ফটাঢোল

উপহাৰ–ঈশান জ্যোতি বৰা

বিঃদ্ৰঃ অনুগ্ৰহ কৰি বিয়ালৈ আহোঁতে কোনোধৰণৰ উপহাৰ যাতে লগত লৈ নাহে৷ আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷

-“ৱাঃ! ৱাঃ! দেখিলানে আনন্দী! দেখিলা! এইয়াহে আধুনিক যুগৰ আধুনিক মনৰ মানুহ! ‘আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ’- সজ! একেবাৰে সজ কথা দেই৷”

৩৪২ নং পদুমনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আত্মাৰাম গোস্বামীৰ সুপুত্ৰী কৃপালিনী গোস্বামীৰ শুভবিবাহৰ নিমন্ত্ৰণী পত্ৰখনৰ শেষৰ শাৰীকেইটা পঢ়ি নিধিৰাম কলিতা অভিভূত হৈ পৰিল৷

-“হেৰা শুনিছানে নাই! চোৱাহিচোন৷ উপহাৰ দাঙি দাঙি বিয়া খাই ফুৰোতেই গোটেই জনমটো পাৰ হ’ল৷ অসমীয়া সমাজখনৰো কি অদ্ভুত পৰম্পৰা! লগত নিয়া উপহাৰটোৰ আকাৰ-প্ৰকাৰ চাইহে তেওঁলোকে অতিথিক সোধ-পোচ কৰে৷ সেই যে দধিৰাম বৰপূজাৰীৰ পুতেকৰ বিয়াখনত কি হৈছিল, তোমাৰ মনত নাইনে! মোৰ হাতত কিতাপখন দেখা পাই মোকতো পোনচাটেই নেগলেক্ট! দুই-তিনিঘণ্টা বিশ্বকৰ্মা মূৰ্তিটোৰ দৰে বহুৱাই ৰাখিলে৷ যেতিয়া খাবলৈ সোমালোঁ, তেতিয়া পেটৰ কেচু-কুমতি মৰি সকলো আদায় হৈছিল৷ একো এটা মুখলৈ নিব নোৱাৰিলোঁ৷ এইখনত সেইবোৰ লেঠা নহ’ব যেন লাগিছে৷ তেওঁলোকে চিধাচিধিকৈ উপহাৰ নিনিবলৈ আমাক সকীয়াই দিছে৷ হেৰা আনন্দী, বোলো কথাবোৰ গৈ কাণত পৰিছেগৈনে নাই তোমাৰ? হেৰা…”

-“কিয়নো টেঁটুডাল ফালি চিঞৰি মৰিছে !”

কলিতাৰ সংলাপ আধাতে কাটি হাতত কটাৰী এখন লৈ তেনেতে কলিতানীৰ প্ৰৱেশ৷

-“পাকঘৰৰ ভিতৰতেনো কিমান সোমাই থাকিবা আৰু! বাহিৰলৈ আহি চোৱাহিচোন৷ পৃথিৱীখনত কিমান ভাল ভাল মানুহ আছে! তেওঁলোকৰ মহান কৰ্ম-কীৰ্তিৰ কিবা সম্ভেদ পোৱা জানো! গতিকে দুৱাৰদলিতে ৰৈ নাথাকিবা৷ আগুৱাই আহা৷ আগুৱাই আহা৷ কম খৰচতে এখন সুন্দৰ বিয়া খাবলৈ আগুৱাই আহা৷ মইতো কওঁ এইবাৰ তোমাৰ কপাল ফুলিল৷”

দুৱাৰদলিৰ পৰা এখোজ-দুখোজকৈ কলিতাৰ দিশে আগুৱাই অহা কলিতানীৰ চকুত চকু থৈ, মূৰটো সোঁৱে-বাঁৱে লৰাই শ্ৰীযুত কলিতাই ক’বলৈ ধৰিলে,

-“বহুদিনৰ মূৰত এখন বিয়া খাবলৈ সুবিধা পাইছা বুজিছা! তাকো উপহাৰ-টুপহাৰ একো নালাগে৷ দেখ দেখকৈ তোমাৰ হাজাৰ-বাৰশ টকাৰ খৰচটো নাইকিয়া হ’ল৷ দোকানে-দোকানে গৈ ‘গিফ্ট্’ বিচৰাৰ আমনিদায়ক কামফেৰাৰ পৰাও তুমি নিস্তাৰ পালা৷ বিনা পইচাতেই চাৰিওটা মানুহে গৈ পেটটো ভৰাই আহিবগৈ পাৰিম৷ মুঠৰ ওপৰত লাভেই লাভ৷ বিয়া অহা সপ্তাহতেই৷ গতিকে এই দুদিন মাছ-মাংস নিকিনো৷ একেবাৰে বিয়াঘৰতে গৈ উদৰ পূৰাই খাম৷ নে কি কোৱা !”

চিঠিখনত বিয়াৰ দিন-বাৰটোৰ ওপৰত পুনৰ এবাৰ চকু ফুৰাই কলিতাই শ্ৰীমতীৰ সহাঁৰিলৈ বাট চালে৷

-“ছি: কটা! কেনেকুৱা মানুহ ঔ! হেৰি, আপুনি বকাসুৰ নে মহিষাসুৰ! লাজো নাপায় নে তেনে এষাৰ কথা মুখেৰে ক’বলৈ! গিফ্ট্-চিফ্ট্ একো এটা লগত নিনিয়াকৈ এই মানুহটো বিয়া খাবলৈ ওলাইছে চাহঁত ঔ! তাতে কইনাৰ ভনীয়েকে আমাৰ কমলৰ লগতে পঢ়ে৷ মনৰ উছাহত লিখিলেই যেনিবা তেওঁলোকে তেনেকৈ৷ সেইবুলি আগ-গুৰি একো নাভাবি কেৱল নিজৰ মুখকেইখন দেখুৱায়েই বিয়াৰ পোলাও-মাংস-মিঠাইবোৰ পেটত ভৰাই আহিবগৈনে! আপুনি গ’লে যাব৷ মোক পিছে লগ নধৰিব৷ আগতে ভাল-দামী গিফ্ট্ এটা আনক৷ তাৰ পিছতহে বিয়ালৈ যাম৷ অসমীয়া পৰম্পৰাৰ ওপৰত ফটা লেকচাৰ! থৈ দিয়ক হে!”

খঙতে কথাকেইষাৰ কৈ কলিতানী পাকঘৰৰ দিশে আগুৱাই গ’ল৷

-“তুমি নোযোৱা থাকিবা! মই পিছে এনে এখন ব্যতিক্ৰমী বিয়াৰ সোৱাদ এৰি দিয়াত নাই৷ ৱাঃ! আমাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷ কি মহানুভৱতা! কি উদাৰতা! কি সাধুতা! গোস্বামী ছাৰ মানুহজনৰ বিষয়ে শুনিছিলোহে৷ তেখেতৰ মহানতা এইবাৰ স্বচক্ষে দেখিলো৷ ধন্য হে পূন্যাত্মা! ধন্য আপুনি! ধন্য আপোনাৰ চিন্তাধাৰা!”

-“হেৰি! কিনো ধন্য ধন্য কে টেঁটুফালি আছে হে? ইমানেই যদি ভাল লাগিছে তেন্তে তেওঁলোকৰ ঘৰলৈ এতিয়াই যাওক আৰু বাটৰ কুকুৰৰ দৰে নেগুৰপেলাই পৰি থাককগৈ৷”

কলিতানীয়ে পাকঘৰৰ পৰাই কলিতালৈ ব্ৰহ্মাস্ত্ৰবাণ এৰিলে৷

-“তুমি মোক কুকুৰ বুলিলা৷ বকাসুৰ, মহিষাসুৰো বুলিলা৷ বোলা বুজিছা৷ যি মন যায় তাকে বোলা৷ কুকুৰ, ছাগলী, গৰু আদিকে ধৰি যিমানবোৰ পশু-পক্ষী আছে সেই সকলোবোৰৰ নামেৰেই তুমি মোক মাতা৷ মোৰ গাত সেইবোৰ একো কথায়েই নালাগে৷ মুঠৰ ওপৰত এনে এখন ব্যতিক্ৰমী, অগতানুগতিক বিয়াৰ সোৱাদ ভাৰতীয় নাগৰিক শ্ৰীযুত নিধিৰাম কলিতাই লৈহে এৰিব৷ ৱাঃ! আমাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷ ৱাঃ ৱাঃ!”

গোস্বামী ছাৰ আৰু তেওঁ পৰিয়ালৰ মহানুভৱতাক হাজাৰবাৰ ৱাহ ৱাহ জনায়েই নিধিৰাম কলিতা ক্ষান্ত নাথাকিল, বিয়াৰ আগদিনালৈকে বজাৰে-ঘাটে চিনাকি মানুহ দেখিলেই তেওঁ সেই ব্যতিক্ৰমী নিমন্ত্ৰণী পত্ৰখনৰ প্ৰসংগ টানি আনে আৰু গোস্বামী ছাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷

আকাশখন ফৰকাল৷ তাতকৈয়ো ফৰকাল আজি কলিতাদেৱৰ মনটো৷ কাৰণ আজিয়েই সেই বহুপ্ৰত্যাশিত বিয়াখন৷ অৱশ্যে, হাতত কোনো উপহাৰ নোলোৱাকৈ বিয়ালৈ যাবলৈ ওলোৱা কথাটো গম পাই শ্ৰীমতি কলিতা আৰু সন্তানহালে বিয়াখন ‘বয়কট্’ কৰাৰেই সিদ্ধান্ত ল’লে৷

-“আপোনাৰ নাক-কাণ নাথাকিব পাৰে৷ মোৰ আছে৷ গতিকে, যাওক ঢোলৰ দৰে আকৃতিৰ পেটটো কঢ়িয়াই বিয়াখন খাই আহকগৈ৷ মই মহিলা-সমিতিৰ মিটিঙলৈ যাওঁ৷”

ভেঁকাহি মাৰি কলিতানী ওলাই গ’ল৷

-“তুমি কেনেকুৱা টাইপৰ মানুহ! মানুহ বাৰু এনেকৈ বিয়া খাবলৈ যায় নেকি! আৰে, সিহঁতে কথাটো চিৰিয়াচলি লিখা নাই৷ জাষ্ট ফৰমেলিটি মেইনটেইন কৰিবলৈ সেইবোৰ লিখিছে৷ তুমি জানানে, এইবোৰো আজিকালি এক টাইপৰ গ্লেমাৰ৷ শ্ব’ অ’ফ!”

আধুনিক জীৱন-শৈলীৰ লগত অভ্যস্ত জীয়েকে কলিতাক বাৰম্বাৰ বুজালে৷ পিছে ব্যতিক্ৰমী বিয়াখনৰ সম্বন্ধে কলিতাৰ মনত জমা হোৱা ধাৰণাটোক জীয়েকেৰ মহামূল্যৱান জ্ঞানৰ আলোকে স্পৰ্শ কৰিব নোৱাৰিলে৷ নিৰাশ হৈ জীয়েক বান্ধৱীহঁতৰ লগত ওলাই গ’ল৷

-“কৃপালিনী বাইদেউৰ ভনীয়েক মোৰ ভাল বন্ধু৷ কিন্তু তথাপিও মই বিয়া খাবলৈ নাযাওঁ৷ কাৰণ, মানুহৰ ইনচাল্ট খাবলৈ মোৰ অকণো ইচ্ছা নাই৷ গিফ্ট নিদিয়াকৈ মানুহ বিয়া খাবলৈ যায় ! একেবাৰেই লাজলগা কথা!”

পুতেকেও বাপেকক বিদ্ৰুপ কৰি ঘৰৰ চৌহদৰ বাহিৰ হ’ল৷

ভাল কামলৈ ওলালে বাধা-বিঘিনি আহেই৷ কিন্তু সেইবুলিয়েই ভাল কাম নকৰাকৈ থাকিবানে?-কোন দাৰ্শনিকে কোন সময়ত কথাষাৰ কৈছিল কলিতাৰ এইমুহূৰ্তত ঠিক মনত পৰা নাই৷ কিন্তু সাৰুৱা কথাষাৰৰ মৰ্মাৰ্থ উপলব্ধি কৰি কলিতাৰ উচ্চাকাংক্ষী মনটো বিয়ালৈ যাবলৈ দুগুণে উৎসাহিত হৈ উঠিল৷ পত্নী-পুত্ৰ আৰু জীয়েকৰ সতৰ্কবাণীয়ে তেওঁক কোনোপধ্যেই নিৰুৎসাহিত কৰিব নোৱাৰিলে৷ আগদিনা ইস্ত্ৰি কৰি ৰখা খমখমীয়া বগা চোলা আৰু যোৱাবছৰৰ পূজাত চিলোৱা ক’লা পেণ্টটো পৰিধান কৰি কলিতাদেৱ বিয়াঘৰ পালেগৈ৷

-“আহা,আহা নিধি আহা৷”

বিবাহগৃহৰ প্ৰৱেশদ্বাৰত গোস্বামীছাৰে কলিতাক উষ্ণ আদৰণি জনালে৷ গোস্বামী ছাৰৰ ব্যক্তিত্ব আৰু মহানুভৱতাত মোহাৱিষ্ট হোৱা কলিতাইয়োছাৰৰ ভৰিহাল স্পৰ্শ কৰি তেখেতলৈ আন্তৰিকশ্ৰদ্ধা আৰু ভক্তি যাঁচিলে৷

-“হেই কি কৰা, কি কৰা ! ধেইৎ নাপায় নহয় এতিয়া এইবোৰ কৰিব৷”

গোস্বামীছাৰে কলিতাৰ বাহুদুটাত ধৰি উঠাই দিলে৷

-“আপুনি সঁচাকৈয়ে মহান ছাৰ৷ আপোনাৰ মহানুভৱতাক মই কৌটি কৌটিবাৰ নমস্কাৰ জনাইছোঁ৷”

কলিতাৰ হৃদয়খন আৱেগত উথলি উঠিছে৷

-“হ’ব দিয়া৷ ব’লাচোন এতিয়া ব’লা৷”

কলিতাক বাট দেখুৱাই গোস্বামীছাৰ বিবাহমণ্ডপৰ ভিতৰলৈ সোমাই গ’ল৷

-“হ’ব দিয়ক ছাৰ৷ মই ইয়াতে বহিছোঁ৷”

চাৰিওফালে আমন্ত্ৰিত অতিথিয়ে গিজ্‌গিজাই আছে৷ তাৰে মাজতে খালী আসন এখন পাই কলিতা বহি পৰিল৷ গোস্বামীছাৰেও ‘হ’ব দিয়া’ বুলি সঁহাৰি জনাই হাঁহি এটা মাৰি অতিথিসকলক আদৰাত ব্যস্ত হৈ পৰিল৷
চকিখনত দেহাটো আৰামেৰে থৈ কলিতাই তেওঁৰ আশে-পাশে বহি থকা অতিথিসকলৰ ওপৰত এবাৰ চকু ফুৰালে৷ ৰং-চঙীয়া,চকু চাত্ মাৰি ধৰা,আধুনিক সাজ-পোছাক পৰিহিত অতিথিসকলৰ মাজত বগা চোলা, ক’লা পেণ্ট পৰিহিত তেওঁক ঠিক বগা-ক’লা যুগৰ চিনেমাৰ হিৰ’ যেন লাগিছে৷ কাপোৰ বাৰু ঠিক আছে! কিন্তু এইয়া কি! প্ৰত্যেকৰেই হাততদেখোন ৰঙীন কাগজেৰে মেৰিয়াই অনা একো একোটা উপহাৰ৷ এইবোৰ কেনে মানুহ! হেৰৌ! বিয়াৰ চিঠিখন তহঁতমখাই ভালকৈ পঢ়াই নাই হ’বলা৷ কলিতাই মনৰ ভিতৰতে ভোৰভোৰালে৷ চিঠিত দেখোন বিয়ালৈ উপহাৰ আনিব নালাগে বুলি লিখিয়েই দিছে৷ লগতে লিখিছে আপোনালোকৰ উপস্থিতিয়েই আমাৰ বাবে হ’ব সৰ্বশ্ৰেষ্ঠ উপহাৰ৷

-“ৱাহ ৱাহ”

বাক্যশাৰীলৈ মনত পৰাত কলিতাৰ মুখৰ পৰা পুনৰ “ৱাহ্ ৱাহ্”ৰ শ্ল’গানটো ওলাই আহিল৷ কলিতাৰ “ৱাহ ৱাহ” শুনি তেওঁৰ কাষতে গহণা-অলঙ্কাৰেৰে সু-সজ্জিত হৈ বহি থকা মহিলা গৰাকীয়ে “ধেইৎ এইবোৰ কি মানুহ অ’! এই বুঢ়া বয়সতো ছোৱালী জোকাবলৈ আহিছে!” শীৰ্ষক প্ৰতিবাদী মন্তব্যৰেপ্ৰতিক্ৰিয়া জনালে আৰু চকিখনৰ পৰা উঠি গৈনিৰাপদ স্থান এটুকুৰাত বহিল৷ কথাটো নিধিৰামৰ দৃষ্টিগোচৰ হ’ল৷ তেওঁৰ নিৰ্ভেজাল চৰিত্ৰ সম্বন্ধে মহিলাগৰাকীৰ মনত অলপতে জন্মলাভ কৰা ধাৰণাটোৰ কিছু দৰকাৰী সংশোধন কৰাৰ উদ্দেশ্যে মহিলাগৰাকীৰ কাষলৈ কলিতাদেৱ যাব ওলাইছিলেই, তেনেতে কইনা আৰু তেওঁৰ পিছে পিছে ভনীয়েক আহি তেওঁৰ সমুখত মিচিকীয়া হাঁহি এটা মাৰি ৰ’লহি৷

-“বা, চিনি পাইছনে! মোৰ যে ফ্ৰেণ্ড কমল, তাৰ দেউতাক হয়৷”

কইনাৰ ভনীয়েকে কইনাক শ্ৰীযুত কলিতাৰ লগত পৰিচয় কৰাই দিলে৷ কইনাই কলিতাক নমস্কাৰ জনালে৷ কলিতাইয়ো দুয়োলৈ চাই প্ৰতি-নমস্কাৰ জনালে৷ কইনাই হাতত লৈ থকা সৰু বঁটাটো উপহাৰেৰে ঢাক খাই আছে৷ তাৰে কিছু উপহাৰ ভনীয়েকৰ হাতত৷ যথেষ্ট কষ্ট আৰু নেৰানেপেৰা চেষ্টাৰ অন্ততহে কলিতাই বঁটাটোৰ পৰা দুটুকুৰমান চুপাৰি হাতৰ তলুৱাত ল’বলৈ সমৰ্থ হ’ল৷

-“কমল নাহে নেকি!”

কইনাৰ ভনীয়েকে শ্ৰীযুত কলিতাক সুধিলে৷

-“নাই, সিহঁতক বহুত জোৰ কৰিওবিয়ালৈ আনিব নোৱাৰিলোঁ৷”

স্পষ্টবাদিতা কলিতাৰ তেজত আছে৷ সেয়ে তেওঁ কথাবোৰ পেটত নাৰাখে৷ যিটো সঁচা, সেইটোৱেই কৈ পেলায়৷

-“অ’হ! কিয়! আমাক কিবা বেয়া পালে চাগে!”

কইনাই কিছু আচৰিত হৈ কলিতালৈ চালে৷

-“মানে সিহঁতে উপহাৰ নিদিয়াকৈ বিয়া খাবলৈ নাহে৷ হাতত উপহাৰ হ’লেহে বোলে বিয়া খাবলৈ আহিব৷ কিন্তু চোৱাচোন,তোমালোকে কিমান ধুনীয়াকৈ চিঠিৰ তলত লিখি দিছা যে বিয়ালৈ উপহাৰ আনিব নালাগে৷ আমাৰ উপস্থিতিয়েই তোমালোকৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷ হয় নে…”

-“তাৰমানে আপুনি উপহাৰ অনা নাই!”

কলিতাকবাক্যটো শেষ কৰিবলৈ নিদি কইনাৰ ভনীয়েকে কৈ উঠিল৷ তাইৰ চকুত এক অদ্ভুত চিক্‌মিকনি৷

-“নাই অনা আকৌ! কেলৈ আনিম! মই হাতত উপহাৰ এটা আনিলে তোমালোকক অপমান কৰা নহ’ব জানো!”

কলিতাৰ সৰল স্বীকাৰোক্তি৷

-“দেউতা, দেউতা! এইফালে আহা!”

কলিতাক আচৰিত কৰি কইনাৰ ভনীয়েকে অলপ আঁতৰত থকা দেউতাকক টানি-আঁজুৰি তেওঁলোকৰ কাষলৈ আনিলে৷

-“দেউতা মই জিকিলোঁ! কমলৰ দেউতাকে উপহাৰ নানিলে৷ এতিয়া দিয়া মোক এহাজাৰ টকা!”

ভনীয়েকৰ কাণ্ড দেখি কলিতাই বিচূৰ্ত্তি খালে৷ কমলৰ দেউতাকে উপহাৰ ননাৰ লগত এহাজাৰ টকাৰ কি সম্বন্ধে সেইয়া কলিতাৰ বুজন সীমাৰ বাহিৰত৷

-“এওঁ কি কৈছে মই ঠিক ধৰিব পৰা নাই৷”

মনৰ অনুসন্ধিৎসা দূৰ কৰিবলৈ অৱশেষত কলিতাই গোস্বামী ছাৰক কথাটো সুধিয়েই দিলে৷

-“হেঃ হেঃ হেঃ! ইহঁতৰ কাণ্ড কি চাবা! তাই মোৰ লগত বাজী ৰাখিছিল যে চিঠিখনৰ তলত লিখা কথাকেইটা পঢ়ি বিয়ালৈ উপহাৰ ননাকৈ থকা একমাত্ৰ মানুহজন হ’ব হেনো তাইৰ বন্ধু কমলৰ দেউতাক৷ তাই কৈছিল বোলে কমলৰ দেউতাকজন মহা কৃপণ৷ কমলক এমাহৰ পকেট-খৰচ মাত্ৰ দহ টকাহে দিয়ে৷ গিফ্ট্-চিফ্ট্ দিব লাগে বাবে বিয়া-বাৰু খাবলৈও বৰকৈ নাযায়৷ হেঃ হেঃ হেঃ মোৰ পিছে কথাবোৰ বিশ্বাস হোৱা নাছিল৷ আজি পিছে হ’ল৷ হেঃ হেঃ হেঃ! তুমিও যে আৰু ভাল মানুহ দেই, নিধি৷”

এহাজাৰ টকাৰ সাঁথৰটো ভাঙি গোস্বামীছাৰে পকেটৰ পৰা এহাজাৰটকীয়া নোট এখন জীয়েকৰ হাতত গুঁজি দিলে৷

-“ইয়াহু! মই জিকিলোঁ৷ থেংক ইউ খুৰা! আপুনি গিফ্ট্ নানি ভালেই কৰিলে৷ নহ’লে মই এই এহাজাৰ টকাটো নাপালোহেতেন৷ প্লিজ লেডিজ এণ্ড জেণ্টলমন! ক্লেপ ফ’ৰ হিম!!”

গোস্বামীছাৰৰ জীয়েকৰ অনুৰোধক সঁহাৰি জনাই বিবাহমণ্ডপত বহি থকা অতিথিসকলে জোৰেৰে হাত-চাপৰি বজাবলৈ ধৰিলে৷ কেইজনমানে থিয় হৈ কলিতাক তিনি-চাৰিটামান চেল্যুটো মাৰিলে৷ অলপ আগতে কলিতাৰ শত্ৰুপক্ষত চামিল হোৱা মহিলাগৰাকীয়ে “ৱাহ ! ৱাহ!”ৰ চুনামিৰ সৃষ্টিকৰিলে ৷

প্ৰথম শ্ৰেনীত এক ভাগৰ যোগ নেওতা মাতিব নোৱাৰাৰ দোষত অংকৰ শিক্ষক ভৰালী ছাৰে নিধিৰাম কলিতাক বিদ্যালয়ৰ প্ৰৱেশ-দ্বাৰত এবাৰ আঁঠু কঢ়াই থৈছিল৷ বিদ্যালয় ছুটীৰ পাছত বাহিৰলৈ ওলাই অহা লগৰ ৰাধা, ৰমলাহঁতে নিধিৰামক সেইদিনা বৰকৈ জোকাইছিল৷ লাজ আৰু অপমানত সেইদিনা নিধিৰামৰ কাণ-মূৰ ৰঙা পৰি গৈছিল৷ সেইয়া আজিৰ পৰা কেইবাবছৰৰো আগৰ ঘটনা৷ এতিয়াস্থান-কাল বেলেগ৷ পৰিৱেশ আৰু পৰিস্থিতিও বেলেগ৷ তথাপিতো নিধিৰাম কলিতাই এই মুহূৰ্তত অনুভৱ কৰিছে, আজি বহু বছৰৰ মূৰত গোস্বামী ছাৰৰ ঘৰত তেওঁক যেন আকৌ কাণত ধৰাই আঁঠু কঢ়োওৱা হ’ল, আধুনিক সমাজে সৃষ্টি কৰা এটা অবুজ অংক বুজিব নোৱাৰাৰ দোষত৷ এইয়াই চাগে তেওঁৰ আজিৰ দিনটোৰ প্ৰাপ্য-সৰ্বশ্ৰেষ্ঠ উপহাৰ৷

★★★★

10 Comments

  • সাংঘাটিক লিখিছে হে ঈশান দা ৷ ব্যংগ ৰচনাত আপোনাৰ দখল দেখি আচম্বিত হৈছো ৷ আগলৈও এনে লেখাৰ বাবে বাট চাই ৰ’লো ৷

    Reply
  • সাংঘাটিক লিখিছে হে ঈশান দা ৷ ব্যংগ ৰচনাত আপোনাৰ দখল দেখি আচম্বিত হৈছো ৷ আগলৈও এনে লেখাৰ বাবে বাট চাই ৰ’লো ৷

    Reply
  • সঁচাই বৰ ভাল লাগিল। এসময়ত বিয়াৰ চিঠিত এনেদৰে লিখিছিল—– কিন্তু কোনেও মনা নাছিল।
    বঢ়িয়া।

    Reply
  • একাষাৰে,, সাংঘাটিক

    Reply
  • দীপা

    ছেঃ…. 🙁 শেষৰখিনি অনুমান কৰা নাছিলো….. বৰ দুখ লাগিল 🙁
    ভাল লিখিছা (y) 🙂

    Reply
  • Rituparna Sarma

    বঢ়িয়া । ভাল লাগিল পঢ়ি ।

    Reply
  • ঈশান

    আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ 🙂 🙂

    Reply
  • Anal Krishna Yein

    Borhiyaa…..

    Reply
  • বৰ সুন্দৰ লাগিল গল্পটো ৷ আজিৰ যুগত কলিতাৰ দৰে চিধা মানুহ ৰ যে স্থান নাই বৰ ধুনীয়াকে ওলাই পৰিল ৷

    Reply
  • Bhaikon

    Val lagil..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *