চেনি খোৱাৰ লটি ঘটি – ডলী তালুকদাৰ
কোৱা হয় মানুহৰ জীৱনৰ আটাইতকৈ মধুৰ সময় হ’ল শৈশৱ। নিৰ্দোষ ধেমালি, প্ৰাণখোলা হাঁহি, ৰং-ৰহইচ আৰু নজনাটো জনাৰ আগ্ৰহ। হয়তো জীৱনৰ মিঠা সোঁৱৰণীখিনি শৈশৱৰ মাজতে বিচাৰি পোৱা যায়।
মোৰো বহুতো মিঠা সোঁৱৰণী মোৰ শৈশৱৰ মাজত আজিও বিচাৰি পাওঁ। আজিও মোক কিছুমান স্মৃতিয়ে মনটো ভাল লগায় দিয়ে।
সাধাৰণতে মই শান্ত শিশুৰ শাৰীতে পৰিছিলোঁ। উৎপাত, কাজিয়া এইবোৰ নকৰিছিলোঁ। স্কুললৈ নিয়মীয়াকৈ গৈছিলোঁ। অংকৰ বাহিৰে আটাইকেইটা বিষয়ে ভাল পাইছিলোঁ পঢ়িবলৈ। ছাৰ বাইদেউসকলৰো প্ৰিয় আছিলোঁ। কিন্তু তথাপিও তাৰ মাজতে কিছুমান আচৰিত কাম কৰিছিলোঁ। অলপ অভঙো আছিলোঁ। যিটো কৰিম বুলি ভাবোঁ কৰোঁ আৰু যিটো লাগে বুলি কওঁ লাগিবই।
সৰু থাকোতে মই কেৱল গাখীৰেৰে ভাত খাই ভাল পাইছিলোঁ। ভাত খাই বেয়া পাইছিলোঁ। খালেও প্ৰতিসাজতে গাখীৰ ভাত লাগিব। আৰু গাখীৰেৰে ভাত খোৱাৰ মূল উদ্দেশ্য হ’ল চেনী। চেনী ইমানে ভাল পাইছিলোঁ খাই যে পাউৰুটিৰ লগত যদি মাখন খাওঁ তাৰ ওপৰত চেনী দিহে খাওঁ, ৰুটিৰ লগত চেনী, আনকি সুদায়ো খাওঁ চেনী। সেয়েহে গাখীৰ ভাত খালে দুই ঢাকনি চেনী দি খাওঁ। মোৰ এই চেনী খোৱাৰ উৎপাতত মা অসহ্য হৈ গৈছিল। হাজাৰ চেষ্টা কৰিও মোক গাখীৰ চেনীৰ বাহিৰে বেলেগেৰে ভাত খুৱাব পাৰা নাছিল।
এদিনৰ কথা স্কুলৰ পৰা আহি ভাত খুজিলোঁ মাক। সেইদিনা মাগুৰ মাছ বনাইছে মায়ে। শেৱালী ফুলৰ পাতৰ বড়াও বনাইছে। মোৰ চেনী খোৱাৰ উৎপাতত পেলু হৈছিল। সেইদিনা মায়ে ক’লে মাজনী আজি মাগুৰ মাছ বনাইছোঁ গতিকে গাখীৰ চেনীৰে ভাত খাব নালাগে ।মাগুৰ মাছ খালে তেজ হয়, গাৰ ৰং ধুনীয়া হয়। শেৱালী ফুলৰ বড়াও খা পেট বিষাই থাকে কৱ পেলু হৈছে যে সকলো পেলু মৰি যাব ।ৰাতি শোওতে দাঁত কামুৰি থাক। কিন্তু মই নাচোৰবান্দা। মই মাছ, তিতা বড়া নাখাওঁ। গাখীৰ চেনীয়ে লাগিব, নহ’লে ভাতে নাখাওঁ। হাজাৰ চেষ্টা কৰিও নোৱাৰিলে মোক খুৱাব।
অৱশেষত মায়ে মোক বাধ্য হ’ল গাখীৰ চেনীৰে ভাত দিবলৈ। দিলে ভাত চেনী দুই চামুচ দিলে নাই আৰু দিব ক’লোঁ মিঠা হোৱা নাই। মায়ে নিদিয়ে মই নেৰোঁ। দিলে আধা চামুচ উহু আৰু দে, নিদিয়ে মই বোলো দে মায়ে অকণমান দিলে। নাই মিঠা হোৱা নাই আৰু দে এইবুলি কৈ কান্দিবলৈ ধৰিলোঁ। মায়ে পাত্তা নিদি ওলাই গ’ল পাকঘৰৰ পৰা।
আমাৰ কাম কৰা ছোৱালী এজনী আছিল। তাইৰ নাম বিনীতা আছিল। আমি মাহী বুলি মাতিছিলোঁ। মোক মাহীজনীয়ে বহুত মৰম কৰিছিল। তাইও ভাত খাই আছিল মোৰ লগত। মই ভাত নাখাই ঠেহ লাগি বহি আছোঁ। মোক বহুত মৰম কৰিছিল বাবে তাই লৰালৰিকৈ ভাত খাই মোক ক’লে, মাইনা ভাত খা মই দিম দে চেনী। কিয়নো মই ভাত নোখোৱাৰ বিদ্ৰোহ কৰি ইতিমধ্যে দাইনিং চেয়াৰৰ পৰা নামি পকাত অৰ্থাৎ মজিয়াত বাগৰি দিছিলোঁ। গতিকে বিনীতা মাহীৰ দুখ লাগি মোক চেনী দিবলৈ সন্মত হ’ল বিনিময়ত মই ভাত খাই দুপৰীয়া শুব লাগিব। তাই আনিলে চেনীৰ বৈয়ামটো। চেনী দিলে ভাতত এক চামুচ…. আৰু দে দুই চামুচ……আৰু দে তিনি চামুচ….চাৰি চামুচ….আৰু দে.. আৰু দে ..আৰু দে…তেনেতে হঠাৎ ল গোটেই বৈয়ামে খা। আজি যদি তই এই ভাত নাখাৱ তোৰ মুখত ঠেলি ঠেলি খুৱাম আৰু এই বেতডাল চিঙি চাৰিডাল কৰিম। আৰু যদি খাৱ তোৰ লগতে বিনীতাৰো পিঠি চিঙিম। কি হ’ল একো বুজিবই নোৱাৰিলোঁ। কোন তলকত মায়ে আহি এক কিলোৰ চেনীৰ বৈয়ামটো গোটেই মোৰ কাহীত বাকী দিলে ধৰিবই নোৱাৰিলোঁ। কোনোদিনে খং নুঠা মাৰ সেই ৰুদ্ৰমূৰ্ত্তি দেখি মই আৰু বিনীতা মাহী দুয়ো কঁপিবলৈ ধৰিলোঁ।
সাধাৰণতে মোৰ মা খুব শান্ত আৰু মৰমীয়াল। খং নুঠেই মাৰ। দেউতাহে খঙাল আৰু দেউতাৰ খঙৰ পৰা মায়েহে বচায়। লগতে মায়ে মস্ত এচাৰি এডাল লৈ আগত বহি ল’লে আজি তই এই ভাত খাব লাগিব নহ’লে তই চেনী এৰিব লাগিব। মই কাহীত চেনীৰ বাহিৰে ভাত বিচাৰি নাপালোঁ। প্ৰথমে অলপ খালোঁ কিন্তু লাহে লাহে এনেকুৱা অসহ্য লাগিল যেন সেইবোৰ চেনী নহয় বিষহে। আৰু সেইদিনাৰ পৰা মোৰ চেনী দেখিলে ভয় লগা হ’ল। গাখীৰ চেনীৰে ভাত খোৱা বন্ধ হ’ল। আনকি মই বেছি মিঠা খাবই বেয়া পোৱা হ’লোঁ।
☆★☆★☆
5:35 pm
হাঃ হাঃ হাঃ।আপোনাৰ বিৰাট দুৰ্গতি দেই।