ফটাঢোল

আমাৰ ছালখনৰ উজ্জলতা ধৰি ৰখাৰ উপায় – ডাঃ বিজিতা চুতীয়া

আমাৰ ছালখন হৈছে সৌন্দৰ্যৰে অন্য এক আকৰ্ষণ। ছালখন বয়সৰ চাপৰ পৰা মুক্ত কৰি ৰাখিবলৈ ছালৰ যত্ন লোৱাটো অত্যন্ত জৰুৰী। বয়স বঢ়াৰ লগে লগে ছালৰ বলিৰেখা বা ছালখন ওলমি যোৱা দেখা যায়। এয়া অনিবাৰ্য প্ৰক্ৰিয়া। কিন্তু আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে ছালখন উজ্বল আৰু কমনীয় কৰি ৰখাৰ লগতে সৌন্দৰ্যশালী হৈ থাকিব পাৰোঁ।

ছালৰ প্ৰভাৱ পেলোৱা কাৰক সমূহঃ ছালখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ’লে আমি ছালখনত প্ৰভাৱ পেলোৱা কেতবোৰ কাৰকৰ বিষয়ে আগতে জানি ল’ব লাগিব । সেই সমূহ হৈছে –

১) বয়সৰ লগে লগে আমাৰ ছালত কলাজেনৰ উৎপত্তি কমি যায় যিয়ে ছালৰ বলিৰেখা পৰাত অৰিহণা যোগায়।

২) ফ্ৰীৰেডিকেলৰ ফলত ছালত সৃষ্টি হোৱা অক্সিডেটিভ ষ্ট্ৰেচ হৈছে বাৰ্ধক্যৰে আন এটা কাৰণ ।

৩) পৰিৱেশ প্ৰদূষণ

৪) মানসিক চাপ

৫) পুষ্টিহীনতা

৬) সূৰ্যৰ প্ৰখৰ ৰশ্মি

৭) নিদ্ৰাহীনতা ইত্যাদি ।

আমাৰ ছালখন উজ্বল আৰু সতেজ কৰি ৰাখিবলৈ ওপৰত উল্লেখিত কাৰকসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। তলত উল্লেখ কৰা পৰামৰ্শসমূহৰ জৰিয়তে আমি কলাজেন শক্তিশালী কৰা, ফ্ৰীৰেডিকেল ধ্বংস কৰা লগতে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ ভয়াবহতাৰ পৰা নিজক বচাবলৈ সক্ষম হ’ব পাৰোঁ।

১) স্বাস্থ্যকৰ আহাৰ গ্ৰহণঃ স্বাস্থ্যকৰ আহাৰ আমাৰ ছালখন উজ্বল কৰি ৰাখিবলৈ অত্যন্ত আৱশ্যকীয়। বিভিন্ন গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে সুষম স্বাস্থ্যকৰ আহাৰে অকালতে হোৱা ছালৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পাৰে।

ক) ভিটামিন চি:: খাদ্য তালিকতা ভিটামিন চি সমৃদ্ধ খাদ্য যেনে- চাইট্ৰাচ ফল, সেউজীয়া শাক-পাচলি, ব্ৰকলি, অমিতা, ষ্ট্ৰবেৰী, বিলাহী, আদি অন্তৰ্ভুক্ত কৰক। ভিটামিন চি য়ে ফ্ৰী ৰেটিকেল সমূহ প্ৰশমিত কৰি আমাৰ ছালখন অক্সিডেটিভ ষ্ট্ৰেচৰ পৰা বচোৱাৰ উপৰি কলাজেন প্ৰস্তুত কৰাটো সহায় কৰে।

খ) এন্টি অক্সিডেণ্ট:: সৌন্দৰ্যশালী ছালৰ বাবে খাদ্যত যথেষ্ট পৰিমাণে শাক-পাচলি আৰু ফলমূল অন্তৰ্ভুক্ত কৰক। শুকান ফল, বিভিন্ন ধৰণৰ মছলা যেনে হালধি, আদা ইত্যাদি জামু, বিন আদি অণ্টিঅক্সিডেণ্টৰ প্ৰধান উৎস। এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেল ধ্বংস কৰি ছালখন বাৰ্ধক্যৰে পৰা বচায়।

গ) চেনিৰ পৰিমাণ কমোৱা:: দৈনন্দিন জীৱনৰ পৰা চেনিৰ প্ৰয়োগ কমাই দিয়ক যিহেতু চেনিয়ে বাৰ্ধক্যত যথেষ্ট প্ৰভাৱ পেলায়।

ঘ) ওমেগা-3 ফেটি এচিডযুক্ত খাদ্য:: ছালখন, হেৰিং, মেকেৰেল, চাৰ্ভিন ইত্যাদি সাগৰীয় ফ্লেক্সিচড (Flex seed) , walnut আদিত যথেষ্ট পৰিমাণে ওমেগা-3 ফেটি এচিড থাকে। ওমেগা-3 ফেটি এচিডে ছানবাৰ্ণৰ সমস্যাও প্ৰতিৰোধ কৰে।

২) ছানস্ক্ৰীণৰ ব্যৱহাৰ:: সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মিৰ প্ৰভাৱত অকালতে ছালৰ বাৰ্ধক্যৰ সমস্যাই দেখা দিয়ে যাক photiaging নামেৰে জনা যায়। যদিহে আমি বহুত সময় ধৰি সূৰ্যৰ তাপত থাকিব লগা হয় তেতিয়া ছলত বলিৰেখা পৰাৰ লগতে ছালখন নিস্তেজ হৈ পৰে। সেয়েহে পৰাপক্ষত দিনৰ 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈ সূৰ্যৰ তাপৰ পৰা আঁতৰি থকা উচিত। বাহিৰত ওলাই যোৱা আগতে সদায় SPF যুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰা উচিত।

৩) পৰ্যাপ্ত পৰিমাণে টোপনি যোৱা:: ছালখন সতেজ কৰি ৰাখিবলৈ টোপনি অত্যন্ত জৰুৰী। গৱেষণাৰ পৰা প্ৰমাণিত হৈ ছে যে নিশা সাত ঘণ্টা টোপনি যোৱা মহিলা এগৰাকীৰ তুলনাত কম টোপনি যোৱা মহিলাৰ মুখমণ্ডলত বলিৰেখা পৰাৰ লগতে ছালখনৰ সতেজতা নোহোৱা হয়। টোপনি নাহিলে তলত উল্লেখিত অভ্যাস সমূহ কৰা উচিত –

ক) সদায় নিশা একেটা সময়তে শুবলৈ যোৱা উচিত ।

খ) নিশা শোৱাৰ আগতে গুৰু আহাৰ খোৱা অনুচিত ।

গ) নিশাৰ আহাৰ শুবলৈ যোৱা 2-3 ঘণ্টাৰ আগতে কৰা উচিত ।

ঘ) চাহ, কফি আদি পানীয় শোৱাৰ আগতে নাখাব।

৪) মানসিক চাপ পৰিহাৰ:: অত্যাধিক মানসিক চাপৰ ফলত আমাৰ শৰীৰত ষ্ট্ৰেচ হৰমন কৰ্টিচল নিৰ্গত হয় যিয়ে কলাজেন প্ৰস্তুত কৰাত বাধা প্ৰদান কৰে। ফলস্বৰূপে আমাৰ ছালত বলিৰেখাই দেখা দিয়ে ।

৫) যোগ-চৰ্চা আৰু ধ্যান:: যোগাভ্যাসৰ মাজেৰে অন্তৰাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰিলে শাৰীৰিক উৎকৰ্ষ সাধনৰ লগতে মানসিক চাপৰ পৰাও চিৰস্থীয়ীভাৱে মুক্ত হ’ব পাৰি। মানসিক চাপ কমাবলৈ সুন্দৰ কিতাপ অধ্যয়ন আৰু সুমধুৰ সংগীত শুনাৰ উপৰি ধ্যান অভ্যাস কৰা প্ৰয়োজন।

৬) নিয়মিত ব্যায়াম:: নিয়মিত ব্যায়াম কৰাৰ ফলত আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধী তন্ত্ৰ শক্তিশালী হৈ উঠাৰ লগতে ছালখন স্বাস্থ্যৱান হৈ থাকে। ব্যায়ামে আমাৰ শৰীৰৰ তেজ চলাচল বৃদ্ধি কৰে যাৰ ফলত অক্সিজেন আৰু পুষ্টিকৰ উপদানসমূহ ছালত বিলীন হয়। ব্যায়ামে মানসিক চাপ কমোৱাৰ লগতে সম্পূৰ্ণ নিৰোগী দেহ লাভ কৰি দেহ-মন জ্যোতিৰ্ময় কৰি তোলে।

৭) ধূমপান আৰু এলকল পৰিত্যাগ:: বিভিন্ন গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে, ধূমপান আৰু এলকহল সেৱনৰ ফলত মুখমণ্ডলত বয়সৰ চাপ অতি সোনকালে পৰে। সেয়েহে এইসমূহ পৰিত্যাগ কৰা উচিত।

৮) গ্ৰীণ টী:: আমি জানো যে সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মিয়ে ছালত বাৰুকৈয়ে প্ৰভাৱ পেলায়। গ্ৰীণ টীত থকা পলিফিনলে UV ৰশ্মিৰ পৰা হোৱা বাৰ্ধক্য ৰোধ কৰিব পাৰে। গ্ৰীণ টী খোৱাৰ উপৰিও ছালৰ বিভিন্ন সমস্যা যেনে অকজিমা, শালমন ইত্যাদিত প্ৰয়োগ কৰিলে সুফল পোৱা যায় ।

ইযাৰ উপৰি নিতৌ ছালৰ যত্ন লোৱাটো অত্যাৱশ্যকীয়। অৰ্থাৎ ৰাতিপুৱা শুই উঠি আৰু ৰাতি শুবলৈ যোৱাৰ আগতে মুখখন পৰিস্কাৰ পানীৰে ধোৱা উচিত। মুখ ধুবলৈ কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰা উচিত। তাৰ পিছত ক্লীনজাৰেৰে মুখখন ধুই টাৱেল এখনেৰে লাহেকৈ হেঁচি মুখখন শুকাব দিব লাগে। ছালত নিতৌ মইশ্চাৰাজাৰ ব্যৱহাৰ কৰা উচিত।

উপৰোক্ত নিয়মসমূহ মানি চলাৰ লগতে স্বাস্থ্য ৰক্ষাৰ অতি গুৰুত্বপূৰ্ণ নিয়ম- যথেষ্ট পৰিমাণে পানী খোৱা উচিত। পানীয়ে ছালখন হাইড্ৰেট কৰি ৰাখি সতেজ আৰু উজ্বল কৰি তোলে।
এনেদেৰেই আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ যোগেদি আমাৰ ছালখন স্বাস্থ্যৱান কৰি ৰখাৰ লগতে সৌন্দৰ্যশালী হৈ থাকিবলৈ সক্ষম হ’ব পাৰোঁ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *