ফটাঢোল

ভাৰ ম্যে যায়ে বাৰ্থডে, টোপনি মেইন – প্ৰতীক্ষা শইকীয়া

মানুহজনৰ বাৰ্থডে আছিল, ২৯ ডিচেম্বৰ। বিয়াৰ পিছত প্ৰথম বাৰ্থডে না, কুচ তো স্পেচিয়েল বনতা হ্যে। যোৱা বছৰৰ পৰাই প্লেন, বিয়াৰ আগৰেপৰাই কওঁ, চাবা আকৌ, যেতিয়া তোমাৰ লগত থাকিম, তোমাৰ কাৰণে অমুক কৰিম, তমুক কৰিম, স্পেচিয়েল কেক্‌ কাটিম মাজৰাতি, তোমাৰ বাৰ্থডেত গোটেই ৰূমত বেলুন আৰি কেণ্ডেল জ্বলাম, তুমি কেক্‌ কাটিবা….প্ৰথম মোক অলপ খুৱাবা, অলপ মই তোমাক খুৱাম, ৱাহ! কিমান যে ভাল লাগিব! মাজৰাতি কেৱল তুমি আৰু মই!

আহিল সেই প্লেনক বাস্তৱত ৰূপ দিয়াৰ সময়। ২৮ ডিচেম্বৰ, মানুহজনৰ লগৰ এজনৰ হতুৱাই শিৱসাগৰৰ ৰসৰাজ বেকাৰীৰ পৰা অনালোঁ কেক্‌ এটা। চোৰ কৰি অনাৰ দৰে ফ্ৰীজত লুকুৱাই ৰাখি চাবি মাৰি থৈ দিছোঁ, যাতে কোনোপধ্যে গম নাপায়। শুৱাৰ সময় হ’ল…. বস্তুবোৰ সব হাতে পোৱাকে থওঁ বুলি কেক্‌টো বিছনাৰ তলত লুকুৱাই থ’বলৈ আনিলোঁ৷ বেলুন, কেণ্ডেল? খা কটা কেক্‌টোহে অনালোঁ বেলুন, কেণ্ডেলচোন থাকিলেই আনিবলৈ! অ কি হ’ব এতিয়া। বাৰু যি হ’ল হ’ল ভাবি মনতে সান্তনা দিছোঁ হ’ব দে প্ৰতীক্ষা, শু এতিয়া৷ বেলুন, কেণ্ডেল বাদ দে এইবাৰলৈ৷ ইটো বছৰতে জ্বলাবি আৰু। মেইন ১২ বজাৰ ৱিছটোহে….তেওঁ কেক্‌ কাটিব, মই হেপ্পী বাৰ্থডে টু ইউ বুলি বাৰ্থডে গানটো গাম, অলপ মোক খুৱাই দিব, অলপ মই তেওঁক খুৱাই দিম..ৱাহ ৱাহ! এলাৰ্মটো ১১.৫৯ ত দি শুই থাকিলোঁ। ১০ বাজিলেই, আৰু অলপ দেৰিহে, সাৰ পামেই এনেয়ো। কৃষ্ণক চিন্তি শুবলৈ ল’লোঁ, শুই থকা মানুহজনলৈ এবাৰ চকু দিলোঁ, আৰু অলপ সময় ৰ’বা জান৷ জীৱনত কাহানিও নোপোৱা বাৰ্থডে ৱিছ কৰিব তোমাৰ শ্ৰীমতীয়ে। শুবলৈ বুলি চকু মুদিলোঁ, এটা কথা ভাল এই অমুকীৰ, শুৱাৰ পিছত কোনোবাই বৰতাল বজাই থাকিলেও গম নাপায়, এলাৰ্মটো বহু দূৰ কি বাত ১১.৫৯ ত ক’ৰবাত কিবা বজা নিচিনা লাগিছে, গম পাইছোঁ গাৰুৰ তলতে বাজি আছে মোৰ কানাইৰ বংশীটো৷ পুহমহীয়া লেপৰ তলত ১২ বজাৰ টোপনি কেনেকুৱা! কোন উঠে, বাৰ্থডে প্ৰতিবছৰে আহি থাকিব, মানুহটো কিবা ক’ৰবালে যাৱনে? নোৱাৰোঁ দেই ইমান ধুনীয়া টোপনি এৰি বাৰ্থডে ৱিছ চুইছ কৰিব৷ ভাৰ ম্যে যায়ে বাৰ্থডে, টোপনি মেইন৷ প্ৰতীক্ষা শুই থাক তই৷

☆★☆★☆

3 Comments

  • হাঃ হাঃ, টোপনি মেইন— ঠিক কথা।

    Reply
  • deepjyoti handique

    কৃষ্ণ ??????? !!! হয়তোন ঠাণ্ডা মেইন ।

    Reply
  • অভিজিত কলিতা

    হা হা! পুহ মাহত জন্ম হোৱাৰ পাপৰ ফল ভুগিবই লাগিব

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *