ফটাঢোল

বাত ভেদাইলতা কী – জনাৰ্দন ঠাকুৰ

আমি সকলোৱে ভালপোৱা ভেদাইলতাৰ উপকাৰী আৰু অপকাৰী দুয়োটা দিশেই আছে৷ উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ বিশেষ নাই সকলোৱে জানেই৷ মানে হ’ল কি, সাপ্তাহিক বজাৰৰ দিনা পাচলি কিনিবলৈ মোনাটো হাতত লৈ বজাৰলৈ গ’লোঁ৷ নানাধৰণৰ পাচলিৰ লগতে এমুঠি ভেদাইলতাৰ পাতো কিনিলোঁ কিয়নো এইবিধ মোৰ খুবেই প্ৰিয়৷ কিনি আনি পাচলিৰ মোনাটো মোৰ দোকানতে থৈ দিলোঁ বোলোো দুপৰীয়া ঘৰলৈ ভাত খাবলৈ যাওঁতে লৈ যাম৷ বছ মোনাটো নিজৰ দোকানত থোৱাটোৱেই কাল হ’ল ৰে ভাই৷ গ্ৰাহকে কিবা কিনিবলৈ আহি নাকটো মোহাৰি ওলাই যায়৷ কোনোবাই পাঁচ বিধ সামগ্ৰী ল’বলৈ আহি কিবাকৈ দুবিধ লৈ আঁতৰি যায়৷ এজনেতো ৱাক ৱাক আৰম্ভ কৰি দিছিলে, কিবাকৈ কণ্ট্ৰোল কৰি মোৰ কিনা পানী এবটল শেষ কৰি গুচি গ’ল অথচ এবিধো সামগ্ৰী নল’লে৷ ৫ টকাৰ ভেদাইলতাই মোৰ কিমান যে লচ্‌ কৰিলে! লচ্‌টো এদিন সহ্য কৰিব পাৰি কিন্তু কিছুমান কথা মানিব নোৱাৰি, লখিমী গ্ৰাহকসকলে মোক কি ভাবিব কওকচোন আপোনালোকেই? এনেকৈ ভাবিবনে নাই যে, দোকানীজনৰ ইমানেই গেষ্ট্ৰিক নে? ৩/৪দিন ছাগে টয়লেটৰ মুখেই দেখা নাই, এনেকুৱা নানা ধৰণৰ ভাব লৈ গ্ৰাহকসকল আঁতৰি গৈছে৷ ধুই কি জ্বালাত পৰিছিলোঁ সিদিনা আপোনালোকেই অনুভৱ কৰকচোন৷ কানত ধৰিছোঁ সিদিনাৰ পৰা ভেদাইলতাক এতিয়াৰ পৰা কিনিলে য’তে ত’তে নথওঁঁ৷ আৰু এটা উপকাৰিতাৰ বিষয়ে লাহেকৈ কৈ যাওঁ আপোনালোকক, আপুনি যদি দৈনিকে পাব্লিক বাছত অহা যোৱা কৰে তেন্তে পকেটত কেইটামান ভেদাইলতাৰ পাত লৈ যাব৷ যদি ছিট নেপাই তেন্তে পকেটত হাত ভৰাই লাহে লাহে মোহাৰি থাকিব, মোৰ আশা আপুনি অতি সোনকালেই ছিট পাব৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *