পাকঘূৰণী – নাজিয়া হাচান
হেৰা! পানী এগিলাচ দিয়াচোন।
হেৰী! আজি আপুনি এইটো গিলাচ দি দহ গিলাচ পানী খালে দেখোন! গম আছেনে?
আছে আছে। গমনো নেথাকিবনে?
হৈছে কি আপোনাৰ? ভাত, ৰুটি একো নেখাওঁ বুলি কৈ, পানী গিলাচে গিলাচে খাই আছে যে!
এহ! কি ক’বা, ৰহমান চাহাবে আজি মাতি নি ঠিকছে খুৱালে হে মোক। আৰু মিছেছ ৰহমানেও বৰ জুটিলগাকৈ বনাইছিল জানা গোটেইবোৰ খাদ্য।
অঁ তাকেহে। খাদ্য সমূহ খুৱাই পানী নোখোৱাকৈ পঠালে নেকি আপোনাক?
এ.. কথাটো সেইটো নহয় অ। পানীও খাইছিলোঁ। এ.. মানে স্পাইচি খাদ্যসমূহ খালে বহু সময়লৈ পেট গধুৰ হৈ থাকে, ভোক একেবাৰেই নেলাগে হে। কিন্তু পানী পিয়াঁহ এটাহে ঘনাই ঘনাই আৰু বৰকৈ লাগি থাকে। যোৱাচোন যোৱা এগিলাচ চেঁচা পানী আকৌ লৈ আহা।
হে গোঁসাই! ক’তে মৰোঁ মই! আকৌ এগিলাচ?
বাৰু কওকচোন মিছেছ ৰহমানে আপোনাক কি কি খুৱালে?
হেৰা, তুমি নগৈ বৰ ভুল কৰিলা বুইছা। ঈদৰ নিমন্ত্ৰণক এইদৰে থোকৰাব নেপাই হে। বহুত আইটেম ৰান্ধিছিল বুইছা মানুহগৰাকীয়ে এই গৰমখনত। আৰু এটা আচৰিত কথা কি জানানে! ইমান সোপা আইটেম বনোৱাৰ পিছতো মানুহগৰাকীক অলপো ভাগৰুৱা দেখা নগ’ল হে বুইছা! একদম পিন্ধি উৰি টিপ টপ হৈ আমাক আপ্যায়ন কৰালে! খাদ্যৰ লিষ্টখন কৈছোঁ শুনা.. কেক, নিমকি, চেৱই, পাপৰ, ঘিলা পিঠা, তিল পিঠা, ভূজিয়া, জেলেপী, খুৰ্মা, পুৰি ঘুগ্নি, চাহ…
হ’ব হ’ব আৰু বখানিব নেলাগে। কিন্তু এইসমূহ খাদ্য খালে ইমানকৈ পানীৰ পিয়াঁহটো লাগিব নালাগিছিল আপোনাৰ? এইবোৰচোন প্ৰায়ে খোৱা হয় আমাৰ ঘৰত।
ধেই, কথাটো শেষ কৰিবলৈ দিয়াই নাই আকৌ তুমি। আগভেটি কথাৰ মাজত প্ৰশ্নবোধকডাল লৈ থিয় হৈ যোৱা খালি সদায়! খাদ্য তালিকাখন ইমান চুটি বুলি ভাবিছা নেকি হে? এয়া আৰম্ভণিহে। পকৰি আৰু চিংৰাৰ কথা কোৱাই নাই! ইফালে পৰাঠাৰ লগত মুৰ্গীৰ মাংস, পোলাওৰ লগত তেলাল খাহিৰ টকটকীয়া তৰকাৰীখন, মতা মুৰ্গীৰ ৰাণ ফ্ৰাই, আকৌ মুৰ্গীৰ বিৰিয়ানি এখনো বেলেগে..।
ঔ মোৰ গোঁসাই ঔ! হৈছে হে, হৈছে। আৰু একো খাদ্যৰ তালিকা মোক নুশুনাব। মই নুশুনো। মোৰ মূৰটো চকৰিৰ দৰে ঘূৰিবলৈ লৈছে। মিছেছ ৰহমানে এইহেন অঙঠাৰ তাপ হেন গৰমক আওকাণ কৰি ইমানবোৰ খাদ্য বনালেনে! তাতে আকৌ মুখত ক্লান্তভাবো উদয় হোৱা নাছিল বোলে! কথাষাৰ মনতে ভাবি থাকি….বৰুৱানীয়ে সাউৎকৈ বৰুৱাক মুখ বেকাকৰি ক’বলৈ ধৰিলে, এ..হ’ব হ’ব। বনাবলৈ ল’লে ময়ো বনাব পাৰিম। নবনাওঁ বুলিহে কিবা!
তাকেইটো কৈছোঁ। তুমি নগৈ বহুত বেয়া কৰিলা। যাব লাগিছিল। লগতে মানুহগৰাকীক ঈদ বুলি খোৱা লোৱা বনাওঁতে অলপ সহায় সহযোগ কৰিও দিবও পাৰিলাহেঁতেন!
হ’ব দিয়ক। একো নহয়। তেওঁলোক দুইজনক আমাৰ এনিভাৰ্চেৰীৰ দিনা ভাত এসাঁজ খোৱাকৈ মাতি দিম দিয়ক এইবাৰ।
*****
হেৰা! কেইপদ আইটেম বনালা হে? ইস! তুমি মানুহজনী এই গৰমত, অঙঠা হেন তাপত পৰি পৰি কিয় বনোৱাৰ কম্পিটিচনখন কৰি আলহীক খুৱাব লাগে হয়নে? এইহেন গৰমখনত তোমাৰ যদি বেমাৰ আজাৰ হয়, কি হ’ব বাৰু গম আছেনে তোমাৰ?
হেৰী, ইমান চিন্তামণি হ’ব নেলাগে মোৰ কাৰণে। হৈ গ’ল চব বনাই। আলহী আহিবৰ হৈছেই আৰু।
ঔ মাই গড! বৰুৱানীয়ে ইমানবোৰ আইটেম ৰাখিছে! ইমানবোৰ আমি কেনেকৈ খাম? কপালত হাতখন দি মিছেছ ৰহমানে আচৰিত হৈ ক’লে।
ইমানবোৰ? ক’ত ইমানবোৰ? আপোনাৰ তাত গৈ এওঁ খাই আহি মোক খাদ্যৰ লিষ্টখনৰ হিচাপ দিছে নহয়। ইস ৰাম! আপুনিও কম দীঘল মেনু ৰাখিছিলনে! ইমানবোৰ আইটেম কেনেকৈ বনালে আপুনি? কৈ কৈ বৰুৱানীয়ে চাদৰৰ আচলেৰে কপালৰ ঘামখিনি মচি মচি ৰহমান আৰু তেওঁৰ মিছেছক মুৰ্গীৰ ৰান দুটা থালিখনত বহুৱাই দিলে।
কোনে কৈছে মই বনাইছিলোঁ বুলি? দুই এপদহে ঈদ বুলি মই নিজে বনোৱা আছিল তাত। বাকী সকলো এখেতে অৰ্ডাৰ কৰিহে অনোৱাইছিল…..। হে খোদা! এই ইমানবোৰ আইটেম মানে আপুনি নিজে হাতে বনাইছে, বৰুৱানী? কি আচৰিত! ইমান কষ্টখন কিয় কৰিলে বৰুৱানী? তাতে আজি আপোনাৰ এনিভাৰ্চেৰীৰ দিনত। সাজি কাঁচি দুয়োজনে বাহিৰতে এসাঁজ খাই আহিলেগৈ হয়..।
বৰুৱা আৰু বৰুৱানীৰ মূৰত হঠাৎ যেন কিবা গধুৰ বস্তু এপদ ধুম কৰি শব্দ কৰি পৰিলহি।
খাই-বই আলহী যোৱাৰ পিছত….
ঔ মোৰ গোঁসাই! হাই মোৰ কপাল!কথাটো জনা হয় ময়ো আপোনাক অৰ্ডাৰ কৰিবলৈকে দিলোঁ হয় নহয় খাদ্যসমূহ..।
হেৰা এতিয়া কান্দি একো লাভ নাই। গোটেই দিনটো এই খাদ্য কম্পিটিচনত লাগি লাগি তুমি আজি নিজক কইনাৰূপত সজাবলৈয়ো পাহৰিলা; কাম কৰা বাইজনী হেন হৈ আলহী সোধাত পগলা হৈ গৈছিলা নহয়, পোৱা মজা!
হেৰী! জ্বলা জুইত আৰু ঘিঁউ ঢালিবলৈ নাহিব আপুনি..। গুচক বুলিছোঁ ইয়াৰ পৰা। ..ভেএ.. এ ..। ঔ মোৰ গোঁসাই.. গোঁসাই মোৰ ঔ। ভৰি দুখন তামাম বিষাইছে ঔ..। মোৰ গোঁসাই….ঔ
বৰুৱানীয়ে সেইদিনা গোটেই ৰাতিটো উচুপি উচুপিয়ে কটালে..। আৰু বৰুৱাই কাণত গাৰুটো থৈ নাক বজাই বজাই গভীৰ নিদ্ৰাত মগ্ন!
☆★☆★☆
10:29 am
বঢ়িয়া লাগিল। আমিও ঘৰলৈ নিমন্ত্ৰ্ণ দিলে প্ৰায়ে এনেকুৱাই কৰোঁ
1:23 pm
হাঃ হাঃ।বঢ়িয়া
1:26 pm
আয়ৌ গোটেই এনিভাৰচেৰী পণ্ড।
ভাল লাগিল বা।
1:43 pm
ভাল লাগিল দেই
2:44 pm
বৰুৱানী জনীলৈ হে বেয়া লাগিল দেই।সুন্দৰ নাজিয়া।
8:05 am
এতিয়া আৰু চুউগী জমাটোৰে দিন