হাঁহি : এক প্ৰিয়তম উপলব্ধি – গায়ত্ৰী চাহু
হাঁহি হৈছে মানুহৰ শৰীৰৰ সৰ্বাঙ্গতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পৰা এক ছন্দময় আঙ্গিক। হাঁহিয়ে আমাৰ সৰ্বশৰীৰতে এক শিহৰণ অথবা ঢৌ বা পুলক সৃষ্টি কৰি মন আৰু মগজুত তৃপ্তিৰ যোগান ধৰে। হাঁহি হ’ল আমাৰ মনত সৃষ্টি হোৱা আবেগৰ ঢৌ, যেন বহাগৰ ধুনীয়া গধুলিৰ ৰং অথবা সাগৰৰ অযুত উৰ্মিমালাৰ উৎসৱ। হাঁহি জীৱনৰ অনাবিল সুখ আৰু সন্তুোষ্টিৰ ধাৰক আৰু বাহক। laughing itself is a response to certain external or internal stimuli. Laughter can arise from such activities as being tickled, or from humorous stories or thoughts.
প্ৰতিটো শিশু জন্মৰ সময়ত মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ লগে লগে কন্দা আৰম্ভ কৰে, এইযে সদ্যজাত শিশুৰ মাতৃৰ গৰ্ভাশয়ৰ পৰা ভূমিষ্ঠ হোৱাৰ লগে লগে শিশুটিৰ স্থিতি আৰু অৱস্থিতিৰ পশ্চাদগমন হয় অৰ্থাৎ শিশুটিয়ে মাতৃৰ নিৰাপদ গৰ্ভকক্ষৰ পৰা কোলাহল পৃথিৱীত প্ৰবেশ কৰাৰ লগে লগে শিশুটিয়ে হয়তো অনুভৱ কৰে যে, তাৰ জীৱনৰ এক অময়া যুগৰ অৱসান ঘটিল আৰু সেয়ে সি কন্দা আৰম্ভ কৰে। এই যে জীৱন দুখ আৰু বেদনাৰ জটিল সংমিশ্ৰণ। জন্মৰ পৰা প্ৰত্যেকেই সংগ্ৰাম আৰু সংঘাটৰ আঁত ধৰি জীৱনৰ পথে পথে আগুৱাই যাব লাগে। কঠোৰ বাস্তৱৰ যন্ত্ৰণা আৰু সংগ্ৰামে মানুহক হাঁহি বা আনন্দৰ পৰা বঞ্চিত কৰি ৰাখে। ক্ষণভঙ্গুৰ জীৱনত আমি জীৱনৰ সুখময় মূহুৰ্ত বিলাকক মাত্ৰা দিব পৰা হাঁহিক জীৱনৰ নক্সাত বন্দী কৰি ৰাখিব নোৱাৰো। Life is too short too live. so every step should be tried to keep the smile as possible . হাঁহিব পৰাটো এনে এটি গুণ যি সকলো ধৰণৰ বিপৰীত পৰিস্থিতিক পাহৰাই আমাক এটি সুখী জীৱন যাপনৰ বাবে প্ৰেৰণা যোগায়।
সংবেদনযুক্ত জীৱনৰ বাবে হাঁহি এক মহৌষধ। জীৱনৰ বিক্ষিপ্ত ঘটনাত দিশহাৰা হ’লে মানুহে পাহৰি যায় জীৱনৰ ঠিকনা। এনে মূহুৰ্তত জীৱনটোক ৰঙীণ কৰি তুলিব পৰাকৈ পৰিবেশ ৰচনা কৰি হাঁহিৰ খোৰাক যুগুৱা জনেই হ’ব প্ৰকৃত বন্ধু বা প্ৰকৃত প্ৰেৰণা। সাম্প্ৰতিক সময়ত জীৱনক অৱসাদ মুক্ত কৰিবলৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে গঢ় লৈ উঠিছে বিভিন্ন লাফিং ক্লাৱ। এই লাফিং ক্লাৱে প্ৰয়োগ কৰে লাফিং থেৰাপি যাৰ জড়িয়তে ব্যক্তিসকল এই ৰূঢ় বাস্তৱ জগতখনত বিষাদপূৰ্ণ জীৱনৰ পৰিবৰ্তে হৰ্ষ- উল্লাসেৰে জীয়াই থকাৰ প্ৰেৰণা অথবা থল পায়। এই লাফিং থেৰাপি এনে এক পদ্ধতি যি ব্যক্তিক অনেক বেমাৰ আৰু বেমাৰ ৰূপী সমস্যাৰ পৰা মুক্তি দিয়ে আৰু জীৱনটোক হাঁহি-আনন্দেৰে উপভোগ কৰাৰ স্পৃহাক দুগুণে বঢ়াই তোলে।
হাঁহি বিভিন্ন প্ৰকাৰৰ আছে আৰু প্ৰত্যেক প্ৰকাৰৰ হাঁহিয়েই স্বকীয় বৈশিষ্ট্যপূৰ্ণ, পৰিবেশভেদে ই আমাৰ দেহ মনত ঢৌ তোলে। “হাঁহি যেন জোনাকৰ ঢল, হাঁহি আকাশেদি উৰি যোৱা এজাক বগলীৰ কলৰৱ, হাঁহি তুমি যেন জোনাক বনৰ অযুত মৰম। তুমি জোনাকী, জোনাকী আভাৰ অযুত শিহৰণ”।
এতেকে দেখা গ’ল যে হাঁহি জীৱনৰ ঐশ্বৰ্য। এই ঐশ্বৰ্যৰ বাবে জীৱনত কঠোৰ সাধনাৰ প্ৰয়োজন হয়। এই সাধনাই সফল সমাপ্তি পালেই জীৱন সাৰ্থক হোৱা বুলি অভিমত দিব পাৰি।
Life itself is a fun.. আমাৰ কৰ্মৰাজিৰ যোগেদি বহুসময়ত আমি আত্মবিলোপন কৰোঁ। নিজক আত্মগোপন কৰিবলৈও কেতিয়াবা আমি অভিনয়ৰ আশ্ৰয় লওঁ।চকুলো মছি হঁহাৰ চেষ্টা কৰোঁ অথচ আমি দুখত থাকোঁ । কেতিয়াবা আকৌ আমি সুখত থাকোঁ অথচ মাত্ৰাধিক সুখেও মানুহৰ হাঁহিক বিশেষভাবে প্ৰতিফলন ঘটায়। “হাঁহিৰ বাঁহী বাই শ্যামকানু যায়, ৰাধাৰ বিৰহত যমুনা শুকায়।” গীতিকাৰে এই গীতটিৰ যোগেদি হাঁহিৰ তাৎপৰ্য নিৰ্দেশনা দিছে। জগতৰ গোঁসাইৰ হাঁহি থুনপাকত কিদৰে আছে বিৰহৰ চেতনা। ইয়াৰ যোগেদি আমি বুজিব পাৰোঁ যে হাঁহিৰে জীৱন মধুৰ কৰিবলৈ হ’লে বিষাদঘন এন্ধাৰৰ পৰিধি নেওঁচিবই লাগিব। শকুনিৰ অট্টহাস্যত কৌৰৱৰ ধ্বংস ঘণ্টাৰ সংকেট পোৱা যায়। দ্ৰুোপদী বস্ত্ৰহৰণৰ নিনাদত দানৱৰ যৱনিকাৰ সমল সন্ধান পোৱা যায়। ইয়োটো এক আনন্দৰ বিষয় বা নতুন দিনৰ কছৰৎ।
হাঁহি আহে জীৱনৰ সুন্দৰ আৰু সাধনাৰ লয়লাসত। Road to happiness অৰ্থাৎ সুখৰ অনুসন্ধান কৰাটোৱেই আমাৰ জীৱনৰ প্ৰাসঙ্গিক ৰাগ অথবা বৈভৱ। দুখৰ বিননিক অন্ত পেলাবলৈ আমি আমাক প্ৰস্তুত কৰিব লাগিব। দিশবলয়ৰ সূৰ্য নমায় দুখ- নিৰ্যাস মষিমূৰ কৰিব লাগিব।
অভিষেক পাতিব লাগিব, আমি হৰ্ষবৰ্দ্ধন হ’ব লাগিব। হৰপ্পা – মহেঞ্জোদাৰোৰ দৰে আমাৰ হৃদয়ত স্থাপন কৰিব লাগিব হাঁহিৰ গগনচুম্বি সৌধ। নিশ্চয়কৈ তেতিয়া আমি উপলব্ধি কৰিব পাৰিম জীৱনৰ সৈতে নিজে গঢ়া বন্ধুত্ব অথবা আমাৰ কৰ্মৰ সৈতে সংস্থাপন কৰা অৰ্থৰ অভিলেষ। পৃথিৱীৰ মহাকৰুণ্য ভেদ কৰি আমাৰ বৌদ্ধিক চেতনাত অংকুৰণ ঘটাব লাগিব নিৰ্মল আনন্দ য’ত সদায় অনুৰণিত হৈ থাকিব আকাশ, মাটি , মানুহ হাঁহি ইত্যাদি……..
☆★☆★☆
10:42 am
Sundar upolobdi. Hanhi ye bahu Kam, bahu paristhiti xahaj Kori tole
1:59 pm
অশেষ ধন্যবাদ??
1:59 pm
বহুত ধন্যবাদ?
11:00 am
Ajir jibonat hahi tu herai goise …Ami hahiboloi pahari goisu …
1:39 pm
সুন্দৰ লিখ্নি । হাঁহিব তেতিয়াহে পাৰো যেতিয়া তুমি মোক গালি পাৰা । হাঁহিৰ ওপৰত লিখা লিখনিতো সচায়ে ভাল লাগিল ।
2:00 pm
ধন্যবাদ??
3:09 pm
ধুনীয়া হৈছে গায়ীত্ৰি বা । সুন্দৰ লিখ্নিৰে এটি ব্যতিক্ৰম লেখা ।
7:31 am
তথ্যসমৃদ্ধ লেখা ৷ ভাল লাগিল পঢ়ি ৷
1:04 pm
বহুদিনতে দিলা হয়তু পঢ়িলো কিন্তু দেহাটো বেয়া হোৱাৰ পৰা স্মৃতি শক্তিটোৰ কিবা এটা হ’ল ।
হ’লেও হাঁহি থাকো, আনক হহুঁৱাওঁ, দুখবোৰ হাহিঁৰে ঢাকো । ভাল লাগিল । হাহিঁ থাকিবা ।
1:07 pm
বহুদিনতে দিলা হয়তু পঢ়িলো কিন্তু দেহাটো বেয়া হোৱাৰ পৰা স্মৃতি শক্তিটোৰ কিবা এটা হ’ল ।
হ’লেও হাঁহি থাকো, আনক হহুঁৱাওঁ, দুখবোৰ হাহিঁৰে ঢাকো । ভাল লাগিল । হাহিঁ থাকিবা ।
2:46 pm
বহুত ভাল লাগিল। ধন্যবাদ জনালো।