হিম’গ্লবিন – চৈয়দা চেমিন ইছলাম
“কণাই হাঁহক, অন্ধই হাঁহক।
বোবাই হাঁহক, কলাই হাঁহক।
পাগলে হাঁহক, সুস্থই হাঁহক।
মহিলাই হাঁহক,পুৰুষে হাঁহক।
শিশুই হাঁহক,বৃদ্ধই হাঁহক!
মুঠতে সকলোৱে মিলিজুলি হাঁহক।
: দাদা, কি হৈছে আজি? কিহৰ ডায়লগ এইবোৰ? কিবা নতুন আৱিষ্কাৰ কৰিলে নেকি?
: নহয়নো কি?
আমাৰ নাৰ্চিংহোমৰ মেডিচিনৰ ডাক্তৰ আৰু পেথোলজিষ্টৰ কাজিয়া খনৰ কথাটো শুনা নাই নেকি আপুনি?
: নাই নহয়। মাৰ অসুখৰ বাবে যোৱা দুমাহ ছুটি লোৱা নাছিলো জানো মই? কি হৈছেনো?
ইমান বন্ধু আছিলচোন দুয়োজন ছাৰ! কওকচোন, কি কাৰণে কাজিয়া হৈছিল?
: “বেছি বন্ধুত্বই বন্ধুৰ বিনাশ কৰিলে।” – বুলি দুয়ো দুয়োৰে ওপৰত অভিমান কৰি অৰিয়াঅৰি কৈ ইমান দিনে নমতাকৈ থাকিল।
কিন্তু আচল ৰহস্যৰ আজি হে উদ্ঘাটন হ’ল!
: কিনো ইমান ৰহস্য গল্পৰ দৰে কথাবোৰ কৈ আছে? ভালদৰে নকয়নো কিয়? কিনো হৈছিল দুয়ো জন ছাৰৰ মাজত? ইমান ভাল বন্ধুত্ব আছিল চোন দুয়োৰে!
: শুনিবলৈ পোৱা কথাহে কিন্তু দেই! তথাপিও শুনক –
এদিন এজনী বৰ ধুনীয়া ছোৱালী ৰোগী হিচাপে মেডিচিনৰ ছাৰৰ ওচৰলৈ আহিছিল হেনো।
প্ৰথম দেখাতেই অবিবাহিত মেডিচিনৰ ছাৰৰ মন খালে হ’বলা, ৰোগীক নিজৰ চেম্বাৰতে বহুৱাই থৈ লাহেকৈ পেথোলজিষ্ট ছৰৰ ওচৰ পালেগৈ। পেথোলজিষ্ট চাৰক বোলে কৈ আহিল -“ৰোগী এগৰাকী আপোনাৰ ওচৰত পঠিয়াই আছোঁ। আহিব। আপুনি হিম’গ্লবিনটো অলপ কমাই ৰিপৰ্টবোৰ দিবচোন।”
মেডিচিনৰ ছাৰৰ কথাত পেথোলজিষ্ট চাৰ সন্মত হ’ল ঠিকেই, কিন্তু ৰোগীৰ ৰূপ-লাৱণ্য দেখি অবিবাহিত পেথোলজিষ্ট চাৰৰো হিয়াত ঝুমুৰৰ মাদল বাজিবলৈ ধৰিলে।
ইউনিভাৰ্চিটিৰ ছাত্ৰী ৰোগী গৰাকী প্ৰত্যেক মাহতেই আহি পেথোলজিষ্ট চাৰৰ ওচৰত হিম’গ্লবিন চেক কৰে, মেডিচিনৰ ছাৰেও মেডিচিন সলনি কৰি দিয়ে, পিছে হিম’গ্লবিনটোহে নাবাঢ়ে।
ফলত, আহি থকা ছোৱালী জনী হঠাতে নোহোৱা হোৱাত দুয়ো ছাৰৰ মাজতে কাজিয়া লাগিল!
মেডিচিনৰ ডাক্তৰ গৰাকীয়ে পেথোলজিষ্ট বন্ধু গৰাকীক ক’লে –
: প্ৰায় এবছৰে হ’বৰ হ’ল এতিয়া! প্ৰতিটো মাহতে ছোৱালী জনী আহি আছিল। কিন্তু আপোনাৰ ৰিপৰ্টবোৰত ছোৱালী জনীৰ হিম’গ্লবিনটো নাবাঢ়ে হে নাবাঢ়ে।
বিশ্বাসেই নোহোৱা হৈ গ’ল চাগৈ তাইৰ মোৰ চিকিৎসাৰ ওপৰত। সেই কাৰণে নহা হ’ল তাই।
: আপুনিয়েচোন হিম’গ্লবিনটো কমাই দিবলৈ কৈছিল মোক?
হেৰি, আপুনি প্ৰত্যকবাৰেই দৰৱ সলনি কৰি থকাৰ কাৰণেই চাগে নহা হ’ল ছোৱালী জনী।
: প্ৰথম বাৰ আহোতে হে হিম’গ্লবিনটো কমাই দিব কৈছিলোঁ – তাইক আকৌ এবাৰ আনিবলৈ। তাৰ পিছৰ খিনি চম্ভালি থাকিলো হেতেন মই।পিছে আপুনিহে? নাবাঢ়েই হে নাবাঢ়ে আপোনাৰ হিম’গ্লবিনটো! বেচেৰীৰ বিশ্বাসেই হেৰুৱাব লগা হ’ল মই আপোনাৰ কাৰণে। মিছাতে ফীজ বোৰো হেৰুৱালোঁ মই।
: ফীজ হেৰুৱালোঁ মানে? অ’ মানে – ফ্ৰি ট্ৰিটমেণ্ট?
: নহ’লেনো আৰু কি? মাকো কাণ চোৱাইছিলোঁহে মই কথাটো!
: আপুনি ফ্ৰি ট্ৰিটমেণ্ট দি আছিল? পিছে, ময়োতো! আৰু ময়োতো মোৰ মাক কৈছিলোঁ।
: অ’ তাৰমানে আপুনি মোৰ বন্ধু হৈয়ো মোৰেই পানী খোৱা পুখুৰীটোত বিষ ঢালিলে।
এই যে বিষ ঢলাৰ কথাটো মেডিচিনৰ চাৰৰ মুখেৰে ওলাই গ’ল, প্ৰায় হতা-হতিৰ পৰ্যায় পালে দুয়োৰে মাজত আৰু সেইদিনা খনৰ পৰাই মাত-বোল নোহোৱা হৈছিল দুয়োৰে।
: কিন্তু এইমাত্ৰ দেখোন দুয়ো জনকে একেলগে কথা পাতি চাহ খাই থকা দেখি আহিলো মই!
: এতিয়াতো আৰু একেলগে চাহ খাবই লাগিব। নহ’লে যে উপায় নাই।
: কিয়? কি হ’ল আকৌ?
: হ’বলৈ আৰু কিটো আছে?
জুনুমাই চিষ্টাৰ বাইদেৱে অলপ আগতে এইখন বিয়াৰ চিঠি দি গ’ল। বাইদেউৰ বৰ পুত্ৰ হিমাটোলজিষ্ট। তেওঁৰে বিয়াৰ চিঠি।
: তাৰমানে?
: দুয়ো গৰাকী ছাৰে এতিয়া বিয়াৰ চিঠি পঢ়িহে “দুয়ো ছাৰৰ আচল শত্ৰু কোন” কথাটো গম পাইছে।
: আচল শত্ৰুনো কোন?
: জুনুমাই বাইদেউ আকৌ!
ছোৱালী জনীক দেখিয়েই বাইদেউৰো পুতেকলৈ বোৱাৰী কৰিবলৈ বৰ মন খাইছিল হেনো!
সেই কাৰণে বাইদেৱেও ছাৰ হঁতৰ মতি-গতি আঁৰ চকুৰে লক্ষ্য কৰি আছিল। যোৱা এটা বছৰেও ছোৱালী জনীৰ হিম’গ্লবিন নবঢ়া দেখি সন্দেহ উপজিল বাইদেউৰ। হঠাতে হেনো জুনুমাই চিষ্টাৰ বাইদেউৰ কিনো জানো হ’ল – দুয়ো জন ছাৰৰ ওপৰত হে খং উঠিল নে ছোৱালী জনীৰ ওপৰত হে দয়া উপজিল – ছোৱালী জনীক নি বাইদেউৰ ডাঙৰ পুতেক হিমাটোলজিষ্ট জনৰ তাত পোৱালেগৈ।
আৰু এতিয়া সেই ছোৱালী জনীৰ সৈতেই হিমাটোলজিষ্ট পুতেকৰ অহা সপ্তাহত বিয়া!
হাঃ হাঃ কৈ হাঁহি উঠিল আটাইবোৰ ষ্টাফ –
হিম’গ্লবিনেই কাল হ’ল? হিম’গ্লবিনে হিমাটোলজিষ্ট বিচাৰি গ’ল!”
☆★☆★☆
5:05 pm
বেচেৰা ডাক্তৰ কেইজন। বৰ ভাল লাগিল পঢ়ি বা।
7:58 pm
বা ভাল লাগিল পঢ়ি
9:54 pm
হাঃ হাঃ, কি যে হব নহয়! মজা লাগিল চেমিন!
10:51 pm
হা হা হা , মজ্জা !
12:57 pm
মজা