পেখম – কাবেৰী মহন্ত
মীনাভাৱীৰ আচল ঘৰ ৰাজস্থানৰ টংক বোলা চহৰখনৰ এখন গাঁৱত। জয়পুৰৰ প্ৰায় গাতে লাগি থকা চহৰখনৰ বাহিৰে ভাৱীজীয়ে বেলেগ ঠাই ফুৰি পোৱা নাছিল সৌ সিদিনা লৈকে। যদিও ভাৱীজীৰ পতিদেৱে চাকৰিৰ নামত ভাৰতৰ যথেষ্ট স্থানত থকাৰ সুবিধা পাইছে তথাপিও ভাৱীক সদায় নিজৰ গাঁৱৰ ঘৰতে ৰাখিছিল৷ ছয় সাত মাহৰ মূৰত গাঁৱৰ ঘৰলৈ যোৱা ভাইচাহাবে তাৰমাজতে তিনিটা সন্তানৰ বাপেকীও হল অৱশ্যে! সম্ভৱ 13 -14 বছৰতে বিয়াত বহা ভাৱীজীৰ ডাঙৰটো লৰা পুতেক কম ভাইচাহাবৰ ভায়েক যেনেই লাগে। মীনাভাৱীকো মাকতকৈ বায়েক যেনহে লাগে।
সেই মীনাভাৱীয়েই টংক চহৰৰ চাৰিসীমা পাৰ হৈ দেৰাদুনলৈ থাকিবলৈ আহিল ভাই চাহাবৰ সৈতে বিয়াৰ প্ৰায় 20-22 বছৰৰ পাছত। প্ৰথম কেইদিনমান আচল মানুহজনীনো কেনেকুৱা আমি নেদেখিলোৱেই , নাকৰ তললৈকে আঁৰি থকা ঘুংগটৰ আঁৰত। মোৰ কচুগুটি ল’ৰাৰ পিছে পিছে ঘৰুৱা সাজেৰেই টেটুফালি ৰেচ লগাঁওতে অৱশ্যে খিৰিকীৰ পৰ্দাৰ ফাকত কাজলৰে বৈ পৰা দুটা চকুক মই কেইবাদিনো ধৰা পেলাইছোঁ। বছৰটোৰ দুটা নৱৰাত্ৰিৰ সময়ত আমাৰ পাকঘৰৰ পৰা যেতিয়া মাছ মাংসৰ সুগন্ধি ৰাতি 10 টাতো বিয়পে ,ভাৱীজীয়ে দুৱাৰ খিৰিকী বন্ধ কৰি লঘোণে ভোকে ব্ৰত পালন কৰি থাকে। আমিষৰ নামত লৰাছোৱালী কেইটাই কেক দুই এপিচ অৱশ্যে নোখোৱা নহয়৷
এনে গাঁৱলীয়া এজনী ভাৱীজী সোনকালেই আমাৰ দৰে চুবুৰীয়া আন্টিৰ আলোচনাত হিটলিষ্টত সোমাবলৈ বেছি দিন নালাগিল৷ ঝনঝনকৈ বজা খাৰু, ৰূপোৱালী পায়েল অথবা টানি টানি বেণী গুঠা চুলি আলোচনাৰ অন্যতম বিষয় হৈ পৰিল।দূৰৰ পৰা ঘাঘৰা দোপাত্তাৰে এটা চতুৰ্ভুজ যেনেই লাগিছিল মীনাভাৱীক ৷
পাছে পৰিৱৰ্তন অকল দেশতে নাহিল, আমাৰ মীনাভাৱীকো পৰিৱৰ্তনৰ বতাহে চুবলৈ বেছি দিন নালাগিল৷ আৰে, যদি ফেশ্বনৰ লগত সমানে খোজেই কাঢ়িব নোৱাৰে আজিকালিৰ আধুনিকতা বা স্মাৰ্টনেছ কেনেকৈ আহিব! ময়ূৰৰ ৰঙীন পেখম লগাই কাউৰীয়ে ধুনীয়া হবলৈ চেষ্টা কৰাৰ দৰেই ভাৱীজীৰ মনতো একতা কাপুৰৰ ফুলদানী যেন বোৱাৰীৰ চেহেৰাই খোপনি পুতিবলৈ ল’লে। কঁকাললৈকে পৰি থকা ঘোঁৰাৰ নেজৰ দৰে শুকান চুলি কেইদাল লেজাৰ কাটত, লেটেষ্ট কণ্ডিশ্যনাৰত ফেঁটী সাপৰ দৰেই জিলিকিবলৈ ল’লে। মোৰ উঁৱলি যোৱা নাইটিটো দেখি ভাৱীজীয়ে মোক কব পৰা হল.. “কিতনী গঁৱাৰ হ’ তুম!” আনহে নালাগে আগতে ফ্ৰীজৰ ভিতৰত শুকাই থকা কেপচিকামৰ দৰে ওঁঠ দুটা সতেজ কৰি জোঙা জোঙা প’জ দিব পৰা হল এতিয়া৷
ৰাজস্থানী দাল- বাটিৰ ঠাইত ভাৱীজীৰ ঘৰত কেক আৰু আন বেকাৰীৰ বিস্কুটে অনুপ্ৰৱেশ কৰিলেহি৷ কাৰোবাৰ এনে উন্নতিত চকুত কূটা সোমাবৰ দৰকাৰ নাই যদিও এদিন পুৱাই পুৱাই মোৰ আধাটোপনিৰ চকু মেল খাই গল এটি দৃশ্য দেখি! ডাকঘৰৰ পুৰণা লেটাৰবক্স এটা যেন আহি আছে .. ৰঙা টি চাৰ্ট আৰু পুতেকৰ হলঙা ৰঙা ট্ৰেকিং পেন্টত সেইয়া আমাৰ মীনাভাৱী ! অ’ আই জগিং কৰিছে কাণত মোবাইলৰ হেড ফোন ..ইটছ্ মাই লাইফ!
ইতিমধ্যেই ঘৰুৱা সকলো কাম কামৱালী বাই মঞ্জুৰ হাতত সঁপি দি হাতৰ আঙুলি আটোমটোকাৰীকৈ ৰখা ভাৱীজীৰ জকমকীয়া জীৱন অকল তেঁৱেই যে উপভোগ কৰিছিল সেইয়া নহয়, আমাৰো আলোচনাবোৰ দিনক দিনে ৰসাল হৈ গৈ থাকিল। দুয়োপক্ষই প্ৰায় আঁঠ/ ন মাহ লাভতে থাকিলোঁ। বেচেৰা ভাইচাহাবে ঘৰৰ মানুহ অহাটো প্ৰায় বন্ধই কৰি দিয়ালে। ক’ত ঘুংগটৰ তলৰ এবছৰৰ আগৰ মীনাভাৱী আৰু ক’ৰ বৰ্তমানৰ চিত পখিলী মীনাকুমাৰী!
দুদিনমান মীনাভাৱীৰ কামকৰা বাই ছুটিত আছিল মানে আমাৰো চিগনেলৰ গণ্ডগোল৷ আমাৰ আলোচনাও ভাৱীজীৰ অবিহনে বেলেগ বিষয়বস্তু হ’ল। চাৰিদিন মানৰ পাছত মঞ্জুবাইৰ পৰা গম পালোঁ মীনা ভাইচাহাবৰ ট্ৰেন্সফাৰ আহিছে এইবাৰ একেবাৰে দক্ষিণৰ ৰাজামুন্দ্ৰীলৈ ৷ মানুহজনী বোলে দুদিনমান বিচনাৰ ওপৰতে বহি আছে। মন একেবাৰে বেয়া৷ নিজৰ মানুহজনৰ লগতো ভালদৰে মাতবোল নাই কৰা ৷ এইকেইদিন খাটি ৰাজস্থানী খানা বনাইছে বোলে ঘৰত৷ বেয়াও লাগিল , এঠাইত মন বহাৰ পাছত আকৌ আন এঠাইত গৈ নতুনকৈ ঘৰ পতা সহজো নহয়।
চুবুৰীয়া হিচাপেই চেগ বুজি ভাৱীজীক মাতষাৰ দিলোঁগৈ এদিন৷ আচলতে কথানো কি সেইয়াও জানিবৰ বাবে উকমুকাই আছিল। লোকৰ ঘৰৰ কথা খুচৰি লোৱা মজাই বেলেগ! গা-মূৰ ভালনে বুলি সুধিবলৈ পালোঁহে ভাৱীজীৰ চকু প্ৰায় চলচলীয়া হ’ল। কি হ’ল এইবাৰ অলপ আন্তৰিকতাৰেই সুধিললোঁ ,উত্তৰটোহে পাই হাঁহিম নে কান্দিম ধৰিব নোৱাৰিলোঁ নিজেই৷ ট্ৰেন্সফাৰ অহাৰ বাবে ভাৱীৰ মনটো অকনমান বেয়া নলগা নহয় কিন্ত ভাইচাহাবৰ এটা সিদ্ধান্তই বোলে ভাৱীৰ গোটেই মনটোৱেই মাৰি পেলাইছে৷ মীনাভাৱীৰ আধুনিকতাৰ চমকে আচলতে ভাইচাহাবৰ চকু একেবাৰে চাঁত মাৰি ধৰিলে সেয়ে এইবাৰৰ পৰা ট্ৰেন্সফাৰত লগত লৈ নাযায় আৰু ভাৱীক। মানে মীনাভাৱীৰ জীৱন বেক টু পেভিলিয়নৰ দৰেই হল!
বেচেৰী মীনাভাৱী, এবছৰীয়া ৰঙীন জীৱন সামৰি গাঁৱলৈ যাবলৈ ওলাইছে ,কাপোৰ কানিৰ নামতে কমখন টকা উৰিল নে! পাৰ্লাৰৰ খৰচ সোপা আছেই! ঘৰত আহি এঁওক কথাটো কৈ অলপ ভাইচাহাবৰ বাবে দুখো কৰিলোঁ, আকৌ বৰলাৰ দৰে খানাপিনা নিজে বনাই খাব লাগিব৷ পিছে আচল কথাটো এঁওহে ক’লে, মানুহজনে বোলে একেবাৰে ভৰিয়ে হাতে ধৰি ট্ৰেন্সফাৰ অৰ্ডাৰ উলিয়াইছে হেনো!!
☆★☆★☆
11:04 am
বহুত সুন্দৰ হৈছে । লিখাত হাত আহিছে যেতিয়া থমকি নৰবি । অহা মাহত নতুন সোৱাদৰে সৈ তে পঢ়িবলৈ বাট চালো ।
12:14 am
উৎসাহ আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ ৷
11:05 am
বহুত সুন্দৰ হৈছে । লিখাত হাত আহিছে যেতিয়া থমকি নৰবি । অহা মাহত নতুন সোৱাদৰে সৈ তে পঢ়িবলৈ বাট চালো ।
11:52 am
খুউব ভাল লাগিল কাবেৰীবা। ☺️
12:15 am
বহুত ধন্যবাদ নীলাক্ষী ৷
11:54 am
ভাল লাগিল
12:16 am
ধন্যবাদ পঢ়াৰ বাবে ৷
7:28 pm
নামে সহ বৰ সুন্দৰকৈ কাহিনীটো আগবঢ়ায় নিলা। কাহিনীৰ লগত ৰজিতা খোৱাকৈ শিৰোনাম সঁচায়ে আকৰ্ষণীয়। বহুত ভাল লাগিল পঢ়ি।
12:17 am
ইমান ধুনীয়া কমেণ্টৰ বাবে বহুত ধন্যবাদ গীতিকা
9:19 am
বেচেৰী মীনা ভাৱীলৈ দুখ লাগিল। ফৰ্মত আহিছিল মাত্ৰ ৰাণ আউট কৰি পেভিলিয়নলৈ পঠিয়াই দিলে। ভাল লাগিল বাইদেউ।
12:18 am
হা হা ভাইজান , ক্ৰিকেটৰ হাৱাত উৰি গল
9:22 am
ঝাকাছ কাবেৰী! ইমান যে ভাল লাগিল তোমাৰ মীনা ভাৱীক৷ কমখন শোক পাইছেনে বেছেৰী৷
আৰু তোমালোক! কি কম আৰু৷ মাই হাৰ্ট গ’জ টু মীনাভাৱী৷
12:20 am
হা হা দাদা আকৌ মাতি পঠাম বাৰু ৷ পঢ়াৰ বাবে বহুত ধন্যবাদ থাকিল দাদা
10:46 am
হাঃ হাঃ।বেচেৰী মিনা ভাবি।বৰ ভাল লাগিল বা।
12:20 am
বহুত ধন্যবাদ ডলী
11:01 am
বৰ ভাল লাগিল । লিখি থাকিব।
12:21 am
ধন্যবাদ বাইদেউ
12:53 pm
বেচেৰী মীনা ভাবী।
খুব ভাল লাগিল পঢ়ি। তোমাৰ কথনশৈলী বৰ সাৱলীল
12:22 am
ধন্যবাদ পঢ়াৰ বাবে ৷ চেস্টাহে চলাই আছোঁ লিখাৰ , তোমাৰ দৰে বৃদ্ধৰ আশীষ সদায়ে শিৰত
2:38 am
মীনাভাৱীৰ দ্বিতীয় ইনিংচলৈ বাট চালো৷ লিখৌ জল্দি, পঢ়িবলৈ বৰ বঢ়িয়া হৈছে
3:38 pm
ধন্যবাদ ৷ দ্বিতীয় ইনিংছ তই লিখ
10:09 am
Bor roxal hoise likhoni tu…hanhibo parilu bohut. Bohut dhanyabad thakile.. -ajir din tu xubho arombhoni hol ai “pekhom” ere ❤❤
3:39 pm
বহুত ধন্যবাদ পলাক্ষী ৷ পঢ়িলি যে !
3:07 pm
হাঁয়ৰে মীনাভাৱী