বেলেগৰ এওঁ – জীতা ফুকন
সদায়নো আমাৰ এওঁৰ কথা কিমান লিখিম। আজি বেলেগৰ এওঁৰ কথাকে লিখোঁ বুলি ভাবিলোঁ। আমাৰ এওঁতো সাতঘাটৰ চেঙেলী। পিছে বেলেগৰ এওঁবোৰ যে ইম্মান ভাল। মৰম দয়াৰ সাগৰ। উদাহৰণস্বৰূপে আমাৰ ওচৰৰ বৰুৱানীৰ এওঁ। আযৌ ঘৈণীয়েকজনীক ইমান মৰম কৰে। পানীলগা জ্বৰ হ’লে গৰমপানী কৰি ভৰি ধুৱাই দিয়ে, নহৰু তেল মালিচ কৰে, জালুক দি তৰকাৰী বনাই খুৱায়। আৰু চুলি ধুবলৈ খাৰণি বনাই দিয়ে। মোৰ দেখিয়েই মনটো হিংসা লাগি যায়। হ’ল বুলিনো আৰু ইমান পেনপেনীয়া হ’ব লাগেনে। তথাপিও মৰম চেনেহৰ কথা দিয়কচোন। আৰু আমাৰতো সেইবোৰক দেখিও অকণো শিক্ষা নলয়। পূজায়ে বিহুৱে বৰুৱাই ঘৈণীয়েকক যিমানহে কাপোৰ-কানি দিয়ে। আমাৰডালে আকৌ নিজেতো নিদিয়েই, বিচাৰিলেও যিগালহে বকনি মেলিব। ইমান কাপোৰ আছে, তই মৰিলে জ্বলাবলৈ খৰি নেলাগে সেইসোপাৰে কাম চলি যাব। হৰি হৰি! এনেকুৱা পাষাণ মানুহ দেখিছে?
বৰুৱাই বন্ধ পালে, শনিবাৰ, দেওবাৰবোৰতো ঘৈণীয়েকজনীক ফুৰাবলৈ নিয়ে। গাড়ীখনত বহি তাই মৰতীয়ে মোক যিহে বাই বাই দি যায়, মোৰ দুখতে চকুৰপানী নাকৰপানী একাকাৰ হৈ যায়। আমাৰটোৱে বন্ধ পালে বাৰীখনত কাম কৰি দেখুৱাই, ফুৰাবলৈ নিয়াতো বাদেই। বৰুৱাই মানুহৰ আগত ঘৈণীয়েকৰ জহ মাৰোঁতেই যায় আৰু আমাৰ মৰিবলৈ ধৰাটোৱে মোৰ বদনাম ৰটি ফুৰিব। আৰু সেই ফটাঢোল বোলা গ্ৰুপ এটা আছে যে, তাৰ এডমিনটো সেইযে চচমাৱালা জিনচ পিন্ধাটো আঐ সেইটো আৰু এখোপ চৰা। যিহে ঘৈণীয়েকজনীক জহায় মোৰ মানুহজনী এনেকুৱা, তেনেকুৱা, মৰমীয়াল, ধুনীয়া উস কিমান শুনিবা। কটা নিধক মাইকী তঁহতিহে পালি। প্ৰেম কৰি বিয়া পাতিলে তাকো কৈছে। আমি যেন প্ৰেম কৰিব নাজানোহে। বিচাৰিলে এতিয়াও প্ৰেমে চৌ চৌৱাই ফুৰিব। পিছে লাভ নাই দেই এই প্ৰেম চ্ৰেম কৰি। বৰলাসকল সাৱধান হ’বা।
আমাৰ এওঁবোৰে সদায় বেলেগৰ এওঁবোৰকহে ভাল দেখে। তেওঁলোকৰহে দুখ বুজে। হ’লেও দিয়কচোন কেতিয়াবা বৰুৱাহঁতৰ দৰেও ব্যৱহাৰ কৰিব লাগে। যি কি নহওক, মনে মনে কথা এটা কওঁ এই বৰুৱা, চচমাৱালাহঁতৰ দৰে পেনপেনীয়া কেইটাই ঘৈণীয়েকহঁত টোপনিত থাকোঁতেই পুৱা চকু মেলি বেলেগৰ এওঁবোৰক হাই, গুড মৰ্ণিং বুলি মেচেজটো দিহে ৰক্ষা পায়। জানো নহয় বেলেগক দেখুৱাবলৈহে এই পেনপেনীয়া নাটকবোৰ কৰি থাকে। এনেই তলে পুতল।
☆★☆★☆
1:42 pm
হয় দেই, দূৰৈৰ পাহাৰ সদাই শুৱনি।
10:05 pm
ফটাঢোলৰ চচমাৱালাটো কোন ৰে? বৰ বদমাছ মানুহ সেইটো