কলডিল আৰু পাৰ মাংসৰ আখ্যান – ডা° ৰূপাঞ্জলি চৌধুৰী
AEC(Assam engineering college)ৰ নবাগত আদৰণি সভাখন বৰ জাক-জমকীয়া ৰূপত প্ৰতি বছৰে পালন কৰে। তেওঁলোকৰ এই অনুষ্ঠানটোৰ নাম ‘pyrokinesis’। আমি ‘pyro’ বুলি কওঁ। আয়ুৰ্বেদিক কলেজ আৰু AEC চুবুৰীয়া হোৱা হেতুকে আমাৰ হোষ্টেলৰ ছোৱালী সংস্থাৰ pyroৰ প্ৰতি দৰদৰ অন্ত নাই। সেইবেলি pyroৰ মূখ্য আকৰ্ষণ আছিল ‘জুবিন গাৰ্গ’।
গতিকে ক’বই নালাগে! সেই কেইদিন আমাৰ হোষ্টেলৰ ৰুমে ৰুমে মিউজিক চিষ্টেমত টেটুফালা আৱাজত জুবিনৰ বৰগীত, বিহু গীতৰ পৰা কাৱালীলৈকে বাৰে-ৰকমীয়া গানৰ চিত্ৰাহাৰ..! সন্ধিয়া চাহৰ মেলত সপ্তাহ জুৰি পূৰ্ণ গতিত চলি আছে জুবিনৰ জীৱন সম্পৰ্কীয় গবেষণা মূলক আদ্দা।
জুবিনৰ প্ৰেয়সী দৰাচলতে মায়া, নে অনামিকা!
‘আশা’ৰ কিৰণ ঢালি কোনো কোনোৱে ৰাখিছে গহীন ভাষ্য,
: জুবিন দৰাচলতে এতিয়াও চিংগল। আত্মাৰ লগৰীৰ সন্ধানত!
অবশেষত বিশেষ অপেক্ষাৰ দিনটো আহি পৰিল।
মোৰ দাদা তেতিয়া AECৰ ছাত্ৰ। সন্ধিয়া হোষ্টেলৰ গেষ্ট ৰুমত বন্ধু-বৰ্গৰ সহিতে দাদাৰ পদাৰ্পণ।
: অই সৰু, শুন pyro নাযাবি দেই, কৈ দিছোঁ। ৰাতিৰ পৰিবেশ বৰ সুবিধাৰ নহয়! ল’ৰাবোৰৰ পৰা দূৰত থকাই মংগল।
: দাদা, এয়া তইয়েই কৈছ নে? তই দেখোন জানয়েই, জুবিনৰ প্ৰতি থকা মোৰ সেই secret feelingৰ কথা!
কিছু গহীনাই ক’লোঁ।
দাদাৰ লগৰকেইজনে টেলেকা চকুৰে মোলৈ চোৱা চাৱনিত স্পষ্ট ফুটি উঠিছে-
“কেনে দাং কাটি ঔ, ককায়েকক secret feelings বুজাই৷”
পিচে দাদাই কোমল মাতেৰে ক’লে,
: বুজো অ’ সৰু, শুনচোন, এতিয়া ভালদৰে পঢ়ি ল। কোনে জানে কিজানিবা এদিন জুবিনে তাৰ আৱাজটি মিঠা কৰাৰ ট্ৰিটমেণ্ট বিচাৰি তোৰ চেম্বাৰেই ওলাবহি পাৰে! এতিয়া ত্যাগ কৰ সৰু, পিছে-পৰে ভোগ কৰিবি!
বুজনি দি দাদাই প্ৰস্থান কৰিলে।
সন্ধিয়া জনশূণ্য হোষ্টেলত তহল দি আছোঁ। হঠাৎ দেখিলোঁ কাণে-মূৰে নগা ছল এখন লৈ কোনোবা এটি প্ৰাণী ৱাৰ্দেনৰ ঘৰৰ পিছফালৰ বাহৰ বেৰখনত বগোৱাৰ চেষ্টা কৰি আছে। ম’বাইলৰ তৰ্চটো মাৰি পঠিয়ালোঁ। হাৰে, ই কি, জমনী কছাৰী দেখোন।(নাম সলাই লিখা হ’ল) কছাৰীয়ে চি-চিয়াই উঠিল,
: অই, টৰ্চ বন্ধ কৰ।
তাই দৌৰি অহাদি আহি মোৰ হাতত জোৰেৰে ধৰি সুধিলে,
: অই বিহগুটি (কছাৰীয়ে মৰমত এই প্ৰাণীক দিয়া ক’ড নাম) তুই ফাংচন নগলি? ভালেই হ’ল দে, লগ এটা পালোঁ। শুন এতিয়া, মেদাম ঘৰত নাই। মই মেদামৰ ঘৰৰ কলডিলটো আজি উঠাম। তই গেটখনলৈ চাই থাক ৷ মেদামৰ গাড়ী হঠাৎ আহি গ’লে উকি মাৰি মোক এলাৰ্ট কৰি দিবি।
কৈয়েই তাই বাহৰ বেৰ বগাই মেদামৰ কোৱাৰ্টাৰ পালগৈ। মই কিংকৰ্তব্য বিমূঢ় হৈ এবাৰ গেটখন আৰু এবাৰ মেমৰ কোৱাৰ্টাৰৰ লৱৰি থকা কলগছ জোপা চাই ৰ’লোঁ। শেষত কামফেৰা সমাপ্ত কৰি কছাৰী গজেন্দ গতিত কলডিল সহ ওলাই আহিল।
মোৰ পিঠিত ঢকা এটি মাৰি কৈ উঠিল,
: আজি হোষ্টেলত অকল আমি দুটি জীৱ। কিটচেন টলা মৰা। পিচে তোৰ টেনশ্যন নাই। ব’ল বন্ধু, আজি তোক মই মোৰ ষ্টোভত কলডিলেৰে পাৰ বনাই খুৱাম।
কছাৰীৰ কথামতেই মই তাইৰ ৰুমৰ ফালে বাট পোণালোঁ। লাহেকৈ সুধিলোঁ,
: শুনচোন, তই কলডিল চুৰ কৰিবলৈ বুলি জুবিনক চাবলৈ নগ’লি নেকি?
: ধূৰ আকৰী, মই মোৰ জানুক এৰি একো ভাল বস্তুৱেই enjoy কৰিব নোৱোৰোঁ, সেৰেঙা লাগে। জানুৱাৰীত জানুৰ কোৰ্চ খতম হ’ব। সি বেংগলোৰ এৰি অসমলৈ আহিব আৰু আমি একেলগে জুবিনৰ প্ৰগেম enjoy কৰিম। (জানু হ’ল জমনি কছাৰীৰ প্ৰিয়জনক মৰমত মতা নাম)
: পাৰ খাওঁতে জানুলৈ মনত পৰে যদি?
কছাৰীৰ সপোন ৰাজ্যত বিভোৰ ৰঙচঙীয়া মূখনিলৈ চাই সুধো-নুসোধোকৈ সুধিয়েই দিলোঁ।
: নপৰে বেং..! বেংগলোৰত টেষ্টি খানাৰ অভাব নাই নহয়, পিচে জুবিনহে নাই। আৰু শুন ৰে বিহগুটি, তই আৰু প্ৰশ্ন নকৰ, কাৰণ তুহাৰ দৰে বৈৰাগী আত্মাই আমাৰ দৰে ফিলিংছ নুবুজিবি!
কছাৰীৰ ভোকাহি মাৰা উত্তৰ।
মই সান্তনাৰ সূৰত লাহেকৈ দাদাৰ উক্তিকে দোহাৰি ক’লোঁ,
: দুখ নকৰ কছাৰী, এতিয়া ত্যাগ কৰ, পিছে-পৰে ভোগ কৰিবি!
ৰুম পাই কছাৰীয়ে হাতে-কামে লাগি গ’ল। মই তাইৰ বিচনাতে ঠেঙ দুটা মেলি দি ক্ষন্তেক জিৰণি লওঁ বুলি দীঘল দি পৰি গ’লোঁ। কিমান সময় গৈছিল গম নাপাওঁ.. হঠাৎ কছাৰীয়ে দুচকুত দুই চিটা পানী মাৰি দিয়াতহে হুঁচ ফিৰিল।
: উঠ বিহগুটি, ভাত হ’ল।
সন্মুখত গোন্ধে আমোল মোলাই থকা পাৰৰ জোলকণ লৈ কছাৰীয়ে হঠাৎ মোক প্ৰশ্ন কৰিলে,
: অই মোৰ তাত বৰ ধুনীয়া মালভোগ এথোক আছে, কলে-গাখীৰে ভাত খা। মাংস তই চোবাব নালাগে দে!
: কি কৈছৰে কছাৰী, এনে স্বাৰ্থপৰ নহ’বি, ভগৱান সাক্ষী আছে, কলডিলৰ চুৰিত মই সহায় কৰিছোঁ, দস্তুৰমত মই মাংসকেই খাম।
অমৰা গুটিৰ দৰে চকু কৰি মই ফেপেৰি পাতিলোঁ।
: খা, গোটেই কেৰাহীকেই খা..! মোৰ পেটটো কিবাখন কৰিছে,তইয়েই খা..!
কছাৰীয়ে কৈয়েই আকৌ বিছনালৈ পোনালে। মই লগে লগেই হেতাৰে কেৰাহীৰ আধাখিনি থালত ঢালি পৰম তৃপ্তিত এগৰাহৰ বাবে মুখ মেলিলোঁ।
: উফ্, শ্ৰী বিষ্ণু, ইম্মান তিক্ত ৰস জন্ম লগ্নৰে পৰা জিভাই আজিকোপতি লৈ পোৱা নাই।
খঙত মই চিঞৰি উঠিলোঁ,
: কছাৰী, কি বনাইছ এইসোপা!
কছাৰীয়ে মৰম সনা মাতেৰে ক’লে-
: কলডিলখন ভীমকলৰ নাছিল বন্ধু! সেয়েহে তিতা।
এতিয়াহে বুজিলোঁ ইম্মান দিন তাৰ ফালে কোনেও কিয় চকু পেলোৱা নাছিল। ইম্মান গাল কষ্ট অথলে গ’ল।
সপ্তাহ জুৰি খুদকণ খুৱাই খুৱাই মঙহ হাল কৰা পাৰৰ মাংসৰ জোলকণ…! ইচ্ ইচ্, আয়ৈই দেহি….!!!
থোকাথোকি মাতেৰে কছাৰীয়ে কৈ উঠিল।
☆★☆★☆
7:23 pm
খুব ভাল লাগিল।
আমাৰ দিনত পাইৰো” নাছিল, ফাইনেল ইয়েৰ নাইট আছিল। তেতিয়াও আয়ুৰ্বেদিকৰ ছোৱালীবোৰ নাহিছিল, নাইট চাবলৈ। কিন্তু কিন্তু কলেজৰ পৰা শ্বৰ্ট কাট মাৰি আয়ুৰ্বেদিক হৈ ইউনিভাৰ্চিটি যাওঁতে আয়ুৰ্বেদিকৰ ছোৱালীবোৰে বৰ জোকাইছিল দেই আগতে