নামজ্বলা কবি – নিৰ্মালী বৰমুদৈ
: মোকো লাগিব বিষয়বাব। মইয়ো ইউনিয়ন বডীত থাকিব বিচাৰোঁ।
: চা, নিবিড়….আমাৰ ইতিমধ্যে সকলো কেইটা পদত প্ৰাৰ্থী ফাইনেল হৈ গৈছে। ক্লাছ টেইনৰ বাইদেউ কেইজনীয়ে আহি সকলো ঠিক কৰিছে। গতিকে আমি নিজেই একো কৰা নাই।
: মই সেইবোৰ নাজানো, মুঠতে মোকো এটা পদ লাগিব। মইতো ইমান এক্টিভ। স্কুলৰ সকলো অনুষ্ঠানতে সহযোগ কৰি আহিছো
: অকল আলোচনী বিভাগৰ পদটো খালী আছে, কিন্তু তই দেখোন একো লিখা মেলা নকৰই
: হ’ব তেন্তে। মই আলোচনী বিভাগতে উঠিম। মুঠতে মই ইউনিয়ন বডীত থাকিব লাগে।
– এইয়া আছিল মোৰ হাইস্কুলৰ ইউনিয়ন বডীৰ ছিলেকচনৰ সময়ৰ কথোপকথন। কোনোদিনে ‘অকণে আনে অমিতা’ টাইপৰ কবিতা এটা লিখি নোপোৱা মইজনী স্কুল আলোচনীৰ সম্পাদিকা! যিহৰ বাবতেই নাথাকো কিয় মুঠতে ইউনিয়ন বডীত থাকিব লাগে। নিজৰ প্ৰেষ্টিজ বুলি কথা এটাও আছে। বেলেগ ছোৱালীতকৈ লেবেল অকণো বাঢ়িব।
সময় আহিল মেগাজিন ছপোৱাৰ। সম্পাদকীয় লিখাৰ দ্বায়িত্ব। কি কৰোঁ নকৰোঁ ভাবি গুণি ওচৰৰ শিক্ষক খুৰাজনৰ ওচৰলৈ গ’লো। পাকে প্ৰকাৰে কথাৰ সাগৰত ভোল নিয়াই সম্পাদকীয়টো লিখাই আনিলো।
সময়ত আলোচনী ওলাল। আলোচনী সম্পাদিকাৰ প্ৰশংসাই গোটেই স্কুল ৰজনজনাই গ’ল। এনেদৰেই হাইস্কুলত মই সাহিত্য চৰ্চাৰ প্ৰথম খোজ পেলালো। এই বেলেগৰ কান্ধত বন্দুক থৈ মোৰ যি সাহিত্য চৰ্চা আৰম্ভ হ’ল তাৰ পিছৰ পৰা কেতিয়াও থমকিব লগা হোৱা নাই। কলেজতো মোৰ জনপ্ৰিয়তা কমা নাছিল। ইয়াৰ অন্য এক পৰিপূৰক আছিল মোৰ সুন্দৰ চেহেৰাটোও।
সুন্দৰৰ অধিকাৰী হোৱাৰ কাৰণে অতি সহজতেই পুনৰবাৰ কলেজত মেগাজিনৰ চেক্ৰেটেৰী বাবতো মোৰ নামত জাৰী হ’ল। প্ৰায়বোৰ ল’ৰাই মোক প্ৰেমিকা হিচাপে ল’বলৈ বিচাৰিছিল। কিন্তু মই আছিলো সাংঘাতিক স্বাৰ্থপৰ। মই জানিছিলো এলাই জাবৰি টাইপৰ ল’ৰাৰ লগত প্ৰেম কৰিলে মোৰ একো লাভ নহব। মই বিচাৰি আছিলো সাহিত্য সাধনা কৰা অলপ আবেগিক ল’ৰা। সেইসময়ত কলেজখনত গুঞ্জন নামৰ ল’ৰা এজনৰ কবিতাবোৰে ছোৱালীবোৰৰ মাজত খলকনি তুলিছিল। বচ…..মোৰ এতিয়া মিশ্যন কেৱল গুঞ্জনক প্ৰেমৰ জালত পেলোৱা। এজ ইউজুৱেল মোৰ সুন্দৰতা আৰু ভগবান কি দয়া চে আকৌ এবাৰ মোৰ জয় হ’ল। এতিয়া কলেজৰ নীলিম কুমাৰ ৰূপী গুঞ্জন মোৰ প্ৰেমিক। প্ৰেমৰ মিঠা মিঠা কথাৰে ইতিমধ্যে মই গুঞ্জনৰ বিশ্বাস জিনিবলৈ সক্ষম হৈছিলো। গুঞ্জনে কবিতা লিখি দিয়ে আৰু সেয়া মই নিজৰ নামত প্ৰকাশ কৰি বিভিন্ন কাকত, আলোচনীলৈ পঠিয়াবলৈ লৈছিলো। কলেজৰ প্ৰাচীৰ প্ৰত্ৰিকাৰ পৰা আৰম্ভ কৰি আলোচনীৰ এডিটৰিয়েললৈকে সকলোতে মোৰ সাহিত্যই বিশেষ প্ৰশংসা বুটলিবলৈ আৰম্ভ কৰিছিল। মোৰ এই সফলতাৰ আঁৰৰ ব্যক্তিজন গুঞ্জন বুলি কাকো ভূ পাবলৈ দিয়া নাছিলো। গুঞ্জনেও কাকো কোৱা নাছিল একমাত্ৰ সুন্দৰী প্ৰেমিকাৰ বিশ্বাসৰ তাগিদাত।
এনেকৈ দিনবোৰ গৈ আছিল। সাহিত্য চৰ্চাত মোৰ নাম দোপতদপে আগবাঢ়িব ধৰিলে। মোৰো অলপ অহংকাৰ বোৰ বাঢ়িব ধৰিলে। ভগবানে সঁচাকৈ যেতিয়া লগ দিয়ে সকলোফালৰ পৰা সুখবোৰে বেৰিকুৰি ধৰে। সকলোকে আচৰিত কৰি মোলৈ সাহিত্য চৰ্চাৰ অন্যতম বিৰল সন্মান-”২০১৮ বৰ্ষৰ নৱপ্ৰজন্মৰ বৰ্ষশ্ৰেষ্ঠ কবি- নিবিড় প্ৰিয়ম”।
মই এতিয়া ভীষণ ব্যস্ত সাহিত্য জগতখনৰ লগত। কৰবাত যদি গ্ৰন্হ উন্মোচনীত ভাগ লৈছো, আকৌ ক’ৰবাত কবি সন্মিলনীত অংশগ্ৰহন কৰিছো। মুঠৰ ওপৰত মোৰ এতিয়া বেলেগ কামৰ কাৰনে সময় নাই, কাৰণ মই এতিয়া অসমৰ এগৰাকী নামজ্বলা কবি- “নিবিড় প্ৰিয়ম”!
☆★☆★☆
2:17 pm
সুন্দৰ হৈছে নিৰ্মালি