ফটাঢোল

যোগ মেলা – নাজিফ হাজৰিকা

ঘড়ীটোলৈ চাই দেখিলোঁ, এতিয়াও ১৫ মিনিট আছে MLA ছাৰ আহিবলৈ৷ গতিকে ওচৰৰ পানীৰ টেপটো খুলি এবাল্টি পানী লৈ ছাৰৰ Scorpio গাড়ীখন ধোৱাত লাগিলোঁ৷ ছাৰৰ ড্ৰাইভাৰ হিচাপে এইখিনি মোৰ কৰ্তব্য৷

কিছু সময়ৰ পিছত ছাৰ আহিল৷ আহিয়েই শকত প্ৰকাণ্ড গাটো লৈ গাড়ীৰ আগচিটত ধামকৈ বহি দিলে৷
মোলৈ চাই ক’লে –

: বাহাৰুল, ব’লা দেৰি হৈছে৷

: হয় ছাৰ৷

মই গাড়ী লৈ সচিবালয়ৰ সন্মুখেদি ওলাই আহিলোঁ।

: বাহাৰুল, উলুবাৰী ফ্লাই অভাৰৰ তলেদি যাবাচোন কাম এটা আছে। খেলা-ধূলাৰ জাৰ্চি বনোৱা দোকানকেইখনৰ ওচৰত ৰখাই দিবা৷

: বাৰু ঠিক আছে ছাৰ৷

মই গাড়ীখন নি উলুবাৰীৰ ফ্লাই অভাৰৰ তলত ৰখালোঁ। ছাৰ নামি গ’ল গাড়ীৰ পৰা৷ দোকান এখনৰ পৰা ডাঙৰ বেগ এটা লৈ পুনৰ গাড়ীত বহিলহি৷

: ছাৰ কি পালে এইটো?

মই সুধিলোঁ ছাৰক৷

: এহ বাহাৰুল, কি ক’বা আৰু! কালিলৈ বিশ্ব যোগদিৱস নহয়, তাৰ কাৰণে T-shirt দুটামান ল’লোঁ। পাৰ্টিৰ ওপৰৰ পৰা অৰ্ডাৰ আছে৷ কালিলৈ ৩০০০ T-Shirt ৰ অৰ্ডাৰ দিয়া আছে বুইছা।

: অ ঠিকেই ছাৰ, কালিলৈ ২১ জুন নহয়।

: তুমি কালিলৈ ৰাতিপুৱা সোনকালে আহিবা বাহাৰুল৷ ৬:৩০ ৰ আগত পাব লাগিব ফিল্ডত৷ ওপৰৰ পৰা অৰ্ডাৰ আছে৷ পেণ্ডেলৰ কামটোও ময়েই পালোঁ নহয় এইবাৰ, ৪৫ লাখ টকাৰ পেণ্ডেল বুইছা৷

: গম পাওঁ ছাৰ, আপুনি পাইছে বুলি৷ সেইদিনা শুনিছিলোঁ কথাটো৷

ছাৰৰ ঘৰ আহি পালেহি৷ ছাৰক ঘৰত নমাই গাড়ীখন গেৰেজত ভৰাই থলোঁ৷ মোৰ চাইকেলখন গেৰেজৰ পৰা উলিয়াই আনিলোঁ। পেডেল মাৰি আগবাঢ়িলোঁ গাঁৱলৈ বুলি৷

পিছদিনা ৰাতিপুৱা ৫ বজাত চাইকেলত উঠাই মোৰ পাঁচবছৰীয়া ল’ৰাটোকো লৈ আনিলোঁ ছাৰৰ ঘৰলৈ৷ তাক নমাই গাড়ীখন উলিয়াই আনিলোঁ৷ পানী অলপ লৈ গাড়ীখন ধুলোঁ৷ ইতিমধ্যে ছাৰ ওলাই আহিছিল ঘৰৰ পৰা। বগা কপাহী T-shirt পিন্ধাৰ কাৰণে ছাৰক বেছি পেটুৱা লাগিছিল দেখিবলৈ।

: ছাৰ৷

মাত দিলোঁ মই৷

: কিহে বাহাৰুল, আজি ল’ৰাকো লৈ আহিলা নেকি?

: হয় ছাৰ, ইও বোলে আজি ফিল্ডলৈ যায়। শিক্ষামন্ত্ৰী বাইদেউক ওচৰৰ পৰা চাব বোলে৷

: হেঃ হেঃ! হয় নেকি? ব’লা ব’লা ইয়াকো লৈ ব’লা।

ছাৰ ইতিমধ্যে আহি গাড়ীত বহিলহি। ল’ৰাক পিছৰ চিটত বহিবলৈ দি মই গাড়ী উলিয়াই আনিলোঁ৷ ৰাজহুৱা খেলপথাৰ পালোঁগৈ আমি। ইতিমধ্যে ঢেৰ মানুহ গোট খাইছিল৷ সকলোৱে বগা ৰঙৰ T-Shirt পিন্ধি ফিল্ডত আসন কৰিবলৈ আৰম্ভ কৰিছিল।

ছাৰ গৈ মঞ্চৰ ওপৰ পালেগৈ। মঞ্চৰ ওপৰত বিভিন্ন মন্ত্ৰী, বিধায়ক, বিধায়িকা আদিৰে ভৰি আছিল৷ লগতে এজন যোগগুৰুও আছিল৷ মঞ্চৰ তলৰ সমতল ঠাইত দলীয় কৰ্মী আৰু সাধাৰণ জনতাই আসন কৰিবলৈ আৰম্ভ কৰিছে৷ মঞ্চৰ ওপৰত লাইট, ফেন আদি সকলো ব্যৱস্থা আছে৷

যোগগুৰুৰ আদেশত সকলোৱে আসন কৰি গৈছে।

“এতিয়া আমি পদ্মাসন কৰিম৷ দুইখন ভৰি এনেকৈ কৰক৷ হয় এনেকৈ, সুন্দৰ ……

এতিয়া আমি বজ্ৰাসন কৰিম৷ ৰাজহাড় চিধা কৰক৷ এনেকৈ, ভৰি জপাই দিয়ক৷ বঢ়িয়া!”

মোৰ ল’ৰাই দূৰৈৰ পৰা চাই আছে এইবোৰ৷ ইমান ধুনীয়া মঞ্চ, লাইটিং সি আগতে কেতিয়াও দেখা নাছিল। হঠাৎ তাৰ মুখৰ পৰা ওলাই গ’ল,

: ইয়ে মন্ত্ৰী বাইদেৱে দেখোন গাটো লৰাবকে পৰা নাই! কেনেকৈ কৰিছে চোৱা দে’তা৷

: সেই চুপ এইডাল৷

যেনে তেনে তাৰ মুখত সোপা দি ৰখালোঁ। ইফালে সিফালে চালোঁ কোনেও শুনা নাই, ভাগ্যে! ইফালে আমাৰ MLA ছাৰৰ অৱস্থাও তথৈবচ। ঘামি-জামি অৱস্থা নাইকিয়া হৈ গৈছে৷ মঞ্চৰ ওপৰত থকা প্ৰায় গোটেইকেইজনেই শকত আৰু চৰ্বিৰে ভৰা দেহা লৈ যোগাসন কৰিব পৰা নাই ভালকৈ৷ যি পাৰিছে কৰিছে আৰু৷

অৱশেষত কাৰ্যসূচী শেষ হ’ল৷ MLA ছাৰ ফোঁপাই-জোপাই আহি গাড়ীত ধামকৈ বহি দিলে৷

: ব’লা বাহাৰুল, ব’লা। ঘৰ যাওঁ আৰু এতিয়া৷

: হয় ছাৰ৷

ল’ৰাক পিছৰ ছিটত বহিবলৈ দি গাড়ী চলাবলৈ আৰম্ভ কৰি দিলোঁ৷ বাটত যাওঁতে ছাৰে ক’বলৈ আৰম্ভ কৰিলে-

: বুইছা বাহাৰুল, যোগাসন কৰিব লাগে। স্বাস্থ্যৰ বাবে বৰ ভাল।

: হয় ছাৰ।

: এইয়া আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰিচয় হয়।

: হয় ছাৰ।

: আমাৰ চৰকাৰ আহিয়েই যোগাসনক বিশ্ববিখ্যাত কৰি দিলে বুইছা৷ যোগ দিৱস আমাৰ দিনতেই স্বীকৃতি পালে।

: হয় ছাৰ৷

: আচলতে বাহাৰুল, আমাৰ ভাৰতীয় সংস্কৃতিৰ আৱিষ্কাৰ যোগাসনক এইদৰে চৰ্চা কৰাটো আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰে কৰ্তব্য বুইছা৷

: হয় ছাৰ৷

ইমান পৰে মনে মনে থকা মোৰ ল’ৰাটোৱে পিছফালৰ পৰা মাত লগালে –

: বৰদেউতা, আপুনি কি দে’তাক যোগাসন কৰাৰ কথা কৈছে?

: অ আকৌ, কি হ’ল নো?

MLA ছাৰে তালৈ ঘূৰি চাই সুধিলে৷

: ই বৰদেউতা, আমাৰ দে’তাই সদায় ৰাতিপুৱা নামাজ পঢ়ি উঠি যোগাসন কৰে, আজিও কৰি আহিছে।

: কি? সঁচা? বাহাৰুল৷

MLA ছাৰে মোলৈ চালে৷

: হয় ছাৰ, মই সদায় কৰোঁ যোগাসন৷

ল’ৰাই আকৌ মাত লগালে,

: আমাৰ দে’তাই আজি আপোনাক কৰা পদ্মাসন-বজ্ৰাসনেই নহয়, শীৰ্ষাসন-সর্বাংগাসন নিচিনা আসনবিলকো কৰিব পাৰে৷

: সেই চুপ এইডাল৷

ল’ৰালৈ চাই ধমকি দিলোঁ। সি মনে মনে থাকিল৷

: কি বাহাৰুল? সঁচা?

MLA ছাৰে আচৰিত হোৱাৰ নিচিনাকৈ চালে মোলৈ৷

: হয় ছাৰ, মই নিতৌ যোগাসন কৰোঁ৷

: তেন্তে আজি আমাৰ লগত নকৰিলা কিয়?

: আচলতে ছাৰ যোগাসন এনেকৈ নকৰেই। সেয়ে মই নকৰিলোঁ৷

: মানে ?

: মানে ছাৰ, যোগাসন নিৰিবিলি পৰিবেশত শৰীৰৰ লগত একাত্ম হৈ নীৰৱে কৰিব লাগে। এই লাখটকীয়া পেণ্ডেল, হাজাৰটকীয়া T-Shirt, লাইট, ফেন, মাইক আদিৰ মাজত যোগাসন কৰি একো লাভ নহয়। আৰু এইবিলাকৰ মাজত আমাৰ ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য যোগাসনে নিজৰ স্বকীয় গাম্ভীৰ্য হেৰুৱাই দিয়ে৷ জানি-শুনিনো ছাৰ মই যোগাসনৰ গাম্ভীৰ্যক কেনেকৈ আঘাত দিওঁ? সেইবাবেই মই আজি অংশগ্ৰহণ নকৰিলোঁ৷

কথাখিনি শুনি MLA ছাৰ মৌন হৈ থাকিল। তেখেতে পিন্ধি থকা হাজাৰ টকীয়া T-Shirt টো চাই মনে মনে কিবা ভাবি গৈ থাকিল।

☆★☆★☆

6 Comments

  • Mridula

    ভাল লাগিল

    Reply
  • Anonymous

    সুখপাঠ্য হৈছে

    Reply
  • Anonymous

    যোগাসনৰ বাবে এক সুন্দৰ মহৌষধ ৷০০০০

    Reply
  • মিনাক্ষী গগৈ৷

    বৰ ভাল লাগিল ৷এইয়াই হৈ আছে বৰ্তমান ৷ সকলো কামতে যেনেতেনে কিবা এটা হ’ব লাগে৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *