ফটাঢোল

বানান – ৰাজীৱ শৰ্মা

শিক্ষক: কচোন, আজি স্কুললৈ আহোঁতে তহঁতৰ কোনোবাই কিবা ভাল কাম কৰিলিনে?
এজন ছাত্ৰ: (তপৰাই)মই কৰিলোঁ ছাৰ।
শিক্ষক: কি কৰিলি!
ছাত্ৰ: বাচত উঠিবলৈ খৰকৈ গৈ থকা মানুহজনৰ পাছত আমাৰ ঘৰৰ কুকুৰটো লগাই দিলোঁ।
শিক্ষক: কি? এইটো ভাল কাম কেনেকৈ হ’ল?
ছাত্ৰ: বাচখন গৈছিলেই ছাৰ। কুকুৰটোৱে খেদিলতহে তেখেত যেনে-তেনে বাচখনত উঠিব পাৰিলে।
ভাল কাম এনেকুৱাই। দহজনৰ চকুত বেয়া দেখিলেও কৰোঁতাজনৰ বাবে সন্তুষ্টি দায়ক।
সিদিনা দশমশ্ৰেণীৰ ল’ৰা-ছোৱালীহঁতক পাঁচটা একেবাৰে সহজ বানান দিলোঁ। সকলোৱেই লিখিলে। কিন্তু জন্তু এটাৰ নাম এটাই ভুলকৈ লিখিলে। লিখিব লাগিছিল হাতী, লিখিলে হাতি। তাকে সোঁৱৰাই দিয়াত তাৰ হে বৰ কথা – বোলে চাৰ, হাতীত ‘হস্ৰ ই’ কাৰ দিওঁতেও আপুনি বুজিছেতো মই কোনটো জন্তুৰ নাম লিখিছোঁ।
মোৰো গাত লাগিল। এই কথাই কথা নহয়। কুমলীয়া বাঁহ ভাজ লাগিলে পাছত পোনাব নোৱাৰি। গতিকে তাক আকৌ এবাৰ বানানটো শুধৰাই ল’বলৈ কোৱা হ’ল। কিন্তু সি নাছোৰবান্দা। খঙত একোনাই হৈ হাতৰ এছাৰিডালেৰে তাৰ পিঠিত ফুল বাছি পেলালোঁ।
কথা ইয়াতে শেষ নহ’ল। ল’ৰাৰ দেউতাকে মোৰ নামত থানাত কেচ উঠালে। সাধাৰণ এটা বানান ভুলৰ বাবে মাৰপিট। অসহ্য, মানিব নোৱাৰা।
গতিকে আজিকালি এই সকলোবোৰ বাদ দিলোঁ। যিয়ে যি লিখে লিখি থাকক! মোৰ কি আহে যায়। পিচে এইদৰে ভাবোঁহে, নোৱাৰোঁ নমতাকৈ থাকিব।
সিদিনাৰ কথাই চাওঁকচোন। সাধাৰণ এটা বানান। লিখিছিল ভুলকৈ, তাকে দেখুৱাই দিয়াত মোক চুইহে নিকিলালে।বোলে মই বেছি কৰোঁ। কিন্তু মোতকৈ যে মোৰ ধেমাধৰা এটাই বেছি কৰিলে সেইটো কাৰো চকুতেই নপৰিল!মানুহবোৰেও জানিব লাগে নহয় শিক্ষকৰ কামেই হ’ল ছাত্ৰ-ছাত্ৰীৰ ভুল-শুদ্ধ আঙুলিয়াই দিয়া।
বুজিছিলোঁ কথাতো তেওঁলোকে। এজনে প্ৰথমেই ভুল স্বীকাৰ কৰি ক্ষমা বিচৰাৰ লগতে ভুলৰ শুধৰণিও কৰিছিল।কিন্তু মইয়ো জানো কম! হাতলৈ অহা ইমান ডাঙৰ সুযোগ এটা পাই হেৰুৱাওঁ কেনেকৈ? গতিকে ———
পিচে জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে। ভাষাৰ মেল, তাতে বানানৰ খেল।সৰিয়হৰ ডুলিতে ভুতৰ দৰে মোৰ জ্বালামুখী ভাষণটোতো দুই-চাৰিটা ভুল থাকি গ’ল। মানুহবোৰো এনে নহয়! শিক্ষকৰ ভুলো এৰি নিদিয়ে! নামাতো আজিৰ পৰা একোতে। আপোনালোকেই কওকচোন মোৰ বাৰু এইটো ভুল ধৰিবলগীয়ানে!
‘আমাৰ অমনোযোগিতা আৰু অসহিষ্ণুটাই আমাৰ ভাষাটো বিপদৰ মাজলৈ লৈ গৈছে। গতিকে সকলোৱে ভাষাতো শুদ্ধকৈ ক’ব আৰু লিখিবলৈ চেষ্টা কৰিব লাগে।
এটা, মাত্ৰ এটা ‘ট’ ই এতিয়া গোটেইখন উত্তাল কৰি আছে। এইটো হয়তো মোৰ হাতত ধৰাশায়ী হোৱা আনটো পক্ষৰে চাল।

☆★☆★☆

3 Comments

  • হিৰণ্যজ্যোতি দাস

    ভাল পালো পঢ়ি

    Reply
  • চিদানন্দ বৰা

    অসহিষ্ণুতাহে হব লাগিছিল ৷

    পঢ়ি সুখ পালোঁ ৷ কৰ্পটি শব্দটো বহু দিনৰ মূৰত দেখিলোঁ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *