ফটাঢোল

শাহু-বোৱাৰী – জোনমণি বৰুৱা ডেকা

(১)
আধুনিকা বোৱাৰীজনীক শাহুয়ে নাপায় ভাল
নিপিন্ধে তাই চাদৰ মেখেলা বৰ হেনো আহুকাল
বন্ধনত লৈছে লোন
হাতত ডাঙৰ ফোন
চুৰিদাৰ পিন্ধি স্কুটি চলাই দিয়ে মাথো ‘চাল’।

(২)
আধুনিকা বোৱাৰীয়েকে নকৰে ঘৰৰ কাম
শাহুয়েকে তাকে দেখি বোলে ৰাম ৰাম
কি যে দিন কাল
মনে মনে থকাই ভাল
বোৱাৰীয়ে বোলে ‘এওঁ-মই আজি ৰেষ্টুৰেন্টতে খাম’।

(৩)
মহিলা সমিতিৰ প্ৰেছিডেন্ট তেওঁ সমাজত আছে নাম
বোৱাৰীজনীয়ে দিনৰ দিনটো ঘৰৰ কৰে কাম
মেলে মিটিঙে দিয়ে ভাষণ
নিজৰ বোৱাৰীক কৰে শোষণ
নাৰীবাদী ভাষণেৰে নিজৰ বঢ়াইছে মান।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *