ফটাঢোল

বৰুৱানীৰ সপোন – চাও খুন শিৱা

“বেলি ওলাবলৈ নাপাওঁতেই আল পৈচান ধৰিব হয়েই। হ’ল বুলি ফিকা চাহ কাপ নিজে কৰি খাব নোৱাৰা নেকি?”

চাহৰ কাপটো টেবুলখনত ঠেকেছা মাৰি বৰুৱানীয়ে ঠেঁহ পাতি উঠিল। পেপাৰ পঢ়ি থকা বৰুৱাই চশমাজোৰৰ ফাঁকেৰে চাই বোলে

“সোনকালে উঠাটো স্বাস্থ্যৰ পক্ষে ভাল।”

”হ’ব.. ইটো ভাল সিটো ভাল কৰি, লেল চেলাই দেখুৱাব নালাগে। কাম কৰা বাইজনী দুদিন হ’ল নহা; আজি আহিব নাই খবৰ কৰি আহক গৈ ..” বৰুৱাৰ কথাত বাৰুৱানীয়ে ভুল ধৰাৰ সুবিধা নাপায়ে, আজি পাইছে।

“তুমি শুই থাকোঁতেই, খবৰ কৰিলোঁ। পানী শুকুৱা নাই .. আহিব নোৱাৰে ..”

“পানীহে হৈছে, মানুহবোৰচোন স্কুলতে আছেহি , খোৱা বোৱাও চিন্তা নাই, ৰিলিফ পায়েই আছে। আহি কাম কেইখন কৰি যাব নোৱাৰে নেকি? কাপোৰখিনি দম পাতি আছে, ঘৰখন জাৱৰে পুত খাইছে, কিমান দিন হ’ল নহা খবৰ ৰাখিছানে? দৰমহা দিওঁতে নহা কেইদিনৰ কাটি দিব ক’লেও নোৱাৰা। মই গা বিষ কঁকাল বিষে কৰি খুৱাব লাগে ……

দুখ উলিয়াব নোৱাৰি খঙে বিষয়ে জুই একুৰা মূৰত লৈ ভু-ভুৱাই বৰুৱানী ভিতৰলৈ সোমাই গ’ল। বৰুৱাই ৰেডিঅ’খনৰ ভলিউমটো বঢ়াই দিলে ..পুৱাৰ ভক্তি গীতৰ অনুষ্ঠানৰ লগে লগে বৰুৱাই বৰুৱানীৰ দিনলিপিলৈ সোমাই গ’ল।

বৰুৱানীক চন্দ্ৰমুখীৰ পৰা জ্বালামুখী হোৱা দিনবোৰ বৰুৱাই নিজে দেখিছে। সলনি হৈছে। আনৰ দুখত দুখী মানুহজনীয়ে আজি কালি নিজৰটোহে বুজি পায়। হ’বই দিয়কচোন দিনৰ দিনটো আৰু হ’ল বুলি পাকঘৰ আৰু মোবাইলটোৰ মাজত কিমান সোমাই থাকিব। তাতে আকৌ পুৱাবেলাৰ টিফিন, ব্ৰেকফ্ৰাষ্ট এইবোৰে এজনী মানুহক চাৰিজনী কৰিব খোজে।

———————————————————–

প্ৰাকৃতি প্ৰেমী বৰুৱাৰ এটা বিশেষ হবি আছে; সৰীসৃপ প্ৰেম। তেখেতে নতুনকৈ সজোৱা ঘৰটোৰ সন্মুখত কিছুমান সৰু সৰু গঁ‌ড়াল সজাইছিল। বানপানীত উটি অহা নানা ৰঙৰ সাপবোৰ সংৰক্ষণ নিজা ববীয়াকৈ কৰিছে। এটাত আকৌ নেউল এটাও আছে। সিহঁতৰ মাজত মিলামিছা তথা ধেমালিবোৰে তেখেতক আনন্দ দিয়ে। সাপ নেউলৰ কাজিয়া তেখেতৰ বাবে কেতিয়াও দেখাৰ সৌভাগ্য হোৱা নাই। এনেই নকয় সংকট কালে বাঘে ছাগে একেলগে বুলি। বৰুৱাই সৰু সৰু গঁ‌ড়াল তিনিটা একেলগে বাউণ্ডেৰি মাৰি লগে ভাগে থাকিব পৰা কৰি দিলে। ভালে কৰিলে দিয়কচোন খোৱা বোৱা একেলগে কৰিলে বন্ধুত্ব বাঢ়িব বোলে।

নেউলটোৰ বাদে বৰুৱাত সৰীসৃপৰ গঁ‌ড়ালত বিষহীন ধুন্দুলি ফেঁটী এযোৰ আৰু গুৱাল সাপ এডাল আছে। গুৱাল সাপটো বিষযুক্ত কিন্তু শান্ত। তাৰ পিছে ধুন্দুলি ফেঁটীযোৰ আৰু নেউলৰ গঁ‌ড়ালত অবাধ আহ যাহ।ক’বলৈ গ’লে বেছ মধুৰ সম্পৰ্ক। একেলগে কি যে লেটি পেটি; যেন ন-দৰা কইনাৰহে পিৰিটি। একে শ্ৰেণীত পৰে বাবে ধুন্দুলিযোৰে বৰকৈ ভাৱি নাপায়, নেউলৰ গঁ‌ড়ালত গ’লে সি অলপ সন্তৰ্পণে থাকে। গুৱাল সাপটোৱে লাহে লাহে নেউলক কব্জা কৰি পেলালে। ভাল লগা হ’ল বৰুৱাৰ। হওঁকতেও কেতিয়াবা ডিস্কভাৰী চেনেলত মুখখন ওলাব পাৰে। অৱশ্যে মাজে মাজে লোকেল নিউজকেইটাই দাদা যাওঁ নেকি এদিন, কিমান দিব কওঁক বুলি নোসোধাকৈ নাথাকে। তেওঁহে আকৌ গাঁঠিৰ ধন দি প্ৰচাৰ চলাই সস্তীয়া হ’ব নিবিচাৰে। তেখেতক জগতে জানক। অন্ততঃ মানুহগৰাকীৰ ভক্তি গীতৰ সুৰ সলনি হৈয়েইবা। এনেও লোকেল চেনেলৰ নিউজতকৈ বৰুৱানীয়ে একতা কাপোৰৰ চিৰিয়েলহে ভাল পায়।

—————————————————–

আজিকালি তেখেতৰ অন্য এটা চিন্তাইহে মূৰ কামোৰণি হৈছে। এই যে বন্ধুত্বৰ গইনা লৈ গুৱালাটোয়ে নেউলক মাজে মাজে ব্লেকমেইলিং কৰা যেন লাগিছে। সি নেওলটোক যোৰীয়া সাপৰ গঁ‌ড়াললৈ লৈ যায় ফুচুলাই আৰু তাত সিহঁতক উচতাই কাজিয়া কৰাই দিয়ে, কেতিয়াবা নেউলডালে ইটোক কোবাই, কেতিয়াবা সিটোক আৰু নিজে আঁতৰি বাহিৰৰ পৰা চাই থাকে। তাৰ পাছত বৰুৱাই আটাইকেইটাক দিয়া গাখীৰসোপা সিহঁতলৈ নথৈ সি অকলেই খাব খোজে। এই যে চুবুৰীয়া মাজত দ্বন্দ্ব লগাই আকৌ ৰাইজৰ মেল পাতি বৰচুবুৰীয়াৰ ফেৰ মৰা মানুহজাক থাকে তেনেকুৱা আৰু। নেওল অৱশ্যে জাততে টেঙৰ। ধুন্দুলিযোৰে ফেট তোলে মানে বাহিৰলৈ ওলাই আহি কাষৰ সৰু গঁ‌ড়ালটোৰ ওপৰতে বহি লৈ চাই থাকে। কৰোঁ বুলিলে কেতিয়াবাই টুকুৰা টুকুৰ কৰিব পাৰিল হয় আটাইকেইটাকে। কিন্তু বিশল্যকৰণী গঁ‌ড়ালত নাপায় বুলিহে তেনে নকৰে যে অনুমান কৰে বৰুৱাই।

শুৱৰ সময়ত বৰুৱানীয়ে বৰুৱাক সিহঁতকেইটাৰ কথাকে ক’লে। বোলে কিমাননো আৰু এনেখন কৰি থাকিবা। অফিচলৈ ওলাই যোৱাৰ পাছত সিহঁতৰ উৎপাতত মইহে থাকিব নোৱাৰোঁ‌ কিমান যে ফুচফুচনি আৰু চিঞৰ। কেতিয়াবা ইটোৱে সিটোক মাৰিলে তোমাৰ কি হ’ব নাজানো মোৰ হ’লে টিভিত ওলোৱাৰ সপোন শেষ হৈ যাব।

বৰুৱাইও কথাষাৰ চিন্তা নকৰা নহয় ”ৰ’বা আজি গুৱালাটোৰ বিষ দাঁতকেইটা ভাঙি দিম আৰু অলপ ডাঙৰ হ’লে মাৰ্কেটত ভাল দাম পাম। নেউলটোক বেলেগ কৰি আনিম। যোৰীয়া সাপৰ কেলি কৰাৰ সময় সিহঁতকে থাকিব দিম।”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *