ফটাঢোল

লুটেৰে নং ১–শঙ্কৰজ্যোতি বৰা

ধিছকিয়াও…
ধিছকিয়াও…

(শব্দৰ লগে লগে স্ক্ৰীণ পোহৰ হৈ আহিব)

শঙ্কৰজ্যোতি বৰা খট-লক, খট- লক…

এখন তীব্ৰ বেগী গাড়ীক এটা ঘোঁৰাৰে একেই বেগত পিছা কৰি হাতৰ ৰিভলভাৰেৰে এটাৰ পিছত এটাকৈ গুলী মাৰিছে ডিচিপি হেমন্ত কাকতিয়ে৷ লাহে লাহে গাড়ীৰ লগত দূৰত্ব বাঢ়ি গৈ আছে৷ লগে লগে নেম কাষ্টিং..

ৰাজশ্ৰী ফিল্মছ প্ৰেছেণ্টছ –
সঞ্জু ভট্ট ইন এণ্ড এজ “লুটেৰে নম্বৰ ওৱান”

মিউজিক – ভাগৱতী, বেবনি – সৰু চেকীয়া,
ষ্টৰী, স্ক্ৰীণপ্লে, এণ্ড ডিৰেকছন -“ভাইজী”

চিন ওৱান

নেম কাষ্টিং শেষ হোৱাৰ লগে লগে দেখা যাব এটা পুলিছ বিষয়াৰ কোঠা৷ কোঠাটোৰ মূল চকীখনত কমিছনাৰ কাকতি বহি থাকিব৷ প্ৰথম চিনটোত দেখাতকৈ অলপ বয়সস্থ যেন দেখা যাব৷ কেমেৰা লাহে লাহে জুম কৰি ওচৰ চপাৰ লগে লগে এঙ্গুল চেঞ্জ কৰি সমুখত বহি থকাজনৰ মুখখন হাইলাইট কৰিব৷ ইন্সপেক্টৰ বিজয় মহান্তি৷

“বুজিছা বিজয়” (কেমেৰা কাকতিৰ পিনে) “সেইদিনা মোৰ গাড়ীখন বেয়া নোহোৱা হ’লে সি মোৰপৰা কেতিয়াও সাৰিব নোৱাৰিলেহেঁতেন৷ ৰাস্তাৰ ঘোঁৰা এটা লৈ মই পিছ লৈছিলো যদিও.. (এটা হুমুনিয়াহ কাঢ়ে) হয়তো গাড়ীখনত মোৰ একমাত্ৰ পুত্ৰক লৈ পলোৱাৰ বাবেও মই গুলিয়াওঁতে সম্পূৰ্ণ কনচনট্ৰেট কৰিব পৰা নাছিলো৷ ঘটনাতোৰ পিছত মই দস্যু ৰিণ্টু মনাইক মৰাৰ দুই তিনিবাৰ চাঞ্চ পাইছো৷ কিন্তু মাৰিব পৰা নাই৷ কিয়নো মোৰ ল’ৰাটোৰ খবৰ নোপোৱাকৈ মই তাক মাৰিব নোৱাৰোঁ৷ তাৰ গেঙৰ কেবাটাকো ধৰি মই বেয়াকৈ থাৰ্ড দিগ্ৰী এপ্লাই কৰি চাইছোঁ, কিন্তু মোৰ লৰাটোৰ একো শুংসূত্ৰ উলিয়াব পৰা নাই৷ আজি বাইছ বছৰ মই মানুহজনীৰ লগত ভালকৈ মূৰ দাঙি কথা ক’ব পৰা নাই৷ এতিয়া অৱসৰলৈ মাত্ৰ দুমাহ৷ মোৰ ল’ৰাটোক যেনে তেনে বিচাৰি উলিওৱা বিজয়৷ লাগিলে ক্ৰাইম ব্ৰান্সৰ ইন্সপেক্টৰ মাধুৰ্য্যকো লগত লৈ লোৱা৷ তোমালোক দুইটা লগ হ’লে যিকোনো কামেই সম্ভৱ বুলি মই জানো৷ এটা ৰিটায়াৰ হ’বলৈ ওলোৱা বুঢ়া দেউতাকৰ পুতেকক যেনেতেনে ঘুৰাই আনি দিয়া বিজয়৷ (শেষৰ ফালে কাকতি আৱেগিক হৈ কন্দনামুৱা হৈ উঠিব)

চিন টু

ইন্সপেক্টৰ বিজয় মহান্তিৰ কোঠা৷ ভিতৰৰপৰা বন্ধ৷ ক্ৰাইম ব্ৰান্সৰ ইন্সপেক্টৰ মাধুৰ্য্যৰ লগত বিজয়ৰ ৰুদ্ধদ্বাৰ বৈঠক৷ এনেকুৱা বৈঠকক লৈ গোটেই দিপাৰ্টমেণ্টত এটাই আলোচনা, এইবাৰ কি হ’ব৷ দুয়ো জন মিলি ইতিমধ্যেই বহুতো সাংঘাটিক সাংঘাটিক কেছ সমাধান কৰিছে৷ এটা সময়ত কোঠাৰ দুৱাৰ খোল খালে৷ মাধুৰ্য্য ওলাই আহিল, পিছে পিছে বিজয় মহান্তি৷ দুয়োৰে মুখত কিবা এটা সফলতাৰ হাঁহি৷

চিন থ্ৰী

থাইলেণ্ডৰ সাগৰ তীৰৰ পাহাৰীয়া অঞ্চলত থকা এটা বিশাল অট্টালিকা৷ চুইমিং পুল, সৰু গল্ফকৰ্ছ, সুদৃশ্য ল’ন আদিৰে এটা অত্যাধুনিক প্ৰাসাদোপম অট্টালিকা৷ তিনিওফাল পাহাৰ আৰু এফাল সাগৰেৰে আৱৰি থকা অট্টালিকাটোলৈ আহিবলৈ পাহাৰৰ মাজে মাজেে এটা ৰাস্তা৷ ৰাস্তাটোত নিৰ্দিষ্ট অন্তৰত দিজাইন দিজাইন আৰ্মছ লৈ সশস্ত্ৰ পহৰাদাৰ৷ অট্টালিকাৰ চৌহদতো তেনেকুৱা সশস্ত্ৰ বহুতো পহৰাদাৰে ঠায়ে ঠায়ে পহৰা দি আছে৷
চৌহদত থকা চুইমিং পুলটোৰ ৰিলেক্চ চেয়াৰ এখনত বহি ৰিণ্টু মনাইয়ে আৰাম কৰি আছে৷ কাষৰে সৰু পুল টেবুলখনত আধাভৰ্ত্তি চেম্পেইনৰ গিলাছ এটা৷ নাতিদুৰত পুল চেয়াৰত বহি আছে মনাইৰ অতি বিস্বস্ত সোনটো ৰঞ্জন৷ গাওঁ সম্বন্ধীয় ভাই সোনটো ৰিণ্টু মনাইৰ পাছতে গ্ৰুপটোৰ ছেকেণ্ড কমাণ্ড৷ দেখাত সন্যাসীৰ নিচিনা সোনটো ৰঞ্জন নৃশংসতাৰ বাবেই গ্ৰুপত প্ৰখ্যাত৷ তৰিৎ গতিৰে আহি পৰিচৰ্য্যা কৰিবলৈ দুগৰাকী স্বল্পবসনা পৰিচাৰিকা কাষতে সাজু হৈ আছে৷

: “দেদ।”

ইতিমধ্যেই বাংলোৰ ভিতৰৰপৰা ওলাই আহি মাত লগোৱা সঞ্জু বাবাৰ বাবে এখন পুলচেয়াৰ পাতি দিলেহি এজনী পৰিচাৰিকাই৷ আনজনীয়ে দিয়া দীঘল গ্লাছ এটাত এগিলাছ চেম্পেইন বাকী ল’লে সঞ্জু বাবাই৷ গিলাছত চুমুক এটা মাৰি সঞ্জু বাবাই ক’লে,

“কমিচনাৰ কাকতিক ৰিটায়াৰো শান্তিত কৰিব দিয়া নাই দেদ৷ হ’ম মিনিষ্টাৰ কঙ্কনা মহন্তৰ মালিকাধীন জুৱেলাৰী দোকানত দিন দুপৰতে কৰা বাইছ কোটিটকীয়া ডকাইটিৰ বাবে কাকতিয়ে ভাল ধমক খাইছে৷ মুঠতে চাকৰি জীৱনৰ বাকী দুমাহো শান্তিত থাকিব নিদিওঁ কাকতিক৷”

ৰিন্টু মনাই : “চাকৰি জীৱনৰ পিছতো কাকতিয়ে শান্তিত থাকিব নোৱাৰিব৷ তই নিজে সাৱধান থাকিবি বেটা৷”

সঞ্জু : “দ’ণ্ট ৱৰি দেদ৷ কাইলৈ কাকতিয়ে আন এটা ডাঙৰ আঘাট পাব৷ মই ইণ্ডিয়া গৈ আছোঁ।”

– এইবুলি সঞ্জুবাবাই গিলাছটোৰ অৱশিষ্টখিনি একেশোহাই শেষ কৰি খুৰায়েক সোনটো ৰঞ্জনকো মাত লগাই চৌহদতে থকা হেলিপেদটোৰ ফালে আগবাঢ়িল৷ গৈ থকা সঞ্জু বাবাৰ ফালে চাই ৰিণ্টু মনাইয়ে স্বগতোক্তি কৰি উঠিল, “মোৰ ভনীজনীৰ লগত তই কৰা অন্যায় মই নমৰালৈকে নাপাহৰোঁ কাকতি। আৰু তোকো পাহৰিবলৈ নিদিওঁ৷ আজি তোৰ নিজৰ পুতেৰকেই তোৰ চবতকৈ ডাঙৰ দুষ্মন বনাই দিছোঁ৷”

চিন ফ’ৰ

(ফ্লেছবেক)

এখন নদীৰ পাৰত প্ৰকাণ্ড গছ এজোপাৰ তলত এটা চিতা জলি আছে৷ পাৰত অশ্ৰুসিক্ত ৰিণ্টু মনাই৷ কাষতে বাবা সোনটো ৰঞ্জন৷ কেমেৰাই মনাইৰ মুখখন জুম কৰি আনি থাকিব৷ লগে লগে মুখৰ অভিব্যক্তি সলনি হৈ থাকিব৷ অশ্ৰুসিক্ত চকু দুটা প্ৰতিশোধৰ তাড়নাত জ্বলি উঠিব৷

“হেমন্ত কাকতি, আজিৰপৰা তোক ধংস কৰাই মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য৷”

চিন ফাইভ

ৰেদিছন ব্লু৷ চহৰৰ আটাইতকৈ অভিজাত হোটেল৷ ইয়াতেই আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰী ৰামানুজ গোঁসাইৰ একমাত্ৰ ছোৱালী মেঘালীৰ জন্মদিন৷ বহুতো VIP, VVIP উপষ্ঠিত থকা এই অনুষ্ঠানটোত কমিচনাৰ কাকতিও এজন অতিথি৷ এজন দুজনকৈ প্ৰায়বোৰ অতিথিয়েই উপস্থিত হৈছেহি৷ এজন ব্যক্তিয়ে প্ৰায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ক’লা চুট, চিকচিকীয়া জোতা সোণালী ফ্ৰেমৰ চছমা পৰিহিত উদীয়মান যুৱ ব্যৱসায়ী সঞ্জীৱ ভট্ট৷ অতি কম সময়তে এজন সফল বিল্দাৰৰূপে পৰিচিত হোৱা ভট্টৰ আচল পৰিচয় কোনেও ভালকৈ নাজানো৷ তেনেতে পাৰ্টীত প্ৰবেশ কৰে গৃহমন্ত্ৰী কঙ্কনা মহন্তই৷ লগত প্লেবয়ৰূপে কুখ্যাতি লভা পুতেক দিম্পল৷ মুখ্যমন্ত্ৰীৰ সদ্য বিলাৎফেৰত জীয়ৰী মেঘালীক বোৱাৰী কৰি গোঁসাইক নিজৰ নিয়ন্ত্ৰণলৈ আনি নিজে মুখ্যমন্ত্ৰীৰ আসনখন দখল কৰাৰ প্লেন মনত লৈয়ে পুতেককো লৈ আহিছে৷ উপহাৰ হিচাপে আনিছে প্ৰায় তিনি কোটি টকীয়া এডাল হীৰাৰ হাৰ৷ এই হাৰডাল উপহাৰ দিব বুলি চছিয়েল মিডিয়াত এমাহ আগতেই প্ৰকাশ কৰি থৈছিল প্লেবয় দিম্পলে৷ হাৰদাল আৰু মুখ্যমন্ত্ৰীৰ ছোৱালীক চাবলৈ উপস্থিত সকলো উৎসুক হৈ আছে৷ মুখ্যমন্ত্ৰীৰ ছোৱালী মেঘালীক সমজুৱাকৈ কোনেও আগতে দেখা নাই৷ উগ্ৰপন্থীৰ হাতত সৰুতেই মাকক হেৰুউৱা মেঘালীক নিৰাপত্তাৰ বাবেই বিদেশত গোপনে ডাঙৰ দীঘল কৰিছে গোঁসাইয়ে৷ মেঘালীৰ প্ৰথম দৰ্শন লাভ কৰিবলৈ উৎসুক সকলো৷

এসময়ত ৰামানুজ গোঁসাইয়ে দাইছত মাইক লৈ ক’বলৈ ধৰিলে, “হিয়েৰ কামছ দা বাৰ্থডে গাৰ্ল এণ্ড মাই চুইট লিটল দটাৰ৷”

– এইবুলি তেওঁ প্ৰথম মহলাৰপৰা নামি অহা চিৰিটোৰ ফালে লক্ষ্য কৰি হাতখন দেখুৱালে৷ (কেমেৰাই ওপৰৰ পৰা কলা শাৰী পিন্ধি লয়লাস খোজেৰে নামি অহা মেঘালীক ফ’ল’ কৰিব৷ এটা ৰাউণ্ড লাইটে মেঘালীক হাইলাইট কৰি আহিব)

উফ ৰূপ নহয় যেন একুৰা জুই৷ সঞ্জীৱ ভট্ট ঘায়েল৷ পাহৰি গ’ল সকলো প্ৰতিশোধৰ কথা৷ পাহৰি গ’ল মুখ্যমন্ত্ৰীৰ কন্যাৰ ডিঙিৰপৰা তিনিকোটিটকীয়া হাৰডাল এইটো অনুষ্ঠানৰপৰা চোৰ কৰি নি কমিছনাৰ কাকতিক সকলোৰে সমুখত হেয় কৰাৰ কথা৷ মাথো সকলোতে দেখিবলৈ ধৰিলে এখনি হাঁহি থকা মুখ৷ বাকী সকলো মিছা, এইয়াই সঁচা৷ একদম লাভ এট ফাৰ্ষ্ট চাইট৷ হয়তো তাত উপস্থিত প্ৰায়বোৰ ডেকাৰ হয়তো একেই অৱস্থা হৈছিল৷ দিম্পলে সকলোতকৈ আগবাঢ়ি গৈ উইছ কৰিলে৷ “এ বিউটিফুল গিফ্ট ফৰ দা চুইট বাৰ্থদে গাৰ্ল৷” মেঘালীয়ে গিফ্টটো লৈ ধন্যবাদ দি অৱজ্ঞাৰেে পিছফালে ৰৈ থকা পৰিচাৰিকাৰ হাতত দিলে৷ গোঁসাইয়ে এজন এজনকৈ সকলো অভ্যাগতৰ লগত মেঘালীক পৰিচয় কৰাই দিবলৈ ধৰিলে৷ ভট্টৰ পাল পৰিল৷ এপাহ টিকটিকিয়া ৰঙা গোলাপ আগবঢ়াই ভট্টই শুভেচ্ছা জনালে৷ দুয়োৰে চকুৱে চকুৱে পৰাৰ সময়ত অলপ সময়ৰ বাবে কেমেৰা ফ্ৰিজ হৈ যাব৷ বেকগ্ৰাউণ্ডত চেকীয়াৰ বেবনিত “আখ’ চে তুনে য়ে ক্যা কহ দিয়া” গানটো বাজি উঠিব। নেপথ্যত দিম্পলৰ ঈৰ্ষান্বিত চাৱনি দেখা যাব৷

(মাজতে কেইটামান গতানুগতিক চিন পাৰ হ’ব৷ সঞ্জীৱ মেঘালিৰ এটা ৰোমাণ্টিক গান বিদেশৰ লোকেছনত, দিম্পলে পঠোৱা গুণ্ডাক সঞ্জীৱেে দিয়া ধুলাই, থাইলেণ্ডত সঞ্জীৱৰ কাম কাজতকৈ মেঘালীৰ প্ৰতি আসক্তিৰ বিষয়ে ৰিণ্টুমনাই আৰু বাবা সোনটোৰ আলোচনা, মুখ্যমন্ত্ৰীৰ বাসভৱনত কঙ্কনা মহন্তই দিয়া বিবাহৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ নাকচ ইত্যাদি)

চিন ইলেভেন

কমিছনাৰ কাকতিৰ ৰুম৷ সমুখা সমুখিকৈ ইন্সপেক্টৰ বিজয় আৰু কমিছনাৰ কাকতি৷ বিজয় অলপ উত্তেজিত৷

বিজয় – ইমান ডাঙৰ কথাটো আপুনি মোৰপৰা লুকুৱাব নালাগিছিল৷ এজনী ছোৱালীৰ লগত লিলিমাই কৰি তাইক প্ৰেগনেণ্ট কৰি পলাই আহিল৷ লোকলজ্জাত ছোৱালী জনীয়ে আত্মহত্যা কৰিলে আৰু তাইৰ ককায়েক ৰিণ্টু মনাই তেতিয়াৰেপৰা মাফিয়া দল খুলি আপোনাৰ ওপৰত প্ৰতিশোধ ল’বলৈ লাগি আছে৷ ছিঃ…

কাকতি – এইবোৰ মিছা কথা৷

বিজয় – কেনেকৈ মিছা কথা? আপোনাৰ চেনী স্বভাৱটোৰ কথা দিপাৰ্টমেণ্টৰ সকলোৱে জানে৷

কাকতি – শুনা তেন্তে৷ আজি সকলো তোমাক ক’বই লাগিব৷ সেয়া কোনো লিলিমাই নাছিল, আছিল প্ৰেম৷ স্বৰ্গীয় এক অনুভুতি৷

এইবুলি কাকতিয়ে ক’বলৈ ধৰিব৷ ফ্লেছবেকত কাহিনীবোৰ দেখুৱাই থাকিব৷ কেনেকৈ কাকতি চাকৰি সুত্ৰে গৈ কলেজীয়া বন্ধু ৰিণ্টুমনাইৰ গাওঁ পালেগৈ, কেনেকৈ ৰিণ্টুৰ ভনীয়েক মন্দিৰাৰ লগত প্ৰেম হ’ল, কেনেকৈ দুয়ো বহুদুৰ আগবাঢ়ি গ’ল, কিয় গাঁৱৰে বাবা সোনটো মনে বিচৰা প্ৰেয়সী কাকতিৰ লগত জড়িত হোৱা বাবে দুয়োকে বদনাম কৰিছিল, যাৰ বাবে কাকতিয়ে বিবাহৰ বাবে চহৰৰপৰা মাকক আনিবলৈ আহিছিল, কেনেকৈ সেই সময়তে বেমাৰে পোৱা মাকক বাহিৰে বাহিৰে চিকিৎসাৰ বাবে দিল্লীলৈ নিবলগা হৈছিল৷ কেনেকৈ উভটি গৈ……
(ফ্লেছবেক শেষ)

“তাই মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিছিল৷ মইয়ো নিজকে শেষ কৰি দিব বিচাৰিছিলো৷ নোৱাৰিলো এটা দেৱশিশুৰ বাবে৷ মোৰ সন্তান৷ মোৰ আৰু মন্দিৰাৰ সন্তান৷ আত্মহত্যা কৰাৰ আগেয়ে গোপনে মাহীয়েকৰ ঘৰত জন্ম দিয়া মোৰ আৰু মন্দিৰাৰ সন্তান।”

বিজয় – মন্দিৰাই আত্মহত্যা কৰা নাছিল৷ তাইক হত্যা কৰা হৈছিল।

কাকতি – কি? কিয়? কোনে হত্যা কৰিছিল তাইক?

বিজয় – ধৈৰ্য্য ধৰক৷ সকলো ঠিক থাকিলে দুই এদিনতে সকলো পৰিস্কাৰ হ’ব৷

চিন টুৱেলভ

চন্দ্ৰপুৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ৷ ৰখাই থোৱা বৰ নাও এখনত সঞ্জীৱ আৰু মেঘালী৷

মেঘালী – মই যি ক’ম ভালকৈ শুনিবা৷ যদিও প্ৰথমে মই এটা স্বাৰ্থ লৈ তোমাক ভালপোৱাৰ অভিনয় কৰিছিলো, এতিয়া তোমাক ভালকৈ বুজি পোৱাৰ পিছত সঁচাকৈয়ে তোমাক ভাল পাই পেলাইছোঁ৷ মই অভিনয় কৰাৰ আঁৰত থকা স্বাৰ্থটো হ’ল ইনভেষ্টিগেছন৷ মুখ্যমন্ত্ৰীৰ ছোৱালী হোৱাৰ লগতে মই এগৰাকী CBI অফিচাৰ৷ ৰিণ্টুমনাইৰ অপৰাধৰ তদন্তৰ দায়িত্ব মোকে দিয়া হৈছে৷ মোৰ তদন্ত প্ৰায় শেষ পৰ্যায়ত৷ আৰু আগবঢ়াৰ আগতে এতিয়ালৈকে গম পোৱা কিছু কথা তোমাক জনোৱাতো জৰুৰী বুলি ভাবিছোঁ৷ ৰিণ্টুমনাই তোমাৰ প্ৰকৃত পিতৃ নহয়৷

সঞ্জীৱ – কি?

মেঘালী – তুমি ৰিণ্টুৰ ভনীয়েক মন্দিৰা আৰু কমিছনাৰ হেমন্ত কাকতিৰ ল’ৰা৷ ৰিণ্টুমনাই তোমাৰ মামাহে হয়৷ কিন্তু এই কথাটো ৰিণ্টুৱে নাজানে৷ তোমাক হত্যা কৰি মন্দিৰাই নিজে আত্মহত্যা কৰা বুলিহে জানি আহিছে৷ সেইবাবেই সৰুতেই তোমাক অপহৰণ কৰি নিজৰ সন্তান বুলি ডাঙৰ দীঘল কৰি আহিছেে যাতে তোমাৰ হাতেদি তোমাৰ ডেউতাৰাক অশান্তি কৰি প্ৰতিশোধ ল’ব পাৰে৷

সঞ্জীৱ – তুমি কেনেকৈ দাঠি ক’ব পাৰিছা?

মেঘালী – কাৰণ এই গোটেইবোৰৰ আঁৰৰ মানুহজনৰ বিৰুদ্ধে আমি যথেষ্ট প্ৰমাণ সংগ্ৰহ কৰিছোঁ৷

সঞ্জীৱ – কোন সি?

মেঘালী – বাবা সোনটো৷ তোমাৰ মাৰ প্ৰেমিক বাবা সোনটো৷ প্ৰেমত প্ৰত্যাখিত হৈ প্ৰতিশোধৰ দাবানলত জলি থকা সোনটোৰ হাতলৈ সুযোগ আহিল যেতিয়া বিবাহৰ বাবে মাকক আনিবলৈ যোৱা কাকতি সময়ত ঘূৰি নাহিল৷ ইতিমধ্যেই তেতিয়া তুমি মাৰাৰ গাত৷ সেইটো লৈয়ে সোনটোৱে তোমাৰ মা আৰু মামাক ব্লেকমেইল কৰিবলৈ ধৰিলে৷ বদনাম কৰাৰ ভয় দেখুৱাবলৈ ধৰিলে৷ উপায় নোহোৱা হৈ তোমাৰ মায়ে দুৰণিৰ মাহীয়েকৰ ঘৰত গোপনে আশ্ৰয় ল’লে৷ ইফালে ৰিণ্টুমনাই কাকতিক বিচাৰি চহৰলৈ গ’ল৷ তেনে সময়তে তোমাক জন্ম দি মাহীয়েকৰ ঘৰতে থৈ তোমাৰ মা উভটি আহিছিল৷ বাবা সোনটোৱে চহৰলৈ নি কাকতিৰ লগত লগ লগাই দিব বুলি ভুলাই নি তোমাৰ মাক হত্যা কৰে আৰু আত্মহত্যা বুলি প্ৰচাৰ কৰে৷ চহৰৰপৰা উভটি আহি ৰিণ্টুমনায়ে ভনীয়েকৰ মৃত্যুৰ বাবে কমিছনাৰ কাকতিকে দোষী বুলি ভাবে আৰু প্ৰতিশোধৰ বাবে তেতিয়াৰেপৰা লাগি আছে৷

সঞ্জীৱ – এইবোৰ তুমি কেনেকৈ জানিলা?

মেঘালী – শ্ৰীমতী কাকতিৰপৰা৷ তেওঁ আৰু কোনো নহয় মন্দিৰাৰ মাহীয়েকৰ জীয়েক নীলাক্ষি৷ উভটি আহি যেতিয়া কাকতিয়ে…

(ফ্লেছবেকত দেখুৱাই থাকিব – কেনেকৈ কাকতিয়ে মন্দিৰাৰ কথা গম পাই নিজেও আত্মহত্যা কৰিবলৈ ওলাই, কেনেকৈ এহেম ৱক্তত আহি মাহীয়েকে কাকতিক বচাই, কেনেকৈ কাকতিয়ে মাহীয়েকৰপৰা নিজৰ সন্তানৰ কথা গম পাই, কেনেকৈ মাহীয়েকৰ আব্দাৰত সন্তানৰ বাবেই নীলাক্ষিক বিয়া পাতিবলৈ মান্তি হয়, কেনেকৈ নীলাক্ষি আৰু কাকতিৰ আলাসৰ লাৰু সঞ্জীৱক দেৰ বছৰ বয়সতে অপহৰণ কৰি নিয়ে)

(ফ্লেছবেক শেষ)

“তেতিয়াৰেপৰা তুমি নিজ পিতৃৰপৰা আঁতৰত থাকি আজি তেওঁকে নিজৰ শত্ৰু জ্ঞান কৰি আহিছা৷”

সঞ্জীৱ – (খঙত উত্তেজিত হৈ) বাবা সোনটো৷ এই বাইছ বছৰৰ এটা এটা সময়ৰ হিচাপ তই দিব লাগিব৷

মেঘালী- আমি ধৈৰ্যৰেে কাম কৰিব লাগিব৷ বাবা সোনটোৱে যোৱাকালি বিদায় সভাৰপৰা ওভটোতে পথৰপৰাই পত্নীসহ কমিছনাৰ কাকতিক অপহৰণ কৰে৷ ৰিণ্টুমনাইকো ইতিমধ্যেই বন্দী কৰি পেলাইছে৷ তিনিওকে অৰুণাচলৰ দুৰ্গম পাহাৰত থকা নিজৰ আড্ডাত ৰাখিছে৷ খবৰ পঠাইছে যদি তুমি আঠচল্লিশ ঘণ্টাৰ ভিতৰত অকলে খালী হাতেৰে নিজকে সমৰ্পণ নকৰা তেতিয়াহ’লে তিনিওকে হত্যা কৰাৰ ভাবুকি দিছে৷

অন্তিম চিন

অৰুণাচলৰ ওখ পাহাৰেৰে প্ৰায় চাৰিওফালৰপৰাই আগুৰি থকা এখন দুৰ্গম ঠাই৷ দুটা পাহাৰৰ মাজেৰে বৈ অহা খৰস্ৰোতা জুৰিটোৱে ঠাইডোখৰ প্ৰায় সমানে দুভাগ কৰি বিপৰীত দিশৰ পাহাৰ দুটাৰ মাজেৰে তললৈ নামি গৈছে৷ জুৰিটোৰ এফালে কিছুমান বাঁহ কাঠেৰে বনোৱা চাংঘৰ৷ গোটেই এলেকাটোৰ লগতে কাষৰ পাহাৰটোত বিভিন্ন ধৰণৰ আৰ্মছ লৈ এগালমান দেশী বিদেশী গুণ্ডাই পহৰা দি আছে৷ জুৰিটোৰ পাৰৰ এডোখৰ সমতল ঠাইত পাৰি থোৱা দুটা কাঠৰ মুঢ়াৰ এটাত বাবা সোনটো৷ হাতত বিয়েৰৰ গ্লাছ৷ কেমেৰা মুভ কৰি কাষতে থকা চাংঘৰটোৰ কোঠা এটা দেখুৱাব৷ এচুকত এটা খুটাত বান্ধি থোৱা ৰিণ্টুমনাই৷ আন এটা চুকত কমিচনাৰ কাকতি৷ কেমেৰা পুনৰ বাবা সোনটোলৈ মুভ কৰিব৷ গিলাছটোৰ অৱশিষ্টখিনি বিয়েৰ একে ঘোটে গিলি লৈ কাষত ৰৈ থকা গাৰ্ডটোক উদেশ্যি বাবা সোনটোৱে চিঞৰি উঠিল, “লৈ আহ দুইটাক৷”

নিৰ্দেশ পাই কাকতি আৰু ৰিণ্টুমনাইক বাবা সোনটোৰ মুখৰ আগলৈ লৈ অনা হ’ল৷ “পুতেৰৰ তোলৈ মৰম নাই কাকতি৷ আঠচল্লিশ ঘণ্টা পাৰ হৈ গ’ল।” এইবুলি হাতত থকা ৰিভলভাৰেৰে কাকতিলৈ গুলি এৰিলে৷ কাষত ৰৈ থকা ৰিণ্টুমনাইয়ে কাকতিক থেলা মাৰি গুলীটো নিজে বুকুত পাতি ল’লে৷

“এয়া তুমি কি কৰিলা ৰিণ্টু!”
– কাকতিয়ে আটাহ পাৰিলে।

“মোৰ পাপৰ প্ৰায়শ্চিত্ৰ৷ এই বাবা সোনটোক নেৰিবা কাকতি৷ সঞ্জীৱক ক’বা, মোমায়েকৰ প্ৰতিশোধ সি ল’বই লাগিব৷”

“ক’বলৈ ইয়োতো জীয়াই থাকিব লাগিব।”
– এইবুলি সোনটোৱে কাকতিলৈ পিষ্টল টোঁৱালে৷

ধিছকিয়াও..

এটা পেৰাগ্লাইদাৰেদি নামি অহা সঞ্জীৱৰ গুলীত সোনটোৰ পিষ্টল ওফৰি গ’ল৷ আনটো গুলীত কাকতিৰ হাত বান্ধি থোৱা ৰছি চিঙি ফাঁহ ফাঁহ দিলে৷ গুৰুম গুৰুম৷ দুটা বাঁহেদি বনোৱা ওখ চাংঘৰৰ পহৰাচকী পহৰাদাৰৰ সৈতে বাগৰি পৰিল৷ অফিচাৰ মেঘালীৰ নেতৃত্বত বিজয় আৰু মাধুৰ্য্যই সশস্ত্ৰ বাহিনী লৈ চাৰিওদিশৰপৰা আক্ৰমণ আৰম্ভ কৰিলে৷ পাঁচটামান বিদেশী দিজাইন গুণ্ডাই গাৰ্দ দি বাবা সোনটোক একাষৰ হেলিপেদত থকা হেলিপেদৰ পিনে লৈ গৈ থাকিব৷ মেঘালী, বিজয়হঁতৰ দিজাইন দিজাইন গুণ্ডাবোৰৰ লগত কিছিম কিছিম ফাইট চিন চলি থাকিব৷ তাৰ মাজতে সঞ্জীৱ আৰু কাকতিৰ ইমছ’নেল মুখামুখি৷

মেঘালীৰ চিঞৰ, “সোনটো পলাইছে সঞ্জীৱ৷”

কাকতি : যা বাপ্পা, তাক সুদে নেৰবি।

কাষতে থকা ঘোঁৰা এটাত সঞ্জীৱ লাফ মাৰি উঠিল৷ কাকতিয়ে দলিয়াই দিয়া পিষ্টলটো ওপৰতে থাপ মাৰি ঘোঁৰা সোনটোৰ পিনে টোঁৱাই দিলে৷ সঞ্জীৱৰ গুলীত এটা, দুটা, তিনিটাকৈ গুণ্ডা ওফৰি পৰিবলৈ ধৰিলে৷

ধিছকিয়াও…

হেলিকপ্টাৰত উঠিবলৈ লোৱা সোনটোৰ ভৰিত গুলী লাগিল৷ ইতিমধ্যেই বাকীবোৰ গুণ্ডা শেষ৷ দৌৰি থকা ঘোঁৰাটোৰপৰাই বেঁকাহৈ সঞ্জীৱে পৰি থকা সোনটোক এটা হাতেৰে কলাৰত ধৰি দাঙি লৈ ঘোঁৰা নাতিদূৰৈত থকা ওখ শিলটোৰ পিনে চেকুৰাই দিলে৷ চটফটাই থকা বাবা সোনটোৰ মূৰটো এখন হাতেৰে সেই শিলটোত খুন্দিয়াই দিয়াত বাবা সোনটো সেইফালেই শেষ হ’ল৷

ইহিঁহিই… আগঠেং দাঙি থিয় হৈ যোৱা ঘোঁৰাটোৰপৰা খঙেৰে চাই থকা সঞ্জীৱক ফ’কাছ কৰি কেমেৰা ফ্ৰীজ৷ স্ক্ৰীনত ভাঁহি উঠিব –

THE END

☆★☆★☆

17 Comments

  • বঢ়িয়া লাগিল৷

    Reply
    • শঙ্কৰ জ্যোতি বৰা৷

      ধন্যবাদ৷

      Reply
  • ডলী

    বঢ়িয়া চিনেমা।

    Reply
  • হেমন্ত কাকতি

    তামাম শংকৰ! ভাষা লেচ হৈ গৈছো৷

    Reply
  • ৰিণ্টু

    ফালি দিছা হে ভাইজান। এইমাত্ৰ পঢ়িলো।

    এইবাৰৰ ওৱান অৱ দ্য বেষ্ট

    Reply
  • ৰামানুজ

    কি তামাম হে ! হৰিভকত…

    চি.এম. বনি এতিয়া কাম কৰিবই মন যোৱা নাই

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    এইখন তামাম হৈছে।

    Reply
  • পূৰ্ণময়ী

    বেলেগ বনাইছেহে, চুপাৰ হিট

    Reply
  • চিদানন্দবৰা

    একে উশাহতে পঢ়িলো শংকৰ ৷ ক্লাচিক !

    Reply
  • Suntu

    বাপ্পা ঐ

    Reply
  • ইন্দ্ৰ মোহন বৰা

    শংকৰ, ফালি দিলা হে। মা কচম, শব্দই খটম হৈ গ’ল। ভাইটি, লাল ছেলাম হে বুলিলো

    Reply
  • অভিজিত কলিতা

    আৰে বাপৰে। আজিহে পঢ়িলো, কি সাংঘাটিক চিনেমা বনাইছা হে! এইখন স্ক্ৰীপ্ট বলীউডে পালে নেৰে, কৈ দিলো।

    Reply
  • Chandan Gogoi

    মজা মানে এনেকুৱা আগতে পোৱাই নাই…. একদম ভাষা লেচ হৈ গ’লো…

    Reply
  • Bhaskar Jyoti Sarma

    চুপাৰ ডুপাৰ হিট চিনেমা।

    Reply
  • ৰূপম বৰা

    কি সাংঘাতিক চিনেমা ঔ।।।পিছে সঞ্জু কলৈ গল

    Reply
  • Anonymous

    কেনেকৈ কাহিনিয়ে গতি ললে, কেনকৈ পূৰঠ হৈ অপূৰ্ব সোৱাদৰ প্ৰাপ্তি কৰালে, কেনেকৈ শব্দ চয়নৰ লয়লাসে মঙহিলে, বৰ্ণাবলৈ ভাষা পাম কেনেকৈ?….. সুন্দৰ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *