ফটাঢোল

বিজি লাইফ – দুদু কুমাৰ দাদুল

আজিকালি মোৰ এক্কেবাৰে সময় নাই আকৌ! ৰাতিপুৱা চকু মেলাৰে পৰা ৰাতি চকুমুদালৈকে এনিটাইম বিজি। এতিয়া ভাবি বেয়াই লাগে, আগতে যে কিমান টাইম এনেয়ে লষ্ট কৰিলো। আগতে ৰাতিপুৱা সোনকালে বিছনা এৰো। নিজৰ কৰণীয়খিনি কৰি পাছৰখিনি সময় ঘৰুৱা দুই এটা কাম যেনে, গৰু এৰাল দিয়া, গোহালি চাফা কৰা, ঘৰ চাফা কৰা, নিজৰ কাপোৰ ধোৱা আদিবোৰ যি যেনেকৈ পাৰো টপাটপ্ কৰি নিজৰ কামত ওলাই যাওঁ।
কিন্তু আজিকালি নাই। নাই মানে এইবোৰ কৰিবলৈ সময়ো লাগিব নহয়। তাৰ পৰিবৰ্ত্তে, জলক-টবককৈ চকুকিটা মেলিলো। কাষত থাকেই নহয় ম’বাইলটো। ডাটা অন কৰিলো।(অৱশ্যে কেতিয়াবা অফ্ নহয়েই)। টিং,টংকে মেছেঞ্জাৰ, হোৱাটচ্ এপৰ মেছেজ টনবোৰ বাজিলেই নহয়। সেইবোৰত চকু ফুৰালো। কিছুমান মেচেজ ডিলিট কৰিলো, কিছুমানৰ ৰিপ্লাই দিলো। অৱশ্যে, সকলোবোৰ চোৱা নহয়েই। কিমান চাবা হে! যিমানবোৰ গ্ৰুপৰ মেম্বাৰ হৈ আছোঁ, সকলোতে এন্ট্ৰি মাৰিবলৈ হ’লে দিনটোৰ এফাল সময় এইবোৰতে যাব। এইবাৰ লাহেকৈ পাছৱৰ্ডটো টাইপ কৰি ফেচবুকত সোমালো। আচল জগত যেন এইখনহে, বাকীবোৰ সব নকল। প্ৰথমেই নটিফিকেচন চেক। এতিয়াহে গম পালো, মোৰ বহুতো ফ্ৰেণ্ডৰ বাৰ্থ ডে, মেৰিজ ডে আজিয়েই। ইনবস্কতে হ‌ওঁক বা টাইমলাইনতে হ‌ওঁক তেওঁলোকক উইছ কৰি শেষ হ’ল কি নহ’ল, শ্ৰীমতীয়ে চিঞৰ মাৰিলেই নহয়, বোলে মবাইলে টিপিয়েই দিনটো পাৰ কৰিবা নে অফিচ যাবা..? লৰালৰিকৈ বিছনা এৰি ম’বাইলটো চাৰ্জত লগাই বাথৰুমত সোমালো। গা ধুই থাকোতেই মনত পৰিল আজি মাডাৰচ্ ডে। তিতা গাৰেই গাত গামোচা এখন মেৰিয়াই মাৰ ফটোখনত ধুপ-চাকি জলালো। শ্ৰীমতীক বোলো এইটো পজতে মোক ফটো এখন মাৰি দিয়া হে। তেওঁ যেনিবা নিৰাশ নকৰিলে। লগালগ ফটোখন ফেচবুকত আপলোড কৰিলো। ফেচবুকৰ এইটো এটা ডাঙৰ সহায়। নহ’লে যে কিমানবোৰ ডে আমাৰ অলক্ষিতে পাৰ হ’ল হয়! মাক-দেউতাক, প্ৰিয়জনক এটা এটা বিশেষ দিনতহে যে আদৰ-সাদৰ, মৰম যাচিব লাগে এইবোৰ নজনাকৈয়ে জীৱনৰ আধা বয়স পাৰেই হৈছিল হেৰৌ!
টপাটপ ভাত দুগৰাহ মান গিলি এইবাৰ দৌৰাদৌৰিকৈ অফিচ গলো। ফেনখনৰ তললৈ চকীখন টানি লৈ কামত ধৰাৰ আগেয়ে অলপ ফ্ৰেচ হৈ ল‌ও বুলি জেপৰ পৰা ম’বাইলটো উলিয়ালো। অথনি দিয়া ফটোখনত বহুতে লাইক,কমেন্ট মাৰিছে। ময়ো থেংকিউ,ধন্যবাদেৰে ৰিপ্লাই দিছোঁ। বহতেই আকৌ হাঃ হাঃ ৰিয়েক্টো কৰিছে। এই ৰিয়েক্ট বস্তুতো মই বৰ ঠিক নাপা‌ওঁ। হেৰ’ মৰকেলেপহঁত ৰিয়েক্ট কৰি যে দায়িত্ব সামৰিছ, কমেন্টৰ নামত দুই চাৰিটা আখৰ লিখিব নোৱাৰনে! কামৰ মাজে মাজে মবাইল চোৱাতো আজিকালি অভ্যাসেই হৈ গৈছে। স্ক্ৰলড কৰি কৰি ফটো, পোষ্টবোৰ চাওঁ। ভাল পালেও আজিকালি আগৰ দৰে সবৰে পোষ্টত লাইক, কমেন্ট নামাৰো। অলপ ভব্য গব্য, সম্ভান্ত্ৰসকলৰ তাতহে মাৰো। বাকীবোৰত চকু ফুৰাই গুচি আহোঁ। মোৰ কিবা ৱেইট নাই নি..! অৱশ্যে গ্ৰুপবোৰৰ কথা বেলেগ। সেইবোৰত জনাই নজনাই কমেন্ট এটা মাৰো। নহ’লেনো মানুহে কেনেকৈ জানিব মই যে সৰ্বত্ৰে বিশাৰদ। এনেয়ে শ্লিপিং মেম্বাৰ হৈ লাভ কি..? এতিয়াও গ্ৰুপ এটাত কৰ্ম‌ই ধৰ্ম নে ধৰ্মই কৰ্ম – এইলৈ মহা বিৰ্তক এটা চলি আছে। যাওঁ, এইবোৰ লিখি থকাতকৈ তাতে ভাগ ল‌ওঁ, মোৰো এফ আৰ পি বুলি কথা এটা আছেতো!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *