ফটাঢোল

অলপ সত্য ধেমালি– উৎপলা কৌৰ

প্ৰায় ১৫বছৰৰ আগৰ কথা। কৃষ্ণপক্ষৰ নৱমী তিথি। জুলাই মাহৰ গৰম, তাতে ঘিটমিটিয়া আন্ধাৰ। গুৱাহাটীৰ মাজমজিয়াত ঘৰ হ’লেও এইকেইটা দিনত তেতিয়া দুবাৰমানকৈ লোড শ্বেডিং হৈছিল।

ডেকা ল’ৰাটো গেট খুলি সোমাই আহিল। এইটো তাৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰ। যেতিয়াই তেতিয়াই আহে সি। পাকঘৰত সোমাই কেৰাহী ডাঙি চাব পৰাকৈ ঘৰখন আপোন। প্ৰিয় বন্ধুৱে কিছুদিন আগতে সিহঁতৰ লগতে একেলগে পঢ়া ছোৱালী এজনীৰ লগত কোৰ্ট মেৰেজ কৰিছে। গতিকে তিনিও আগতে অফ পিৰিয়ডত দিয়াৰ দৰে আড্ডা দিয়ে। কেতিয়াবা অইন বন্ধুবোৰো আহে। আগফালৰ দুৱাৰ বন্ধ আৰু কাৰেণ্ট নথকাত কলিং বেল নবজাৰ বাবে সি ঘৰৰ কাষেৰে পিছ চোতাললৈ যাব পৰা ঠেক বাটটোৰে খোজ ল’লে অন্যদিনা লোৱাৰ দৰে, হাতত মোবাইলটো। তেতিয়া গুৱাহাটীত নতুনকৈ মোবাইল আহিছেহে! ঠেক ৰাস্তাটোত দুখোজ দিয়েই কিবা এটাত প্ৰচণ্ড খুন্দা মাৰিলে সি। চক খাই মোবাইলৰ পৰা মূৰ তুলি চালে, তাৰ পাছত কোনোমতে উভটি প্ৰাণটো হাতত লৈ দৌৰি একেবাৰে চৌহদৰ বাহিৰ ওলায় ডেৰশমিটাৰমান দূৰত চাইনিজ, বেটাৰীযুক্ত লেম্প জ্বলাই পোহৰ কৰি থোৱা থকা দোকানকেইখনৰ কাষতহে ৰ’লগৈ! বুকুৱে ধান বানিছে তাৰ। কি দেখিলে সি? যি দেখিলে সঁচাই দেখিলেনে? বিৰাট ভয় খালে যদিও কাকো একো নকলে সি।

পিছদিনা আগবেলা সি আকৌ আহিল। আচলতে আহিবলৈ অকণো মন নাছিল, কিন্তু আগৰাতি আহিম বুলি নহাত বন্ধুয়ে ফোন কৰি ধমক দিয়াত আহিবলৈ বাধ্য হ’ল। তেতিয়াও কাৰেণ্ট নাই। পকা পিছ চোতালখনৰ একাষে কাষৰ চাৰিমহলীয়া বিল্ডিংটোৰ পৰা ছাঁ পৰিছে। তাতে বহি বন্ধুৰ মাকে বঠী এখনত খচ খচকৈ আবতৰীয়া বন্ধাকবি এটা কাটি আছে। ওচৰতে মূঢ়া এটা লৈ সিওঁ বহিলগৈ। বন্ধু পত্নীয়ে তাক দেখাৰ লগে লগে আপত্তি কৰিলে বোলে “কালি আহিম বুলি কৈ নাহিলা কিয়? ৰৈ আছিলোঁ নহয় আমি!” “নাই, মাক লৈ এফালে যাব লগা হ’ল” ফাঁকি দিলে সি । অলপ সময় কথা পাতি বন্ধু পত্নী চাহ বনাবলৈ গ’ল, ভিতৰৰ পৰা বন্ধু আহি কাষতে বহিলহি আৰু ইটো সিটো কথা পাতিবলৈ ধৰিলে। সিহঁত যি ঠাইত বহি আছিল তাৰ পৰা সেই ঠেক বাটটো ভালকৈ দেখা যায়। সি চাওঁ-নাচাওঁকৈ সিফালে চালে। কাষতে বহি থকা বন্ধুৰ চকুত কিন্ত্ত ধৰা পৰি গ’ল। সেই বন্ধুৱে চাহ লৈ অহা নিজৰ পত্নীক হাঁহি মাৰি ক’লে-“ইয়াক চোৱানা! সেইফালে যেনেকৈ চাই আছে যেন ভূতহে দেখিছে!”
কাতৰ দৃষ্টিৰে আলহী বন্ধুৱে গৃহস্থ বন্ধুলৈ চালে। আগনিশা সেই ৰাস্তাটোত সি খুণ্দা খোৱা ছাঁয়ামুৰ্তিটোলৈ মনত পৰি গ’ল! – সৰ্বশৰীৰ ক’লা, দাঁতবোৰ দীঘল দীঘল, বাহিৰলৈ ওলোৱা। ইংৰাজী হ’ৰ’ৰ চিনেমাত দেখুৱাৰ দৰে! আৰু স্পৰ্শ ? কি শীতল!! কি বিভৎস! সেই দৃশ্য দেখি যে সি আগৰাতি মাকক লৈ ক’লৈকো নগ’লেও নিজৰ কোঠাৰ ফেনখনৰ স্পীড নাই বুলি ৰাতি মাকৰ লগত গৈ শুইছিল, সেইকথা কেৱল তাৰ ঘৰখনৰ মানুহখিনিহে জানে!

শুক্লপক্ষৰ জোনে বাট-পথ পোহৰাই থৈছে। লোড শ্বেদিং হোৱাৰ সময়ো পাৰ হ’ল। চাৰি আলিত অকলে অকলে দোকান খুলি গ্ৰাহকলৈ ৰৈ থকা পাণদোকান দুখনো বন্ধ কৰিবলৈ যো-যা চলাইছে দোকানীয়ে। আদবয়সীয়া মানুহ এজন খুউব কোবাকোবাকৈ হাতত বেগ এটা লৈ গৈ আছে। হয়তো ট্ৰেইন ধৰিবগৈ, পলম হৈছে। মানুহজনৰ পিছে পিছে ছাঁয়ামুৰ্তি এটা, সমানে সমানে খৰখৰকৈ গৈ আছে। কিন্ত্ত মানুহজনে গম পোৱা নাই অথবা মন কৰা নাই। ঠিক চাৰিআলিটো পোৱাৰ আগে আগে মানুহজনৰ কান্ধত পিছফালৰ পৰা হাত এখন থ’লে কোনোবাই। চক খাই ঘুৰি চালে তেওঁ, “ঔ মা” বুলি বিকট চিঞৰ এটা মাৰি তেওঁ ঠাছকৈ হাতখনৰ গৰাকীৰ গালত চৰ এটা শোধাই দিলে। চৰ খাই সিজনৰ মুখৰ পৰা ‘ফিছ..’ কৈ অদম্য হাঁহি এটা ধুমুহাৰ গতিত ওলাই অহাত তেওঁৰ দাঁতদুপাৰি খুলি কেইফুটমান দূৰত চিটিকি পৰিলগৈ! সিজনে আকৌ ক’লে, “হাঁহিবলৈ আহিছে! হাৰ্ট ফেইল কৰিলোঁ হয় যদি?” ক’লা পেণ্ট-চাৰ্ট পিন্ধি থকা সিজনে চৰ, গালি খাইয়ো ঢেক ঢেকাই হাঁহি হাঁহি দাঁত দুপাৰি মাটিৰ পৰা বুটলি ঘৰলৈ ঘুৰি আহিল।

ঘৰত:

-খালিনে চৰ? নকৈছিলোনে? আৰু দিব তোক কোনোবাই। ঘুচিয়াই নাক ভাঙিব। মানুহক ভয় খুৱাবলৈ যাৱ? পুতেকে হাঁহি হাঁহি কোৱা কথাবোৰ শুনি চৰ খোৱা ডেকাৰ দেউতাকে ক’লে।

ডেকাই নিজৰ কোঠালৈ গ’ল। আলমাৰীটো খুলি ধুই অনা দাঁত দুপাৰি গামোচাৰে মচি সযতনে ভৰাই থ’লে। কলেজত ‘এস্কাৰচন’ত যাওঁতে জয়পুৰৰ পৰা ৰবৰৰ সেই ৰাক্ষসৰ দাঁত দুপাৰি কিনি আনিছিল তেওঁ। সেইখিনি সময়তে ডেকাৰ বান্ধৱী তথা পত্নীয়ে ক’লা চিফনৰ চাদৰ এখন ভাঁজ কৰি বিচনাৰ ধূলি জোকাৰি আছিল। মেখেলা -ছাদৰযোৰৰ ডিজাইনটো ভাল নালাগে যদিও চাদৰখন আজিকালি কামত আহিছে তাইৰ! কেইদিনমানৰ আগতে ঠেক বাটটোত খুন্দা খাই বন্ধুজনে পলোৱাৰ দৃশ্যটো মনত পৰি সজোৰে হাঁহি উঠিল তাই!

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *