ড্যা ট্ৰেপ – ভাস্কৰজ্যোতি দাস
পুহ মাহৰ এটি ঠাণ্ডা পুৱা৷ চৰাইপুং ব’ৰ্ডাৰ আউটপ’ষ্ট৷ পুৱা প্ৰায় চাৰে-চাৰি বাজিছে৷ ব’ৰ্ডাৰ আউটপ’ষ্টৰ চ’লাৰ লাইটবোৰৰ পোহৰ কমিছে৷ এইকেইদিন ৰ’দ নাই বাবে বেটেৰীবোৰ চাৰ্জ লোৱা নাই৷ পুলিচ বেৰেকটো শান্ত হৈ আছে৷ সমানে শান্ত হৈ আছে চি.আৰ.পি.এফৰ ফিল্ড ইউনিটটো৷ ইনফৰ্মেচনটো অহাৰে পৰা ডি.এচ.পি. বিজয় কলিতা, ব’ৰ্ডাৰ মেজিষ্ট্ৰেট অভিজিত কাকতি, এচ.ডি.পি.অ’ ৰিমঝিম দত্ত, প্ৰ’বেচ্যনাৰ আই.পি.এচ. ৰিণ্টুমণি কলিতা আহি পুলিচ বেৰেকটোত আছেহি৷ একেদৰে চি.আৰ.পি.এফ.ৰ ফিল্ড ইউনিটত যোগ দিছে ডেপুটী কামাণ্ডেণ্ট দেৱজিত বৰঠাকুৰ আৰু দিম্পল মহন্তই৷ বিজয় কলিতাৰ ম’বাইলটো বাজি উঠিল৷ সিমূৰত সেই এলেকাটোৰ গাঁওবুঢ়াৰ পুতেক ভেচকু৷ কলিতাৰ আহল বহল মুখখনত সেয়া চিন্তা নে দুঃচিন্তা সেয়া ধৰাটো টান৷ কপালখন অলপ কোঁচ খাই আহিছে৷ আগদিনা গধূলি দিগন্ত শইকীয়া নামৰ এজন স্কেটচ এক্সপাৰ্ট চি.আৰ.পি.এফ.ৰ এই টীমটোৰ কেপ্টেইন ইন কামাণ্ড হেমন্ত শইকীয়াই আনি থৈছে৷ হেমন্ত শইকীয়া বুঢ়া মানুহ৷ ৰাতি লাল অলপ নহ’লে টোপনি নাহে৷
প্ৰায় এমাহমানৰ মূৰত ভেচকুৱে এই ৰাতিপুৱাখন স্মাগলাৰটোক দেখিছে৷ সেই একে ঠাইতে৷ নদীখনৰ কাষতে থকা ওখ ঠাইখিনিত য’ত থকা ঢেকীয়াগছ এখিনিৰ মাজতে স্মাগলাৰটোৱে ডাইমণ্ডখিনি পেলাই থৈ গৈছিল৷ তাতে লাঠি এডাল লৈ কিবা খুচৰি থকা দেখিছে ভেচকুৱে৷ ভেচকু নগা ল’ৰা যদিও চৰাইপুং সীমান্তত থকা অসমীয়া মাধ্যমৰ স্কুলত পঢ়া বাবে অসমীয়া ভালদৰে জানে৷ এলেকাটোত নেপালী মানুহৰ বসতি আছে যদিও সেৰেঙা৷ সৰহখিনি মানুহ গাখীৰৰ ব্যৱসায়তে জড়িত৷
সীমান্ত এলেকাত ৱাকী-টকীবোৰে কেতিয়াবা কাম নকৰা হয়৷ আজিও তেনে হৈছে৷ বিজয় কলিতাই যিসকলক ফ’নত পালে তেওঁলোকক সাজু হ’বলৈ ক’লে৷ প্ৰায় ৫ মান বজাতে সকলো একগোট হ’ল৷ স্মাগলাৰটো সেই ঠাইৰ ওচৰতে বহি নদীখনলৈ শিলগুটি দলিয়াই আছে বুলি জনাইছে ভেচকুৱে৷ ডি.এচ.পি. বিজয় কলিতাৰ ওপৰত সকলোৰে চকু৷ জিলা উপায়ুক্তই গোটেই টীমটোৰ মুৰব্বী হিচাবে দায়িত্ব দিছে বিজয় কলিতাক৷ এচ.ডি.পি.অ’ ৰিমঝিম দত্তই চৰাইপুং এলেকাৰ মেপ এখন আনি কফি টেবুলখনৰ ওপৰত মেলি দিলে৷ সকলো মেপখনৰ কাষত থিয় হ’ল৷ ব’ৰ্ডাৰ মেজিষ্ট্ৰিট অভিজিত কাকতিয়ে আৰম্ভ কৰিলে-
: চাওথ-ৱেষ্টাৰ্ণ এণ্ডৰ এই ৰাস্তাটো ফ্ৰীজ কৰিব লাগিব৷ চি.আৰ.পি.এফৰ ফিল্ড ইউনিটৰ আধাখিনি কামাণ্ডো সেই ৰাস্তাটোত থাকিব৷ সকলোৱে ৰাস্তাৰ কাষত প’জিচন ল’ব৷ এই এৰেঞ্জমেণ্টখিনি ডেপুটি কামাণ্ডেণ্ট দেৱজিত বৰঠাকুৰে চাই দিব৷ বাকীখিনি কামাণ্ডোৱে ষ্পটটোৰ আঁতৰৰ পৰা চাইক্লিক ম’ডত কাভাৰ দিব আৰু দিম্পল মহন্তই এইখিনিত চকু দিব৷ আউতাৰ বেৰিকেটটোত এয়াই চাফিচিয়েণ্ট হ’ব৷
: কিন্তু কথাটো এবাৰ আমাৰ কেপ্টেইন ইন কামাণ্ড হেমন্ত শইকীয়াক জনাই ল’ব লাগিছিল৷ আফটাৰঅল হি ইজ আৱাৰ বছ৷
দিম্পল মহন্তই দেৱজিত বৰঠাকুৰৰ চকুলৈ চাই কথাখিনি ৰাখিলে৷
দেৱজিত বৰঠাকুৰে অলপ খঙেৰে ক’লে,
: ন’ নীড৷ তেওঁ এতিয়াও শুই আছে৷ উই হেভ টু কাভাৰ থিংচ ইন আৱাৰ ঔন কেপাচিতি৷
ডি.এচ.পি. বিজয় কলিতা আৰু প্ৰবেচনাৰ আই.পি.এচ. ৰিণ্টুমণি কলিতাৰ মাজত ইংৰাজীত কথোপকথন৷ কিছুসময়ৰ পাছত ডি.এচ.পি. বিজয় কলিতাই ক’বলৈ ধৰিলে,
: ৰিজাৰ্ভৰ পুলিচখিনি চাৰিটা ভাগ কৰা হওক৷ ৰিজাৰ্ভ অফিচাৰ গৌৰীশংকৰ দাসে এটা ইউনিট লগত লৈ স্পটৰ ইষ্টাৰ্ণ ডাইৰেক্সনৰ পৰা মুভ কৰিব৷ এটা ভাগ ৱেষ্টৰপৰা আগবাঢ়িব৷ এচ.ডি.পি.অ’ ৰিমঝিম দত্তই লীড কৰিব৷ অভিজিত কাকতি আৰু প্ৰবেচনাৰ আই.পি.এচ. ৰিণ্টুমণি কলিতাৰ লগত থাকিব এটা টীম আৰু বাকীখিনি নদীখনত নাৱেৰে সাজু থাকিব৷
পৰিকল্পনামতেই সকলো সাজু হ’ল৷ আজি বহুদিনৰ মূৰত এই ইণ্টাৰনেচনেল স্মাগলাৰটোক ধৰিবলৈ সকলো সক্ষম হ’ব বুলি বিজয়ে মনতে ভাবিলে৷ এইবাৰ কোনো সুৰুঙা ৰখা নাই৷ এইবাৰ ভেচকুৰ দায়িত্ব বহুত৷ প্ৰতিটো মুহূৰ্তৰ আপডেট সি দি থাকিব টীমবোৰক৷ অতি কম সময়ৰ ভিতৰতে চি.আৰ.পি.এফৰ টীমকেইটাই পজিচন ল’লে৷ বাকী টীমবোৰো আগবাঢ়িল প্লেন অনুযায়ী৷ ভেচকুৱে খবৰ দিলে স্মাগলাৰটোৱে স্পটটো সলাইছে৷ অলপ নৰ্থৰফালে গৈছে আৰু তাতে লাঠি এডাল লৈ বননিৰ মাজত কিবা খুচৰি আছে৷ দুৰৰপৰা স্মাগলাৰটো দেখা গ’ল৷ এখন ক’লা ৰঙৰ শ্বলেৰে মূৰলৈকে ঢাকি থৈছে স্মাগলাৰটোৱে৷ সকলোৱে লাহে লাহে স্পটৰ ফালে নিশব্দে আগবাঢ়িল৷ সকলোৰে তৰ্জনী আঙুলি ট্ৰিগাৰত৷ পূৰ্বতে কোৱাৰ দৰে সকলোৰে টাৰ্গেট স্মাগলাৰটোৰ ঠেঙটো যদিও পৰাপক্ষ্যত অক্ষত অৱস্থাত মানুহটোক ধৰিলে ভাল৷ সি এটেক কৰিলেহে কাউণ্টা-এটেক কৰিব লাগিব এনেদৰে৷
লাহে লাহে টীমকেইটা স্মাগলাৰটোৰ পৰা প্ৰায় এশ মিটামান আঁতৰত ৰ’ল৷ তেওঁক চাৰিওফালৰপৰা ভালদৰে ঘেৰি লোৱাটো নিশ্চিত হোৱাত এচ. ডি. পি.অ’ ৰিমঝিম দত্তই চাৰিজন এ.বি. কনষ্টেবলৰ কাভাৰ লৈ মানুহজনৰ ওচৰলৈ আগবাঢ়িল৷ হাতত সুসজ্জিত এ.কে.-৫৬৷ অলপ হলচল হ’লেই উদ্যত হ’ব সেই মৰণাস্ত্ৰ৷ বাকী টীমবোৰে চাৰ্কুলটোত কোনো সুৰুঙা নৰখাকৈ আগবাঢ়িল আৰু প্ৰায় ৫০ মিটাৰমান দূৰত প’জিচন ল’লে৷ মানুহজনৰ পৰা ১০ মিটাৰমান দূৰত্বত উপস্থিত হৈ ৰিমঝিমে চিঞৰি দিলে,
: হেণ্ডচ আপ৷
স্মাগলাৰটোৰ কোনো কাণসাৰ নাই৷ চাৰ্কুলাৰ মুভত সকলো আগবাঢ়িল৷ চকুৰ পচাৰতে ক’ৰপৰা ভেচকু উৰি আহি মানুহটোক গবা মাৰি ধৰি পেলাই দিলে কোনেও তৰ্কিবই নোৱাৰিলে৷ মানুহজন তললৈ মুখ কৰি পৰি আছে৷ সকলোৱে দৌৰি আহি মানুহজনলৈ মৰণাস্ত্ৰবোৰ টোঁৱাই দিলে৷ ৰিমঝিমৰ এ.কে.-৫৬ আৰু স্মাগলাৰটোৰ মূৰটোৰ মাজৰ দুৰত্ব তেতিয়া তিনি মিটাৰ৷ দুজন চিপাহীয়ে মানুহটোক হেঁচি ধৰিলে৷ ভেচকুৱে শ্বলখনৰ ওপৰৰ পৰা মানুহটোক চেক কৰিলে৷ হাতত বা খোচনীত কোনো অস্ত্ৰ নাই৷ ভেচকুৱে মানুহটোক ওপৰলৈ মুখ কৰি ঘূৰাই দিলে আৰু শ্বলখন মুখৰপৰা আঁতৰাই দিলে৷
….ওৱা! এয়া কি! এইজন দেখুন চৰাইপুং ব’ৰ্ডাৰ এল.পি.স্কুলৰ অৱসৰপ্ৰাপ্ত হেডমাষ্টাৰ আৰু ভেচকুৰ শিক্ষাগুৰু জ্যোতি ছাৰ৷ সি চাৰক ঠিয় কৰাই দিলে আৰু সুধিলে,
: ছাৰ আপুনি ইয়াত?
জ্যোতি চাৰে কাহ দুটামান মাৰি ক’লে,
: ভেচকু, মই মাজে মাজে ইয়ালৈ আহোঁ৷
উদ্যত হৈ থকা মৰণাস্ত্ৰবোৰ শান্ত হ’ল৷
ভেচকুৱে সুধিলে,
: কিয় ছাৰ?
জ্যোতি চাৰে ক’লে,
: এতিয়া আমি আকৌ কেঁচুৱা হৈছোঁ৷ সেয়ে এইফালে খোজ কাঢ়িবলৈ আহি দুবৰিবনত নিয়ৰৰ টোপালবোৰ বিচাৰোঁ৷ বুজিলি৷
বিজয় কলিতা নদীৰ পৰা উঠি আহি ষ্পট পালেহি৷ লাহে লাগে জ্যোতি চাৰে মথাউৰিৰে খোজ দিলে আৰু গাই গ’ল,
: কদম কদম বঢ়ায়ে যা….৷
সকলোৱে জ্যোতি চাৰৰ পাছে পাছে খোজ দিলে আৰু গাবলৈ ধৰিলে,
: কদম কদম বঢ়ায়ে যা,
খুচী কে গীত গায়ে যা,
য়ে জীণ্ডেগী হ্যেই কৌম কী,
তু কৌম পে লুটায়ে যা…
বৃহৎ দলটো লাহে লাহে কুঁৱলী মাজত বিলিন হৈ গ’ল৷
☆★☆★☆
1:10 pm
মই আই পি এচ হৈ গ’লো, ৱাহ।
ভাল লাগিল ভাস্কৰ
10:40 am
এনেকুৱা ইনফ’ৰ্মেচন পাই থাকিলে চোন পুলিচ বাহিনীৰ এইছি কি তেইছি হৈ যাব •••• হা হা মজা লাগিল পঢ়ি ।
1:31 pm
ধেইৎ