ফটাঢোল

কুইক জোক– সোণটো ৰঞ্জন বৰুৱা

(১)

ফ্ৰম ঋতুপৰ্ণাজ কিটচেন
ঋতুপৰ্ণা : মা, আজি বঢ়িয়া দিছ এটা শিকি আহিছো, বনাই ফেচবুকত দিলে তামাম লাইক কমেন্ট পাম, তামাম হিট হ’ব ফটো। মনা, বিজুহঁততো বৌম জ্বলিব। বনাওনে মা?
মাক : হেই যি কৰ কৰি থাক, খালি ফটো মাৰি ডাষ্টবিনত পেলাই দিবি সেইসোপা, কাৰোবাক খোৱাই লৈ ব্ৰেকিং নিউজ কৰি নিদিবি হলে। আমি খুড়াৰৰ ঘৰত খামগৈ আজি।

(২)

মিছেচ কাকতি : নিজকে ইমান জনা-শুনা বিদগ্ধ পণ্ডিত বুলি যহাই ফুৰা, কিন্তু য’তে ত’তে ভুল কৰি ফুৰা কিয় হে?

মিষ্টাৰ কাকতি : জনা শুনা মানুহে ভুল নকৰি কি পাগলে ভুল কৰিব নেকি?? কেতিয়াবা পাগলক বিয়া পতা দেখিছা, হাঁ? তুমিওতো তেনে ভুলৰে পৰিণাম! কথা ক’বলৈ আহে!

★★★★

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *