ফটাঢোল

সম্পাদকৰ সংসাৰ– লিপিকা কৌশিক

পাচলি বজাৰত
সম্পাদক (দোকানীলৈ চাই): হেৰা, এই ৰঙালাওটো বৰ ডাঙৰ, অলপ কাট পেষ্ট কৰি দিবাহে !

চাহৰ হোটেলত
সম্পাদক : পইচা কমকৈ ৰাখক, শিঙৰাৰ ভিতৰত কেৰেককৈ মস্ত আদা এডোখৰ চোবালো, কি স্পেলচেক কৰে আপুনিহে জানে দেই!

শ্বপিং মলত
সম্পাদক: দোকান বেছি হ’ল বুলিয়ে সৱ ফোল্ডাৰতে সোমাব নালাগে, ভাল চাই ছৰ্টলিষ্ট কৰি যি কিনিব খুজিছা কিনা।

ভাতৰ টেবুলত
সম্পাদক: হেৰা, দাইলত নিমখ কম হৈছেহে, অলপ এডিট কৰি দিয়া। আৰু মাংসখিনিও বৰ চুটি হৈছে, দীঘল কৰি দিয়া।

কৃষ্ণ প্ৰভু! মাংস কেনেকৈ দীঘল কৰে ইউ টিউবতো নাপালে সম্পাদকৰ পত্নীয়ে ঔ ! আনকি তেওঁৰ মহিলা সমিতিৰ ৰেছিপি ৰাণীয়েও নাজানে হেনো !

★★★★

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *