চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ দুটি চুটি গল্প – অনুবাদ: মিতালী নাৰায়ণি
“গালি”
এখন গাঁৱত বৰযাত্ৰীসকল ভোজন কৰিবলৈ বহিল। সেইসময়ত সাধাৰণতে কইনা পক্ষৰ মহিলাসকলে বৰযাত্ৰীক গালি পাৰি গীত গায়। কিন্তু গালিৰ গীত গোৱা নুশুনি বৰযাত্ৰী সুধাকৰে বৰ সন্তোষ পালে। তেওঁ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ মানুহক ক’লে, “ইয়াত ইমান উন্নতি হোৱা দেখি বৰ সুখ পালোঁ।”
বুঢ়া মানুহজনে ক’লে, “হয় চাহাব, উন্নতি হৈয়ে আছে। আগতে অমুকক তমুকৰ লগত সাঙুৰি, তমুকক ভুচুকৰ লগত সাঙুৰি গালিৰ গীত গোৱা হৈছিল। তাকে মতা-তিৰোতাই শুনিছিল আৰু হাঁহিছিল। এতিয়া ঘৰে ঘৰে সেইবোৰ কথায়ে সঁচা হৈ পৰিছে। এতিয়া গালিৰ গীত গোৱা মানে ওপৰলৈ থুৱাই নিজৰ মুখত পেলোৱাৰ দৰে হয়। সেইবাবেইতো মানুহবোৰে আন্দোলন কৰে যে গালিবোৰ বন্ধ হওক; কাৰণ সেইবোৰে ঘূৰি আহি নিজকে বিন্ধে।”
********
“ভূগোল”
বিদ্যালয় পৰিদৰ্শন কৰিবলৈ পৰিদৰ্শক আহিব বুলি এগৰাকী শিক্ষকে বৰ ভয় খালে আৰু তেওঁ শ্ৰেণীটোৰ আটাইবোৰ বিদ্যাৰ্থীক ভূগোল মুখস্থ কৰাবলৈ ধৰিলে। ক’বলৈ ধৰিলে যে পৃথিৱী গোলাকাৰ। যদি পৰিদৰ্শকে আহি সোধে যে পৃথিৱীৰ আকাৰ কেনেকুৱা আৰু তোমালোকৰ যদি মনত নপৰে তেন্তে মই লাহেকৈ চাধাৰ টেমাটো উলিয়াই দেখুৱাম, সেইটো চাই তোমালোকে উত্তৰ দিবা। শিক্ষকগৰাকীৰ চাধাৰ টেমাটো গোলাকাৰ আছিল।
পৰিদৰ্শকে আহি এজন ছাত্ৰক সেইটো প্ৰশ্নকে সুধিলে আৰু ছাত্ৰজনে খুব উৎকণ্ঠাৰে শিক্ষকৰ মুখলৈ চালে। শিক্ষকগৰাকীয়ে জেপৰ পৰা চাৰিকোণীয়া টেমা এটা উলিয়ালে। সিদিনা ভুলতে আনটো টেমা আহি গৈছিল। ল’ৰাজনে ক’লে, “বুধবাৰে পৃথিৱীৰ আকাৰ চাৰিকোণীয়া হয় আৰু বাকী দিনবোৰত গোল।
☆★☆★☆
9:54 am
ভাল লাগিল পঢ়ি।
12:58 pm
সাবলীল অনুবাদ