ফটাঢোল

চন্দ্ৰযান-২: ইছৰোৰ এক অভূতপূৰ্ব সাফল্য – অনামিকা বড়া

মানৱ সভ্যতাই প্ৰথম ভুমুকি মৰা দিনৰ পৰা আজিলৈকে সভ্যতাৰ ইতিহাস খুঁচৰিলে আমি দেখা পাঁও যে বিভিন্ন অভাব, সৃষ্টি, আৱিষ্কাৰ, উদ্ভাৱনৰ মাজেৰে আহি আজিৰ অৱস্থা পাইছেহি। অঘৰী অৱস্থাৰ পৰা আৰম্ভ কৰি জুইৰ আৱিষ্কাৰে আনি দিয়া আমূল পৰিবৰ্তনৰ পিছৰে পৰা মানৱ সভ্যতাৰ উত্তৰণ ঘটিয়েই আছে, য’ত বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে উত্তৰণৰ হাৰ বৃদ্ধিত দ্ৰুত অৰিহণা যোগাইছে। নজনাক জানিবৰ বাবে জীবশ্রেষ্ঠ মানুহৰ যি হাবিয়াস, তাৰেই ফলশ্ৰুতিত জ্ঞান আহৰণৰ ক্ষেত্ৰই পৃথিবীক পাৰ হৈ সৌৰজগত, মহাকাশ পাইছেগৈ। অন্য উন্নত দেশসমূহৰ লগতে তৃতীয় বিশ্বৰ দেশ ভাৰতবৰ্ষইও বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যবহাৰ তথা উত্তৰণত পিছ পৰি থকা নাই। সম্প্ৰতি মানৱ সভ্যতাৰ কল্যাণৰ হকে মহাকাশ গৱেষণা অব্যাহত ৰখা দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম। অতীতৰ বহুতো সুসংহত প্ৰচেষ্টাৰ ফলশ্ৰুতিত ১৯৬৯ চনত ভাৰতৰ প্ৰথম মহাকাশ গবেষণা প্রতিষ্ঠান ভাৰতীয় মহাকাশ গবেষণা সংস্থা, চমুকৈ ইছৰোৰ জন্ম হয়। একাধিক বৈজ্ঞানিকৰ তত্বাবধানত ইছৰোৱে বিভিন্ন গৱেষণা অব্যাহত ৰখাৰ লগতে উপগ্ৰহ উৎক্ষেপণকে ধৰি ভাৰতৰ বিভিন্ন মহাকাশ জড়িত অভিযানত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

২০০৮ চনত ইছৰোৱে প্ৰেৰণ কৰা চন্দ্ৰযান-১ হৈছে ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত উৎক্ষেপণ কৰা যানখন সেই চনৰে ৮ নৱেম্বৰত সফলতাৰে চন্দ্রৰ কক্ষপথত সোমোৱাৰ লগে লগে চন্দ্ৰলৈ অভিযান কৰা চতুর্থখন দেশ হিচাপে পৰিগণিত হোৱা ভাৰতে চন্দ্ৰপৃষ্ঠত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ সক্ষম হয়। এই সফলতাৰ পিছতে ইছৰোৰ দ্বাৰা প্ৰস্তুত কৰা ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্রযান-২ হৈছে থলুৱাভাৱে নিৰ্মাণ কৰা এখন চন্দ্ৰ পৰিভ্ৰামক লেণ্ডাৰ আৰু ৰভাৰ সন্নিৱিষ্ট হোৱা চন্দ্র অভিযান, যিয়ে স্বাভাবিকতেই সমগ্র ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে।

দেশৰ মহাকাশ গবেষণাক আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আগতকৈও ওপৰলৈ লৈ যোৱা বিস্ময়কৰ চন্দ্ৰযান-২ একেদিনাই সৃষ্টি হোৱা নাছিল। ইয়াৰ অন্তৰালত আছে এক বৰ্ণিল, ৰোমাঞ্চকৰ ইতিহাস। ৰাছিয়াৰ স্পেছ এজেঞ্চি(ৰছকমছ) আৰু ইছৰোৱে ২০০৭ চনৰ ১২ নবেম্বৰত এখন চুক্তিপত্রত স্বাক্ষৰ কৰি পৰিভ্ৰামক আৰু ৰভাৰ নিমাৰ্ণৰ দায়িত্ব ইছৰোৱে আৰু লেণ্ডাৰখন সজাৰ দায়িত্ব ৰছকমছে লৈ চন্দ্ৰযান-২ প্ৰকল্পৰ সূচনা কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অধ্যক্ষতাত ২০০৮ চনৰ ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত ইউনিয়ন কেবিনেটৰ বৈঠকত ভাৰত চৰকাৰেও অনুমোদন জনোৱা এই অভিযানটোৰ যন্ত্ৰভাৰখিনি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ইছৰোৱে চূড়ান্ত কৰি পেলাইছিল। ২০০৯ চনৰ আগষ্ট মাহত যানখনৰ সম্পূৰ্ণ হোৱা চানেকীটো দুয়োখন দেশৰ বিজ্ঞানীৰ দ্বাৰা যুটীয়াভাৱে পুনৰ্নিৰীক্ষণো কৰা হৈছিল যদিও ২০১৩ চনৰ জানুৱাৰীত অভিযানটো স্থগিত ৰখা হয়। এনেতে ৰাছিয়াই সময়মতে লেণ্ডাৰখন সাজি উলিয়াব নোৱাৰাত ২০১৬ চনলৈ পিছুৱাই দিয়া অভিযানটোত এক নতুন সূত্ৰপাত হয়। নাটকীয়ভাৱে ৰাছিয়াৰ মংগল গ্ৰহ অভিমুখী ‘ফবছ-গাণ্টছ অভিযান’ৰ ব্যৰ্থতাই চন্দ্ৰযান-২ লৈ আশংকা নমাই আনে কিয়নো এই অভিযানত ব্যৱহৃত প্ৰযুক্তিকে চন্দ্ৰ অভিযানতো ব্যৱহাৰ কৰিব লগীয়া আছিল বাবে ৰছকমছে নিজৰ দ্বায়িত্বৰ পৰা অব্যাহতি লয়। কিন্তু ভাৰতীয় বিজ্ঞানী বিচলিত নহ’ল। ২০১৫ চনৰ ভিতৰতো লেণ্ডাৰখন যোগান ধৰিবলৈ অসমৰ্থ বুলি ৰাছিয়াই হাত দাঙি দি যেন ভাৰতক গোৰ মাৰি গঙ্গাতহে পেলালে। আধৰুৱা স্বপ্নক বাস্তৱায়িত কৰিবলৈ দেশৰ নাম সোণালী আখৰেৰে জিলিকোৱাৰ মানসেৰে ভাৰতে সম্পূৰ্ণ স্বাধীনভাৱে চন্দ্ৰ অভিযানটো পৰিচালনা কৰাৰ ঐতিহাসিক সিদ্ধান্ত লয়।

ব্যৰ্থতাৰ পিছতো উদ্যম নেহেৰুৱাই যুঁজ দি সফল হোৱা অনেক পৰিঘটনাৰ সাক্ষী ভাৰতীয় ইতিহাস। চন্দ্ৰযান-২ য়ো ভাৰতীয় বিজ্ঞান ইতিহাসৰ এক গৌৰৱোজ্জ্বল নিদৰ্শন হৈ ৰ’ব। ইটোৰ পিছত সিটো লেঠাই লগ নেৰা চন্দ্ৰযান-২ অভিযানটো ভাৰতীয় বিজ্ঞানী সমাজৰ নিৰলস প্ৰচেষ্টাই সম্পূৰ্ণ আসোঁৱাহমুক্ত কৰি ২০১৯ চনৰ ২২ জুলাইত কৰা সফল উৎক্ষেপণৰ মুহুৰ্ততো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়।

সম্পূর্ণ কাৰ্যপন্থা হাতত লোৱাৰ পিছত যানখন ২০১৮ চনৰ মাৰ্চ মাহত উৎক্ষেপণ কৰাৰ কথা আছিল যদিও যানখনৰ ওপৰত অধিক পৰীক্ষা নিৰীক্ষা চলাবলৈ প্ৰথমে এপ্রিললৈ আৰু তাৰ পিছত অক্টোবৰ মাহলৈ পিছুৱাই দিয়া হয়। উল্লেখযোগ্য যে, ২০১৮ চনৰ ১৯ জুনত চন্দ্র অভিযানটোৰ কাৰিকৰী সমীক্ষা সম্পৰ্কীয় চতুর্থখন বিস্তাৰিত সভা অনুষ্ঠিত হয় আৰু ইয়াৰ পিছত যানখনৰ গাঁথনিটো আৰু অৱতৰণৰ লগত জড়িত কিছু অংশৰ সালসলনি ঘটোৱা হয়। ফলশ্ৰুতিত আকৌ এবাৰ যানখনৰ উৎক্ষেপণৰ সময় ২০১৯ চনৰ প্রথম ভাগলৈ পিছ পৰে। এনেদৰেই অগা-পিছাকৈ চন্দ্রযান-২ ৰ কাম আগবাঢ়ি থাকোতে ২০১৯ চনৰ ফেব্ৰুৱাৰীত লেণ্ডাৰুখনৰ পুনৰ্নিৰীক্ষণ কৰি থাকোঁতে দুটা ভৰিত সামান্য ক্ষতিও হয়। কেৱল এয়াই নহয় চন্দ্ৰযান-২ উৎক্ষেপণৰ পূৰ্বনিৰ্ধাৰিত সময় ১৪ জুলাইৰ ২১:২১ UTC(ভাৰতীয় মান সময়, ১৫ জুলাই ২০১৯,২:৫১) আছিল যদিও এটা কাৰিকৰী বিজুতীৰ বাবে উৎক্ষেপণৰ মাত্র ৫৬ মিনিট পূর্বে সেইদিনাও অভিযানটো বাতিল কৰিবলগীয়া হয়। এনেদৰে শেষ মুহূর্তলৈকে ব্যৰ্থতাই লগ নেৰা চন্দযান-২ৰ অৱশেষত ভাৰতীয় সময়মতে ১৪:৪৩(২২ জুলাইৰ ৯:১৩ UTC) ত সফল উৎক্ষেপণ ঘটে শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্রৰ পৰা। গভীৰ উৎকণ্ঠা আৰু দেশবাসীৰ উৎসাহ-উদ্দীপনাৰ অন্ত পেলাই উৎক্ষেপিত যানখনে প্ৰায় ১৬ মিনিটৰ পিছত মহাকাশৰ আৰ্থ পাৰ্কিং কক্ষপথত প্ৰৱেশ কৰে। চন্দ্রযান-২ উৎক্ষেপণৰ ঐতিহাসিক মুহুর্তৰ সাক্ষী হৈ ৰয় অগণন জনতা।

বৰ্তমানলৈকে নিৰ্মিত ভাৰতৰ আটাইতকৈ শক্তিশালী উৎক্ষেপণ যানখনেই হৈছে চন্দ্রযান-২ত ব্যবহৃত তিনিস্তৰীয়া জি এছ এল ভি মাৰ্ক ৩, যিয়ে ৪ টন শ্ৰেণীৰ উপগ্রহক ভূ-সকালীকৃত্ব কক্ষপথত স্থাপন কৰিব পাৰে। এই ভূ-সকালীকৃত উৎক্ষেপণ যান মাৰ্ক ৩ (GSLV MK III)ৰ অংশসমূহ হ’ল এছ ২০০০ গোটা ৰকেট বুস্তাৰ, এল ১১০ জুলীয়া স্তৰ আৰু চি ২৫ শীর্ষ স্তৰ। বৰ্তমান চন্দ্রযান-২ ত মুঠ উৎক্ষেপিত ভৰ হৈছে ৩৮৭৭ কিলোগ্রাম। ইয়াৰে পৰিভ্ৰামকখনৰ ভৰ হৈছে ২৩৭৯ কিলোগ্রাম। এই পৰিভ্ৰামকখনে ভাৰতীয় গভীৰ মহাকাশ নেটৱৰ্ক আৰু বিক্ৰম লেণ্ডাৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী বিক্ৰম সাৰাভাইৰ নাম অনুসাৰে নামাংকৃত কৰা বিক্ৰম লেণ্ডাৰখনক চন্দ্রপৃষ্ঠত নৰমভাৱে অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। ১৪৭১ কিলোগ্রাম ভৰৰ বিক্ৰম লেণ্ডাৰ এক লুনাৰ দিন(পৃথিবীৰ ১৪ দিন)ৰ কাৰণে কাৰ্য্যক্ষম। তদুপৰি চন্দ্রযান-২ ত জড়িত প্ৰজ্ঞান নামৰ ২৭ কিলোগ্রাম ভৰৰ ৰভাৰখন হৈছে আঠটা চকাযুক্ত, এখন ৰবটযান যি কেৱল লেণ্ডাৰৰ লগত যোগাযোগ স্থাপন কৰিব পৰাৰ বিপৰীতে বিক্ৰম লেণ্ডাৰে ভাৰতীয় গভীৰ মহাকাশ নেটৱৰ্ক, চন্দ্রযান-২ পৰিভ্ৰামক আৰু ৰ’ভাৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। পৰিভ্ৰামকখনৰ বাবে আঠটা, লেণ্ডাৰখনৰ বাবে চাৰিটা আৰু ৰ’ভাৰখনৰ বাবে দুটা বৈজ্ঞানিক আহিলা নিৰ্বাচন কৰি ইছৰোৱে বিদেশী যন্ত্রভাৰ কঢ়িয়াই নিনিয়াৰ কথা সদৰী কৰিছিল যদিও অভিযানৰ প্ৰায় এমাহ পূৰ্বে লেণ্ডাৰখনৰ যন্ত্রভাৰত, চন্দ্ৰলৈ নিখুঁত দূৰত্ব উলিওৱা আৰু চন্দ্রৰ দিশ নিৰ্ণয় কৰাৰ সুবিধাৰ্থে নাছাৰ সৰু লেজাৰ ৰেট্ৰ’ৰিফ্ৰেক্টৰ এটা যোগ দিয়াৰ সিদ্ধান্ত লয়।

সকলো মহাকাশ অভিযানৰে আঁৰত এক মহান উদ্দেশ্য থাকেই। চন্দ্ৰযান-১ ৰ সফল ৰূপায়নৰ পিছতে ভাৰতীয় বিজ্ঞানী সকলৰ নিৰলস প্ৰচেষ্টাত প্ৰাণ পাই উঠা দ্বিতীয়টো চন্দ্রাভিযান চন্দ্রযান-২ হৈছে চন্দ্রপৃষ্ঠত মৃদু অৱতৰণৰ সামৰ্থ্য প্ৰদৰ্শনৰ লগতে পৃষ্ঠৰ ওপৰত এক ৰবটিক ৰ’ভাৰ চলোৱা। তদুপৰি চন্দ্রৰ ভূ-পৃষ্ঠৰ বিতং অধ্যয়ন, মাণিকতত্ত্বৰ অধ্যয়ন, বিভিন্ন মৌলসমূহৰ প্ৰাচুৰ্য নিৰূপণ, চন্দ্ৰৰ এক্সস্ফিয়াৰ অধ্যয়ন আৰু হাইড্ৰক্সিল(OH) আৰু বৰফৰ সন্ধানৰ দৰে কেইবাটাও বৈজ্ঞানিক অনুসন্ধান চন্দ্রযান-২ ৰ অন্যতম উদ্দেশ্য। যানখনত ব্যবহৃত পৰিভ্ৰামকখনে চন্দ্রপৃষ্ঠৰ এখন ত্ৰিমাত্ৰিক মানচিত্র তৈয়াৰ কৰাৰ লগতে তাত থকা ৰাডাৰটোৰেও চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ বৰফ আৰু চন্দ্ৰৰ উপৰিভাগৰ শিল, বালিৰ তৰপটোৰ গভীৰতা সম্পৰ্কে অধ্যয়ন চলাই এখন মানচিত্ৰ প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে এই অভিযানটোত। এইদৰে কেইবাটাও মহান উদ্দেশ্য লৈ উৎক্ষেপিত হোৱা চন্দ্ৰযান-২ য়ে চন্দ্ৰত পানীৰ উপস্থিতিৰ স্থান আৰু পৰিমাণ নিৰূপণ কৰাৰো চেষ্টা চলাব।

মানুহৰ চন্দ্ৰ অভিযানৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ গৌৰৱময় ক্ষণতে বিশ্ববাসীক ভাৰতে দিলে অন্য এক বিস্ময়কৰ উপহাৰ। জোনবাইৰ বুকুলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে প্ৰেৰণ কৰা দ্বিতীয়খন মহাকাশযান চন্দ্ৰযান-২ য়ে ভাৰতীয় বিজ্ঞান জগতত এক নতুন যুগৰ সূচনা কৰিলে বুলি বিনা দ্বিধাই ক’ব পাৰি। নক’লেও হ’ব এই বৃহৎ সাফল্যৰ নেপথ্যত আছে ইছৰোৰ এদল বিজ্ঞানী, অভিযন্তাৰ দীৰ্ঘদিনীয়া পৰিকল্পনা, প্ৰচেষ্টা, প্ৰতিভা তথা কৰ্মদক্ষতা। উল্লেখনীয় যে চন্দ্ৰযান-২ ৰ কৃতিত্ব অধিকভাৱে দিয়া হৈছে দুগৰাকী মহিলা বিজ্ঞানীক। তেওঁলোক ক্ৰমে অভিযানৰ প্ৰজেক্ট ডিৰেক্টৰ “ৰকেট ৱমেন” মুথিয়া ৱানিথা আৰু মিছন ডিৰেক্টৰ ৰিতু কৰিধল। অভিযানৰ ডেপুটি প্ৰজেক্ট ডিৰেক্টৰ হিচাপে আছে চন্দ্ৰকান্ত কুমাৰ। ১৫ জুলাইত উৎক্ষেপণৰ পূৰ্বে ক্ৰায়োজেনিক ইঞ্জিনৰ ত্ৰুটি ধৰা পেলোৱা বিজ্ঞানীদ্বয় হৈছে ৰকেট বিশেষজ্ঞ জে জয়প্ৰকাশ আৰু ৰঘুনাথ পিল্লাই। আৰু সেই ত্ৰুটি দূৰ কৰি অভিযানটোৰ সাফল্যৰ মূল কৃতিত্ব লাভ কৰে বিজ্ঞানী (মেকানিকেল ইঞ্জিনীয়াৰ) ড০ এছ সোমনাথে। এইসকলৰ উপৰিও অভিযানত জড়িত গুৰুত্বপূৰ্ণ বিজ্ঞানী দলটিৰ মাজত আছে দুজন স্বনামধন্য অসমীয়া ক্ৰমে ড০ জিতেন্দ্ৰনাথ গোস্বামী আৰু ড০ দীপক কুমাৰ দাস। ভাৰতৰ এই ঐতিহাসিক অভিযানত দুজন অসমীয়া বিজ্ঞানী জড়িত হোৱাটো আমাৰ বাবে কম গৌৰৱৰ কথানে। অন্তত বিজ্ঞানী দলটিৰ ঐকান্তিক প্ৰচেষ্টা সফল হৈ চন্দ্ৰযান-২ ৰ সকলো লক্ষ্য উদ্দেশ্যই পূৰ্ণতা পাই বিশ্ববাসীক ন ন বিস্ময়কৰ তথ্যৰে চমক দিব বুলি আমি আশাবাদীয়েই নহয়, নিশ্চিত। বাৰে বাৰে বিভিন্ন বিজুতিয়ে দেখা দিয়াৰ স্বত্বেও ধৈৰ্য নেহেৰুৱাই ভাৰতীয় বিজ্ঞানী সমাজে দেখুওৱা দৃষ্টান্তৰ বাবেই চন্দ্ৰযান-২ সমগ্ৰ বিশ্বৰে এক অন্যতম মহাকাশ অভিযান হিচাপে চিহ্নিত হৈ ৰ’ব।

উপসংহাৰঃ প্ৰায় ৩, ৮৪, ৪০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ২০১৯ চনৰ ৭ ছেপ্তেম্বৰত চন্দ্ৰৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব ভাৰতীয় বিজ্ঞানীৰ বহু প্ৰতীক্ষীত মানস সন্তান চন্দ্ৰযান-২ এ। দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰাৰ লগে লগে চন্দ্ৰৰ দক্ষিণ অংশত অভিযান চলোৱা ভাৰত বিশ্বৰ প্ৰথমখন দেশত পৰিণত হ’ব।

(তথ্য উৎসঃ অসমীয়া ৱিকিপেডিয়া as.wikipedia.org)

☆★☆★☆

5 Comments

  • কমল তালুকদাৰ

    ভাল লাগিল ,প্ৰবন্ধটি পঢ়ি ।
    সচাকৈয়ে চন্দ্ৰ অভিযান ২, এক গৌৰৱ , ভাৰতীয়ৰ বাবে ।

    Reply
  • Anjan

    বহুত ভাল লাগিল নাজানিছিলো বহু কথাই৷

    Reply
  • Pragyan borah

    thanks Mur examot ahibo. Bohut kostot bisari palu

    Reply
  • Pragyan borah

    Kin2 bohut dighol

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *