ফটাঢোল

ফটাঢোলৰ মহিমা – অনামিকা বড়া

“টোপনি নাই নে কি তোমাৰ?”
“কিয় সুধিলে? সদায়চোন ইমানদেৰী সাৰে থকাই হয় মোৰ!”
“আজি পুৱাও সোনকালে উঠিছা, দিনটো শোৱা নাই, অথচ এতিয়ালৈকে টোপনিৰ চিন নাই, কিয় নুসুধিম মই?”
“আজি মানে কিনো ক’ম অ বা, মূৰৰ ওপৰত ‘টেনছন’ নামৰ চৰাই এজনী বহি লৈ ‘টোপনি’ নামৰ পতংগটোক গিলি পেলালে”
চকু ডাঙৰ কৰি ৰাখীয়ে কৈ উঠে, “হা!কি হ’ল মুখখন মেলি দিলে যে!”
“নেমেলিম নে,পৰীক্ষালৈ এতিয়াও এসপ্তাহ আছে তোমাৰ। আনকালেচোন দুদিন আগতো তুমি ইমান টেনছন লোৱা দেখা নাই। কেছটো কিবা নগেন যেন পাইছোঁ”
এইবাৰ বন্দনাৰ আচৰিত হোৱাৰ পাল।
“মানে? আপুনি কি বুজাব খুজিছে?”
(চকু টিপ মাৰি)”নহয় মানে, কেনেবাকৈ ক’ৰবাৰ পৰা ঘৰলৈ দৰাৰ খবৰ আহিছে নেকি বাৰু… হিঃহিঃ,, টেনছন ল’ব নালাগে,সেইবোৰ দ্বায়িত্ব বায়েকৰহে,,, কাৰোবাক ভাল লাগিলে মোক ক’বা, মেনেজ কৰি দিম মই পিতাশ্ৰীৰ লগত”
“উফ্ ৰাম, আপুনি কি মানে হা! অকল সব কথাতে সেইটোকে কিয় টানি আনে? কাম নাই আপোনাৰ!”
“কিয় নানিম, অভাৱৰ ভিতৰত তোমাৰ সেইটোহে আছেগৈ, টেনছন হ’লে সেইটোতহে ল’বা, জনা আছে মোৰ”
“ধুৰৰ্ ঠিকছে বেয়া মাত ওলাব কিন্তু কৈ দিছো,কি কৈছে অভাৱ,, হুঁহ, চাকৰি কৰি মেলি ভৰিৰ ওপৰত ভৰি তুলি আৰাম কৰি থকা জীৱ বনাইছে মোক?”
(ডাঙৰকৈ হাঁহি হাঁহি)”এনে চাকৰিত সুখ বিচৰাজনী,তোমাৰ সুখ ক’ত জানিবলৈ বাকী নাই মোৰ সোণজনী। ”
“উফ্ কামোৰ দিয়াত আপোনাক কোনে চেৰ পেলাব! যাওঁক বুলিছো, শুই থাকক। মোক আৰু ‘টেনছন’ দি থাকিব নালাগে”
“পাৰিছোঁ ন? ”
“কি? ”
“জোকাব… হাঃহাঃ”
“এফালে মোৰ টেনছনে টোপনি খাইছে আৰু আপুনি এইবোৰত লাগি আছে”
“তাৰমানে কি কথাটো বেলেগ?এনেকুৱা নহয় যদি কথাটো কিনো, কোৱা জল্দি।”
“তাকেইটো ক’বলৈ লৈছোঁ,কি লিখোঁ একোকে ভাবি পোৱা নাই! কিন্তু লিখা দিবই লাগিব এইবাৰ কথা দি থৈছোঁ”
“কি গাই আছা? ক’ত কি লেখা একো বুজা নাই”
“ফটাঢোল, অ’ ফটাঢোল ই-আলোচনী”
“কি কোৱা? “টেনছন”ৰ গুৰি মানে ক’ৰবাত ”
“অঁতো,,, সেইকাৰণে… (বন্দনাৰ কথা শেষ হ’বলৈ নাপালেই)”
“মোৰ টোপনি ধৰিছে দেই, মই শোওঁ, তুমি যি কৰা কৰি থাকা”
“ওৱা, পলাইছে চোৱা নামটো শুনি,,, হুঁহ,, সহায় কৰি দিয়াটো দূৰৰে কথা, সান্ত্বনাও নাই অ’,,,(মূৰে কপালে হাত দি) এনে দিন আহিল মোৰ”
“(হাঁহি হাঁহি)নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলা নহয়, ভাল হৈছে, গুডনাইট!”
“হওঁতে হয় কথাটো বাৰু”বুলি নিজকে নিজে কোৱাৰ দৰে কৈ এশ এবুৰি চিন্তা লৈ শুই থাকিলগৈ বন্দনাও।

* * *

“আজি হাইঠা মাটিত পৰিলচোন, তই ফোন কৰিলি যে? ”
“থ, ডায়েলগ মাৰিব নালাগে, বিজি মানুহ নিজে, খবৰ কৰিছ কোনোবাদিনা নিজে”
“এহ হ’ব নিকি, মোৰ এলাহতে থাকি যায় অ’ ফোনৰ কাম”
“জানো, ভালকৈ জানো,, মেছেজ চিন কৰি ৰিপ্লাই নিদিয়াজনীহে তই”
“আৰু তোৰ সেইটো কামত চাগৈ খঙে চুলিৰ আগ পাইগৈ.. হাঃহাঃ”
“খঙ উঠে বুলি জানিও তই নিদিয় ৰিপ্লাই,,,বান্দৰী ”
“মই জানোৱেই তই মোক বুজি পাৱ বুলি, ছ’ ন টেনছন.. হাঃ হাঃ”
“হ’ব থ আৰু এতিয়া, আছল কথাটো শুন, মোৰ “টেনছন” এটাতহে তোলৈ ফোনালো”
“কি, ক জল্দি”
“লিখা এটা লেখাৰ টেনছন অ”
“কৃষ্ণ, মোক আৰু নক’বি দেই কিবা লেখাৰ কথা,,, মই সব বাদ দিলোঁ,, ভাল নলগা হ’ল এইবোৰ”
“ৰচোন এইজনী,কথাখিনি যদি ভালকৈ শুনি লয় অ’ কাহানিবা,, তোৰ লেখা বিচৰাও নাই মই, এইবাৰ মোৰ নিজৰ পাল পৰিছে, সম্পাদকৰ আকুল আহ্বানত আলোচনী এখনলৈ লেখা কিবা দিম বুলি কথা দি পালোঁ জাননে! এতিয়া নিজৰ ভৰিত নিজে কুঠাৰ মাৰি পৰি আছোঁ। উদ্ধাৰৰ উপায় এটা দে মোক।”
“অই বলিয়া, এইটোনো কি ইমান মূৰ ঘমাব লগা কথা হা,, কৈছোৱে নহয় লাভ নাই, আগৰ দিন আৰু নাই, কোনেও আজিকালি লেখাৰ মানক লৈ গুৰুত্ব নিদিয়ে। সকলোতে বেমেজালি, স্বাৰ্থ, গ্লেমাৰ এইবোৰহে বুজিছ।”
“তই এইবোৰ কি গাই আছ??”
“ৰ, মোৰ কথাখিনি শুনি ল আগতে। কেতিয়াবা এনেকুৱা লাগে আজিকালিতো সম্পাদক, সম্পাদনা সমিতি এইবোৰ যেন নামতহে, কামত একো নাই,,, ইখন আলোচনী মেলিবি ‘অমুক’ৰ কবিতা সদায় পাবি, লাগিলে যিমান নিম্ন মানদণ্ডৰে নহওঁক লাগে,,, সিখন মেলিবি ‘তমুক’টো কবিতাৰ শিৰোণামটো সলনি কৰি পুনৰ প্ৰকাশ কৰিছে দুমাহৰ পিছত। কি আচৰিত চাচোন। আজিৰ যুগত কবিতা লিখা মানুহৰ অভাব নাই অথচ তেওঁলোকৰ আলোচনীত দিবলৈ কবিতাই বিচাৰি নাপায় অ’ ধিক!
দুই এটা প্ৰৱন্ধ, গল্পক বাদ দি আজিৰ ‘আলোচনী’বোৰৰ অৱস্থা এনেকুৱাই দুখলগা বুজিলি। বেয়াও লাগে, খঙো উঠে,, পাৰোতেনো মই ক’লৈকো নপঠিওৱা হ’লো।”
“সেইটোৱেই ভুল তোৰ। চিধা নিগেটিভত জোৰ দি গুচি যাৱ,,কিমান বুজাম তোক। ভালবোৰো চাবিচোন। নিজৰ অভ্যাসটো কিয় এৰি দিছ। লিখি থাকিবি।”
“হ’ব সোণজনী,, শুনিম তোৰ কথা,, কিন্তু আলোচনীলৈ পঠিওৱাক লৈ আৰু মোক নক’বি প্লিজ। তিতা, কেঁহা, জ্বলা পাই থৈছোঁ”
“মই জানো, তোৰ গল্পটো ‘তাৰ’ নামত ওলালত মই কিবা এটা অনুমান কৰিছিলোঁৱে তেতিয়া। তই কিন্তু প্ৰতিবাদ কৰিব লাগিছিল। ব্লেকমেইলিঙত ভয় কৰাটো তোৰ উচিত নাছিল।”
“তোৰ লাগে নিকি যে মই এনেকুৱা সস্তীয়া সম্পাদকৰ ব্লেকমেইলিঙত ভয় খাম?সকলো তথ্য ৰাখি থৈছোঁ। সময় আহক। শিক্ষা এটা দিহে যাম সেইজনাক, চাই থাকিবি।”
“সেইটোৱেই লাগে, পিছে মোৰ কেছটো কি হ’ব এতিয়া? কাইলৈৰ ভিতৰত দিব লাগে মই ৰে,,, পৰীক্ষা দি দি মাথা হেঙ্গাই গ’লগৈ জাননে,একোকে লিখিব পৰা নাই,,ভাবি থাকিলে ঢেৰ প্লট আহে কিন্তু কলম তুলি ল’লেই একোৱেই লিখা নহয়গৈ!”
“আলোচনীলৈ পঠিওৱাক লৈ মোৰ পৰা একোৱে আশা নকৰিবি, সিমানেই ক’লোঁ”
“তই আগতে জানিতো ল কি আলোচনী!”
“জানি কি কৰিম, সব একেই পানীৰ মাছ।
বন্দনাই প্ৰায় চিঞৰাৰ দৰেই কৈ উঠিল, নামটোতো শুনি ল, “ফটাঢোল”, “ফটোঢোল ই-আলোচনী”, ইটজ্ নট লাইক দি আদাৰ্চ, ইটজ্ ইউনিক, এক্সটা অৰডিনেৰি, ভুলতো কম্পেয়াৰ নকৰিবি আনৰ লগত।”
“কি ক’লি!! “ফটাঢোল”, তাকে ক অথনিৰে পৰা, সেইখনতো মই ৰেগুলাৰ পঢ়োঁ। একদম ব্যতিক্ৰম”
“ৰক্ষা! অন্ততঃ বুজিলিযে”
“কিয় নুবুজিম অ’,ফটাঢোল ইজ ফটাঢোল, য’তেই যেনেকৈ বজায়, সবাকে নচুৱায়, আমাৰ প্ৰবাসী মানুহবোৰৰ কাৰণে বৰ ডাঙৰ উপহাৰ এইখন জাননে,,, তোৰো লিখা ওলাব ন এইবাৰ? কি বঢ়িয়া! খুছ হৈ গৈছোঁ মই!”
“বলিয়া ঐ, ওলাব বুলি কেতিয়া ক’লোঁ হা?প্ৰকাশ পোৱাটো দূৰৰে কথা, সেইটোক লৈ নাভাবোওঁ মই।”
“তেন্তে “টেনছন” কিহৰ ইমান?”
“চা, ভালকৈ লিখিব নোৱাৰিলে নিজৰে বেয়া লাগিব। তাতোকৈ ডাঙৰ কথা, কথা দি কথা ৰাখিব নোৱাৰাৰ বোজা ল’বলৈ মন নাই মোৰ, তইতো জানই সেইটো।পিছে মোৰ মনটো এতিয়া বহুত ফৰকাল”
“এইমাত্ৰ “টেনছন”ৰ ডাৱৰ গুচি হঠাতে ফৰকাল হৈ গ’ল যে?”
“নহৈ পাৰেনে,অনবৰতে বাকী সকলোৰে দোষ দেখি থকা তোৰ মুখত এই আলোচনীখনৰ বিষয়ে এনেকৈ শুনি ভাল নালাগিব?”
“এইয়াই ‘ফটাঢোল’ৰ মহিমা বুইছ!হ’ব দে, মই থওঁ এতিয়া, পুৱাই অফিচ আছে!”
“অ দে, বাই।”
ফোনটো থৈ খিৰিকীখন মেলি ৰৈ দিলে বন্দনাই, বাহিৰৰ মলয়া বতাহজাকে যেন কাণত গুণগুণাই গ’ল “খিৰিকীৰ সিপাৰে আছে ৰৈ আমালৈ নতুন এক পৃথিৱী”…

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *