ফটাঢোল

কৌতুক – মালবিকা নাথ

ভেলেণ্টাইন দিৱসৰ দিনা এক ৰোমাণ্টিক মূহুৰ্তত প্ৰেমিকাই তাইৰ প্ৰেমিকৰ চকুত চকু থৈ আৱেগ ঢালি সুধিলে– “মোৰ জান, তুমি কি সঁচাকৈয়ে মোক বহুত ভাল পোৱা?” লগে লগে প্ৰেমিকাৰ উত্তৰ– “ওম, মই তোমাক বহুত,বহুত ভাল পাওঁ সোনজনী, তুমি মোৰ কলিজাটো হোৱা জানানে সোণ। তোমাৰ বাবে মই সকলো কৰিব পাৰোঁ সোনজনী”–

এইবাৰ প্ৰেমিকাই উৎফুল্লিত হৈ সুধিলে– “মই জানো জান, বাৰু কোৱাচোন সম্ৰাট শাহজাহানে মমতাজৰ কাৰণে তাজমহল বনাইছিল, পিছে এইবাৰ মোৰ বাৰ্থডেত মোৰ বাবে কি বনাবা মোক উপহাৰ দিবলৈ?”

প্ৰেমিক লগে লগে ৰোমাণ্টিক মুডৰ পৰা নামি নৰমেল মুডলৈ আহি জবাব দিলে,– “কি আৰু বনাম, তোমাৰ আধাৰ কাৰ্ডখন বনোৱা হোৱা নাই গতিকে সেইখনকে বনাই উপহাৰ হিচাবে দিম”— এতিয়া ব’লা ঘৰলৈ মোৰ আৰু কাম আছে।

☆★☆★☆

One comment

  • হিতেশ শৰ্মা ৷

    সুন্দৰ হৈছে ৷ আৰু নতুন পৰিকল্পনা কৰি অহা সংখ্যাত আমাক উপহাৰ দিয়ক ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *