ফটাঢোল

দেবী – অনুবাদ : নিৰ্মালী বৰমূদৈ (মূল : মুন্সী প্ৰেমচন্দ)

ৰাতি বহুত হৈছিল। মই বাৰাণ্ডাত থিয় হৈ আছিলোঁঁ। সন্মুখৰ অমিনুহোলা পাৰ্কখনো শুই পৰিছিল। মাত্ৰ মহিলা এগৰাকী পাৰ্কৰ বেঞ্চখনত বহি আছিল। পাৰ্কৰ বাহিৰৰ ৰাস্তাটোৰ কাষত থকা ফকীৰ বাবাজনে পথাচাৰীসকলক উদ্দেশ্যি আৰ্শীবাদ দি আছিল- আল্লাৰ নামত, ভগবানৰ শপত, এই অন্ধক দয়া কৰক৷

কেইজনমান পথাচাৰীৰ বাদে ৰাস্তাত ইতিমধ্যে গাড়ী মটৰৰ চলাচল বন্ধ হৈছিল। ফকীৰৰ মাতটো নিৰ্জনতাত অলপ ডাঙৰকৈ শুনা গৈছিল। ঠিক তেনেকুৱাতে পাৰ্কৰ বেঞ্চত মহিলাগৰাকী থিয় হ’ল আৰু ইফালে সিফালে চাই কোনোবাই লক্ষ্য কৰিছে নেকি নজৰ দি ফকীৰজনক হাতত বস্তু এটা গুজি কাণত ফুচফুচাই কিবা কৈ থৈ গ’ল। মোৰ লগে লগে কৌতুহল উপজিল, কি দি থৈ গ’ল বাৰু?

কৌতুহল দমাব নোৱাৰি মই ফকীৰজনৰ ওচৰলৈ আহিলোঁ। মোৰ উপস্থিতিৰ উমান পাই হাতত থকা বস্তুটো মোৰফালে আগবঢ়াই দি সুধিলে,

: এইটো কি বস্তু চোৱাৱোন বাচা।

মই দেখিলোঁ এখন ১০টকীয়া নোট আৰু ক’ত পালে তেওঁক সুধিলোঁ৷ কিন্তু ফকীৰজনৰ উত্তৰ শুনাৰ আগতেই মই তাৰপৰা গুচি আহি মহিলাগৰাকীৰ পিছা কৰিবলৈ ধৰিলোঁ। মহিলা গৰাকীৰ পিছা কৰি দেখিলোঁ যে মহিলাগৰাকী গলি এটাৰ মাজেৰে গৈ ভঙাচিঙা ঘৰ এটাৰ তলা খুলিলে। ৰাতি একো সোধা ভাল নহ’ব বুলি মই গুচি আহিলোঁ। কিন্তু গোটেই ৰাতি সেই ঘটনাটোকে ভাবি থাকিলোঁ। পিছদিনা ৰাতিপুৱাই মহিলাগৰাকীৰ ঘৰ ওলালোঁগৈ। গম পালোঁ যে তেওঁ একেবাৰে দৰিদ্ৰ অৱস্থাৰ অনাথ বিধবা।

দুৱাৰত টোকৰ মাৰিলোঁ মহিলাগৰাকীক চোৱাৰ মানসৰে। ওলাই আহিল দুৱাৰ খুলি। অবস্থা দেখিয়েই তেওঁৰ দৰিদ্ৰতাৰ কথা বুজিব পাৰি।

মই অলপ অস্বস্তিৰে সুধিবলৈ ধৰিলোঁ-

: যোৱাৰাতি…আপুনি….ফকীৰ এজনক….

মোৰ কথা শেষ নহওঁতেই মহিলাগৰাকীয়ে থাপ মাৰি ক’বলৈ ধৰিলে,

: আৰে….সেইটোনো কি কথা? ৰাস্তাত ১০টকাৰ নোটটো পৰি থকা পালোঁ। মোৰ একো কামৰ নাছিল কাৰণে ফকীৰ বাবাজনক দি আহিলোঁ৷

মোৰ ওচৰত একো ক’বলৈ নাছিল। আচৰিত হৈ দেবীগৰাকীক মূৰ দোঁৱাই সেৱা এটিহে কৰিলোঁ।

☆★☆★☆

4 Comments

  • লখিমী

    পঢ়ি ভাল পালো

    Reply
  • Mukut bhattacharjya

    সুন্দৰ গল্প । অনুবাদ ধুনীয়াকৈ কৰিছা।

    Reply
  • Nishi

    Superb

    Reply
  • হিৰণ্যজ্যোতি দাস

    সুন্দৰ গল্পৰ সুন্দৰ অনুবাদ ৷ ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *