ফটাঢোল

মিছাভেম – কাবেৰী মহন্ত

কলেজৰ পৰা আহিয়েই চোফাখনত ফাইলটো আৰু ডাইনিং টেবুলৰ চকীত কোটটো ওলোমাই থ’লোঁ। জোতাযোৰ ওচৰতে খুলিলোঁ‌ যদিও শ্বু ৰেকটো চাৰিফুটমানহে আঁতৰত। দেখিও নেদেখাৰ দৰেই তাতেই জোতা পেলাই চেণ্ডেলযোৰ ভৰিত সোমোৱাই চোঁ‌চৰোৱাৰ শব্দৰ তালে তালে বেডৰুমত সোমালোহি। নিয়াৰিকৈ পাৰি থোৱা বেডশ্বিটৰ ওপৰত এটা এটাকৈ টাই, চাৰ্ট, বেল্ট দলিয়াই গ’লোঁ‌ ..যিমান পাৰোঁ‌ কৰ্তৃত্বৰ মাতষাৰ উলিয়াই মাত দিলোঁ‌ “মোৰ টাৱেলখন ক’ত?” ভিতৰৰ পৰা অলপ বিৰক্তিৰে ভৰা মাত এষাৰ আহিল.. “সদায় য’তেই থাকে তাতেই আছে, চাওকচোন।”

কঁকালত হাত দুখন থৈ একে ঠাইতে থিয় হৈ ডিঙিটো দুপাকমান ঘূৰাইয়ো টাৱেলৰ চিন চকুত নপৰিল। “দৰকাৰী বস্তু সময়ত জেগাত নাথাকে যে?” …কিছুসময়ৰ নিৰৱতা, তাৰপাছত তিতা এপ্ৰন আৰু ভিজা হাতেৰে এওঁ‌ ওলাই আহিল। চিধাই সদায়ে থোৱা জেগাৰ পৰাই টাৱেলখন উলিয়াই মোৰ হাতত গুজি দিলেহি। “অকনমান ইফালে সিফালে চালেই পালেহেঁতেন .. নিজৰ কামখিনি নিজে কৰিবলৈ ল’বচোন ..” গতানুগতিক খং আৰু লৰালৰিকৈ মানুহজনী ভিতৰলৈ সোমাই গ’ল। এজ ইউজুৱেল মই এইবোৰ পাট্টাই নিদিও আৰু টাৱেলখন লৈ বাথৰুমলৈ আগবাঢ়িলোঁ‌৷

কলেজৰ ইংৰাজীৰ প্ৰফেচৰ হিচাপে মই এক আত্মগৌৰৱ আৰু ভেমত থাকোঁ। মোৰ বাবে হিন্দী আৰু সংস্কৃত বিষয়সমূহ টাইমপাছৰ বাদে একো নহয়৷ এইবোৰত একো গ্লেমাৰ নাই। এই ইগ’ৰ বাবে মোক বহুতে ফিচিঙা ফিচিঙি কৰে বুলি মই জানোঁ‌ কিন্ত আই জাষ্ট ইগন’ৰ৷ অৱশ্যে যোৱা বছৰ লণ্ডনত হোৱা বিশ্ব হিন্দী সন্মিলনলৈ গুপ্তাজী চিলেক্ট হৈ যোৱাৰ সময়ত মই ভিতৰি নজ্বলাকৈ থকা নাছিলোঁ‌! তথাপিও মগজুতকৈ আবেগক গুৰুত্ব দি উত্তৰ দিছিলোঁ –“ৱাহ গুপ্তাজী লণ্ডন যাবলৈ ওলাইছে? সন্মিলনৰ নামত ইংৰাজৰ দেশ এই সুযোগতে ফুৰি অহাতো বেয়া নহয়, এটলিষ্ট প্ৰসাৰৰ বাবে হ’লেও ইংৰাজী কোৱা দেশলৈ যাব লগা হৈছে! এতিয়া আপোনালোকৰ হিন্দীয়ো ইন্টাৰনেশ্বনেল হৈ যাব।”

গুপ্তাজীৰ আত্মসন্মানত আঘাত কৰাৰ উদ্দেশ্য অলপ সফল হোৱা যেন অনুভৱ হ’ল৷ “হিন্দী বহুত দিনৰ পৰাই আন্তঃৰাষ্ট্ৰীয়৷ ইয়াৰ আগতেও শ্ৰীলংকা আৰু জামাইকাত বিশ্ব হিন্দী সন্মিলন হৈ গৈছে৷”

মোৰ আগত ফুটনি মাৰি লাভ নাই, মোৰ মুখৰ আগত ইয়াৰ উত্তৰ থাকেই। “কি কথা কয়হে? এইবোৰৰ দৰে দুখীয়া দেশলৈ যোৱাৰ কোনো গুৰুত্ব নেদেখোঁ‌৷ ভাৰততকৈও দুখীয়া আৰু আনদেভেলপ। লণ্ডন ইজ দিফাৰেন্ট ইউ ন’? ইংৰাজী নিউজচেনেলত হিন্দীৰ ওপৰত আলোচনা ..ৱাহ! এমেজিং, ইজ ইট নট?”

মুঠতে এইটো বুজাই দিলোঁ‌ যে ইংৰাজীৰ আগত হিন্দী ইজ বিগ জিৰ’। অৱশেষত ইংৰাজীৰে সহায় ল’বই লাগিব প্ৰসাৰৰ বাবে। গুপ্তাজীৰ মুখৰ প্ৰতিক্ৰিয়াই মোৰ ইংৰাজী জনাৰ ভেমক হিলাব নোৱাৰে৷

অৱশ্যে যোৱা দুদিনমানৰ আগতে অহা এখন চাৰ্কুলাৰে মোৰ উফন্দি থকা ভেমৰ হাৱা উৰুৱাবলৈ যথেষ্ট আছিল। গুপ্তাজী পুনৰ নিৰ্বাচিত হৈছে ত্ৰিনিদাদত হ’ব লগা এক হিন্দী ভাষাৰ আলোচনাত ভাগ ল’বৰ বাবে৷ এনে আনস্মাৰ্ট বিষয় এটালৈও মানুহজনৰ পাছপৰ্টত ইখনৰ পাছত সিখন দেশৰ মোহৰ পৰিছে, অথচ মোৰ যোৱা পাঁচটা বছৰত ওচৰৰ চহৰখনলৈও পৰিয়াল লৈ যোৱাৰ সুবিধা হোৱা নাই৷ শ্ৰীমতীৰ আগত মই লাটচাহেব হৈ থাকিলে কি হ’ব, গুপ্তাজীৰ দৰে মানুহহে চাহাবৰ দেশত ঘূৰি ফুৰিব পাৰিছে৷ কেতিয়াবা ভাৱ হয় মোৰ টাই চুটৰ দ্ৰেছটোতকৈ যেন এই হিন্দী, সংস্কৃত পঢ়ুওৱা শিক্ষকসকলৰ কুৰ্তা পায়জামাৰ গুৰুত্ব বেছি!

মিঠাইৰ টোপোলা লৈ পাতল নীলা কুৰ্তাৰে গুপ্তাজী সকলোৰে নয়নৰ মনি হৈ পৰিছে। সকলোৱে অভিনন্দন জনাইছে, হাত মিলাইছে৷ মইহে মুকলিকৈ আগবাঢ়িব পৰা নাই। মোৰ ভেম মোৰ ঈৰ্ষাই মোক শিকলি পিন্ধাই দিছে যেন অদৃশ্যকৈ! উপাই নাই, তেখেত নিজেই আহি মিঠাইৰ পেকেটটো আগবঢ়াই দিলে ..

“অভিনন্দন গুপ্তাজী!” মোৰ জিভাক মই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ‌ “পিছে তালৈ গৈ কি কৰিব? সেই দেশখন চ্লেভাৰীৰ বাবেই বিখ্যাত৷ এতিয়াও মানুহবোৰে কুলীৰ কামেই কৰে৷ তাতকৈ ইউৰোপীয় দেশলৈ যাওক .. ফাইভ ষ্টাৰ হোটেলৰ মজাৰ লগতে সন্মিলনৰ নামত ফুৰি চাকিও আহিব পাৰিব!” মোৰ তীৰ ক’ত লাগিলগৈ গম পাবলৈ নিদিলে গুপ্তাজীয়ে৷ তেখেতৰ প্ৰতিক্ৰিয়া তেতিয়াও নিৰুদ্বিগ্ন অথচ শান্ত৷ মিঠাইৰ পেকেটটো নিজৰ ওচৰলৈ টানি উত্তৰ দিলে “আজিকালি এইবোৰ নাই৷ ইণ্টাৰনেটৰ দিনত সকলো সলনি হ’ল, মানুহৰ জীৱন ধাৰাও৷”

হিন্দী মাষ্টৰৰ মুখত ইন্‌টাৰনেট? মোৰ তাচ্ছিল্যৰ হাঁহি মই ৰখাব নোৱাৰিলোঁ‌। “হিন্দীৰ সৈতে ইণ্টাৰনেটৰ কি সম্পৰ্ক গুপ্তাজী? আপুনি কম্পিউটাৰত হিন্দীৰ প্ৰজেক্ট বনাই নেকি! নে বজাৰত হিন্দী কোৱা কম্পিউটাৰ ওলাল?” সম্য ভাৱেই হিন্দী মাষ্টৰে মোক ক’লে, “ইংৰাজী ক’ব জনাটো আপোনাৰ গুণ, কিন্ত তাৰবাবেই ইংৰাজৰ কয়দী হোৱাৰ প্ৰয়োজন আছে জানো ইংৰাজৰ জেইলাৰ হোৱা তাতোকৈ ভাল ..।” প্ৰতিটো শব্দই মোৰ ভেম উৰুৱাবৰ বাবে যথেষ্ট আছিল।
☆★☆★☆

13 Comments

  • মিনতি মহন্ত ।

    তই যিমান বেয়া হৈছে বুলি কৈ আছিলি , ক’তা বেয়া নাই হোৱা দেখোন । গতানুগতিকতাৰ পৰা অলপ হলেও বেলেগ হৈছে । ঠিকেই আছে ।

    Reply
    • কাবেৰী মহন্ত

      পঢ়ি ভাল লাগিল যদি ধন্যবাদ ৷

      Reply
  • নীলাঞ্জনা

    মজা! ফুটনিতে বেগুন ভজাৰ মজা পালে বাৰুকে৷ এনেকুৱা উফাইদাং মৰা পণ্ডিত গলিয়ে গলিয়ে আছে৷ সেয়া ইংৰাজী পঢ়ুৱা অধ্যাপকেই হওক বা যিকোনো পেছাদাৰীয়ে হওক৷ পঢ়ি ভাল লাগিল৷

    Reply
    • কাবেৰী মহন্ত

      আজিকালি মুখৰ কথাই মেইন ৷ বহুত মানুহ তেনেকৈয়ে চলি থাকে ৷

      Reply
  • হেমন্ত কাকতি

    ভাল হৈছে কাবেৰী৷ গোটেইটো মনোযোগ দি পঢ়িলোঁ৷ বঢ়িয়া হৈছে৷

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ দাদা ৷ আপুনি সদায়ে উৎসাহ জোগাই আহিছে ৷

      Reply
  • Anonymous

    শেষত ভাল দিলে বাৰু গুপ্তাজীয়ে…
    পঢ়ি ভাল পালো.…

    Reply
    • কাবেৰী মহন্ত

      পঢ়িচোৱাৰ বাবে ধন্যবাদ জনালোঁ ৷

      Reply
  • সোনটো

    অপূর্ব

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ বাবাজী ৷

      Reply
  • ৰিণ্টু

    বঢ়িয়া, ভাল লাগিল পঢ়ি

    Reply
    • কাবেৰী মহন্ত

      পঢ়াৰ বাবে ধন্যবাদ ৷

      Reply
  • ৰাজশ্ৰী শৰ্মা

    মজা দিছে কিন্তু বা??। ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *