অগতানুগতিক – জিতা ফুকন
ৰাইজ নমস্কাৰ৷ মই আপোনালোকৰ আগত মোৰ বিষয়ে কথা দুটামান কওঁ বুলি ওলালোঁঁ৷ মই জোতা৷ মোৰ শ্ৰীমতীৰ নাম মোজা দেই৷ আমি পতি পত্নী দুয়ো বৰ মিলাপ্ৰীতিৰে থাকোঁঁ৷ কোনে কেতিয়া মোক আৱিস্কাৰ কৰি আজিৰ এই অৱস্থাত আপোনালোকৰ পদতল পোৱালেহি ক’ব নোৱাৰোঁ দেই৷ আপোনাসৱৰ পদতলত ঠাই পালেও মই নিজক লৈ বৰ গৌৰৱ অনুভৱ কৰোঁ বুজিছে৷ কাৰণ মই নহ’লে কাৰো সাজসজ্জাই সম্পূৰ্ণ নহয়৷ ভাবকচোন বৰ ধুনীয়া কাপোৰ এসাজ পিন্ধি ওঁঠে মুখে ৰং এগাল লেপি, মণি মুকুটাৰে ডিঙি কাণ শুৱনি কৰিলেও, মই যদি তলফালে নাথাকোঁ তেনে সকলো নেচেল৷ আজিকালি মোৰ ৰং ডিজাইন সব সলনি হ’বলৈ ধৰিছে৷ দামী দামী কোম্পানীবোৰে মানে বেপাৰীবোৰে মোৰ টিকাত লেবেল মাৰি টকা ঘটিছে৷ কিবা বোলেনে Action, Addidus, Khadims, Liberty কত যে কি নাম! মোৰ ৰূপও বিভিন্ন৷ জোঙা, ভোটা, দীঘল, চেপেটা আইঐ!ৰঙৰ কথা নকলোৱেই বা৷ সকলোৱে মোৰ ওপৰতে উঠি পৃথিৱী ভ্ৰমণ কৰি ফুৰে৷ মই কষ্ট পাইছোঁ নেকি কোনেও চিন্তাকে নকৰে৷ এনেই বৰ কষ্ট নহয়৷ পিচে কিছুমানৰ ভৰিবোৰ যে ইমান ভেকেটা ভেকেট গোন্ধাই ঔ, মোৰ যে বমি কৰি দিবলৈ মন যায়৷ মোৰ ঘৈণীজনীৰ কি অৱস্থা হয় কল্পনা কৰকচোন৷ মাজে মাজে মোকো জিৰণি অকন লাগে কিন্তু কথাটো বহুতে নুবুজে৷ মোক ঘূৰাওঁতে ফুৰাওঁতে পিঠিৰ চাল চিগি যায়৷ ডাক্টৰৰ ওচৰত মোৰো চিকিৎসা কৰিব পাৰে, পিচে নকৰে৷ দলিমাৰি চুৱাপাতনিত পেলাই দিব৷ ইমান নিষ্ঠুৰ হ’ব লাগেনে বাৰু?
মহিলাসকলে মোৰ চেহেৰা আৰু বেলেগ কৰি পেলায়৷ মোক পিন্ধে নে মোৰ ওপৰত উঠি ঘূৰিফুৰে ক’বই নোৱাৰোঁঁ৷ দুফুটীয়াজনীয়ে এফুট ওখ কৰি মোক বনাই লৈ নিজৰ উচ্চতা বঢ়াই৷ আৰু সেই ফেশ্বন শ্ব’বোৰত কমৰ হিলা হিলাকে বেকাবেকিকৈ যিহে মেকুৰী খোজ কাঢ়ে, মোচোকা খায় মোৰ তেতিয়া মৰিম যেন লাগে৷ হ’লেও মোৰ বহুত ডিমাণ্ড যে সেইকাৰণে বৰ ভাল লাগে৷
আগৰ দিনত যিহে কঁকাল খামুচীয়া কাঠ এচটাৰ ওপৰত নট কচি মোক ৰূপ দিছিল৷ তেতিয়া মোক আকৌ জোতা নুবুলি খৰমহে বুলিছিল৷ ধূতি পিন্ধা মানুহবোৰে খটপ খটপ শব্দ কৰি মোক চোচৰাই ফুৰিছিল৷ পিচে আজিৰ চেপামৰা পেণ্টৰ লগত যদি মোক সেই ৰূপত পিন্ধিলেহেঁতেন ….. খিক খিক, কিবা ভাবিলেই হাঁহি উঠি যায় পায়৷
ধুনীয়া ধুনীয়া শ্ব’ৰূমবোৰত কেতিয়াবা এ চি ৰূমত মহা আৰামেৰে বহি থাকোঁ মই৷ যেতিয়া ধুনীয়া ছোৱালীবোৰে মোক হাতত লৈ চায় লাজতে মোৰ মৰোঁ যেন লাগে৷ গাটোত পিৰপিৰণি এটাও উঠে৷ কিন্তু কেতিয়াবা চৌফলীয়া ৰদত হাৰামী বেপাৰী কিছুমানে হালৰ বলধ দুটাৰ দৰে যুতি লৈ মোক ৰ’দত যিদৰেহে ওলোমাই থয় নহয়, খঙতে সিহঁতক কাণতলীয়া চৰ কেইটামান সোধাবলৈহে মন যায়৷ মোৰ কি, গৰম ঠাণ্ডা, দুখ ভাগৰ নাই নেকি হুহ?
যি কি নহওক আপোনালোকক সহায় কৰিবলৈ পায় মই সুখী৷ কিন্তু মোৰো অলপ যত্ন ল’ব লাগে৷ মাজে সময়ে ৰ’দাব লাগে, গা মূৰ মোহাৰি চূণ তেল অকণ দিব লাগে তেহে৷ কেতিয়াবা অকন জিৰণিও দিব লাগে৷ ৰাইজ মোৰ মনৰ কথাবোৰ ক’লো৷ বেয়া চেয়া নাপাব৷ কেতিয়াবা পুনৰ লগ পাম৷
☆★☆★☆