ফটাঢোল

লাখ টকা দান – মনালিছা পাঠক নেওগ

আজি এজনক পুৱাই পুৱাই ২৫ লাখ টকা দি দিলোঁ নহয়। আজি ৰাতিপুৱা মুডটো অলপ অফ আছিল৷ খিটিং খাটাং এখন লাগি আছিলোঁ মানে গৃহস্থৰ লগত৷ তেনেকুৱাতে এজনে ফোন কৰিছে নহয়। মই ইফালে পাকঘৰৰ কাম কৰি আছোঁঁ, লৰালৰি হৈছে। সোনকালে খানা লাগে গৃহস্থক। দাইলত তেল মৰাৰ সময়তে কৰিবলৈ পালে বপুৰাই ফোনটো।

হেল্ল’ বুলি ক’বলৈহে পালোঁ..

ইফালৰ পৰা টে টেকৈ মাতিলেই নহয়।

: হেল্ল’ দিদি..

মই বোলো এইটো হিন্দীভাষী কোন ভাইয়া ওলাল মোৰ। মোৰ ভাবত যতি পেলাই সি কৈ উঠিল।

: হেল্ল দিদি আপ হামাৰে কোম্পানী কা চিম ইউজ কৰ ৰহে হে না?

মই বোলো,

: কোন চা চিম?

মোৰ আকৌ দুখন আছে মানে। সি ৰ’বলৈ নাই একে উশাহে কৈছে,

: মোবাৰক হৌ, আপকৌ ২৫ লাখ কা লটৰী
লগা হে।

এফালে তেল পকি ধোঁৱা ওলাই গৈছে। ইফালে গৃহস্থৰ চিঞৰ খানা হ’ল নে দিয়া। এফালে এটাই ২৫ লাখ দিব খুজিছে। কাক এৰিম কাক ধৰিম লাগিলে খন্তেকতে। এনে খং উঠিল ফোন কৰিবলৈ সময় নাপালি আজৰি সময়ত কৰাহেঁতেন লৈ থওঁ ২৫ লাখ। এতিয়া ২৫ লাখতকৈ গৃহস্থক সন্তুষ্ট কৰাটো বেছি ইম্পৰটেণ্ট বুলি

: ঠেংকিউ মুজে নেহী চাহিয়ে আপ হি ৰাখ লিজিয়ে৷

বুলি ক’লোঁ। পইছা পাই সি ৰ’বলৈ নাই ডাইৰেক্ট ফোনটো কাটি দিলে নহয়। এতিয়া পস্তাই আছোঁ ৰাইজ। কিহেনো পাইছিল জানো মোক। হাতলৈ অহা ধন আনক দি দিলোঁ।

☆★☆★☆

4 Comments

  • হাতলৈ অহা ধন ফ’নতে আবদ্ধ হৈ থাকিল, ইচচচ

    Reply
  • Bitupansaikia

    হা হা ??বৰবেয়া সময়ত আহিল ফোনটো।নহলে হয়তো আপুনি ২৫ লাখ আহিব পাৰিল হয় ???

    Reply
  • Anonymous

    বঢ়িয়া মনালিছা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *