ফটাঢোল

পত্ৰবন্ধু – কৃষ্ণা বৰা ফুকন

স্কুলত থাকোতে কেইখনমান আলোচনী খুউব পঢ়িছিলো। বিস্ময়, মায়া, তৃষ্ণাতুৰ, ৰহস্য , মৌচাক, প্ৰান্তিক, ৰংঘৰ, পূবালী। কেতিয়াবা দেতাই “ষ্টাৰডাষ্ট” নামৰ ইংৰাজী আলোচনী এখনো আনিছিল। সেইখন অৱশ্যে পঢ়া নাছিলো, মানে নোৱাৰিছিলো। তাত থকা হিন্দী চিনেমাৰ নায়ক নায়িকাৰ ফটোত দাড়ি মোছ, তিল, চেলাউৰী আঁকিছিলো।
ওপৰত উল্লেখ কৰা কেইখনমানত পত্ৰবন্ধু নামেৰে শিতান এটা আছিল। ভাইটি আৰু মই পোষ্ট কাৰ্ডত খুউব নাম ঠিকনা পঠাইছিলো। ক’ৰবাত ক’ৰবাত উলাইছিলো আৰু সেই জহতে অসংখ্য চিঠি পাইছিলো, অসমৰ বিভিন্ন ঠাইৰ পৰা। মুকুন্দ দা মানে আমাৰ ডাকঘৰৰ ডাকোৱালজনৰ চাইকেলখন আহি ৰ’লেই আমি দুইটা দৌৰি যাওঁ, চিঠি ল’বলৈ। বেলেগ বেলেগ চিঠিৰ বেলেগ বেলেগ আখৰ। বানান ভুলৰ কোবত কোনোবাখন পঢ়ি হাঁহিত ৰব নোৱাৰোঁ। কোনোবাখনৰ আখৰ ইমানেই বেয়া, জোঁটাই জোঁটাইও পঢ়িব নোৱাৰি। কোনোবাখনত ডাইৰেক্ট প্ৰেমৰ প্ৰস্তাৱ। মুঠতে হৰেক ৰকমৰ চিঠি। কোনোবাই পোষ্ট কাৰ্ডত পঠিয়াই, কোনোৱে ইনলেণ্ড কাৰ্ডত, কোনোৱে দিস্তা কাগজত লিখি এনভেলপত লেবেল মাৰি পঠিয়াই। কিন্তু চিঠিৰ উত্তৰ দিবলৈ মোৰ ষ্টেণ্ডাৰ্ড নিমিলেহে নিমিলে। বহু অপেক্ষাৰ অন্তত অৱশেষত এখন ধুনীয়া চিঠি পালো।

আখৰে চাবানে, বাক্যৰ গাঁথনিয়ে চাবা। মুঠতে একোতে নম্বৰ কাটিবলৈ সুবিধা নাই। কিন্তু লাগিল নহয় লেঠা। মোতকৈ বহুত ডাঙৰ। মই চাগে তেতিয়া অষ্টম মানত আৰু পত্ৰবন্ধু বি.এ. পাছ কৰি ল(law) পঢ়ি থকা ছাত্ৰ। হে প্ৰভু কি কৰোঁ এতিয়া। ইফালে ভাইটিয়ে চিঠিৰ আদান প্ৰদান আৰম্ভ কৰিলেই। মই একো কৰিবই পৰা নাই। একো ভাবি নাপাই পেহীহঁতৰ বা এজনীক সুধিলো। তাই বুদ্ধি দিলে,

-“বন্ধু হ’ব নোৱাৰি কি হ’ল? তই তাক তোৰ দাদা পাতি ল’ব পাৰচোন।”

কথামতেই কাম। বন্ধু ৰাজী হ’ল। আমাৰ ককাই ভনীৰ সম্পৰ্ক চিঠিৰ যোগেদি চলি থাকিল। ককাইৰ চিঠি আহিলে ঘৰত সৱকে ডাঙৰকৈ পঢ়ি শুনাও। কোনোবাই নুশুনু বুলিলেও নেৰোঁ। দেতাকটো এবাৰ লেট্ৰিনত থাকোতেও শুনুৱাইহে এৰিছো। মেট্ৰিক পাছ কৰি গুৱাহাটীলৈ আহিলো। ককাইক গুৱাহাটীৰ ঠিকনাও দিলো। দেতাই গুৱাহাটীৰ ঘৰত টেলিফোনৰ সংযোগ এটা ল’লে। মই নম্বৰটো দিলো, কিন্তু ঘৰৰ বুলি নহয়, ওচৰৰ পিচিঅ’ এটাৰ বুলি। মাজে মাজে ফোনতো কথা পাতো। কিন্তু তেতিয়ালৈকে আমাৰ দেখা সাক্ষাৎ হোৱা নাছিল, অৱশ্যে ফটোৰ আদান প্ৰদান হৈছিল। লাহে লাহে ব্যস্ততা বাঢ়িল। চিঠি দিওঁ বুলিও মই সময় উলিয়াব নোৱাৰা হ’লো। চিঠিৰ আদান প্ৰদান সেৰেঙা হৈ আহিল।

এনেতে হঠাৎ এবাৰ ঘৰলৈ যাওঁতে ককাইৰ চিঠি পালো। চিঠি নহয় যেন মোৰ মূৰত সৰগহে খহিল। ককাইয়েচোন চিঠিত বেলেগ কিবাহে লিখিছে। অতি শীঘ্ৰেই ককাইয়ে হেনো দেউতাকে কৰি থকা অইলৰ চাকৰিটো পাব, ভনীয়েকৰো বিয়া ঠিক হ’ল আদি বহুত কথা। শেষত লিখিলে যে মোৰ দৰে ছোৱালী নাপালে ককাই হেনো বৈৰাগী হ’ব! হায় হায়! এইহেনখন চিঠি এতিয়া মই ঘৰত কেনেকৈ পঢ়ি শুনাও। ভাবি একো পাৰ নাপালো। এবাৰ ভাবিলো ককাইয়ে ধেমালি কৰা নাইতো! অৱশেষত আকৌ মোৰ ফ্ৰেণ্ড, ফিলচফাৰ, গাইড বাজনীৰ ওচৰ পালোগৈ। বায়ে ক’লে ইয়াৰ ইৰাদা বৰ নেক নহয়, অনেক যেন লাগিছে, গতিকে তই চিঠিৰ উত্তৰ নিদিবি। কথামতেই কাম। এনেকৈ বহু দিন গ’ল। এদিন হঠাৎ আকৌ ককাইৰ পৰা চিঠি পালো, লগতে মোবাইল নম্বৰ এটা। মোক এবাৰ হ’লেও ফোন কৰিবলৈ অনুৰোধ কৰিলে। মইও ভাবিলো, গ’ল কথা গ’ল, এতিয়ালৈ ককাইয়ে চাগৈ বিয়া বাৰু পাতি সংসাৰী হ’ব পায়। নিজকে নিৰাপদ যেন ভাবি ফোন কৰিলো, যি য়ে নহওক, মোৰ মনটোত তেওঁৰ প্ৰতি বেয়া ভাৱ নাই। গতিকে পলৰীয়া মনোভাৱ নো কিয় দেখাও? পিছে মোৰ অনুমান ভুল হ’ল। ককাই তেতিয়াও অবিবাহিত হৈয়ে আছে। বৰং কিছু দিনৰ পিছত তেওঁ কিবা এটা অনুষ্ঠানৰ বাবে গুৱাহাটী লৈ অহাৰ কথাহে জনালে। সেয়ে এইবাৰ গুৱাহাটীৰ কলাক্ষেত্ৰত মোক লগ ধৰিব বুলি ক’লে। নিজৰ ওপৰতে খং উঠিল, কিহে পাইছিল বাৰু অত্যুৎসাহী হৈ দেখাবলৈ। যিমানে ককাই গুৱাহাটী লৈ অহাৰ দিন ওচৰ চাপিল, সিমানেই মোৰ টেনচন্ও বাঢ়িল। কোনোপধ্যেই নিজক পলৰীয়া বুলি ভাবিবলৈ মন নগ’ল। যি হয় হ’ব, মুখামুখি কৈ হ’ব বুলি ভাবি নিজক সাজু কৰিলো। কিন্তু আকৌ সমস্যা। লগত কাক নিম? সমাধান পালো। দেতা! দেতাক লৈ যাম। সেইদিনা দেওবাৰ। কলেজ বন্ধ। ঘৰ সাৰি মচি আজৰি হৈ ধুনীয়াকৈ ভাতকেইটা বনাই দেতাক খুৱাই ল’লো। দেতাই টি.ভিটো খুলি আৰামত বিচনাত বাগৰ দিছে। সময় দিনৰ প্ৰায় একমান বাজিছে। তেলীয়া হাঁহি এটা মাৰি মই দেতাৰ ওচৰত বহিলোহি। কমেদী চিনেমা এখন চাই থকা দেতাৰ মুডটো বৰ ভাল যেন লাগিল। চল চাই মই মোৰ আগমনৰ উদ্দেশ্য বিধেয় আটাইবোৰ ক’লো। ক’লো নহয়, আচলতে বুজালো, ব্ৰেইন ৱাছ কৰা বুলি যে কয়, সেয়া। মোৰ কথা শুনি দেতাই টি.ভি বন্ধ কৰি শুবলৈহে ল’লে। ময়োতো এৰা ভকত নহয়। বলকনা বলকনা কৰি প্ৰায় দুঘণ্টা দেতাক বহুত বুজাই, ইম’শ্বনেল ব্লেকমেইল কৰি কৰি অৱশেষত সৈমান কৰালো। থেৰো গেৰো কৰি, মোক ক’ত ফচালি বুলি বকি বকি দেতা ওলাল। যাওঁতে ৰাস্তাত কৈ গ’ল, পৃথিৱীৰ প্ৰথম বাপেক চাগে মইয়ে, যি জীয়েকৰ লগত ল’ৰা লগ কৰিবলৈ পাৰ্কলৈ আহিছে।

কলাক্ষেত্ৰ পালোগৈ। ককাইক ফোন কৰিলো, ঠৰঙা চুলিৰ ক্ষীণ ল’ৰা এটা ওলাই আহিল। চিনিয়ে পোৱা নাছিলো। ফটোত দেখাতকৈ চোন বহুত বেলেগ। যি কি নহওক, ককাই ভনী আৰু পিতৃৰ মনিকাঞ্চন সংযোগ ঘটিল। দেতাই ককাইৰ লগত ধুনীয়াকৈ হাঁহি হাঁহি কথা পাতি মোলৈ খঙেৰে চালে। মই নেদেখা ভাও জুৰিলো। ককাইয়ে তেওঁলোকৰ অনুষ্ঠান দেখুৱাবলৈ লৈ গ’ল। সোণোৱাল কছাৰী নৃত্য। অলপ সময় নৃত্য উপভোগ কৰি আমি আহিবলৈ ওলালো। কথাপ্ৰসংগত ককাই পল্টন বজাৰৰ হোটেলত থকা বুলি জানি দেতাই তেওঁক আমাৰ গাড়ীতে আহিবলৈ ক’লে। গণেশগুৰী মানলৈ কোনেও কথা পতা নাই। হঠাৎ ককাইয়ে ক’বলৈ আৰম্ভ কৰিলে, দেতা মোক যে এনেকুৱা দেখিছে, এইটো মোৰ আগৰ চেহেৰা নহয়। কেইবছৰ মান আগলৈকে মোৰ স্বাস্থ্য যথেষ্ট ভাল আছিল। মোৰ মানে গাটো অলপ বেয়া আছিল, যোৱা দুবছৰমান। দেতাইও ককাইৰ দুখৰ সমভাগী হ’ল, সুধিলে কি হৈছিল নো। ককাইক বোলে ভূতে পাইছিল!!পিছৰ চিটত বহি অহা মোৰ মুখেদি ফিচ্ কৈ ওলাব খোজা হাঁহিটো যেনে তেনে ধৰি ৰাখিলো। মনে মনে ভাবিলো, ককাই ঐ এইয়া তই কি কৰিলি..? তোৰ ভূতৰ কাহিনী আমাৰ ঘৰত যে কিমান দিন চলিব ঠিক নাই। মোৰ মান ইজ্জত সৱ ধূলিস্যাৎ কৰিলি অ’ ককাই তই!! ভূতে পোৱা কাহিনী তই নোকোৱা হ’লেই ভাল আছিল!! যি ভাবিছিলো সেয়াই হ’ল। তাতকৈ বেছিহে হ’ল আচলতে। ঘৰ সোমাইয়ে দেতাৰ ভোৰভোৰণি। মুখ হাত ধুই ধূপডাল জ্বলাই মোক শুনাই শুনাই ভগৱানক কয়, প্ৰভু তোমাৰ কৃপা, ভূতে পোৱা এজনৰ ওচৰৰ পৰা যেনে তেনে বাছি আহিছো আজি। ৰাতি মালৈ ফোন কৰোঁতেও সেই একে ভূতে পোৱাৰ কাহিনী, ৰহণ লগাই লগাই ককায়ে কৈছিল। মুঠতে ককাইৰ ভূতে পোৱা কাহিনী বহুত দিন আমাৰ ঘৰত চলিল। ভাল দামী কাপোৰ এযোৰ খুজিলেও সৱেই হহাঁ হ’ল মোক ভূতে পোৱাৰ ভনীয়েক বুলি!!

★★★★

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *