ফটাঢোল

ফটালিমাৰিক – ধনজিৎ বৰুৱা

(আবেগ)

বানপানীয়ে সোধাই দিলে এনে বাঘঢকা

চাৰিওফালে লৰ মাৰিলে উন্নতি গাড়ীৰ চকা

আৰ্তজনক সহায়ৰ হাত

নাৱত মৰম অমাতৰ মাত

তেনেকৈয়ে তাৰ মাজতো সহে বগা কাপোৰৰ ঢকা

 

(ক্ষোভ)

অসহায়ৰ সমস্যাত গঢ়ে শিয়ানৰ বেপাৰ

ডিঙিতো অজস্র বিষ বণিয়াৰ চেপাৰ

পোকিয়া চাউল চিৰা

দি কৰ আধা মৰা

ভৱিষ্যতৰ কিমান যে চিন্তা নাই পাৰাপাৰ

 

(ভাবনা)

গাওঁবোৰত সমূহীয়া এটা উচ্চ দালান হ’ব

ভাগে প্ৰতি পৰিয়ালে তাতে থাকিব

যিমান আছে মাটি ভেটি

তাৰ সকলোতে খেতি

বানপানী আহিলেও পাছে ক্ষতি কমিব ।

 

(আত্মোপলব্ধি)

চৰকাৰে কিবা দিব আমি কিবা ল’ম

সেয়াই মাথোঁ‌ ভাবিলে জানো উদ্ধাৰ হ’ম

বণিয়াৰ ৰহস্যৰ চাও খাওঁ

সাধাৰণ হৈ বুজি নাপাও

শিক্ষা সাহ বুদ্ধিৰে যুঁ‌জিলে বিপদমুক্ত হ’ম।

☆★☆★☆

One comment

  • নীলাক্ষি দেৱী ডেকা

    ভাবনাটো বিশেষকৈ ভাল লাগিল। সঁচাকৈয়ে এনে হোৱা হলে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *