ফটাঢোল

বান্ধৱী সংবাদ – বৰ্ণালী চৌধুৰী

পঢ়ি থকা সময়ৰ কথা। আমি তেতিয়া পুণেত এম. এ পঢ়িবলৈ গৈছিলো। হোষ্টেলত নাথাকি আমি কেইজনীমান ছোৱালী ভাৰাঘৰত থাকিবলৈ লৈছিলো। প্ৰত্যেকটো ৰূমত দুজনীকৈ আছিলো। মোৰ কাষৰ ৰূমত থকা এজনী ছোৱালীৰ ৰূমমেটলৈ বিৰাট ভয়। কাৰণটো আছিল প্ৰতিটো কথাতে তাই ৰূমমেটৰ মতে চলিব লাগে। ৰূমমেটৰ মতে ইমান দূৰলৈ আহিছোঁ যেতিয়া আমি পঢ়ি থকা উচিত। ইপিনে সেই বিশেষ বান্ধৱীজনী মেধাৱী যদিও বেছি সময় পঢ়ি থকা ধৈৰ্য্য তাইৰ নাই। তাৰ বাহিৰে বাকী সময়খিনিও তাইক প্ৰতিটো কথাতে তাই অনুসৰণ কৰি থাকিব লাগে। এনেকৈয়ে তাইৰপৰা অকণমান সময় পৰিত্ৰাণ পাবলৈ বান্ধৱীয়ে আহি মোক লগ ধৰিলেহি। উদ্দেশ্য বজাৰৰ পিনে ওলাই যোৱা। তাইৰ দুখতে দুখী হৈ ময়ো মান্তি হ’লো ওলাই যাবলৈ। ইপিনে ‘আদাক দেখি উঠিল গা’ বচনফাকি অনুকৰণ কৰি অসমৰপৰা যোৱা দুই-এগৰাকী ছোৱালীয়ে নতুনকৈ পেণ্ট পিন্ধা আৰম্ভ কৰিছিল। মোৰ এই বান্ধৱীগৰাকীয়েও নতুনকৈ পেণ্ট পিন্ধিবলৈ লৈছিল। সেই বিশেষ দিনটোতো তাই পেণ্ট পিন্ধিয়েই ওলাল। আমি বজাৰৰ মাজ-মজিয়া পাওঁ-পাওঁ। হঠাতে হ’ল নহয় কাণ্ডটো। ওখ চেণ্ডেল পিন্ধি থকা মোৰ বান্ধৱী হঠাতে উজুতি খাই পৰিল। পৰিলতো পৰিলেই লগতে পিন্ধি থকা পেণ্টৰ চেইনডাল ছিঙি থাকিল। দুয়োৰে হাহাকাৰ লাগিল। কি কৰা যায় এতিয়া! এনে অৱস্থাত বান্ধৱী খোজ কাঢ়িবলৈ অপাৰগ। উপায়হীন হৈ কিবাকৈ গৈ ওচৰৰে দোকানৰ বাৰাণ্ডাত বহি ল’লে। এতিয়া মোৰ পাল, কেনেকৈ গাড়ী এখন যোগাৰ কৰো। অলপমান ভাবি চিন্তি আগুৱাই গৈ এখন অটৰিক্সা ঠিক কৰি আমি আমাৰ ৰূম পালোগৈ। বাকীবোৰে কথাটো কেনেকৈ গম পাইছিল নাজানো, ঘটনাটো চাৰিওপিনে প্ৰচাৰ হ’ল। দুদিনমানলৈ তাইৰ ৰূমৰপৰা বাহিৰলৈ ওলোৱা বন্ধ হ’ল আৰু সেই দিন ধৰি লাজতে পেণ্ট পিন্ধা ইচ্ছাটো চিৰদিনৰ বাবে পৰিত্যাগ কৰিলে।
☆★☆★☆

2 Comments

  • Anonymous

    কাহিনী টো এদিন কৈছিল।পুৰণা কথা মনত পৰি গল।ধুনীয়া হৈছে।

    Reply
  • মনিষা চৌধুৰী

    ঠিকছে হাহিঁলো দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *