কুল কাৰ্ণিভেল! – জ্যোতিৰূপম দত্ত
চৰকাৰী ঘোষণাটো শুনিয়েই আমাৰ এই পিছপৰা অঞ্চলটোত দলদোপ-হেন্দোলদোপ লাগি গ’ল৷ ৰাইজৰ কল্যাণৰ বাবে সমগ্ৰ ৰাজ্যজুৰি প্ৰৱৰ্তিত হ’বলগীয়া এখন বিশেষ আচনিৰ আমাৰ অঞ্চলটোতেই উদ্বোধন হ’ব হেনো! নামটোও কিবা ‘ঠাণ্ডা-উৎসৱ’ মানে ‘কুল কাৰ্ণিভেল’ টাইপ! তাৰমানে আমাৰ অঞ্চলতেই প্ৰথমবাৰলৈ এটা চৰকাৰী উৎসৱ অনুষ্ঠিত হ’ব! মুখৰ কথা নহয়৷ তাতে ৰাজধানীৰ পৰা বিয়াগোম দৌতাসৱ আহিব৷ ইমানদিনে বহু অভাৱত ভুগি থকা বাসিন্দাসকলৰ মুখলৈ পানী আহিল, মনলৈ আশাৰ সঞ্চাৰ হ’ল৷ আমাৰ দৰে অনবৰতে দকা-হকা দি, মাৰ কিল কৰি হলেও চান্দা তোলা, নেতাৰ দালালি কৰা, দুখীয়া লোকৰ নামত আবণ্টিত চৰকাৰী আচনিৰ টকা চান কঢ়াৰ দৰে সামাজিক কামত ব্যস্ত থকা মানুহকেইটিৰো মুখৰ পৰা লোভৰ পানী সৰসৰকৈ পৰিবলৈ ধৰিলে৷ উজানৰ মাছৰ দৰে টকা আহিছে, যিমান পাৰো ধৰিবই লাগিব৷ দোকানে-পোহাৰে ফুচফুচীয়া মেল আৰম্ভ হ’ল৷
আন চৰকাৰী কাম আৰু চৰকাৰী উৎসৱৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ চৰকাৰী উৎসৱৰ কামকাজবোৰ আন চৰকাৰী কামবোৰৰ দৰে লেহেমীয়া গতিত নচলে৷ চৰকাৰী উৎসৱৰ বেলিকা আনকালে ফষ্টি মাৰি শুই থকা সকলোবোৰ আমোলা-বিষয়া উবুৰি খাই পৰি দিনে নিশাই কাম কৰে৷ আমাৰ ইয়াতো একেই হ’ল৷ গৰমৰ পৰা ৰাইজক সকাহ দিবলৈ চৰকাৰীভাৱে আয়োজন কৰা ‘ঠাণ্ডা-উৎসৱ’ৰ ঘোষণা হোৱাৰ লগে লগেই কাম আৰম্ভ হৈ গ’ল৷ প্ৰথমতেই ঠিকাদাৰে আমাৰ দৰে থলুৱা সমাজ-সেৱকসকলক মাংসৰ জোলেৰে এপেট খুৱাই-বুৱাই ললে৷ তাৰ পাছত ঠিকাদাৰৰ সকলো দায়-দোষ মৰিষণ কৰিবলৈ কৈ আমাৰ অনুমতি লৈ কাম আৰম্ভ কৰি দিলে৷ লোকেল দাদাসৱে চাই থাকোঁতেই ঠিকাদাৰে বাহিৰৰ পৰা কাম কৰিবলৈ মানুহ আনিলে৷ পথাৰ এখন নিৰ্বাচন কৰি কোৰ মৰালে, ট্ৰেক্টৰেৰে মাটি সমান কৰিলে৷ সেইটো হেনো হেলিপেড! মানে দৌতাসৱ হেলিকপ্টাৰেৰে আহিব৷ মুল পথটোৰ কামো তীব্ৰগতিত আৰম্ভ হ’ল৷ দিনে নিশাই কাম চলিল৷ বোকামাটিৰ ওপৰতেই আলকাতৰাৰ প্ৰলেপ দিলে৷ কেইজনমান দুৰ্মতিয়ে এনে কাম-কাজৰ ৰেহ-ৰূপ দেখি অলপ কেৰো-জেৰো নকৰা নহয়৷ পিছে ঠিকাদাৰৰ মাংসৰ জোলৰ বাতিটোৰ প্ৰতিদানস্বৰূপে আমি কেইজনমানে মিলি সেইকেইজনক দুটামান থলামুৰি, থিয়গোৰ সোধাই মুখ বন্ধ কৰালো৷ ৰাস্তা-ঘাট পাছে পৰেও হ’ব, প্ৰথমতে উৎসৱটো ভালকৈ হৈ যাওক, সেইটোহে ডাঙৰ কথা৷
তাৰ পাছত আহিল হিতাধিকাৰীৰ তালিকা তৈয়াৰ কৰা কামটো৷ এইটো কাম আমাৰ দৰে সমাজসেৱীসকলৰ বাওঁহাতৰ খেলা! আমাৰ আড্ডাথলী মানে নগেনৰ দোকানত এনিশাৰ ভিতৰতে তালিকা তৈয়াৰ হৈ গ’ল৷ আগৰ দৰেই অঞ্চলটোৰ ধনী তথা প্ৰতাপী লোকসকলৰ নামেই এই তালিকাত সোমাল৷ মোৰেই পৰিয়ালৰ বহুকেইজন এনেধৰণৰ তালিকাৰ নিগাজী সদস্য৷ এনেতে কথা এটা শুনা গ’ল৷ কেইজনমান হিতাধিকাৰীক হেনো মঞ্চলৈ মাতি চৰকাৰৰ বৰমূৰীয়া কোনোবাই নিজহাতেৰে এই বিনামূলীয়া আচনিখনৰ সামগ্ৰী প্ৰদান কৰিব! টিভি-কাকতত মুখখন উলিওৱাৰ এনে সুযোগ সতকাই নাহে৷ চলে-বলে কৌশলে সেই দহজনীয়া তালিকাখনত কোনোমতে নিজৰ নামটো ভৰালো যেনিবা৷
প্ৰকাণ্ড ৰভা, মঞ্চ সজা হ’ল৷ ৰভাখনৰ বাবে ঠাই মুকলি কৰিবলৈ দহজোপামান প্ৰকাণ্ড গছো কটা হ’ল৷ সেই গছকেইজোপা হেনো বৃটিছৰ দিনৰে আছিল৷ পিছে কি হ’ব? সেই বৃটিছৰ ৰাজত্বও নাই, কাজেই গছকেইজোপাৰ দৰকাৰো নাই৷ বাকী গছবোৰত চৰকাৰৰ দৌতাসৱৰ হাঁহিমুখীয়া ফটো থকা ‘কুল-কাৰ্ণিভেল’ৰ প’ষ্টাৰ, বেনাৰ আদি গজাল মাৰি নিকপকপীয়াকৈ লগাই দিয়া হ’ল৷ পুলিচ-চিআৰপিৰ গিজগিজনি আৰম্ভ হৈ গ’ল৷ হেলিকপ্টাৰত আহিবলগীয়া দৌতাসৱৰ বাবে হেলিপেডৰ পৰা মঞ্চলৈ এক ফাৰ্লং ৰাস্তাৰ বাবেও গাড়ীৰ ব্যৱস্থা কৰা হ’ল৷ দৌতাসৱৰ বাবে মঞ্চত কাৰ্পেট, কোমল চোফা, কুলাৰ, ফেন আদিৰ ব্যৱস্থা কৰা হ’ল৷ বিদেশী ফুলেৰে মঞ্চখন আটকধুনীয়াকৈ সজোৱা হ’ল৷
চাওঁতে চাওঁতেই উৎসৱৰ দিনটো আহি পৰিল৷ ময়ো পুৱাবেলাই সাজু হলো৷ দুপৰীয়ালৈ মুল সভা, তথাপিও আগতীয়াকৈয়ে সভাথলী পালোগৈ৷ আমাৰ অঞ্চলৰে পালিনেতা কেইজনমান আৰু লেমটৌ দুটামানক ধকধকীয়া চোলা পিন্ধি বুকুত বেজ লগাই বীৰদৰ্পে ঘূৰি ফুৰি থকাও দেখিলো৷ নিৰাপত্তাৰক্ষীয়ে তন্নতন্নকৈ চলোৱা তালাচী পাৰ হৈ ভিতৰলৈ সোমালো৷ প্ৰকাণ্ড জেনেৰেটৰ চলাই চাৰিওফালে ফেনৰ ব্যৱস্থা কৰা হৈছে৷ চৌবিশ ঘণ্টা বিজুলী দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে অৱশ্যে আমাৰ অঞ্চলত সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে৷ পিছে আমিহে হিচাপটো ভুলকৈ বুজিছিলো, মানে আমাৰ অঞ্চলত সমগ্ৰ সপ্তাহটোত চৌবিশ ঘণ্টা বিজুলী থাকে! দিনটোত কোনোবা দিনা দুঘণ্টা, কোনোবা দিনা ছঘণ্টা, এনেদৰে এসপ্তাহত চৌবিশ ঘণ্টাৰ হিচাপটো কোনোমতে মিলাই থয়৷
কেতিয়াবা পুৱাবেলা বিজুলী নাথাকে, ভৰ দুপৰীয়া বিজুলী নাথাকে, ল’-ছালিৰ পঢ়া-শুনাৰ সময়ত বিজুলী নাথাকে আনকি কেতিয়াবা ভাত এগৰাহ মুখলৈ নিওতেই বিজুলী নোহোৱা হয়৷ নিশা শুবৰ সময়তো বিজুলীৰ উমঘাম নাথাকে৷ পিছে আজি বহুদিনৰ মুৰত ৰভাৰ তলত দুপৰীয়া সময়ত চৰকাৰী ফেনৰ বতাহ খাবলৈ পালো৷ প্ৰকাণ্ড জেনেৰেটৰ লগাই লাইট-ফেন-মাইক সকলো একেলগে চলাইছে৷ আৰামত বহি ললো৷ মঞ্চত চহৰৰ পৰা আমদানি কৰা সুন্দৰী ঘোষিকা এগৰাকীয়ে ঘেঁহাই ঘেঁহাই কাগজ এখন চাই চাই দুটামান অসমীয়া বাক্য কবলৈ আপ্ৰাণ চেষ্টা কৰি আছিল৷ কিছুপৰ পিছত সেই চেষ্টা বাদ দি এফ এম চেনেলৰ দৰে অসমীয়া-ইংৰাজী-হিন্দী মিহলি কৰি সলসলীয়াকৈ কৈ গ’ল৷
চৰকাৰী দৌতাসৱ আহিবলৈ কিছুপৰ বাকী৷ গতিকে চহৰৰ পৰা আমদানি কৰা শিল্পীৰে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰি দিলে৷ এই আহাৰ মাহতো খমখমীয়া মুগাৰ চোলা, মেখেলা চাদৰ পিন্ধি বিহুৱা-নাচনীয়ে বিহু নাচিলে৷ গায়িকা এগৰাকীয়ে মঞ্চতে জঁপিয়াই জঁপিয়াই নাচি বৰগীত গালে, তাৰ পিছত লোকগীতৰ সুৰত হিন্দী-ইংৰাজী মিহলাই দুটামান গীত গাবলৈ ললে৷ পিঠিত চৰকাৰী ষ্টাম্প মাৰি থোৱা গায়ক এজনে স্থান-কাল নাচাই য’তে ত’তে জপিয়াই গোৱাৰ দৰে ইয়াতো ‘আকৌ-এবাৰ’ নামৰ গানটো গালে৷ আমি মুৰ দুপিয়াই অনুষ্ঠান উপভোগ কৰি গলো৷
এনেতে আকাশত হেলিকপ্টাৰৰ মাত শুনা গ’ল৷ বহুতেই হেলিকপ্টাৰ চাবলৈ হেলিপেডলৈ দৌৰ মাৰিলে৷ অত্যুৎসাহী কেইজনমানক পুলিচে দুকোবমান সোধালেও৷ বগলীৰ দৰে বসন পিন্ধি, বত্ৰিশদন্ত নিকটোৱা হাঁহি প্ৰদৰ্শন কৰি দৌতাকেইজনমান হেলিকপ্টাৰৰ পৰা নামি মঞ্চলৈ বুলি গাড়ীত উঠিল৷ এক ফাৰ্লংমান পথ গাড়ীৰে আহি মঞ্চৰ কাষতে ৰ’ল৷ ইতিপূৰ্বে তিনিঘণ্টামান সময় ধৰি হামিয়াই-হিকটিয়াই ৰৈ থকা গায়ন-বায়ন কেইজনমানে দৌতাসৱক খোল-ভোৰতাল-নৃত্যৰে মঞ্চলৈ আদৰিলে৷ গায়ন-বায়নে আদৰি নিয়া দৌতাসৱৰ মাজৰে দুজনমান অৱশ্যে তিনি-চাৰিবাৰকৈ অপৰাধ কৰি জেলফেৰৎ আৰু ৰাইজৰ ধন আত্মসাৎ কৰা বিধৰো লোক আছিল৷
দৌতাসৱ মঞ্চত উপবিষ্ট হোৱাৰ লগে লগে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ গ’ল৷ দৌতাসৱক প্ৰকাণ্ড জাপি, ফুলৰ তোৰা, মালা, গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হ’ল৷ সকলোৱে জাউৰিয়ে জাউৰিয়ে হাতচাপৰি মাৰিলে৷ টিভিৰ কেমেৰামেন, কাকতৰ ফটোগ্ৰাফাৰ, সাংবাদিকসকলৰ ব্যস্ততাৰ অন্ত নোহোৱা হ’ল৷ পিছে ৰভাৰ কাষত ইতিমধ্যে অনুষ্ঠান শেষ হোৱা গায়ন-বায়ন, বিহুৱা-বিহুৱতীসকলকে আদি কৰি শিল্পীসকলক আমন জিমনকৈ থিয় হৈ থকা কথাটোত অৱশ্যে কোনেও গুৰুত্ব নিদিলে৷ বহিবলৈ খালী চকী নায়েই৷ আনকি তেনে অতিথিসৱৰ বাবে সংৰক্ষণ কৰি থোৱা চকীসমূহো নেতা-পালিনেতাসৱৰ অঙহী-বঙহীয়ে দখল কৰি থকা দেখা গ’ল৷
ক্ষন্তেক পাছতেই দৌতাসৱৰ প্ৰধানজনে বিলম্ব নকৰি ভাষণ আৰম্ভ কৰি দিলে৷ গুৰুগম্ভীৰ মাতেৰে তেখেতে এই মহান আচনিখনৰ কথা বৰ্ণনা কৰি গ’ল৷ তেখেতে নিজেই আগভাগ লৈ চৰকাৰখনৰ বহু মন্ত্ৰী-আমোলাৰ একোটা বৃহৎ দলৰ সৈতে বিদেশলৈ কেইবাবাৰো নিজেই গৈ নতুন প্ৰযুক্তিৰ কথা অধ্যয়ন কৰি এই আচনিখন তৈয়াৰ কৰিছে৷ এই অভিলাষী আচনিখনত ধনী-দুখীয়া নিৰ্বিশেষে ৰাজ্যৰ প্ৰতিজন নাগৰিককে সামৰি লোৱা হ’ব বুলিও ঘোষণা কৰা হ’ল৷ টিভি চেনেলবোৰৰ স্ক্ৰীণত ব্ৰেকিং নিউজ আহিল, গতানুগতিকভাৱে অজস্ৰ ভুল বাক্য-বানানৰ সমাহাৰেৰে বিয়াগোম নিউজ পৰ্টেলবোৰেও নিজৰ মতে বাতৰি তৈয়াৰ কৰিবলৈ ললে৷ চৰকাৰৰ ফলীয়া চেনেলবোৰে বাঃ বাঃ দিলে, অনবৰতে চৰকাৰৰ বিৰোধিতা কৰি থকা চেনেলবোৰেও আচনিখনত খুঁত উলিয়াবলৈ উঠি পৰি লাগিল৷ বিশ্বব্ৰহ্মাণ্ডৰ সকলো জ্ঞান মুৰত লৈ থকা টিভি ষ্টুডিঅ’ৰ স্থায়ী বিশেষজ্ঞসকলেও এই আচনিখনৰ বিষয়ে গধূলি টিভিৰ আগত এঘণ্টামান ডিঙিৰ সিৰ ফুলাই চিঞৰিবলৈ সাজু হ’ল৷
এনেতে সভাস্থলীৰ কাষতে ৰাইজৰ মাজত বিলাবলৈ এখন ট্ৰাকৰ পৰা বহুকেইটা প্ৰকাণ্ড খাদ্যৰ টোপোলা নমোৱা দৃশ্য সকলোৰে দৃষ্টিগোচৰ হ’ল৷ লোভনীয় খাদ্য-সম্ভাৰ দেখি উপস্থিত ৰাইজৰ দুজনমানে উঠিব খুজিলেও পুলিচ আৰু ৰভাৰ কাষে কাষে ৰৈ থকা গুণ্ডাৰ চেহেৰাৰ পালিনেতাৰ লেমটৌ এগালে ৰঙা চকু দেখুৱাই বহুৱাই দিয়ে৷ ইফালে প্ৰধান দৌতাজনৰ ভাষণ শেষ হোৱাৰ নামেই নলয়৷ একো উপায় নেদেখি ৰভাথলীত উপস্থিত লোকসকলে সোনকালে ভাষণ শেষ হওক বুলি খোৱা-বস্তুবোৰৰ ফালে চাই চাই, সেপ গিলি হাতচাপৰিকেই মাৰিবলৈ আৰম্ভ কৰি দিলে৷
ইফালে উপস্থিত ৰাইজৰ হাতচাপৰিৰ সঁহাৰি পাই প্ৰধান দৌতাজনে পুনৰবাৰ হাত-মুৰ জোকাৰি নতুন উদ্যমেৰে আকৌ এবকলা বলকি গ’ল৷ তেখেতে দুহাত ওপৰলৈ তুলি বিভিন্ন ভংগীমাৰে কৈ গ’ল যে এই আচনিখন সফল হলে ৰাজ্যখনৰ প্ৰতিটো অঞ্চলতে গৰমৰ দিনত বিদ্যুত কৰ্তন কৰাৰ বাবে বিদ্যুত বিভাগটোক গালি পৰাৰ প্ৰয়োজন শেষ হৈ যাব৷ এই অভিলাষী আচনিখন অনুসৰি সাধাৰণ ৰাইজক গৰমত সকাহ দিবলৈ ৰাজ্যৰ প্ৰতিজন নাগৰিককে একোটাকৈ বিশেষ উষ্ণতা কমোৱা যন্ত্ৰ বিনামুলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা হ’ল! ঘোষণা শুনিয়েই ৰাইজৰ মাজত হৰ্ষোল্লাস উঠিল, হাতচাপৰিৰে গোটেইখন ৰজনজনাই গ’ল৷
লগে লগে মোৰ সৈতে দহজন দুখীয়া, নিছলা হিতাধিকাৰীৰ নাম মাইকত ঘোষণা কৰা হ’ল৷ মই মোৰ পঞ্চাশ হেজাৰটকীয়া ম’বাইলটো কাষৰজনৰ হাতত দি কেইখনমান ভাল ফটো তুলিবলৈ কৈ মঞ্চলৈ উঠি গলো৷ অজস্ৰ টিভি কেমেৰা, ম’বাইলৰ ফ্লাছৰ পোহৰত দাঁত নিকটাই প্ৰধান দৌতাজনৰ সৈতে মঞ্চত বিভিন্ন ভংগীত থিয় হলো৷ মোৰ সৈতে আন দহজনৰ হাতত ৰঙচঙীয়া কাগজেৰে মেৰিওৱা দহটা পেকেট একাদিক্ৰমে প্ৰদান কৰা হ’ল৷
লগে লগে আন এজন দৌতাই মাইকটো নিজৰ আয়ত্তলৈ আনি এই আচনিখনৰ গুণানুকীৰ্তন কৰি গ’ল৷ তেখেতে ভাষণ প্ৰসংগতে এই অঞ্চলৰ সমূহ ৰাইজে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰিব পৰা এই বিশেষ উষ্ণতা কমোৱা যন্ত্ৰটো যে বিদেশৰ পৰা আমদানি কৰা হৈছে এই কথাও কলে৷ তেখেতে আজিৰ এই সভাত দহটা এনে যন্ত্ৰ বিলোৱা কথাটো কৈ বাকীসমূহ যন্ত্ৰ ৰাইজৰ প্ৰতিজনকে অতি শীঘ্ৰেই যোগান ধৰাৰ কথাও কলে৷ যন্ত্ৰসমূহ বিলোৱাৰ বাবে এজন হিতাধিকাৰীৰ পৰা কিমানকৈ কমিশ্যন ললে সকলোৰে সুবিধা হ’ব মই মনে মনে ভাবিবলৈ ধৰিলো৷ এইবাৰ দুপইছামান বেছিকৈ ঘটিব পাৰিম তাৰমানে!
এনেদৰে অলপ পৰ ইজন সিজনকৈ দৌতাসৱে মাইকৰ আগত ৰাউচি জুৰি এসময়ত সকলোৱে একেলগে উপস্থিত ৰাইজলৈ হাত জোকাৰি টা-টা, বাই-বাই দি হেলিকপ্টাৰ অভিমুখে গতি কৰিলে৷ হেলিকপ্টাৰখন ধূলি উৰুৱাই ওপৰলৈ উৰি গৈ দিগন্তত নেদেখা হোৱালৈকে বুৰ্বক কিছুমানে হাত জোকাৰি থাকিল৷ ইমানদিনে খাল বিলৰ গেলা পানীকে খোৱা লোকসকলে সভাস্থলীত বিলোৱা পানীৰ বটলৰ পানীখিনিক অমৃতসম জ্ঞান কৰি দুটামান বটল বেছিকৈ পাবলৈ টনা আজোৰা কৰিবলৈ ধৰিলে৷ আনফালে আন কিছুমানৰ খোৱা পেকেটবোৰক লৈয়েই উৎসৱথলীতে থৈয়া নথৈয়া লাগিলেই! এনে অৱস্থাত পুলিচ-চিআৰপিৰ হুইছেল বাজিল, খোৱা বস্তুৰ বাবে খোৱা-কামোৰা কৰা মানুহবোৰক পুলিছে কোবাবলৈ ললে৷ মই কোনোমতে মোৰ ভাগৰ যন্ত্ৰটোৰ পেকেটটো সাৱটি সভাস্থলীৰ বাহিৰ হলো৷ খোৱা বস্তুৰ পেকেট চুবলৈকে নাপালো, দুকোবমান লাঠীৰ কোব খোৱা হ’ল অৱশ্যে৷
যিয়েই নহওক, বিশেষ উষ্ণতা কমোৱা বিদেশী যন্ত্ৰটো যে পোৱা হ’ল৷ ম’বাইলটোৰ ফটোখিনিও চাগে ভালেই আহিছে, ফটোখিনি অতি সোনকালেই সকলোকে বিলাব লাগিব৷ টিভিতো ওলাম কিজানি৷ আনন্দতে সুহুৰিয়াই ঘৰলৈ গমন কৰিলো৷ আজিৰ পৰা গৰমত ইচাটি বিচাটি কৰাৰ পৰা অন্ত পৰিব৷ দেহা মন শীতল হৈ থাকিব৷ আগৰ দৰে বিজুলী নহলে মুৰটো গৰম হৈ নাথাকে আৰু৷
ঘৰত ওচৰ-চুবুৰীয়া সকলো আহি জমা হৈছিল৷ আজি প্ৰচণ্ড গৰম, তাতে পুৱাৰে পৰা বিজুলী নাই৷ তথাপিও কাৰো মনত বা মুখত লেশমানো অসন্তুষ্টি নাই৷ সকলোৰে মনত উৎসুকতা৷ মই ‘কুল-কাৰ্ণিভেল’ লিখা পেকেটটোৰ ওপৰৰ ৰঙচঙীয়া কাগজখন লাহে লাহে গুচালো৷ যন্ত্ৰটোৰ মুল পেকেটটোৰ ওপৰত দুৰ্বোধ্য বিদেশী নাম এটা দেখা গ’ল৷ তলৰ ফালে তিনিটা ইংৰাজী শব্দ৷ মেড ইন চাইনা! পেকেটটো সাৱধানে খুলিলত অৱশেষত আকাংক্ষিত বস্তুটো মোৰ হাতত পৰিল! চৰকাৰী বিনামূলীয়া শীতল বতাহ প্ৰদান যন্ত্ৰ, মানে চৰকাৰৰ বৰমূৰীয়াজনৰ ফটো থকা বিচনী এখন!
☆★☆★☆
12:12 pm
হে প্ৰভু !! কিবা টুইষ্ট থকা গল্প যেন হৈ গ’ল। বঢ়িয়া !!
10:22 pm
ফিনিশ্বিঙটো তামাম লাগিল।
“আকৌ এবাৰ” জ্যোতিদাৰ ক্ষুৰধাৰ ব্যংগ
10:25 am
শেষৰখিনিয়ে তন্দ্ৰা ভাঙিলে। সাংঘাটিক লিখিলা। চুপাৰ্ব।
10:26 am
শেষৰখিনিয়ে তন্দ্ৰা ভাঙিলে। সাংঘাটিক লিখিলা। চুপাৰ্ব।
6:38 pm
ফটো থকা বিচনি। আৰু কি লাগে। এজ ইউজুৱেল- জে আৰ ডি ধামাকা!