কৌতুক – পদ্মলোচন ভৰদ্বাজ
পতি-পত্নী ৰাতি বিয়া খাই ঘৰ পাইছেহি। দেৰি হোৱা বাবে পত্নীৰ অলপ অলপ খং উঠি আছিল।
পত্নী: চাওঁ মোক ছাবিটো দিয়ক আৰু আপুনি টৰ্চটো ধৰক।
জোৰ জবৰদস্তি তলা খুলিবৰ চেষ্টা চলিল প্ৰায় তিনি মিনিটমান। তলা নোখোলেহে নোখোলে। পত্নীৰ খং তুঙ্গত উঠি হিমালয় পাইছেগৈ।
পতি: মই চেষ্টা এটা কৰোঁ?
পত্নী: পাৰে যদি খোলক। মই টৰ্চ ধৰো।
লাহেকৈ ছাবিটো লগাওঁতেই তলাটো খুলিল। পতিয়ে পত্নীৰ ফালে চালে।
পত্নী: এতিয়া গম পালে নহয় টৰ্চ কেনেকৈ ধৰিব লাগে।
☆★☆★☆
3:23 pm
???? বঢ়িয়া দিলে।