ফটাঢোল

নাইপিয়া – পৰিস্মিতা বৰদলৈ

ল’ৰাটোৰ বয়স তেতিয়া মাথো ৯ বছৰ আছিল, যেতিয়া ৰতন মাষ্টৰে তাক ৰে’ল ষ্টেচনটোত কান্দি থকা দেখা পাই লৈ আহিছিল আৰু মাণিকী বুঢ়ীক গটাই দিছিল। ল’ৰাটোৱে কোৱামতে চাপৰিৰ পিনে ঘৰ আছিল সিহঁতৰ, বলীয়া বানৰ কবলত মাক দেউতাক আৰু ভনীয়েক সকলোকে হেৰুৱালে৷ সি কোনোমতে বাচি গ’ল৷ তাৰপিছত আৰ ঘৰত এদিন তাৰ ঘৰত এদিনকৈ কাম কৰি কৰি এদিন এখন লাইন হোটেলত ‘পোৱালি’ চাকৰি পালে। কেতিয়াবা চাহকাপ ঠাণ্ডা হ’লেও চৰটো আকৌ কেতিয়াবা ৰুটিখন টান হ’লেও ভুকুটো ‘পোৱালি’ য়েই খাব লগা হয় গ্ৰাহকৰ পৰা। এদিন অসাৱধানবশতঃ একাপ চাহ খৰধৰকৈ নিওঁতে হোটেলখনৰ আটাইতকৈ বেছি বাকীত খোৱা গ্ৰাহকজনৰ হাতত পৰিলত হোটেলৰ মালিকে তাৰ হাতত গৰম হেতা লগাই দিলে। সেইদিনাই ৰাতি সি কোনোমতে দৌৰি দৌৰি পলাই আহি ষ্টেচনটোতে বহি পৰিছিল। ওৰেটো ৰাতি ষ্টেচনতে পৰি থাকি পিছদিনা ভোকত, শোকত কান্দি থকা অৱস্থাত পাই নগৰৰপৰা ঘৰলৈ আহি থকা ৰতন মাষ্টৰে লৈ আহে।

মাণিকী বুঢ়ী অকলশৰীয়া মানুহ। হওঁতে পুতেক দুটাকৈয়ে আছে। দুয়োটাই চহৰত চাকৰি কৰে আৰু পৰিবাৰ সন্তানসহ চহৰতে থাকে। মাকক সিহঁতে লগত নিব বিচাৰিলেও তেওঁ যাবলৈ মুঠেই মন নকৰে। সৰুৰেপৰা গাঁৱৰ কেঁচামাটিৰ সুঘ্ৰাণ লৈ ডাঙৰ হোৱা মানুহ মাণিকী বুঢ়ী। তদুপৰি নিজৰ মানুহটোৱে যিখন ঘৰ, যিটো ভেটিত হাঁড় পেলালে, সেই ঘৰ, ভেটি এৰি কংক্ৰীটৰ মাজত তেওঁ উশাহ ল’বলৈও কষ্ট পাব। এই সকলোবোৰ তেওঁৰ ভাষ্য। গতিকে সাতে সোঁতৰই মিলি নিঠৰুৱা ল’ৰাটোক পাই তেওঁ হাততে সৰগ ঢুকি পোৱাদি পালে। হওক তেওঁ তেওঁৰ বুঢ়াকালত লগ এটাকে হ’ল। গাওঁখনত মাণিকী বুঢ়ীক বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। আটাইৰে আপদ বিপদত মাত এষাৰ দিবই তেওঁ। সেয়েহে এই সৰবৰহী মানুহজনীৰ বুঢ়াকালৰ লগ এটা হওক ভাবিয়ে ৰতন মাষ্টৰে ল’ৰাটোক লৈ আনিলে। সেইদিনধৰি ল’ৰাটো মাণিকী বুঢ়ীৰ লাচনি পাচনি হৈ আজি সি ওঠৰ বছৰীয়া চফল ডেকা হ’লহি। ল’ৰাটোৰ এটাই বদগুণ যে তাক যি কামেই কৰিবলৈ নোকোৱা হওক কিয় সি কামটো সদায় পিছুৱাই থয়। মাণিকী বুঢ়ীয়ে সেয়েহে তাক নাইপিয়া নাম দিছে। নাইপিয়া সাপে হেনো যিকোনো খোৱা বস্তুক আজি নাখাওঁ কাইলৈ খাম এনেকৈ কয়। সেয়েহে গোটেই গাওঁখনতে তাক ‘নাইপিয়া’ বুলিয়েই জনা যায়। মাণিকী বুঢ়ীয়ে যদি তাক কয় “হেৰৌ তামোলকেইথোক পকোতেই পাৰি আনি গাঁত খান্দি পুতি থ” সি টেপেককৈ তাৰ নাকেৰে মতা মাতটোৰে “আইতা কাইলৈ কৰিম” বুলি কয়। তেনেকৈ ধানকেইটা মিলত খুন্দাই আনিবলৈ কোৱাৰ বেলিকাও তাৰ একেই উত্তৰ। সেয়েহে সি “নাইপিয়া”। যোৱাবাৰ পূজাত আহোঁতে মাণিকী বুঢ়ীৰ সৰুটো পুতেকে নাইপিয়াক এটা গান শুনিবপৰা, ফটো মাৰিবপৰা মোবাইল দি থৈ গ’ল। সেইটো পাই আৰু তাক কোনে পায়। গোটেই গাওঁখনৰ সকলোৰে মোবাইল নাম্বাৰবোৰ চেভ কৰি ল’লে সি, প্ৰথমে চেভ কৰা কামটোৱে শিকিলে সি। মোবাইলটো হোৱাৰেপৰা সেইটোৱে তাৰ “নাইপিয়া” নামটো সাৰ্থক কৰাত আৰু অৰিহনা যোগাবলৈ ল’লে।আগতকৈও কামবোৰ পিছুৱাই কৰিবলৈ ল’লে সি।

সিদিনা গধুলি বেলিকাও সি আনদিনাৰ দৰেই মোবাইলটোত জুবিনৰ গান শুনি আছে কানত ইয়েৰফোন লগাই, এবাৰত তাৰ এখন কানৰপৰা ইয়েৰফোনৰ কেবোলডাল খহি যোৱাত আইতাকৰ কোঠাৰ পৰা যেন কিবা এটা মাত অহা যেন লাগিল তাৰ। তৎক্ষণাত সি গৈ দেখে মাণিকী বুঢ়ীয়ে পেটৰ বিষত দেদাঁউৰিয়াই আছে। সি এহাতে আইতাকৰ পেটত মিঠাতেল অলপ দি লাহে লাহে মালিচ কৰি আনখন হাতে গাৱঁৰে মদন ঠিকাদাৰলৈ ফোন লগালে, কাৰণ একমাত্ৰ মদন ঠিকাদাৰৰ ঘৰতহে গাড়ী আছে আৰু এইমুহূৰ্তত যি দেখিছে সি আইতাকক হস্পিতেললৈ নিবই লাগিব। তাৰ ফোন পাই মদন ঠিকাদাৰে নিজেই গাড়ীখন লৈ আহিল আৰু ততালিকে মাণিকী বুঢ়ীক চৰকাৰী হাস্পতাললৈ লৈ যোৱা হ’ল। তাতে ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি দেখে যে মাণিকী বুঢ়ীৰ গল ব্লাডাৰ ষ্ট’ন বাঢ়ি বিপজ্জনক অৱস্থা পাইছেহি আৰু তৎক্ষণাত অপাৰেচন নকৰিলে ভয়ংকৰ বিপদ হ’ব। লগে লগে নাইপিয়াই অপাৰেচন কৰিবলৈ কৈ ককায়েকহঁতলৈ ফোন কৰে। যথাসময়ত অপাৰেচন হৈ যায় আৰু মাণিকী বুঢ়ী আসন্ন বিপদৰপৰা ৰক্ষা পৰে। পিছদিনা পুৱাই মাণিকী বুঢ়ীৰ পুতেকহঁত আহি পায় আৰু নাইপিয়াৰ শলাগ লওক ছাৰি নাৰ্চিংহোমলৈ নিনি চৰকাৰী হাস্পতালত অপাৰেচন কৰোৱা বাবে গালিহে পাৰে। তাৰপিছত ডাক্তৰক লগ কৰে। মাণিকী বুঢ়ীক চেকআপ কৰি কেবিনৰ বাহিৰতে চাৰ্জনজনে পুতেকহঁতক কয় যে “আপোনালোকে ইমান আগতে কৰিবলগীয়া অপাৰেচনটো কিয় পিছুৱাই আছিলে, তেখেতক কালি সময়মতে ননা হ’লে হয়তো আজি জীৱিত অৱস্থাত নাপালে হয়”। কেবিনৰ ভিতৰৰপৰা কথাখিনি শুনি থকা মাণিকী বুঢ়ীয়ে ভাবিবলৈ ধৰিলে আচলতে নাইপিয়া কোন???

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *