আজি সপোনতে… – পৰিস্মীতা বৰদলৈ
সন্ধিয়া লাগি ভাগিছিল। বিল্ডিঙৰ বাহিৰৰ লাইটবোৰ ইতিমধ্যে চকীদাৰটোৱে জ্বলাই দিছিল।
ক্ৰে…এ..এচ্… ধুম্..
বিকট শব্দটো শুনি একেলৰে ঘৰৰ বাহিৰ পালোঁহি। ক’ত কি হৈছে বুলি চকু ঘূৰাওতেই দেখিলোঁ ধুম থ্ৰী ষ্টাইলত বাইক চলাই আহি আমাৰ চুবুৰীৰে ক্ষীণমীণ চেহেৰাৰ দত্ত দা মাজবাটতে লাং খাই পৰি আছে। বুজিলো আজিও চাগে তেওঁৰ গলাধঃকৰণ অলপ বেছিকৈ দিয়েই আহিল। দত্ত দা চাকৰিৰ সংক্ৰান্তত পোন্ধৰ দিন ঘৰত থাকে, পোন্ধৰ দিন কৰ্মস্থলীত। যেতিয়াই দত্তদা ঘৰলৈ আহে সেই পোন্দৰ দিনৰ এদিন হ’লেও খালত সোমাবই। আমি ওচৰ চুবুৰীয়া দুই এজন আৰু বৌয়েও কিমান বুজাইছো; কিন্ত নাই! দাদাই নামানে। কয় বোলে- মইহে জানো সেই মৰুভূমিখনত বাকী ১৫ দিন কেনেকৈ পিয়াহত আতুৰ হৈ থাকো। আচলতে তেওঁ মধ্য প্ৰাচ্যৰ আৰৱীয় দেশ এখনত চাকৰি কৰে যাৰ বাবে ১৫ দিন বিদেশত আৰু ১৫ দিন স্বদেশত কটায়হি। লাং খাই পৰি থকা মানুহটোলৈ চাই ভাবিলো বোলো এতিয়া বৌলৈ ফোন কৰি খবৰ দিলেও লাভ নাই;বৌতো নাহেই, মই ওচৰলৈ যোৱা বুলি ক’লেও মোকেই পিছত গালি শুনাব।
ইফালে মানুহজন,মানে ছোৱালীৰ দেউতাকো অফিচৰ পৰা অহা নাই , কি কৰো কি নকৰো ভাবি ভাৱি দত্তদাৰ ওচৰলৈকে আগবাঢ়ি গলো। যিমান নহ’লেও মই দাদা বুলি শ্ৰদ্ধা কৰো আৰু দাদাইও নিজৰ ভন্টীৰ দৰে ভাল ভাল উপদেশবোৰ কেতিয়াবা দি থাকে। অৱশ্যে আজিলৈকে চকলেট এটা বা মিঠাপাণ এখন খুওৱাই পোৱা নাই।
আগবাঢ়ি গৈ দেখিলো দত্তদা আমাৰ গেটৰ সন্মুখতে নিঃশব্দে পৰি আছে। স্ট্ৰীট লাইটৰ পোহৰত ভালকৈ দেখিছো দাদাৰ কাষতে পৰি আছে তিনিটা মিঠা পাণ!.. আৰু এটা গুলপীয়া আচঁ টনা কমলা ৰঙী পাৰ্চ, বাওঁকাষত পৰি আছে এখন সেউজীয়া ৰঙৰ এনফিল্ড। দাদাক উঠাবলৈও ভয় লাগিছে, খাই বৈ সুৰানিদ্ৰাত পৰি থকা মানুহ, কি বা গালি-গালাজ দিয়ে সাৰ পাই! তথাপি ইফালে সিফালে চাই কাৰোবাক দেখো নেকি চালো। অলপ দূৰৈৰ পৰা শকতকৈ এজন মানুহ আহি থকা যেন পালো। ওচৰ পোৱাত চিনি পালো..চুবুৰীৰে বিতৰ্কিত ব্যক্তি মহন্ত দা।
– “দাদা দত্ত দাক ঘৰত থৈ আহিব পাৰিব নেকি?” বুলি সুধিবলৈ পোৱাৰ আগতেই মহন্ত দায়ে মাটিত পৰি থকা ৰয়েল এনফিল্ড খন উঠাই কিক্ মাৰিবলৈ লাগিল। মহন্ত দাৰ মুখলৈ বৰ আশাৰে চালো, ভাবিলো, ওচৰ চুবুৰীয়া মানুহ বাইকেৰে সৈতে ঘৰত থৈ আহিবগৈ চাগে। কিন্তু মই মুখ খোলাৰ আগতেই দেখোন মহন্ত দাই মোক অলপো গুৰুত্ব নিদি ঢেপ্ ঢেপ্ আৱেজেৰে এনফিল্ড লৈ গুচি গল। এনফিল্ডৰ শব্দৰ লগে লগেই মই চিঞঁৰিব ধৰিলো : – ঐ মহন্ত দা, ক’ত নিয়ে এইখন, নিনিব, দত্ত দায়ে সাৰ পাই মোকে চোৰ ধৰিব। কিন্তু তেতিয়ালৈ মহন্ত দা তিনিআলিৰ কেঁকুৰিটোত নেদেখা হৈছিলগৈ।
কি কৰিম একো উৱাদিহ্ নাইপোৱা। ঢেলপুং দি পৰি থকা দত্ত দাক উঠাবলৈ যাবলৈও ভয় লাগিছে। গেটৰ ভিতৰ ফালে থকা পকী বেন্সখনতে বহি মিঠা পান কেইটালৈকে লোভ লগাকৈ চাই বহি আছো ..আৰু ভাবি আছো “ইচ্, ইয়াৰে এটা খাব পৰা হ’লে”! পিছে ভয়ো লাগিছে কিজানি খাবলৈ লওঁতেই দাদাৰ হুচ আহে আৰু এনেয়ে কিবাকিবি হেৰুৱা বুলি মোকেই বদনাম দিয়ে!
অলপ পাছতে দাদাৰ হুচ আহিল। উঠিয়েই চিঞৰিবলৈ লাগি গল মোৰ পাৰ্চটো (কিবা ফৰেইন ব্ৰেন্ড এটাৰ নাম কৈছিলে বহুত দামী হেনো) ক’ত! দাদাৰ মুখত ব্ৰেন্ডেত পাৰ্চৰ নাম শুনি ওচৰতে পৰি থকা ফপৰা গুলপীয়া আচঁটনা কমলাৰঙী চাল বাকলি এৰোৱাটোলৈ চাই ভাবিছো এইটোৱেই নে ব্ৰেন্ডেট পাৰ্চ নে?..নে মহন্ত দাই বাইকৰ লগতে সেইটোও সৰকালে।পিচে পাৰ্চটো বুটলি চুমা খোৱা দেখি মই নিশ্চিত হলো মহন্ত দাই নিয়া নাই, এই ফপৰা গুলপীয়া পাৰ্চটোৱে ব্ৰেণ্ডেড বিদেশী পাৰ্চটো। পাৰ্চ পাই দত্ত দাই মোৰ পইচা বিশহাজাৰ আছিল বুলি খুচৰিবলৈ লাগিল। মই তেতিয়াও মিঠা পান কেইটালৈ লোলুপ দৃষ্টিৰে চাই চাই ভাবি আছিলো, এনেয়ে এইডালক ৰখি থাকিলো তাতকে মিঠা পান এটা আৰু পইচা কেইহাজাৰ লৈ উধাও হবই পাৰিলো হয় ইমানদেৰি! তেনেতে তিনিআলিটোৰ কেকুঁৰীত মহন্তদা ওলালহি। এনফিল্ড্ চলায়েই আহিছে। দত্তদাৰ খবৰো ললে..দত্তদাই অত্যধিক নিচাত যে এনফিল্ড সহ লুটি খাই পৰা বুলি কওঁতেই মহন্তদাই স্বভাৱসুলভ বাকপটুতাৰে ক’লে –
– গম পালো..সৰু ল’ৰা এটাই দেখা পাই মোক খবৰ দিলেগৈ নহয়!বোলে দত্ত আংকল পৰিছে..এনফিল্ড্ গৈ পানীত পৰিল.. মই ততাতৈয়াকৈ আহিলো..”
– কিন্তু মহন্ত ..এইখন এনফিল্ড্..
– আৰে দাদা,আজি এসপ্তাহ আগত কিনিছিলো… আপোনাৰেই ভাগ্য ভাল। এইখনেই লৈ যাওক..বৌৱে নহলে এনফিল্ড্ নেদেখিলে আকৌ আপোনাক…
– কিন্তু মোৰ এনফিল্ডখনো এনেকুৱাই..
– অঁ দাদা…মডেল একেই।
মহন্তদাৰ মহানুভৱতাত গদ্ গদ্ হৈ পৰিল দত্তদা।কেবাবাৰো ধন্যবাদ জনাইয়ো কেতিয়াবা কিবা সহায় লাগিলে তেওঁক মনত পেলাবলৈ বাৰে বাৰে কৈ থাকিল।
– অইন নাই দত্তদা…সৰু সহায় এটাই কৰক… এইখন লওঁতে টকা বিশহাজাৰ দিব থাকিল… মালিকে পইচা খুজি মানুহো পঠাই আছে.. আপুনি যদি সেইখিনি উদ্ধাৰ কৰে’ বাইক আপোনাৰেই বুলি ধৰক। কিন্তু দাদা আগৰখনৰ দৰে পানীত পেলাব নোৱাৰিব..প্ৰমিজ কৰক..
টকা বিশহাজাৰ একেকোবেই মহন্তৰ হাতত গটালে দত্তদাই…মোৰ চকুৰ পচাৰতেই।মই মাথো নীৰৱ সাক্ষী হৈ ৰলো মিঠাপাণ কিটালৈ লোলুপ দৃষ্টিৰে চাই…!
…ভেঁএ..ভেঁএ.. ভাৱত যতি পেলাই ফাৰ্ষ্ট ফ্ল’ৰৰ তালুকদাৰৰ ছোৱালীজনীয়ে কান্দি উঠিলে। উফ্ টিকলী জনীয়েও এতিয়াহে কান্দিব পালে। দত্ত দা যাবগৈয়ে দেখোন এতিয়া, মিঠাপানটোও খাবলৈ নাপাম মানে মই। মূৰটো ঘুৰাই দত্ত দাক বিচাৰিবলৈ লওতেই.. “হৌৰা, অথনিৰ পৰা কি মিঠাপান কৰি আছা, ছোৱালীয়ে কান্দি আছে শুনা নাই”
এওঁৰ শব্দকেইটাই কাণত খুন্দিয়ালতহে উঠি বহিলো. তাৰমানে মই ইমানদেৰি সপোনতে….!!
☆★☆★☆