ফটাঢোল

অথ: চুমি সংবাদ – ময়ূৰী দত্ত

চুমি মানে মোৰ মানুহজনী ভালেই, পৰিয়াল, ওচৰ চুবুৰীয়াই শলাগিলে মোৰ বুকু ফুলি যায়। তাইক নকওঁ বাৰু। কেতিয়াবাহে তাই “নাৰীবাদী” কাম কিছুমান কৰে যিবোৰ মোৰ তেজপুৰ ইউনিভাৰ্ছিটীৰ পৰা এমবিএ কৰা মগজুৱে ঢুকি নেপায়।

এই ধৰক কালি “ৰিলায়েঞ্চ”লৈ গ’লো ল’ৰাটোৰ গৰমত পিন্ধা স্পৰ্টিং কিনিবলৈ। যাওঁতেই চুমিক শুনাই গৈছো যে অহামাহত ল’ৰাৰ স্কুল ফীজৰ দ্বিতীয় কিস্তি দিবলৈ আছে গতিকে কিবা আইটেমত ডিচকাউণ্ট দিলেও সেইফালে যাতে মন নকৰে। হ’লে কি হ’ব লেডীজ চেকশ্যনত পাক নমৰাকৈ ওলাই নাহে জানোৱেই। ঘূৰি ঘূৰি কুৰ্টা কেইটামান ট্ৰাই কৰিলে। কোনোমতে ধৈৰ্য ধৰি আছো, চাইছেহে, চাওক, নিকিনে যেতিয়া। পিছে এটাত মন খালেই নহয়, চাইজটোহে ডাবল এক্স এল। চেলছবয়ে ক’লে যে মিডিয়াম চাইজ নাই। মোৰ মন মে লড্ডু ফুটা। পিছে চুমিয়ে এবাৰ পচণ্ড হোৱা বস্তু হাতৰ পৰা এৰি নিদিয়ে (যেনেকৈ মোক নেৰে!)। তাই সেইটোকে ল’লে, ঘৰত নিজেই ফিটিং কৰি ল’ব। বিয়াত মাকৰ ঘৰৰ পৰা অনা চিলাই মেচিনটো কি কামত লাগিবনো বুলি মোক শুনালেও। হ’ব এহেজাৰ টকালৈ ১০১ টকা কম বুলি নিজকে সান্ত্বনা দিলো। এনেকৈ নিজক শান্ত্বনা দিব জনাটো বিয়াৰ পিছত শিকি লৈছো।

শ্বপিং মলত তিনি চাৰি ঘণ্টা ঠিয় হৈ আকৌ পাকঘৰত ঠিয় হ’বলৈ কষ্ট বুলি বুজো। তিনিওটাই বাহিৰতে খালো ৰাতিৰ সাজ। মুঠতে বাজেটৰ বাহিৰত ১৫০০ টকা। তাত থাকোতেই আন এটা মলৰ পৰা ফোন আহিল “ছাৰ আপোনাৰ গিফ্ট ভাউচাৰৰ কাইলৈ লাষ্ট ডেট।” কোন কাহানিতে পাইছিলো পাহৰি গৈছিলো। গিফ্ট ভাউচাৰ ল’বলৈও কিবা কিনিবতো লাগিব। নেযাওঁ বুলি ঠিক কৰিলো। চুমিকো নক’লো। পিছে চুমিৰ এইবোৰ কথাৰ হিচাপ ঠিকেই থাকে।

পিছদিনা ৰাতিপুৱাই সোঁৱৰালে-“অফিচৰ পৰা আহোঁতে সোমাই আহিবা।

“ৰক্ষা!” – নক’লে যে মোক লৈ যাবাহি বুলি।

“কিনো কিনিবা। মোলৈকে গৰমত পিন্ধিব পৰা কুৰ্তী আনিবা। হোৱাটছ এপত ফটো দিবা।”

আকৌ কুৰ্তা! হেঁপাহ নপলাই এই মাইকী মানুহবোৰৰ। অৱশ্যে মুখ ফুটাই কৈ দিনটো বৰ্বাদ কৰাৰ সাহস নাই।

মান্থ এণ্ডিং। টাৰ্গেটৰ পৰা শত যোজন দূৰৈত। বচে ভয় খুৱাইছে এনেকৈ কুৰ্ম অৱতাৰ ধাৰণ কৰিলে সময়ত দৰমহা নহ’ব। ইফালে ঘৰৰ বচে মই ফোন নধৰাত হোৱাটছ এপত ৰিমাইণ্ডাৰ মাৰি আছে গিফ্ট ভাউচাৰৰ। গৰমত বেঙুনীয়াটো হৈ সোমালোগৈ মলটোত। গিফ্ট ভাউচাৰ আকৌ কেইটামান বিৰল চাইজৰ ওপৰতহে এপ্লিকেবল হয়। ধামধুম ফটো তুলি পঠিয়ালো চুমিলৈ। দুটা পচণ্ড কৰিলে। তাৰ ভিতৰত যিটো মোৰ পচণ্ড হয় সেইটোকে ল’বলৈ ক’লে। উস! আকৌ মোকে ফচালে। ১০০০ টকাৰ বস্তু কিনিলে গিফ্ট ভাউচাৰৰ বাবে ৫০০ টকা ৰেহাই। চুমিয়ে পচণ্ড কৰা এটাৰ দাম ১২০০, মিডিয়াম চাইজ। আনটোৰ দাম ১০০০, কিন্তু চাইজ এক্স এল। ২০০ টকাৰ পেট্ৰলেৰে কেইকিল’মিটাৰ যাব পাৰিম হিচাপটো কৰি এক্স এল চাইজৰটোকে ল’লো। চিলাই মেচিনটো ঘৰতে আছে। কালিৰটোৰ দৰে এইটোও ফিটিং কৰি ল’ব। পিচে ঘৈণীৰ ওচৰত মতা মানুহৰ বুদ্ধিমত্তাই স্বীকৃতি পাব জানো এইখন পৃথিৱীত। চুমি গৰগৰাই উঠিল।ফেঁট তুলি উঠিল আচলতে -“তুমি মোক ইমান শকত বুলি ভাবানে?” ঔ আই বিচুটি। সপোনো দেখিব নোৱাৰোঁ তেনেকৈ। মৰসাহ কৰি ক’লো ” তুমি দেখোঁন কালি নিজে ডাবল এক্স এল আনিছা।এইটোওটো পচণ্ড কৰিছা। সৰু কৰি ল’বা।” “দিনৰ দিনটো গেবাৰী খাটি আকৌ মই দৰ্জীও হ’ম? ” আজি ল’ৰাই স্কুলৰ প্ৰজেক্টত নিৰ্ঘাত ‘বি’ পাইছে, সেইবাবে ইমান ৰাগ ঐ। ” কিন্তু কালিৰটো দেখোঁন তুমি নিজে চিলাবা বুলিলা” – ময়ো উকীলৰ জোঁৱায়েকহে। “কালি মই কিনিছিলো, মই … ” বুকুত চপৰিয়াবলৈহে বাকী ” তুমি কিয় কিনিবা ভুল চাইজৰ। ইটো কিয় নল’লা? ” ২০০ টকা বচাই ইমপ্ৰেছ কৰিবলৈ নিজেই সঁচা কথাটো কিয় ক’লো ভাবি ঘামত তিতি অহা চুলিকেইডাল চিঙি দিওঁ যেন লাগিল। “মই যি কৰোঁ কৰিম, একেটা কাম তুমি কিয় কৰিবা? ” মানে তেওঁ যি কৰে সদায় শুদ্ধ, একেটাকে মই কৰিলে কিন্তু ভুল। গিৰিয়েকৰ কাম আৰু কথাবোৰ সদায় যে ভুল বিয়াৰ ইমান বছৰৰ পিছতো সদায় বুজি বুজিও পাহৰি যাওঁ কোনোবা পাকত। পত্নী সদায় শুদ্ধ। এহ নহয় পৃথিৱীৰ সকলো নাৰী সদায় শুদ্ধ। অথনি মলৰ ছেলছ গাৰ্লজনীয়েও কৈছিল – “ছাৰ, ডাঙৰ চাইজৰ কুৰ্টী নিলে মেডামে আপোনাক খং কৰিব।”

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *