ফটাঢোল

ফটা কবিতা – নিয়ৰ

শুৱনি আমাৰ ফেচবুক অতি।
ধুনীয়া ছোৱালীয়ে ভৰা।।
সদায় সদায় নতুন ফটো দিয়ে
DSLR নহলে মবাইলৰ dual কেমেৰাত মৰা।।

শুৱনি আমাৰ ফেচবুক অতি
বিতৰ্কই উপচি পৰে;
বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক ,
বুদ্ধি GBয়ে উৎপাত কৰে।।

কেতিয়াবা গায়ক, কেতিয়াবা মন্ত্ৰী, সকলোকে ধৰে,
ভুল শুদ্ধ একোটো নাচাই
হুলস্থুল কৰাত লাগে।।

ফেচবুকৰ status।
নিউজ চেনেলৰ উৎপাত
কাৰোৱেই শান্তি নাই
সকলোৱে সঁচাই মিছাই share কৰাত লাগি যায়।

ভাওনা সবাহ বিয়া একো বাদ পৰি নাযায় ,
সকলোতে লাইভ কৰাত লাগি যায়।
তাৰেই পৰাই কিবা এটা ভুল খুচৰি উলিয়ায়।
তাৰ পাছত সকলোৱে উঠি পৰি তাতেই লাগি যায়।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *