ল’লোঁ। কিছুপৰৰ পাছত মাছখোৱাৰ পচা পচা গোন্ধৰ সলনি নাকত কবিতা কবিতা গোন্ধ এটাই ধৰা দিলে, ইফালে সিফালে ঘূৰি চাই এইয়া কি, চমৎকাৰ দেখোন! মোৰ সমুখৰ শাৰীত খিৰিকী কাষত চহৰীয়া প্ৰদূষণ শুঙি সেইয়া বহি আছে কাব্যশ্ৰী বৰদলৈ। উফ্, ঈশ্বৰৰ লীলা অপাৰ, খুজিছিলোঁ এশ, দিলে হাজাৰ! ‘খালী গাড়ী, খালী গাড়ী’ কৈ টেঁটু ফালি বাছখন জোখতকৈ অধিক পৰ ষ্ট’পেজত ৰখাই থোৱা কণ্ডাক্টৰ দাদাজনলৈ কিবা এটা মৰম লাগি গ’ল। ফাঁচী বজাৰত তাইৰ কাষৰ ছিটটো খালী হ’ল। খালী ছিটটোৱে নদীয়ে মাছমৰীয়াক বাউল দিয়া দি মোক মাতিলে, ময়ো শব্দৰ জাল লৈ আগবাঢ়ি গ’লোঁ।
: কাব্যশ্ৰী? আৰে! ভাবিছিলোঁ যাক পপীয়া তৰা বুলি, সি দেখোন আহিল ঘূৰি! তোমাক যে আকৌ লগ পাম বুলি ভবাই নাছিলোঁ!
অক্সিট’চিন হ’ৰম’নৰ লগতে মোৰ কাব্যিক প্ৰতিভাও সেই সময়ত তুংগত আছিল।
: আৰে…#@#$$$ তই?
একেলগে পঢ়া দুবছৰত ভালকৈ মাতবোল কৰি নোপোৱা ছোৱালীজনীয়ে মোৰ কুখ্যাত জোকোৱা নামটোৰে মোক সম্বোধন কৰিছে, তাকো ৰাজহুৱা স্থানত, হাঁহিম নে কান্দিম ভাবি নাপালোঁ। মোৰ প্ৰতিভাৰ বলত আৰু লগৰীয়াৰ ঈৰ্ষাৰ ফলত জন্ম হৈছিল এইটো নামৰ। ইহ্, নকওঁ নামটো, ছিক্ৰেট বুলিও কিবা এটা থাকে মানুহৰ জীৱনত! যিয়েই নহওক, মোৰ কিতাপ কিনিবলগীয়া আছে বুলি কৈ তাইৰ লগতে পাণবজাৰত নামি দিলোঁ। ক’ৰবাত বহি কথা পাতিবলৈ লাগে। পকেটত টকা পঞ্চাশৰ বাদে বাকী কেৱল বতাহ সোমাই আছিল। নষ্টালজিয়াৰ দোহাই দি নাগকটা পুখুৰীত চাওমিন খাবলৈ সোমালোঁ। ইজনে সিজনৰ খবৰ আৰু জীৱনত কি উল্টাই আছোঁ জনালৈকে চাওমিন খতম। বিদায় ল’বৰেই হ’ল, তাই থিয়ও দিছে, তেনেতে,
: ৰ’বা ৰ’বা… তোমাক পালোঁ ভালেই হ’ল!
ইউৰেকা অনুভৱ মিহলিত তাইৰ কণ্ঠ। ‘ছেম টু ইউ’ বুলি ক’ব খুজিও নিজকে চম্ভালি ল’লোঁ।
: মোৰ এইটো চাই দিয়ানা, প্ৰব্লেম এটা দি আছে। তুমিতো এইটো ডিপাৰ্টমেণ্টত একদম এক্সপাৰ্ট চাগে!
তাইৰ হাতত চুইটকেছ ধৰণৰ কিবা এটা চকুত পৰিছিল, কিন্তু অতপৰ গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া সেই কিবাটো খুলি তাই ভিতৰৰ পৰা কিবা এবিধ উলিয়ালে, লগতে মাৰি এডালো আছিল।
: মই ক্লাছ কৰি আছোঁ, এইটো শিকিবলৈকে। টিউন নোহোৱা যেন হৈ আছে দেখোন, ইয়াৰে দোকান এখনত দেখুৱাম বুলি আহিছিলোঁ। তুমি চোৱাচোন এবাৰ, পাৰায়ে কিজানি ঠিক কৰিব।
: ‘নাজানো প্ৰভু আমি অতি সৰু ল’ৰা’ বুলিও ক’ব নোৱাৰো, দুবছৰ আগতে দিয়া লেভেল আৰু ইজ্জত, দুয়োটা পুখুৰীত ডুবিব! বস্তুটো এনেয়ে ঘূৰাই পকাই চালোঁ, লগত থকা মাৰিডালেৰে দুই কোব মাৰিও চালোঁ। আগ-পিছ নুবুজিলেও পিচে লেভেল এৰি নিদিলোঁ।
: নোৱাৰিম বুইছা। ইমান সৰু গীটাৰ মই বজায়ে পোৱা নাই। মই সদায় ডাঙৰ আৰু দামী গীটাৰ বজাই আহিছোঁ কাব্যশ্ৰী। তুমি বাৰু কিয় ইমান সৰু, কম দামী গীটাৰ কিনিলা?
মই নাজানিছিলোঁ যে সৰু গীটাৰ হেন দেখা সেই বস্তুবিধক আচলতে ভায়’লিন বুলি কয়। ভায়’লিন কাৰ ভায়েক কাৰ পুতেক মই কেনেকৈ জানো! অৱশ্যে ওস্তাদি মাৰি মাৰিডালেৰে ধম্-ধমকৈ কোবাই চাব নালাগিছিল, তাকো দাগ বহি যোৱাকৈ। কিন্তু চালোঁ, তাৰ ফলত কাব্যশ্রীয়ে আজি ভাৰতবর্ষ এৰি গুচি গ’ল, শিৰত ল’লে এন আৰ আই এজনৰ সেন্দুৰ। তাইৰ গিৰিয়েকেও আজৰি সময়ত ভায়’লিন বজায়। চাৰি বছৰমানৰ আগেয়ে তাইৰ প্ৰফাইল পিকচাৰ চাইছিলোঁ ফেচবুকত। বৰফৰ মাজত চুৱেটাৰ পিন্ধা বান্দৰ হেন মানুহ এটাই কান্ধত আন এটা চুৱেটাৰ বেতাল সদৃশ ওলোমাই ভায়’লিন বজাই আছে, মুখত কনষ্টিপেটেড লুক, একদম মলুৱাৰ শ্বাহৰুখ যেন লাগিছিল। কাষতে তাই বৰফ লৈ খেলি আছে।

দুখ লাগিল, বুকুৰ কোনোবাখিনিত এটা বিষ অনুভৱ হ’ল। ছেঃ, বেচেৰীয়ে চাগে গমেই নাপালে, জীৱনত তাই কি মিছ কৰিলে!

☆★☆★☆

3 Comments

  • Rintumoni Dutta

    এটা দুখে এতিয়াও খুলি খুলি খাই, কলেজত পঢ়িবলৈ যোৱাৰ আগত গীটাৰ নিশিকিলো কিয়!!! বিশেষকৈ ফ্ৰেচাৰ্চ আৰু কলেজ উইকৰ সময়ত গীটাৰে বজাব জনাৰ কিমান উপকাৰিতা, ৰন্ধ্ৰে-ৰন্ধ্ৰে উপলব্ধি কৰিছিলো। যেতিয়া আমি অডিটৰিয়ামৰ পিছফালে চুক ভেকুলীৰ দৰে বহি থাকো, তেতিয়া গীটাৰ বজাব জনা বন্ধুকেইজনৰ আগে-পিছে দহজনীমান সুগন্ধি পখিলা ঘুৰি ফুৰে।

    অভিজিত, আজি তোমাৰ গল্পটো পঢ়ি সেই দুখটো আকৌ উজাই আহিল, বুকুত প্ৰায় খুন্দা মাৰিয়েই ধৰিলে।

    বঢ়িয়া লাগিল

    Reply
  • মন্দিৰা

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *