এটি কবিতা – বিদ্যুত বিকাশ ভূঞা
কাঁহ পৰি জীণ গ’ল
সময়ৰ কোলাহল
ভয়ত বিতত হৈ
নে আনন্দৰ উলাহত
কাঁটাবোৰ ঘূৰি আছে
বেৰত ওলমি ৰোৱা
নিৰ্বিকাৰ ঘড়ীটোৰ
মেঘবোৰে অগাডেৱা কৰি আছে
আকাশৰ নিৰাকাৰ ব্যাপ্তিত
ভয়াৰ্ত মানুহবোৰৰ
নিৰ্বাক চাৱনিয়ে
থিৰ কৰিব পৰা নাই
এয়া দিনৰ এন্ধাৰ
নে ৰাতিৰ পোহৰ
☆★☆★☆