ফটাঢোল

জ্যোতি প্ৰসাদৰ দৃষ্টিত নাৰী – ববিতা শৰ্মা

জাতীয় সাহিত্যক জাতীয় জীৱনৰ দাপোণ বুলি কোৱাৰ সমান্তৰালকৈ এজন লেখকৰ লেখা সমূহক তেওঁৰ মনৰ দাপোণ বুলি কব পাৰি৷ কিয়নো সেই লেখাসমূহৰ মাজত ব্যক্তিজনৰ নিজস্ব দৃষ্টিভংগী, ব্যক্তিত্ব প্ৰতিফলিত হয় আৰু তাক পঢ়ি আমি তেওঁৰ মনৰ ভিতৰখনৰ খবৰ পাব পাৰোঁ৷ সাধাৰণতে এজন লিখকৰ লেখাৰ মাজৰ চৰিত্ৰসমূহে মানুহৰ প্ৰতি তেওঁৰ মানসিকতা, ধ্যান-ধাৰণাকে প্ৰতিনিধিত্ব কৰে৷ গতিকে মানুহৰ প্ৰতি লেখক এজনৰ ধ্যান-ধাৰণা কেনে তাক তেওঁৰ দ্বাৰা সৃষ্ট চৰিত্ৰসমূহ বিশ্লেষণ কৰি চালেই সহজে অনুমান কৰি লব পাৰি৷ অসমীয়া সাহিত্য- সংস্কৃতিৰ একান্ত সাধক, সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ নাৰীৰ প্ৰতিনো কেনেকুৱা দৃষ্টিভংগী, তাক তেওঁৰ নাটকৰ প্ৰধান নাৰী চৰিত্ৰকেইটা বিশ্লেষণ কৰি জানিব পাৰি৷

নাট্যকাৰ জ্যোতিপ্ৰসাদৰ নাটকৰ প্ৰধান উপকৰণ হ’ল নাৰী৷ তেওঁৰ নাটকৰ নামকৰণ চায়েই এই কথা সহজে অনুমান কৰিব পাৰি৷ ‘শোণিত কুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘লভিতা’, ‘নিমাতী কইনা’ আদি নাটকৰ নামকৰণ দেখিয়েই এজন সমালোচকে জ্যোতিপ্ৰসাদৰ প্ৰায়কেইখন নাটকেই নায়িকা প্ৰধান আৰু নায়িকাৰ নামেৰেই নাটকৰ নামকৰণো কৰা হৈছে বুলি মন্তব্য আগবঢ়াইছে৷

জ্যোতিপ্ৰসাদৰ নাট্য সম্ভাৰক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি — ক) কাব্যধৰ্মী খ) নাট্যধৰ্মী৷ ‘নিমাতী কইনা’ আৰু ‘সোণ পখিলী’ কাব্যধৰ্মী, বাকী কেইখন নাট্যধৰ্মী৷ কাব্যধৰ্মী নাটক ‘নিমাতী কইনা’ আৰু ‘সোণ পখিলী’ত নাৰীচৰিত্ৰৰে প্ৰাধান্য দেখা যায় ৷ নাট্যকাৰৰ নিজৰ ভাষাত নিমাতী কইনা কলা লক্ষ্মীৰ প্ৰতীক৷ মানৱ জাতিৰ সকলো কলা সাধনাই পৃথিৱীত আনন্দ আৰু শান্তি প্ৰতিষ্ঠাৰ কাৰণে৷ তেখেতৰ মতে মানৱ সভ্যতাৰ অধিষ্ঠাত্ৰী হ’ল কলালক্ষ্মী ৷ সৰ্বজনৰ সৰ্বকালৰ মংগলৰ কাৰণে কৰা কলা সাধনাইহে নিমাতীৰ মাত ফুটাব পাৰে, অন্যথা পাণ্ডিত্যৰ গৰ্ব, ধনৰ গৰ্ব, ৰূপৰ ভেম সকলো উপাচাৰেই কলালক্ষ্মীৰ ওচৰত অৰ্থহীন৷

জ্যোতিপ্ৰসাদৰ নাট্যধৰ্মী নাটক কেইখনৰ প্ৰধান নাৰী চৰিত্ৰকেইটা হ’ল — ঊষা-চিত্ৰলেখা ( শোণিত কুঁৱৰী), শেৱালি- কাঞ্চনকুমাৰী ( কাৰেঙৰ লিগিৰী), ৰূপালীম-ইতিভেন ( ৰূপালীম) লভিতা ( লভিতা) আৰু নৱমালিনী (খনিকৰ)৷ নাটককেইখনৰ পুৰুষ চৰিত্ৰ সমূহতকৈ এই নাৰী চৰিত্ৰকেইটা বেছি আকৰ্ষণীয় আৰু বৈচিত্ৰ্যময় চৰিত্ৰ৷ প্ৰতিটো চৰিত্ৰই স্বকীয় ব্যক্তিত্বৰে উজ্জ্বল চৰিত্ৰ৷ ঊষা প্ৰেম আৰু কোমলতা, চিত্ৰলেখা সখীত্ব আৰু সুকুমাৰ কলা, শেৱালি প্ৰেম আৰু ত্যাগ, কাঞ্চন কুমাৰী অভিজাতপূৰ্ণ গাম্ভীৰ্য আৰু বাকপটুতা, ৰূপালীম সৰলতা আৰু প্ৰেম দৃঢ়তা, ইতিভেনৰ নাৰীসুলভ কমনীয়তা আৰু সাহসিকতা আৰু লভিতা জ্বলন্ত দেশ প্ৰেমৰ স্ফুলিংগ হৈ জিলিকি আছে৷ নাট্যকাৰে কেউটি চৰিত্ৰৰে গুণাৱলীত কিছুমান বৈপৰীত্য সংযোগ কৰি চৰিত্ৰকেইটাক বেছি আকৰ্ষণীয় কৰি তুলিছে৷ ঊষা- চিত্ৰলেখা, শেৱালি- কাঞ্চন কুমাৰী, ৰূপালীম- ইতিভেন পৰস্পৰৰ বিপৰীত ধৰ্মী চৰিত্ৰ৷ লভিতাত নায়িকা লভিতাৰ বাহিৰে আন প্ৰধান নাৰী চৰিত্ৰ নাই৷ সেইদৰে নৱমালিনী খনিকৰ নাটকৰ একমাত্ৰ নাৰী চৰিত্ৰ যি গোটেই নাটকখনত মাত্ৰ এটি চৰিত্ৰত দেখা দি নাট্যকাৰৰ নাৰী মুক্তিকামী মনোভাৱৰ প্ৰতিনিধিত্ব কৰিছে৷

জ্যোতিপ্ৰসাদৰ নাৰী চৰিত্ৰসমূহ বৰ আকৰ্ষণীয় আৰু অসমীয়া নাৰীৰ যোগ্য প্ৰতিনিধি৷ অসমীয়া নাৰীৰ স্বাভাৱিক গুণাৱলী চৰিত্ৰ কেইটাত সুন্দৰভাৱে ফুটি উঠিছে৷ যুগে যুগে অসমীয়া নাৰীয়ে ধৈৰ্য, ত্যাগ, সাহস, দৃঢ়তা, বুদ্ধি, কোমলতাৰ যি চানেকি ৰাখি থৈ গৈছে, তাকে আধাৰ কৰি লৈয়ে যেন  জ্যোতিপ্ৰসাদেও তেওঁৰ চৰিত্ৰসমূহ অংকণ কৰি গৈছে৷ যাৰ বাবে চৰিত্ৰ কেইটা বেছি জীৱন্ত হৈ আমাৰ মনৰ কাষ চাপি যাব পাৰিছে৷ শেৱালি কাৰেঙৰ কেৱল এজনী সাধাৰণ লিগিৰী নহয়, যি ৰাজকোঁৱৰৰ দৈহিক প্ৰেমক সঁহাৰি জনাব৷ শেৱালি এই দিশৰ পৰা এজনী অসামান্য নাৰী, যাৰ ওচৰত ৰাজ মহিষীৰ পদো তুচ্ছ৷ যি প্ৰেমাস্পদৰ মংগলৰ নিমিত্তে হাঁহি হাঁহি নিজৰ জীৱনৰ আহুতিও দিব পাৰে৷ আনহাতে কাঞ্চন কুমাৰী এনে এক দৃঢ়মনা তেজস্বিনী নাৰী, যাৰ ওচৰত ৰাজদণ্ডাদেশো নতশিৰ হ’ব লগাত পৰিছে৷ ৰূপালীম এজনী নিঃসহায়, সৰল গাভৰু, যি স্বদেশ, প্ৰণয়পাত্ৰ আৰু জন্মদাতাৰ মংগলৰ নিমিত্তে নিজকে অনাকাংক্ষিতজনকো সঁপি দিব পাৰে৷

‘ৰূপালীম’ নাটকৰ আন এক চৰিত্ৰ ইতিভেন কেৱল স্বদেশ প্ৰেমৰে জ্বলন্ত প্ৰতীক নহয়, প্ৰণয় আৰু নাৰী সুলভ ঈৰ্ষাৰ বাহিকা ৰূপেও জ্যোতি প্ৰসাদৰ অনবদ্য সৃষ্টি৷ লভিতা যেন বিৰাল্লিশৰ ছহিদ কনকলতাৰে প্ৰতিমূৰ্ত্তি, যাৰ বাবে দেশপ্ৰেমেই সকলো৷

জ্যোতি প্ৰসাদৰ নাৰী চৰিত্ৰকেইটা অধ্যয়ন কৰি এটা কথা সহজে অনুমান কৰিব পাৰি যে নাৰী আছিল তেওঁৰ বাবে সৃষ্টিৰ প্ৰেৰণাৰ উৎস৷ মাতৃ কিৰণময়ীৰ ব্যক্তিত্বই জ্যোতি প্ৰসাদক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল মাতৃৰ প্ৰতি এই আকৰ্ষণৰ বাবেই হয়তো নাৰী চৰিত্ৰ অংকনত ইমান সফল হ’ব পাৰিছিল৷ নাৰীৰ স্বাভাৱিক গুণৰাজিক জীৱন্ত ৰূপত ফুটাই তোলাৰ দক্ষতা তেওঁৰ আছিল, যাৰবাবেই শেৱালি, কাঞ্চন কুমাৰী, ৰূপালীম, ইতিভেন, লভিতা আদি কালজয়ী নাৰী চৰিত্ৰ অংকনেৰে জ্যোতি প্ৰসাদে সৰ্বকালৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ ৰূপে স্বীকৃতি লাভ কৰিছে৷

☆★☆★☆

2 Comments

  • হিৰণ্যজ্যোতি দাস

    তথ্যগধুৰ লেখা ৷ ভাল লাগিল ৷

    Reply
  • জয়ন্ত গোস্বামী

    সুন্দৰ লিখনী

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *