পুৰুষ-কাপুৰুষ – সুনীল দত্ত
“পুৰুষ সদায় পুৰুষৰ দৰে হ’ব লাগে। বিয়া কৰাই আনিছ যেতিয়া পাকঘৰৰ হেতা কেৰাহীৰ লগত আকৌ কিহৰ মিতিৰালি পাতিছ সৰুবাপু? ৰন্ধা-বঢ়া, ধোৱা-পখলা এইবোৰ ঘৈণীয়েৰৰ কাম। ঘৈণীয়েৰক বেছি লাই নিদিবি। নহ’লে পিছত নিজেই পস্তাবি। কোনদিনা ঘৈণীয়েৰে মেখেলা ধুবলৈ দিয়ে গমেই নাপাবি।” – চাকিবলৈ আগুৱাই দিয়া মাংসৰ বাতিটো হাতত তুলি লৈ হৰেণ খুড়া গৰজি উঠিল। হৰেণ খুড়াৰ কথাৰ ওপৰত কথা কৈ লাভ নাই বুলি জানিও লাহেকৈ মাত দিলোঁ – “নহয় মানে খুড়া, এওঁৰ মূৰটো বিষাইছে হেনো। সেইকাৰণে গধূলিৰপৰা শুই আছে। মইতো ঘৰত নাথাকোৱেই, এওঁৱেই ৰন্ধা বঢ়া সকলো কৰে। আজি ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, সেইবাবে নিজেই ৰান্ধিবলৈ আহিলোঁ। এওঁ ৰান্ধিম বুলি কৈছিল, মইহে নিজেই জোৰকৈ ৰান্ধিবলৈ আহিছোঁ। মাংসখিনি কেনেকুৱা হৈছে খুড়া?” কাঠখৰিৰ জুইত ভকভকাই উতলি থকা পঠাৰ মাংসৰ আঞ্জাতকৈও বেছিকৈ খুড়া উতলি উঠিল – “থৈ দে অ’ তোৰ মাংস। ঘৈণীয়েৰক কিহৰ ইমান লেৰেলা চেনেহ দেখুৱাৱ? তাতকৈ চিধাকৈ কৈ নিদিয় কেলেই যে তই ঘৈণীয়েৰৰ ভয়ত কঁপি থাক? তোৰ দৰে তিৰোতাসেৰুৱা হৈ জীয়াই থকাতকৈ নথকাই ভাল। মোক নাচাৱ কেলেই? খুৰীয়েৰাই মোক পানী এগিলাচো বাকি খাবলৈ নিদিয়ে। পাৰিলে ভাত খোৱাৰ পিছত মুখখনো মচি দিব খোজে। মইহে নিদিওঁ। পুৰুষ হ’ব খুজিলে মোৰ দৰে হ’বি।”
কি কুক্ষণত বাহিৰত হৰেণ খুড়াৰ মাতটো শুনি পাকঘৰলৈ মাতি আনিছিলো বুলি ভাবি নিজৰ ওপৰতে খং উঠিল। প্ৰায় বিশ দিনৰ মূৰত ঘৰলৈ আহিছিলোঁ। নিজৰাৰ মাইগ্ৰেনৰ সমস্যাটোৱে আজি আকৌ উক দিছিল বাবে আবেলিৰপৰা তেওঁ শুই আছে। মই অহা গম পাই হৰেণ খুড়াই খবৰ ল’বলৈ আহিছিল। খুড়াৰ মাংসৰ প্ৰতি থকা লোভ সৰ্বজনবিদিত। সেইবাবে খুড়াক চিধাই পাকঘৰলৈকে মাতি আনিছিলোঁ। তাৰ পিছৰপৰাই খুড়াই মোক পাকঘৰত পাঠদান কৰি আছে। মাংসৰ কেৰাহীটো খুড়াৰ মূৰলৈ দলিয়াবলৈ বুলি মনলৈ অহা উদগ্ৰীৱ বাসনাটো কিবাকৈ দমন কৰি ৰাখিলোঁ। কেৰাহীৰপৰা নিজেই আকৌ এবাতি মাংস লৈ টকালি পাৰি পাৰি খাই খুড়া ঘৰমুৱা হ’ল। খুড়াৰ তৰ্জন গৰ্জনবোৰ নিজৰায়ো শুনিলে চাগে! মূৰৰ বিষটো বেছি হোৱা বুলি কৈ ভাত পানী নোখোৱাকৈ কাণে মূৰে লেপখন উৰি তেওঁ শুই থাকিল। আপ্ৰাণ চেষ্টা কৰিও নিজৰাক বিচনাৰপৰা উঠাব নোৱাৰিলোঁ। অলপ সময় তভক মাৰি ৰৈ থাকি ভাত আঞ্জা পাকঘৰতেই এৰি ময়ো বিচনাত উঠিলোঁ।
পিছদিনা আবেলি ওচৰৰ গৌতমৰ দোকানলৈ ওলাই গ’লোঁ। দূৰৰপৰাই দেখিলোঁ যে গৌতমৰ দোকানৰ আড্ডাটো জমি উঠিছে। হৰেণ খুড়া আড্ডাৰ মধ্যমণি। মই ওচৰ পোৱাৰ লগে লগে খুড়া মনে মনে ৰ’ল। আটাইকেইজনে মোলৈ চাই ফিচিঙা ফিচিঙ কৰা যেন লাগিল। অলপ পিছতেই গম পালোঁ যে মই আশংকা কৰাটোৱেই হয়। নবীনে হাঁহি এটা মাৰি মোক সুধিলেই – “কি অ’ নয়ন, ইমান দিনৰ মূৰত ঘৰলৈ আহি ঘৈণীয়েৰক তইহে ভাত ৰান্ধি খুৱাব লাগেনে?” মই অলপ হাঁহি কথাটো উৰুৱাই দিলোঁ যদিও মনে মনে ক্ষুণ্ণ হ’লোঁ। গৌতমে আগুৱাই দিয়া পাণটো মুখত ভৰাই ঘৰমুৱা হ’লোঁ।
দুদিন পিছত নিজৰাই মোক হৰেণ খুড়াৰ ঘৰৰপৰা কুকুৰাৰ কণীকেইটামান আনি দিবলৈ ক’লে। আমাৰ বাৰীৰ পিছফালৰ বাৰীখনেই খুড়াৰ। খৰালি বাৰীৰেই বাট পোনাব পাৰি। ৰাস্তাৰে গ’লে এপাক ঘূৰিব লাগে। মই বাৰীৰেই বাট পোনালোঁ। খুড়াৰ ঘৰৰ পাকঘৰটোৰ পিছপিনেই দমকলটো। দমকলৰ পাৰতেই বাচন, কাপোৰ ধোৱা পৰ্ব চলি থাকে। দমকলটোৰপৰা দহহাতমান দূৰত প্ৰকাণ্ড ঔ গছজোপা। ঔ গছজোপাৰ ওচৰ পোৱাৰ লগে লগে মই ৰৈ গ’লোঁ। ৰৈ গ’লোঁ মানে ৰৈ যাবলৈ বাধ্য হ’লোঁ। সন্মুখত বাল্টি এটাত পানী এবাল্টি লৈ খুড়াই কলৰ পাৰত বাচন ধুই আছে। পাকঘৰৰ ভিতৰৰপৰা দুয়োখন হাতেৰে কাপোৰ এবোজা লৈ খুড়ী ওলাই আহিল। খুড়াৰ কাষত কাপোৰৰ বোজাটো থেকেচা মাৰি থৈ খুড়ীয়ে চিৰপৰিচিত গেৰগেৰীয়া মাতটোৰে ক’লে – “কাপোৰখিনি ভালকৈ ধুই পথাৰৰ ডাঁৰডালতেই মেলি দি আহিব, তেতিয়াহে সোনকালে শুকাব। মই নিৰ্মালীহঁতৰ জোৰোণলৈ যাওঁ, আহোতে দেৰি হ’ব পাৰে। মই অহালৈ ওঁঠ মুখ চেলেকি ৰৈ থাকিব নালাগে। ভাতখিনি আপুনিয়েই বহাই দিব।” হাতত সাৰে ভৰিত সাৰে মই পিছলৈ বাট বুলিলোঁ। ঘৰলৈ গৈ হৰেণ খুড়াৰ কুকুৰাই কণী পৰা নাই বুলি নিজৰাক ক’ব লাগিব। হৰেণ খুড়া পুৰুষ হৈ থাকিব নোৱাৰিলে মোৰো বেয়া লাগিব।
☆★☆★☆
1:13 pm
হা হা হা, বঢ়িয়া লাগিল সুনীল। একদম সত্য কথা, বেছিকৈ লেভেল দি থকা কেইজনৰ বেছি তেনেকুৱা হয়
4:00 pm
ভাল লাগিল
6:49 am
মজা লাগিল৷ হৰেন খুড়া মানে মেখেলাও ধুলে গৈ ঘৰত৷
1:35 pm
মজা
11:09 pm
Nijor wife k help koratu kapurukh nohoi..wife r kasta buji nupuatu he kapurukh..golpo tu val lgil..homajot anekua bht manuh ase jiye blg r dokh bisari fure.